initial conversion - NT

This commit is contained in:
Larry Versaw 2018-04-26 13:06:50 -06:00
parent 0ad3711a5c
commit 9991b5ade3
2694 changed files with 16093 additions and 0 deletions

8
1co/01/01.md Normal file
View File

@ -0,0 +1,8 @@
# পৌলক কোনে নিমন্ত্ৰণ দিছিল আৰু তেওঁক কি বুলি কোৱা হৈছিল?
যীচু খ্ৰীষ্টই পৌলক নিমন্ত্রণ কৰিছিল, আৰু পাঁচনি বুলি তেওঁক কোৱা হৈছিল। (১:১)
# আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা কৰিন্থীয়া মণ্ডলীত পৌলে কি পাবলৈ আশা কৰিছিল?
আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা কৰিন্থীয়া মণ্ডলীত অনুগ্ৰহ আৰু শান্তি পাবৰ বাবে পৌলে আশা কৰিছিল (১:৩)।

4
1co/01/04.md Normal file
View File

@ -0,0 +1,4 @@
# ঈশ্বৰে কৰিন্থত মণ্ডলী গঠন কৰি কেনেকৈ চহকী কৰিছিল?
ঈশ্বৰে তেওঁলোকক সকলো দিশত চহকী কৰিছিল, সকলো জ্ঞান আৰু সকলো ধৰণৰ কথা-বাৰ্ত্তাত তেওঁলোকক চহকী কৰিছিল (১-৫)।

8
1co/01/07.md Normal file
View File

@ -0,0 +1,8 @@
# কৰিন্থীয়া মণ্ডলীত কিহৰ অভাব নাছিল?
তেওঁলোকৰ কোনো আত্মিক বৰৰ অভাব নাছিল (১-)।
# ঈশ্বৰে কৰিন্থীয়া মণ্ডলীক শেষলৈকে কিয় বলৱান কৰি ৰাখিছিল?
ঈশ্বৰে কৰিন্থীয়া মণ্ডলীক শেষলৈকে এইবাবেই বলৱান কৰিছিল যাতে তেওঁলোকে প্ৰভুৰ আগমণৰ কালত নিৰ্দোষী হয় (১-৮)।

8
1co/01/10.md Normal file
View File

@ -0,0 +1,8 @@
# কৰিন্থীয়া মণ্ডলীক পৌলে কি কৰিবলৈ কৈছে?
পৌলে তেওঁলোক সকলোকে সহমতত থাকিবলৈ কৈছে আৰু তেওঁলোকৰ মাজত কোনো দলভেদ নহবলৈ কৈছে, আৰু তেওঁলোকক একে মনেৰে আৰু একে উদ্দেশ্যেৰে ঐক্যতাত থাকিবলৈ কৈছে(১:১০)।
# ক্লোয়ীহঁতৰ লোকসকলে পৌলক কি প্ৰতিবেদন দিছিল?
কৰিন্থীয়া মণ্ডলীৰ লোকসকলৰ মাজত বাদ-বিবাদ আছে বুলি ক্লোয়ীহঁতৰ লোকসকলে পৌলক প্ৰতিবেদন দিছিল (১:১১)।

4
1co/01/12.md Normal file
View File

@ -0,0 +1,4 @@
# পৌলে দলীয়ভাব হোৱাৰ দ্বাৰা কি বুজাইছে?
পৌলে এইটো বুজাইছে: তোমালোক সকলোৱে কোৱা, “মই পৌলৰ”, বা “মই আপল্লোৰ লগত”, বা “মই কৈফাৰ লগত” বা “মই খ্ৰীষ্টৰ লগত”(১:১২)।

4
1co/01/14.md Normal file
View File

@ -0,0 +1,4 @@
# “ক্ৰীস্প আৰু গায়”ক বাপ্তিস্ম দিয়াৰ বাহিৰে আন কাকো বাপ্তাইজিত নকৰাৰ বাবে পৌলে কিয় ঈশ্বৰক ধন্যবাদ কৰিছে?
উ: পৌলে এই কাৰণেই ঈশ্বৰক ধন্যবাদ কৰিছে যে, ইয়াৰ বাবেই তেওঁলোকৰ কোনোৱে পৌলৰ নামত বাপ্তাইজিত হোৱা বুলি কথা ক'ব নোৱাৰিব (১:১৪-১৫)।

4
1co/01/17.md Normal file
View File

@ -0,0 +1,4 @@
# খ্ৰীষ্টই পৌলক কি কৰিবলৈ পঠিয়াইছিল?
উ: খ্ৰীষ্টই পৌলক শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ পঠাইছিল (১:১৭)।

8
1co/01/18.md Normal file
View File

@ -0,0 +1,8 @@
# যিসকল বিনাশৰ পাত্ৰ তেওঁলোকলৈ ক্ৰুচৰ বাৰ্ত্তাটো কি?
যিসকল বিনাশৰ পাত্ৰ, তেওঁলোকৰ কাৰণে ক্ৰুচৰ বাৰ্ত্তাটো হৈছে মুৰ্খতা (১:১৮)।
# যিসকলক ঈশ্বৰে পৰিত্ৰাণ দিছে, তেওঁলোকলৈ ক্ৰুচৰ বাৰ্ত্তাটো কি?
যিসকলক ঈশ্বৰে পৰিত্ৰাণ দিছে, তেওঁলোকৰ কাৰণে এইটো হৈছে ঈশ্বৰৰ শক্তি (১:১৮)।

10
1co/01/20.md Normal file
View File

@ -0,0 +1,10 @@
# জগতৰ এই জ্ঞানক ঈশ্বৰে কিহলৈ ৰূপান্তৰ কৰিলে?
জগতৰ এই জ্ঞানক ঈশ্বৰে মূৰ্খতালৈ ৰূপান্তৰ কৰিলে
(১:২০)।
# ঘোষণাৰ মূৰ্খতাৰ দ্বাৰাই যিসকলে বিশ্বাস কৰিলে, ঈশ্বৰে তেওঁলোকক পৰিত্ৰাণ দিবলৈ কিয় সন্তুষ্ট হ'ল?
জগতে নিজৰ জ্ঞানেৰে ঈশ্বৰক নজনাত ঈশ্বৰে এইটো কৰিবলৈ সন্তুষ্ট হ'ল (১:২১)।

8
1co/01/26.md Normal file
View File

@ -0,0 +1,8 @@
# মানুহৰ মানদণ্ডৰে শক্তিমন্ত বা জ্ঞানী ভদ্ৰলোক কিমান আছে?
ঈশ্বৰে নিমন্ত্ৰণ কৰা তেনেকুৱা লোক অনেক নাই (১:২৬)।
# ঈশ্বৰে এই জগতৰ মূৰ্খ লোকসকলক আৰু দুৰ্ব্বল লোকসকলক কিয় মনোনীত কৰিছিল?
জ্ঞানীসকলক আৰু বলৱন্ত লোকসকলক লাজ দিবলৈ তেওঁ এইটো কৰিছিল (১:২৭)।

4
1co/01/28.md Normal file
View File

@ -0,0 +1,4 @@
# কোনোৱে যাতে ঈশ্বৰৰ আগত গৰ্ব্ব কৰিব নোৱাৰে তাৰ বাবে ঈশ্বৰে কি কৰিছিল?
উ: এই জগতখনত নগণ্য আৰু অবহেলিত আৰু আনকি একো নোহোৱাৰ দৰে থকা লোকসকলক বাছনি কৰিছিল (১:২৮-২৯)।

12
1co/01/30.md Normal file
View File

@ -0,0 +1,12 @@
# বিশ্বাসীসকল খ্ৰীষ্ট যীচুত কিয় আছিল?
ঈশ্বৰে তেওঁলোকৰ বাবে যি যি কৰিলে, সেইবোৰৰ বাবে তেওঁলোক খ্ৰীষ্ট যীচুত আছিল।
# আমাৰ বাবে খ্ৰীষ্ট যীচু কি হৈ পৰিল?
তেওঁ আমাৰ বাবে ঈশ্বৰৰ পৰা জ্ঞানস্বৰূপ- আমাৰ ধাৰ্ম্মিকতা, পবিত্ৰতা আৰু মুক্তিকৰ্ত্তা হ'ল (১:৩০)
# যদি আমি গৰ্ব্ব কৰোঁ, আমি কোনজনাত গৰ্ব্ব কৰিব পাৰোঁ?
যি জনে গৰ্ব্ব কৰে, তেওঁ প্ৰভুতেই গৰ্ব্ব কৰক (১:৩১)।

8
1co/02/01.md Normal file
View File

@ -0,0 +1,8 @@
# ঈশ্বৰৰ গুপুত সত্যতা প্ৰকাশ কৰিবলৈ কেনে প্ৰকাৰে পৌলে আহিছিল?
পৌলে যেতিয়া গুপুত সত্যতা প্ৰকাশ কৰিবলৈ আহিছিল বাক্যৰ উত্তমতাৰে বা জ্ঞানৰ উত্তমতাৰে অহা নাছিল (২:১)।
# পৌলে যেতিয়া কৰিন্থীয়াবিলাকৰ মাজত আছিল তেওঁ কি জানিবলৈ নিশ্চয় কৰিছিল?
পৌলে খ্ৰীষ্ট আৰু তেওঁ ক্ৰুচবিদ্ধ হোৱাৰ বাহিৰে আন একো জানিবলৈ ইচ্ছা কৰা নাছিল (২:২)।

4
1co/02/03.md Normal file
View File

@ -0,0 +1,4 @@
# পৌলৰ বাক্য আৰু তেওঁৰ ঘোষণা জ্ঞানযুক্ত কথাৰে নহৈ আত্মা আৰু শক্তিৰেহে কিয় সপ্ৰমাণ হৈছিল?
উ: এইটো এই কাৰণেই হৈছিল যাতে তেওঁলোকৰ বিশ্বাস মানুহৰ জ্ঞানত নহওক, কিন্তু ঈশ্বৰৰ শক্তিত ভিত্তি হয় (২:-৫)।

4
1co/02/06.md Normal file
View File

@ -0,0 +1,4 @@
# পৌল আৰু তেওঁৰ লগত থকা সকলে কি জ্ঞানেৰে কথা কৈছিল?
তেওঁলোকে ঈশ্বৰীয় গুপ্ত জ্ঞানেৰে- যুগৰ পুৰ্ব্বেই আমাৰ বাবে থকা মহিমাৰে ঈশ্বৰৰ নিৰূপিত জ্ঞানেৰে কথা কৈছিল (২:)।

4
1co/02/08.md Normal file
View File

@ -0,0 +1,4 @@
# পৌলৰ সময়ৰ অধিপতিসকলে যদি ঈশ্বৰীয় জ্ঞান জানিলেহেঁতেন, তেনেহ'লে তেওঁলোকে কি কৰিলেহেঁতেন?
উ: সেইসময়ৰ অধিপতি সকলে যদি ঈশ্বৰীয় জ্ঞান জানিলেহেঁতেন, তেনেহ’লে মহিমাৰ প্ৰভুজনাক ক্ৰুচত নিদিলেহেঁতেন (২:8)।

4
1co/02/10.md Normal file
View File

@ -0,0 +1,4 @@
# পৌল আৰু তেওঁৰ লগত থকাসকলে কেনেকৈ ঈশ্বৰীয় জ্ঞান জানিছিল? ঈশ্বৰে আত্মাৰে সেইবিষয়বোৰ তেওঁলোকলৈ প্ৰকাশ কৰিছিল (২:১০)।
# ঈশ্বৰৰ গভীৰ কথাবোৰ কোনে জানে? ঈশ্বৰৰ আত্মাইহে এই গভীৰ কথাবোৰ জানে (২:১১)।

4
1co/02/12.md Normal file
View File

@ -0,0 +1,4 @@
# পৌল আৰু তেওঁৰ লগত থকাসকলে কি এটা কাৰণত ঈশ্বৰৰ পৰা অহা আত্মা পাইছিল?
পৌল আৰু তেওঁৰ লগত থকাসকলে ঈশ্বৰৰ পৰা অহা আত্মা এই কাৰণেই পাইছিল, যাতে ঈশ্বৰে আমালৈ মুক্তভাবে দিয়া বিষয়বোৰ জানিব পাৰে(২:১২)।

8
1co/02/14.md Normal file
View File

@ -0,0 +1,8 @@
# স্বাভাৱিক মানুহে কিয় ঈশ্বৰৰ আত্মাৰ কথাবোৰ গ্ৰহণ কৰিব বা জানিব নোৱাৰে?
স্বাভাৱিক মানুহে সেইবোৰ গ্ৰহণ কৰিব নোৱাৰে কাৰণ সেইবোৰ তেওঁৰ মানত মূৰ্খতা আৰু তেওঁ সেইবোৰ গ্ৰহণ কৰিব নোৱাৰে কাৰণ সেইবোৰ আত্মিকভাবে বোধগম্য হ'ব লাগে(২:১৪)।
# যি জনে যীচুক বিশ্বাস কৰে, তেওঁৰ কাৰ মন হ'ব লাগে বুলি পৌলে কৈছে?
পৌলে কৈছে তেওঁলোকৰ খ্ৰীষ্টৰ মন আছে ( ২:১৬)।

4
1co/03/01.md Normal file
View File

@ -0,0 +1,4 @@
# কৰিন্থীয়াৰ বিশ্বাসী সকলক আত্মিক লোক হিচাপে কিয় ক'ব পৰা নাছিল বুলি পৌলে কৈছে?
পৌলে তেওঁলোকক আত্মিক ভাবে কথা কব পৰা নাছিল, কাৰণ তেতিয়াও তেওঁলোক মাংসিক, ঈৰ্ষাপৰায়ণ হৈ আছিল আৰু তেওঁলোকে নিজৰ মাজতে হাই-কাঁজিয়া কৰি আছিল(৩:১-৩)।

4
1co/03/03.md Normal file
View File

@ -0,0 +1,4 @@
# পৌল কোন আছিল আৰু আপল্লো কোন আছিল?
তেওঁলোক সেৱক, ঈশ্বৰৰ সহকৰ্ম্মী আছিল; তেওঁলোকৰ যোগেদি কৰিন্থীয়াসকলে খ্ৰীষ্টৰ বিশ্বাসলৈ আহিছিল (৩:৫-৯)।

4
1co/03/06.md Normal file
View File

@ -0,0 +1,4 @@
# কোনে বৃদ্ধি কৰে?
ঈশ্বৰেহে বৃদ্ধি কৰে। (৩:)

4
1co/03/10.md Normal file
View File

@ -0,0 +1,4 @@
# ভিত্তিমূলটো কি?
যীচু খ্ৰীষ্টই হৈছে ভিত্তিমূল (৩:১১)।

8
1co/03/12.md Normal file
View File

@ -0,0 +1,8 @@
# যি জনে যীচু খ্ৰীষ্টৰ ভিত্তিমূলৰ ওপৰত ঘৰ সাজে তেওঁৰ কৰ্ম্মৰ কি হ'ব?
তেওঁৰ কৰ্ম্ম দিনৰ পোহৰত আৰু জুইত প্ৰকাশিত হ'ব (৩:১২-১৩)।
# এজন ব্যক্তিৰ কৰ্ম্মক জুইয়ে কি কৰিব?
প্ৰতিজনেই কি কি গুণগত কৰ্ম্ম কৰিলে জুইয়ে তাক প্ৰকাশ কৰিব (৩:১৩)।

8
1co/03/14.md Normal file
View File

@ -0,0 +1,8 @@
# জুইৰে পোৰাৰ পাছত যদি কোনোজনৰ সজা কৰ্ম্ম থাকি যায় কি হ'ব?
সেই ব্যক্তিজনে পুৰস্কাৰ পাব (৩:১৪)।
# যিজনৰ সজা কৰ্ম্ম যদি পুৰি শেষ হয় তেওঁৰ কি হ'ব?
সেই ব্যক্তিজনৰ হানি হ'ব, কিন্তু তেওঁ নিজে জুইৰ পৰা ৰক্ষা পোৱাৰ দৰে ৰক্ষা পাব (৩:১৫)।

8
1co/03/16.md Normal file
View File

@ -0,0 +1,8 @@
# আমি কোন আৰু যীচু খ্ৰীষ্টৰ বিশ্বাসী হিচাপে আমাত কি জীৱন আছে?
আমি ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ আত্মা আমাত নিবাস কৰে (৩:১৬)।
# যদি কোনোৱে ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে তেওঁৰ কি হ'ব?
ঈশ্বৰে সেই ব্যক্তিজনক নষ্ট কৰিব যি জনে ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে (৩:১৭)।

8
1co/03/18.md Normal file
View File

@ -0,0 +1,8 @@
# ত্রি যুগৰ কথাত যদি কোনোৱে নিজকে জ্ঞানী বুলি ভাবে পৌলে তেওঁক কি বুলি কৈছে?
পৌলে কৈছে, "... তেওঁ জ্ঞানী হ'বলৈ নিজকে মুৰ্খ হ'বলৈ দিয়ক।" (৩:১৮)।
# জ্ঞানীসকলৰ তৰ্ক-বিতৰ্কৰ বিষয়ে প্ৰভুৱে কি জানে?
জ্ঞানীসকলৰ তৰ্ক-বিতৰ্ক যে অসাৰ তাক প্ৰভুৱে জানে (৩:২০)।

4
1co/03/21.md Normal file
View File

@ -0,0 +1,4 @@
# পৌলে কৰিন্থীয়াসকলক লোকসমুহৰ বিষয়ে গৰ্ব্ব নকৰিবলৈ কিয় কৈছে?
তেওঁ তেওঁলোকক গৰ্ব্ব নকৰিবলৈ কৈছে, " কাৰণ সকলোবোৰ তোমালোকৰ" আৰু কাৰণ, ".... তোমালোক খ্ৰীষ্টৰ, আৰু খ্ৰীষ্টও ঈশ্বৰৰ।" (৩:২১-২৩)।

8
1co/04/01.md Normal file
View File

@ -0,0 +1,8 @@
# কৰিন্থীয়াসকলক পৌলে তেওঁ আৰু তেওঁৰ সঙ্গীসকলক কেনেদৰে লোৱা কথাটো কৈছিল?
কৰিন্থীয়াসকলে তেওঁলোকক খ্ৰীষ্টৰ সেৱক আৰু ঈশ্বৰৰ নিগূঢ়-তত্ত্বৰ ভঁৰালী বুলি গ্ৰহণ কৰিবলৈ কৈছিল।
# এজন ভঁৰালী কেনে হোৱাটো দৰকাৰ?
ভঁৰালী এজন বিশ্বস্ত লোক হোৱা দৰকাৰ। (:২)।

4
1co/04/03.md Normal file
View File

@ -0,0 +1,4 @@
# পৌলে কাক তেওঁৰ বিচাৰক বুলি কৈছে?
পৌলে প্ৰভুজনাকেই তেওঁৰ বিচাৰক বুলি কৈছে (:)।

4
1co/04/05.md Normal file
View File

@ -0,0 +1,4 @@
# প্ৰভু যেতিয়া আহিব তেওঁ কি কৰিব?
তেওঁ আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু অন্তৰৰ উদ্দেশ্যবোৰ প্ৰকাশ কৰিব (:৫)।

4
1co/04/06.md Normal file
View File

@ -0,0 +1,4 @@
# পৌলে এই মুলনীতিবোৰ তেওঁৰ নিজৰ ওপৰত আৰু আপল্লোৰ ওপৰত প্ৰয়োগ হোৱাটো কিয় বিচাৰিছিল?
কৰিন্থীয়া বিশ্বাসীবিলাকৰ বাবে পৌলে এইটো কৰিছিল যাতে যিটো কোৱা হৈছে তাৰ অৰ্থ শিকিব পাৰে-"যি লিখা আছে তাৰ অতিৰিক্ত কৰিব নালাগে," যাতে কোনেও কাৰোবাৰ ফলীয়া হৈ কাৰোবাৰ বিপক্ষে ওফন্দি নাযায়। (:৬)।

4
1co/04/08.md Normal file
View File

@ -0,0 +1,4 @@
# কৰিন্থীয়া বিশ্বাসীসকলে ৰাজত্ব কৰাটো পৌলে কিয় বিচাৰিছে?
তেওঁলোকে ৰাজত্ব কৰাটো পৌলে ইচ্ছা কৰিছিল যাতে পৌল আৰু তেওঁৰ সহযোগীসকলেও তেওঁলোকৰে সৈতে ৰাজত্ব কৰিবলৈ পায় (:৮)।

8
1co/04/10.md Normal file
View File

@ -0,0 +1,8 @@
# পৌলে কি কি তিনিটা উপায়ে তেওঁ নিজকে আৰু তেওঁৰ সঙ্গীসকলক কৰিন্থীয়া বিশ্বাসীসকলৰ লগত বিপৰীত ভাবে বুজাইছে?
পৌলে কৈছে, "খ্ৰীষ্টৰ বাবে আমি মুৰ্খ, কিন্তু তোমালোক খ্ৰীষ্টত জ্ঞানী। আমি দুৰ্ব্বল, কিন্তু তোমালোক বলৱান, তোমালোক সন্মানিত, কিন্তু আমি অৱহেলিত (:১০)।
# পৌলে পাঁচনিসকলৰ শাৰীৰিক অৱস্থা কেনেদৰে বৰ্ণনা কৰিছিল?
পৌলে কৈছিল, তেওঁলোক ভোকাতুৰ আৰু তৃষ্ণাতুৰ, বস্ত্ৰহীন, বৰকৈ কোবখোৱা আৰু গৃহহীন (:১১)।

4
1co/04/12.md Normal file
View File

@ -0,0 +1,4 @@
# পৌল আৰু তেওঁৰ লগৰ সকলক অশিষ্টাচৰণ কৰাত তেওঁলোকে কেনেকৈ প্ৰত্যেত্তৰ দিছিল?
A.যেতিয়া তেওঁলোকক ঘিণ কৰা হৈছিল, তেওঁলোক আশীৰ্ব্বাদিত হৈছিল, যেতিয়া তেওঁলোকক তাড়না কৰা হৈছিল, তেওঁলোকে তাক সহন কৰিছিল, যেতিয়া তেওঁলোকক কু-কথাৰে অবজ্ঞা কৰা হৈছিল, তেওঁলোকে নম্ৰতাৰে কথা কৈছিল (:১২)।

8
1co/04/14.md Normal file
View File

@ -0,0 +1,8 @@
# পৌলে এইবোৰ কথা কৰিন্থীয়া বিশ্বাসীসকললৈ কিয় লিখিছিল?
তেওঁৰ প্ৰিয় সন্তান হিচাপে তেওঁলোকক শুধৰণিৰ বাবে এইবোৰ তেওঁলোকলৈ লিখিছিল (:১৪)।
# পৌলে কাৰ অনুকাৰী হ'বলৈ কৰিন্থীয়াসকলক কৈছিল?
পৌলে তেওঁলোকক তেওঁৰ অনুকাৰী হ'বলৈ কৈছিল (:১৬)।

8
1co/04/17.md Normal file
View File

@ -0,0 +1,8 @@
# কৰিন্থীয়াৰ বিশ্বাসীসকলক কি সোঁৱৰাই দিবলৈ পৌলে তিমথিয়ক পঠাইছিল?
খ্ৰীষ্টত পৌলৰ যি পৰিচৰ্য্যা পথ; সেই পথৰ বিষয়ে সোঁৱৰাই দিবলৈ পৌলে তিমথিয়ক কৰিন্থৰ বিশ্বাসীসকলৰ ওচৰলৈ পঠাইছিল (:১৭)।
# কৰিন্থীয়াৰ কিছুমান বিশ্বাসীয়ে কেনেকৈ অভিনয় কৰিছিল?
তেওঁলোকৰ কোনো কোনো বিশ্বাসী লোক, অহঙ্কাৰী আছিল; তেওঁলোকে পৌলে যেন তেওঁলোকৰ ওচৰলৈ নাহিব, তেনে অভিনয় কৰিছিল (:১৮)।

4
1co/04/19.md Normal file
View File

@ -0,0 +1,4 @@
# ঈশ্বৰৰ ৰাজ্যৰ মূল বিষয়টো কিহেৰে গঠিত?
ঈশ্বৰৰ ৰাজ্য পৰাক্ৰমেৰে গঠিত (:২০)।

8
1co/05/01.md Normal file
View File

@ -0,0 +1,8 @@
# কৰিন্থৰ মণ্ডলীৰ বিষয়ে পৌলে কি বাৰ্ত্তা শুনিবলৈ পাইছিল?
পৌলে তেওঁলোকৰ মাজত অনৈতিক যৌন ব্যভিচাৰ আছে বুলি শুনিবলৈ পাইছিল। তাৰে এজনে তেওঁৰ নিজৰ পিতৃৰ ভাৰ্য্যাৰ লগত শয়ন কৰিছিল (৫:১)
# যি জনে তেওঁৰ পিতৃৰ ভাৰ্য্যাৰ লগত পাপ কৰিছে তেওঁক কি কৰিব লাগে বুলি পৌলে কৈছিল?
যি জনে তেওঁৰ পিতৃৰ ভাৰ্য্যাৰ লগত পাপ কৰিছে সেইজনক তেওঁলোকৰ মাজৰ পৰা বহিস্কাৰ কৰিবলৈ কৈছিল (৫:২)।

4
1co/05/03.md Normal file
View File

@ -0,0 +1,4 @@
# যি জনে পিতৃৰ লগত পাপ কৰিছিল, তেওঁক কেনেকৈ আৰু কিয় বহিস্কাৰ কৰিব লাগে?
যেতিয়া প্ৰভু যীচুৰ নামত কৰিন্থত মণ্ডলী গোট খায়, তেতিয়া সেই মানুহজনক শৰীৰৰ বিনাশৰ কাৰণে চয়তানৰ হাতত শোধাই দিব লাগে, যাতে প্ৰভুৰ দিনত তেওঁৰ আত্মাই পৰিত্ৰাণ পায় (৫:-৫)।

8
1co/05/06.md Normal file
View File

@ -0,0 +1,8 @@
# বেয়া ব্যবহাৰ আৰু দুষ্টতাক পৌলে কিহৰ লগত তুলনা কৰিছে?
পৌলে বেয়া ব্যবহাৰ আৰু দুষ্টতাক খমিৰৰ লগত তুলনা কৰিছে (৫:৮)।
# সৰলতা আৰু সত্যতাক পৌলে কিহৰ লগত সাংকেতিক ভাবে ব্যবহাৰ কৰিছে?
সৰলতা আৰু সত্যতাক পৌলে খমিৰবিহীন পিঠাৰ লগত সাংকেতিক ভাবে ব্যৱহাৰ কৰিছে (৫:৮)।

12
1co/05/09.md Normal file
View File

@ -0,0 +1,12 @@
# বিশ্বাসীসকলক পৌলে কাৰ সৈতে সংযুক্ত হ'ব নালাগে বুলি কৈছিল?
পৌলে বিশ্বাসীসকলক অনৈতিক ব্যভিচাৰী মানুহৰ লগত সংযুক্ত হ'ব নালাগে বুলি কৈছিল।
# পৌলে আচলতে অনৈতিক ব্যভিচাৰী মানুহৰ লগত যুক্ত হ'ব নালাগে বুলি কৈছিল নে?
পৌলে আচলতে এই জগতৰ অনৈতিক ব্যভিচাৰী মানুহৰ বিষয়ে কোৱা নাছিল; সেয়ে হ'লে এই জগতৰ পৰা তেওঁলোক বাহিৰ হ'ব লগা হয় (৫:১০)।
# কৰিন্থীয়াৰ বিশ্বাসী সকলক আচলতে কাৰ সৈতে যুক্ত হ'ব নালাগে বুলি পৌলে বুজাইছিল?
খ্ৰীষ্টত ভাই বা ভনী বুলি খ্যাত হোৱা কোনোবা যদি ব্যভিচাৰী, লুভীয়া, নিন্দক, মতলীয়া, অপহাৰক, বা দেৱপুজক আদিৰ লগত সংযুক্ত হ'ব নালাগে বুলি তেওঁ বুজাইছিল(৫:১০-১১)

8
1co/05/11.md Normal file
View File

@ -0,0 +1,8 @@
# কোনবোৰ বিশ্বাসীক বিচাৰ কৰিবলগীয়া হৈছে?
মণ্ডলীৰ ভিতৰত থকা সকলকহে বিচাৰ কৰিব লগীয়া (৫:১২)।
# মণ্ডলীৰ বাহিৰত থকা সকলক কোনে বিচাৰ কৰিব?
A.ঈশ্বৰেই মণ্ডলীৰ বাহিৰত থকা সকলক বিচাৰ কৰে (৫:১৩)।

8
1co/06/01.md Normal file
View File

@ -0,0 +1,8 @@
# সাধু-সন্ত সকলে কাৰ সোধ-বিচাৰ কৰিব?
সাধু-সন্তসকলে এই জগতৰ আৰু স্বৰ্গদুতসকলৰো সোধ-বিচাৰ কৰিব (৬:২-৩)।
# কৰিন্থীয়াৰ সাধু-সন্ত সকলে কাৰ বিচাৰ কৰিবলৈ সমৰ্থ হ'ব লাগে বুলি কৈছে?
পৌলে কৈছে এই জীৱনৰ বিষয়ে সাধু-সন্তসকলৰ মাজত হোৱা মত বিৰোধ তেওঁলোকে বিচাৰ কৰিব পাৰিব লাগে (৬:১-৩)।

4
1co/06/04.md Normal file
View File

@ -0,0 +1,4 @@
# কৰিন্থীয়াৰ খ্ৰীষ্টিয়ান সকলে তেওঁলোকৰ পৰস্পৰৰ সংঘাতবোৰ কেনেদৰে মীমাংসা কৰে?
এজন বিশ্বাসীয়ে আন এজন বিশ্বাসীৰ বিৰুদ্ধে আদালতলৈ যায়; আৰু যি জন অবিশ্বাসী, তেনে বিচাৰকৰ আগত মোকৰ্দমা দাখিল কৰে (৬:৬)।

4
1co/06/07.md Normal file
View File

@ -0,0 +1,4 @@
# কৰিন্থীয়াৰ খ্ৰীষ্টিয়ান সকলৰ মাজত থকা সংঘাতে কি সত্য ঘটনাৰ নিৰ্দেশ কৰে?
এইটোৱে তেওঁলোকৰ পৰাজয়ক নিৰ্দেশ কৰে (৬:)।

8
1co/06/09.md Normal file
View File

@ -0,0 +1,8 @@
# ঈশ্বৰৰ ৰাজ্য কোনে অধিকাৰ কৰিব নোৱাৰে?
অধাৰ্ম্মিকবিলাক; নৈতিক যৌন ব্যভিচাৰীবিলাক, মূৰ্ত্তিপূজকবিলাক, পৰস্ত্ৰীগামী বিলাক, পুৰুষ বেশ্যাবিলাক, যিবিলাকে সমকামী কাৰ্য্য কৰে, চোৰবিলাক, লুভীয়া, মদাহী, নিন্দকবিলাক,আৰু অপবাদকবিলাকে ঈশ্বৰৰ ৰাজ্য অধিকাৰ কৰিব নোৱাৰে (৬:৯-১০)।
# কৰিন্থীয়া বিশ্বাসী যিবিলাকে আগতে অধাৰ্ম্মিকতাৰ অনুশীলন কৰিছিল তেওঁলোকৰ কি হ'ল?
তেওঁলোকক পৰিস্কৃত আৰু পবিত্ৰ কৰা হ'ল, যীচু খ্ৰীষ্টৰ নামত আৰু ঈশ্বৰৰ আত্মাৰ দ্বাৰা তেওঁলোকক সঠিক কৰা হ'ল (৬:১১)।

4
1co/06/12.md Normal file
View File

@ -0,0 +1,4 @@
# কোন দুটা বিষয়ক পৌলে তেওঁৰ ওপৰত প্ৰভুত্ব কৰিবলৈ নিদিব বুলি কৈছে?
পৌলে তেওঁৰ ওপৰত আহাৰ নাইবা ব্যভিচাৰক প্ৰভুত্ব কৰিবলৈ নিদিব বুলি কৈছে (৬:১২-১৩)।

8
1co/06/14.md Normal file
View File

@ -0,0 +1,8 @@
# বিশ্বাসীসকলৰ শৰীৰ কিহৰ অঙ্গ-প্ৰত্যঙ্গ?
বিশ্বাসীসকলৰ শৰীৰ খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গ (৬:১৫)।
# বিশ্বাসীসকলে নিজকে বেশ্যাগমণত যুক্ত কৰা উচিত নে?
নহয়, এইটো কেতিয়াও হ'ব নালাগে (৬:১৫)।

8
1co/06/16.md Normal file
View File

@ -0,0 +1,8 @@
# কোনো এজনে নিজকে বেশ্যাৰ লগত যুক্ত কৰিলে কি হয়?
তেওঁ তাইৰে সৈতে এক-দেহ হয় (৬:১৬)।
# কোনো এজনে নিজকে প্ৰভুৰ লগত যুক্ত কৰিলে কি হয়?
তেওঁ তেওঁৰে সৈতে এক আত্মা হয় (৬:১৭)।

4
1co/06/18.md Normal file
View File

@ -0,0 +1,4 @@
# লোকসকল অনৈতিক ভাবে ব্যভিচাৰী হ'লে কাৰ বিৰুদ্ধে পাপ কৰে?
লোকসকল যেতিয়া অনৈতিক ভাবে ব্যভিচাৰী হয়, তেতিয়া তেওঁলোকে নিজৰ শৰীৰৰ বিৰুদ্ধে পাপ কৰে (৬:১৮)।

4
1co/06/19.md Normal file
View File

@ -0,0 +1,4 @@
# বিশ্বাসীসকলে তেওঁলোকৰ শৰীৰে সৈতে কিয় ঈশ্বৰক মহিমান্বিত কৰিব লাগে?
A.বিশ্বাসীসকলে তেওঁলোকৰ শৰীৰৰ সৈতে ঈশ্বৰক মহিমান্বিত কৰিব লাগে, কাৰণ তেওঁলোকৰ শৰীৰ পবিত্ৰ আত্মাৰ মন্দিৰ আৰু তেওঁলোকক মূল্যৰে কিনা হ'ল(৬:১৯-২০)।

4
1co/07/01.md Normal file
View File

@ -0,0 +1,4 @@
# প্ৰত্যকজন পুৰুষৰ নিজা ভাৰ্য্যা আৰু প্ৰতিগৰাকী মহিলাৰ নিজা স্বামী কিয় থাকিব লাগে?
কাৰণ অনৈতিক কাৰ্য্যৰ বহু পৰীক্ষাৰ বাবে প্ৰত্যেকজন পুৰুষৰ নিজা ভাৰ্য্যা আৰু প্ৰতিগৰাকী মহিলাৰ নিজা স্বামী থাকিব লাগে (:২)।

4
1co/07/03.md Normal file
View File

@ -0,0 +1,4 @@
# কোনো এগৰাকী ভাৰ্য্যা নাইবা এজন স্বামীৰ নিজৰ শৰীৰৰ ওপৰত তেওঁলোকৰ ক্ষমতা আছেনে?
এজন স্বামীৰ তেওঁৰ ভাৰ্য্যাৰ শৰীৰৰ ওপৰত ক্ষমতা আছে আৰু সেইদৰে ভাৰ্য্যাৰো তেওঁৰ স্বামীৰ শৰীৰৰ ওপৰত তেওঁৰ ক্ষমতা আছে (:১৪)।

4
1co/07/05.md Normal file
View File

@ -0,0 +1,4 @@
# এজন স্বামী আৰু এগৰাকী ভাৰ্য্যাই পৰস্পৰৰ দৈহিক সম্ভোগৰ পৰা কেতিয়া আঁতৰি থকা উচিত?
স্বামী আৰু ভাৰ্য্যা দুয়োজনে পাৰস্পৰিক বুজা-বুজিৰে আৰু এক বিশেষ সময়ৰ বাবে আঁতৰি থকা উচিত, যাতে তেওঁলোকে নিজকে প্ৰাৰ্থনাত উৎসৰ্গিত কৰিব পাৰে(:৫)।

8
1co/07/08.md Normal file
View File

@ -0,0 +1,8 @@
# যিসকল অবিবাহিত আৰু বিধৱা, সেই লোক সকলক পৌলে কি কৰাটো ভাল বুলি কৈছে?
যিসকল অবিবাহিত আৰু বিধৱা, তেওঁলোক বিয়া নোহোৱাকৈ থাকিব পাৰিলে ভাল বুলি পৌলে কৈছে (:৮)।
# অবিবাহিত আৰু বিধৱাসকলে কি পৰিস্থিতিত বিয়া কৰিব লাগে?
যদি তেওঁলোকে কামাগ্নিৰে দহিত হয় আৰু আত্ম-সংযম কৰিব নোৱাৰে, তেনেহলে তেওঁলোকে বিয়া কৰাব পাৰে (:৯)।

4
1co/07/10.md Normal file
View File

@ -0,0 +1,4 @@
# বিবাহিত সকলৰ প্ৰতি প্ৰভুৱে কি আজ্ঞা দিছে?
ভাৰ্য্যাই স্বামীৰ পৰা বিচ্ছেদ হোৱা উচিত নহয়, যদিও তাই বিচ্ছেদিত হয় তাই বিয়া নোহোৱাকৈ থাকক বা তেওঁৰ লগত মিল হওক। তদুপৰি স্বামীয়েও তেওঁৰ ভাৰ্য্যাক ত্যাগ নকৰক (:১০-১১) ।

4
1co/07/12.md Normal file
View File

@ -0,0 +1,4 @@
# এজন বিশ্বাস কৰা স্বামী বা ভাৰ্য্যাই তেওঁৰ বা তাইৰ অবিশ্বাসী সঙ্গীক বিচ্ছেদ কৰা উচিত নে?
যদি বিশ্বাসী নকৰা স্বামী নাইবা ভাৰ্য্যাই তেওঁৰ সঙ্গীৰ লগত থাকিবলৈ সন্তুষ্ট হয়, বিশ্বাস কৰা সঙ্গী জনে অবিশ্বাসী জনক বিচ্ছেদ কৰিব নালাগে (:১২-১৩)।

4
1co/07/15.md Normal file
View File

@ -0,0 +1,4 @@
# যদি অবিশ্বাসী সঙ্গীজনে গুচি যায় বিশ্বাসীজনে কি কৰা উচিত?
বিশ্বাসীজনে অবিশ্বাসী সঙ্গী জনক যাবলৈ এৰি দিব লাগে (:১৫)।

8
1co/07/17.md Normal file
View File

@ -0,0 +1,8 @@
# সকলোবোৰ মণ্ডলীলৈ পৌলে কি নিয়ম কৰিছিল?
পৌলে কৰি দিয়া নিয়মটো আছিল, ঈশ্বৰে তেওঁলোকক যি জীৱন দিছে আৰু তেওঁলোকক যিহৰ বাবে নিমন্ত্ৰণ কৰিলে, তাতে তেওঁলোকে থাকক (:১৭)।
# পৌলে অচুন্নত আৰু চুন্নতসকললৈ কি পৰামৰ্শ দিছিল?
পৌলে কৈছিল যে, অচুন্নত সকলে চুন্নত হ'ব নালাগে আৰু চুন্নত সকলে তেওঁলোকৰ চুন্নতৰ চিন গুচাবলৈ চেষ্টা কৰিব নালাগে (:১৮)।

4
1co/07/20.md Normal file
View File

@ -0,0 +1,4 @@
# ভৃত্যসকলৰ প্ৰতি পৌলে কি কৈছিল?
যেতিয়া ঈশ্বৰে তেওঁলোকক নিমন্ত্ৰণ কৰিলে যদি তেওঁলোক ভৃত্য হৈ আছিল সেইটোৰ বিষয়ে চিন্তা কৰিব লগীয়া নাই, যদি তেওঁলোক মুক্ত হ'ব পাৰে তেন্তে ভাল। যদিও তেওঁলোক ভৃত্য হৈ থাকে, তেওঁলোকে প্ৰভুৰ মুক্ত লোক। তেওঁলোক মানুহৰ দাস বা ভৃত্য হোৱা উচিত নহয় (:২১-২৩)।

4
1co/07/25.md Normal file
View File

@ -0,0 +1,4 @@
# পৌল নিজে অবিবাহিত হৈ থকাৰ দৰে এজন মানুহে অবিবাহিত হৈ থকাটোকেই উত্তম বুলি কিয় পৌলে ভাবিছিল?
হ'বলগীয়া কিবা অনাটনৰ বাবেই পৌলে এজন মানুহক অবিবাহিত হৈ থকাটোকেই উত্তম বুলি পৌলে ভাবিছিল (:১৬)।

8
1co/07/27.md Normal file
View File

@ -0,0 +1,8 @@
# বিশ্বাসীসকলে যদি কোনো শপতৰ দ্বাৰা ভাৰ্য্যাৰ সৈতে বন্ধা হয়, তেনেহলে তেওঁলোকে কি কৰিব লাগে?
বিশ্বাসীসকলে যদি কোনো শপতৰ দ্বাৰা ভাৰ্য্যাৰ সৈতে বন্ধা হয়, তেনেহলে তেওঁলোকে সেই মহিলাক বিয়া কৰোৱা প্ৰতিজ্ঞাৰ পৰা মুকলি হ'বলৈ বিচাৰিব নালাগে (:২৭)।
# যি লোকসকল ভাৰ্য্যাৰ পৰা মুক্ত, আৰু যিসকল অবিবাহিত, তেওঁলোকক "ভাৰ্য্যা পাবলৈ চেষ্টা নকৰিবা।" বুলি পৌলে কিয় কৈছে।
যিসকলে বিয়া কৰাই, তেওঁলোকে জীয়াই থকা অৱস্থাত বহুতো অসুবিধাৰ মুখামুখী হয়, সেয়ে এই অসুবিধাৰ পৰা মুকলিকৈ ৰাখিবৰ বাবে পৌলে তেওঁলোকলৈ এনেদৰে কৈছিল; সেইটোৱেই আছিল এইদৰে কোৱাৰ কাৰণ(:২৮)।

4
1co/07/29.md Normal file
View File

@ -0,0 +1,4 @@
# যিসকলে জগতৰ লগত ব্যৱসায়িক ভাবে জড়িত যদিও তেওঁলোকে ব্যৱসায় নকৰাৰ দৰে থাকিবলৈ কৈছে?
তেওঁলোকে এইদৰে কৰিব লাগে কিয়নো এই জগতৰ পদ্ধতিসমুহ শেষ হ'বলৈ হৈছে (:৩১)।

4
1co/07/32.md Normal file
View File

@ -0,0 +1,4 @@
# যিসকল বিবাহিত খ্ৰীষ্টিয়ান প্ৰভুৰ প্ৰতি অবিভক্ত হিচাপে তেওঁলোকৰ উপাসনা দিয়াটো কিয় কঠিন?
এইটো কঠিন হয় কাৰণ বিশ্বাস কৰা স্বামী বা ভাৰ্য্যাই কেনেকৈ তেওঁৰ স্বামী বা ভাৰ্য্যাক তুষ্ট কৰিব পাৰে, জগতৰ বিষয়ত চিন্তিত হয় (:৩৩-৩৪)।

4
1co/07/36.md Normal file
View File

@ -0,0 +1,4 @@
# কোন জনে বেছি ভাল কৰে, যি জনে জোৰণ দিয়া জনীক বিয়া কৰাই তেওঁ নে?
পৌলৰ মতে, যি জনে জোৰণ দিলেও জোৰণ দিয়া জনীক বিয়া নকৰাই তেওঁহে বেছি ভাল কৰে (:৩৮)।

8
1co/07/39.md Normal file
View File

@ -0,0 +1,8 @@
# এগৰাকী ভাৰ্য্যাই তেওঁৰ স্বামীৰ লগত কিমান দিন বন্ধা হৈ থাকে?
A.যিমান দিনলৈ তেওঁ জীৱিত থাকে সিমান দিনলৈ তেওঁ স্বামীৰ লগত বন্ধা হৈ থাকে।
# বিশ্বাস কৰা ভাৰ্য্যাৰ স্বামী যদি ঢুকায়, তাই কাক বিয়া কৰাব পাৰে?
তাই যি জনক ইচ্ছা কৰে, তেওঁকেই বিয়া কৰাব পাৰে; কিন্তু যি জন প্ৰভুত আছে তেওঁকহে (:৩৯)।

8
1co/08/01.md Normal file
View File

@ -0,0 +1,8 @@
# এই অধ্যায়টোত পৌলে কি বিষয়টো সম্বোধন কৰিবলৈ আৰম্ভ কৰিছে?
দেৱতাৰ প্ৰতি উৎসৰ্গ কৰা খাদ্য বিষয়টো পৌলে সম্বোধন কৰিছে(৮:১,)।
# জ্ঞান আৰু প্ৰেমৰ ফলাফল কি হ'ব পাৰে?
জ্ঞানে অহঙ্কাৰ জন্মায়, কিন্তু প্ৰেমে বৃদ্ধি কৰে (৮:১)।

12
1co/08/04.md Normal file
View File

@ -0,0 +1,12 @@
# এটা কটা প্ৰতিমা ঈশ্বৰৰ সমকক্ষ হয়নে?
প্ৰতিমা ঈশ্বৰৰ সমকক্ষ নহয়, এই জগতৰ কটা প্ৰতিমা একোৱেই নহয়,আৰু এজনা ঈশ্বৰৰ বাহিৰে আন কোনোৱেই নাই (৮:)।
# একমাত্ৰ ঈশ্বৰ কোনজনা?
একমাত্ৰ এজনাহে পিতৃ ঈশ্বৰ আছে। তেওঁৰ পৰাই সকলো বস্তু হয়, আৰু আমি তেওঁৰ বাবেই জীয়াই আছো (৮:৬)।
# একমাত্ৰ প্ৰভুজনা কোন?
মাত্ৰ এজনাহে প্ৰভু আছে, তেওঁ যীচু খ্ৰীষ্ট; সেইজনাৰ যোগেদি সকলোৰে স্থিতি হৈছে আৰু আমিও সেইজনাৰ যোগেদি স্থিতি হৈছোঁ (৮:৬)।

4
1co/08/07.md Normal file
View File

@ -0,0 +1,4 @@
# যেতিয়া দেৱতাৰ প্ৰতি উৎসৰ্গিত খাদ্য কোনো এজনে ভোজন কৰে কেতিয়া তেওঁৰ কি হয়?
তেওঁলোক দুৰ্ব্বল হোৱাত তেওঁলোকৰ বিবেক ভ্ৰষ্ট হয় (৮:)।

12
1co/08/08.md Normal file
View File

@ -0,0 +1,12 @@
# আমি খোৱা খাদ্যই ঈশ্বৰৰ আগত আমাক উত্তম কৰে নে অপকাৰ কৰে?
খোৱা খাদ্যই আমাক ঈশ্বৰৰ আগত গ্ৰাহ্য নকৰাব। আমি নাখালেও আমাৰ হানি নহয়, নাইবা আমি খালেও আমাৰ একো উপকাৰ নহয় (৮:৮)।
# আমাৰ স্বাধীনতা যেন খৰ্ব্ব নহয় তাৰ বাবে আমি কি সাৱধান হ'ব লাগে?
যিজন বিশ্বাসত দুৰ্ব্বল তেওঁ যাতে উজুতি নাখায় আমি আমাৰ স্বাধীনতা সাৱধানেৰে ব্যৱহাৰ কৰিব লাগে। (৮:৯)।
# যেতিয়া বিবেক-বিবেচনাত দুৰ্ব্বল কোনো ভাই বা ভনীয়ে আমাক দেৱতাৰ প্ৰতি উৎসৰ্গিত মঙহ খোৱা দেখে তেওঁৰ কি হয়?
আমি সেই ভাই বা ভনী গৰাকীৰ দুৰ্ব্বল বিবেকৰ হানিৰ কাৰণ স্বৰুপ হৈ পৰো (৮:১০-১১)।

8
1co/08/11.md Normal file
View File

@ -0,0 +1,8 @@
# খ্ৰীষ্টত কোনো এজন ভাই বা ভনীক তেওঁলোকৰ দুৰ্ব্বল বিবেকৰ বিৰুদ্ধে আমি জানি বুজি পাপ কৰিলে কাৰ বিপক্ষে পাপ কৰা হয়?
সেই ভাই বা ভনীৰ বিপক্ষে আমি উজুতি খোৱা পাপ, অর্থাৎ খ্ৰীষ্টৰ বিপক্ষে পাপ কৰা হয়।
# পৌলে তেওঁৰ খোৱা খাদ্যৰ যোগেদি কোনো ভাই বা ভনীয়ে উজুতি খালে তেওঁ কি কৰিব বুলি কৈছে?
পৌলে কৈছে, তেওঁৰ খোৱা খাদ্যৰ যোগেদি যদি কোনো ভাই বা ভনীয়ে উজুতি খায়, তেনেহলে তেওঁ কেতিয়াও মঙহ নাখায়(৮:১৩)।

4
1co/09/01.md Normal file
View File

@ -0,0 +1,4 @@
# পৌল যে এজন পাঁচনি, তাৰ কাৰণে তেওঁ কি প্ৰমাণ দিছিল?
পৌলে কৈছে যে, কৰিন্থীয়াৰ বিশ্বাসীসকল প্ৰভুত তেওঁৰ সহকৰ্ম্মী আছিল, তেওঁলোক নিজেই প্ৰভুত পৌলৰ পাঁচনি বাবৰ প্ৰমাণ আছিল(৯:১-২)।

4
1co/09/03.md Normal file
View File

@ -0,0 +1,4 @@
# পাঁচনি সকলৰ, প্ৰভুৰ ভায়েক সকলৰ, আৰু কৈফাৰ কি কি অধিকাৰৰ তালিকা কৰিছে?
পৌলে কৈছিল যে, তেওঁলোকৰ ভোজন আৰু পান কৰাৰ অধিকাৰ আছিল, আৰু যি জন বিশ্বাসী তেওঁলোকৰ লগত ভাৰ্য্যাক লৈ ফুৰোৱাৰ অধিকাৰ আছিল (৯:-৫)।

4
1co/09/07.md Normal file
View File

@ -0,0 +1,4 @@
# যি সকলে তেওঁলোকৰ কৰ্ম্মৰ পৰা লাভ পায় বা তেওঁলোকৰ কৰ্ম্মৰ পৰা বেতন পায় তাৰ বাবে পৌলে কি উদাহৰণ দিছিল?
A.যিসকলে তেওঁলোকৰ কৰ্ম্মৰ পৰা লাভ পায় বা তেওঁলোকৰ কৰ্ম্মৰ পৰা বেতন পায়, তাৰ বাবে পৌলে সৈন্যসকলৰ, আৰু দ্ৰাক্ষাবাৰী পতা আৰু মেৰ পালন কৰা জনৰ উদাহৰণ দিছিল (৯:)।

8
1co/09/09.md Normal file
View File

@ -0,0 +1,8 @@
# মোচিৰ বিধানৰ পৰা কোনোবা এজনে কৰা কামৰ বিনিময়ত পোৱা উপকাৰ বা পাৰিশ্ৰমিক ধাৰণাটো পৌলে কেনেদৰে উদাহৰণ দিছে?
পৌলে তেওঁৰ যুক্তিটোৰ সমৰ্থনত এই আজ্ঞাটো উদ্ধৃতি দিছে, "মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিবা" (৯:৯)।
# যদিও তেওঁলোকে সেই অধিকাৰ দাবী কৰা নাছিল, কৰিন্থীয়াৰ বিশ্বাসীসকলৰ মাজত পৌল আৰু তেওঁৰ সঙ্গী সকলৰ কি অধিকাৰ আছিল?
কৰিন্থীয়াৰ বিশ্বাসীসকলৰ মাজৰ পৰা তেওঁলোকৰ জাগতিক বিষয়-বস্তু ল'বলৈ অধিকাৰ আছিল, কাৰণ তেওঁলোকে কৰিন্থীয়াসকলৰ মাজত আত্মিক বিষয় বিলাইছিল (৯:১১-১২)।

4
1co/09/12.md Normal file
View File

@ -0,0 +1,4 @@
# যিসকলে শুভবাৰ্ত্তা প্ৰচাক কৰে প্ৰভুৱে তেওঁলোকৰ প্ৰতি কি আজ্ঞা দিছিল?
প্ৰভুৰ আজ্ঞাটো আছিল যে যি জনে শুভবাৰ্ত্তা ঘোষণা কৰে তেওঁলোকৰ জীৱিকা শুভবাৰ্ত্তাৰ পৰাই হ'ব (৯:১৪)।

4
1co/09/15.md Normal file
View File

@ -0,0 +1,4 @@
# পৌলে কি বিষয়ে গৰ্ব্ব কৰিব নোৱাৰো বুলি কৈছে, আৰু কিয় গৰ্ব্ব কৰিব নোৱাৰো বুলি কৈছে?
পৌলে প্ৰচাৰ কৰাৰ বিষয়ে গৰ্ব্ব কৰিব নোৱাৰো বুলি কৈছে কাৰণ তেওঁ প্ৰচাৰ কৰিবই লাগিব (৯:১৬)।

8
1co/09/19.md Normal file
View File

@ -0,0 +1,8 @@
# পৌলে কিয় সকলোৰে সেৱক হৈছিল?
অধিকৈ অধিক মানুহক ঈশ্বৰৰ প্ৰতি জয় কৰিবলৈ তেওঁ সকলোৰে সেৱক হৈছিল (৯:১৯)।
# ঈশ্বৰৰ প্ৰতি অধিক মানুহক জয় কৰিবলৈ পৌলে কাৰ নিচিনা হৈছিল?
বিধানৰ অধীনত থকাসকলৰ বাবে পৌল বিধানৰ অধীনত থকা ইহুদীৰ নিচিনা হৈছিল, আৰু যিসকল বিধানৰ বাহিৰত থকা লোক, তেওঁলোকক পাবলৈ তেওঁ দুৰ্ব্বল হ'ল। সকলো মানুহক পাবলৈ সকলো লোকৰ নিচিনা হ’ল, যাতে তেওঁ যি কোনো প্ৰকাৰে কোনো কোনো লোকক উদ্ধাৰ কৰাব পাৰে (৯:২০-২২)।

4
1co/09/21.md Normal file
View File

@ -0,0 +1,4 @@
# পৌলে এই সকলোবোৰ শুভবাৰ্ত্তা প্ৰচাৰৰ কাৰণে কিয় কৰিছিল?
তেওঁ এই সকলোবোৰ কৰিছিল যাতে তেওঁ শুভবাৰ্ত্তাৰ আশীৰ্ব্বাদৰ অংশীদাৰ হ'ব পাৰে (৯:২৩)।

12
1co/09/24.md Normal file
View File

@ -0,0 +1,12 @@
# পৌলে কেনেদৰে দৌৰিবলৈ কৈছে?
যাতে পুৰস্কাৰ পাব পাৰি তাৰ বাবে পৌলে দৌৰিবলৈ কৈছে (৯:২৪)।
# কেনেধৰণৰ পুৰস্কাৰ পাবলৈ পৌলে দৌৰি আছিল?
পৌলে দৌৰিছিল যাতে তেওঁ অবিনাশী পুৰস্কাৰৰ কিৰীটি পাবলৈ দৌৰি আছিল (৯:২৫)।
# পৌলে নিজৰ শৰীৰটোক কিয় দমন কৰিছিল আৰু বশ কৰি ৰাখিছিল?
পৌলে এইটো কৰিছিল যাতে আনক প্ৰচাৰ কৰি থাকোঁতে তেওঁ নিজে অযোগ্য হৈ নপৰে (৯:২৭)।

8
1co/10/01.md Normal file
View File

@ -0,0 +1,8 @@
# মোচিৰ সময়ত হোৱাৰ দৰে তেওঁলোকৰ পিতৃসকলে কি একেধৰণৰ অভিজ্ঞতা পাইছিল?
সকলোৱেই মেঘৰ তলত আছিল আৰু সাগৰেদি পাৰ হৈছিল। সকলোৱেই মেঘত আৰু সাগৰত মোচিলৈ বাপ্তাইজিত হৈছিল আৰু সকলোৱেই একে আত্মিক আহাৰ ভোজন কৰিছিল আৰু একে আত্মিক জল পান কৰিছিল (১০:১-)।
# তেওঁলোকক অনুসৰণ কৰা সেই আত্মিক শিলটো কোন আছিল?
তেওঁলোকক অনুসৰণ কৰা সেই শিলটো আছিল, খ্ৰীষ্ট (১০:)।

8
1co/10/07.md Normal file
View File

@ -0,0 +1,8 @@
# মোচিৰ সময়ত তেওঁলোকৰ পিতৃসকলৰ ওপৰত ঈশ্বৰ কিয় সন্তুষ্ট নহ'ল?
তেওঁলোকৰ পিতৃসকলে দুষ্টতাৰ প্ৰতি বেছি মনোযোগ দিছিল, তেওঁলোকে যৌন ব্যভিচাৰ কৰিছিল, তেওঁলোকে খ্ৰীষ্টক পৰীক্ষাত পেলাইছিল আৰু তেওঁলোকে বলকনি কৰিছিল (১০:৬-১০)।
# তেওঁলোকৰ পিতৃসকলৰ এনে ব্যৱহাৰৰ বাবে ঈশ্বৰে শাস্তি দিবলৈ কি কৰিছিল?
বিভিন্ন ধৰণে তেওঁলোক মৰা পৰিছিল; কাৰোবাক সাপে খুটিছিল, কাৰোবাক মৃত্যুদূতে মাৰিছিল। তেওঁলোকৰ মৰা শৱবোৰ অৰণ্যতে পতিত হৈছিল (১০:৫ আৰু ৮-১০)।

12
1co/10/11.md Normal file
View File

@ -0,0 +1,12 @@
# এই ঘটনাবোৰ কিয় ঘটিছিল আৰু সেইবোৰ কিয় লিপিবদ্ধ কৰা হৈছিল?
সেইবোৰ আমাৰ উদাহৰণৰ বাবে ঘটিছিল আৰু আমাৰ নিৰ্দেশনাৰ বাবে সেইবাৰ লিপিবদ্ধ কৰা হৈছিল (১০:১১)।
# আমাত এনে কোনো বিশেষ পৰীক্ষা ঘটিছে নেকি?
সকলো মানুহলৈ যি যি পৰীক্ষা ঘটে, তাতকৈ বেলেগ পৰীক্ষা ঘটা নাই (১০:১৩)।
# এই পৰীক্ষাবোৰ সহন কৰিবলৈ ঈশ্বৰে আমাক কোনে সামৰ্থ যোগায়?
আমি যাতে পৰীক্ষা সহন কৰিব পাৰোঁ, তাৰ বাবে তেওঁ সাৰিবৰ উপায়ো কৰিব (১০:১৩)।

8
1co/10/14.md Normal file
View File

@ -0,0 +1,8 @@
# কৰিন্থীয়া বিশ্বাসীসকলক পৌলে ক'ৰ পৰা পলাবলৈ সাৱধান কৰি দিছে?
তেওঁ তেওঁলোকক দেৱপূজাৰ পৰা পলাবলৈ সাৱধান কৰি দিছে (১০:১৪)।
# বিশ্বাসীসকলে আশীৰ্ব্বাদ কৰা সেই আশীৰ্ব্বাদৰ পিয়লা কি আৰু তেওঁলোকে ভঙা সেই পিঠাটো কি?
পিয়লাটো হৈছে খ্ৰীষ্টৰ তেজৰ অংশীদাৰ হোৱা। সেই পিঠা হৈছে খ্ৰীষ্টৰ শৰীৰৰ অংশীদাৰ হোৱা (১০:১৬)।

12
1co/10/20.md Normal file
View File

@ -0,0 +1,12 @@
# পৰজাতিৰ লোকসকলে তেওঁলোকৰ বলিদানবোৰ কাৰ প্ৰতি উৎসৰ্গ কৰে?
তেওঁলোকে এই বস্তুবোৰ ঈশ্বৰৰ প্ৰতি নহয় কিন্তু ভুত-পিশাচৰ প্ৰতিহে উৎসৰ্গ কৰে( ১০:২০)।
# যিহেতু পৌলে কৰিন্থীয়া বিশ্বাসীসকলক ভুত-পিশাচৰ লগত অংশীদাৰ হোৱাটো বিচৰা নাই, তেওঁ তেওঁলোকক কি কৰিব নোৱাৰে বুলি কৈছে?
পৌলে তেওঁলোকক কৈছে যে, তেওঁলোকে প্ৰভুৰ মেজৰ পিয়লা আৰু ভুত-পিশাচৰ পিয়লা দুয়োটা একেলগে পান কৰিব নোৱাৰে, তেওঁলোকে প্ৰভুৰ মেজৰ সহভাগিতা আৰু ভুত-পিশাচৰ মেজৰ সহভাগিতা দুয়োটা কৰিব নোৱাৰে(১০:২০-২১)।
# প্ৰভুৰ বিশ্বাসী হিচাপে আমি ভুত-পিশাচৰো অংশীদাৰ হ'লে আমি কিহৰ দায়িত্বশীল হৈ পৰোঁ?
আমি প্ৰভুক ঈৰ্ষালৈ উচতোৱাৰ বাবে দায়ি হৈ পৰোঁ ( ১০:২২)।

4
1co/10/23.md Normal file
View File

@ -0,0 +1,4 @@
# আমি নিজৰ হিত বিচাৰিম নে?
নহয়, তাৰ পৰিৱৰ্তে প্ৰতি জনে চুবুৰীয়াৰ হিত বিচাৰিব লাগে (১০:২৪)।

6
1co/10/25.md Normal file
View File

@ -0,0 +1,6 @@
# যদি অবিশ্বাসী এজনে আপোনাক ভোজন কৰিবলৈ নিমন্ত্ৰণ কৰে আৰু আপুনি তাত যাবৰ বাবে মন কৰিছে, তেনেহলে আপুনি কি কৰা উচিত?
বিবেক-বিবেচনাৰ কাৰণে একো
# নুসুধি আপোনাৰ আগত যি পৰিবেশন কৰে তাকে ভোজন কৰক (১০:২৭)।

4
1co/10/28.md Normal file
View File

@ -0,0 +1,4 @@
# যদি আপোনাৰ অবিশ্বাসী গৃহস্থই কয় যে, আপুনি খাবলৈ লোৱা খাদ্য দেৱতাৰ প্ৰতি উৎসৰ্গিত হোৱা; তেতিয়া আপুনি কিয় খাব নালাগে?
যি ব্যক্তিজনে আপোনাক জনাই দিলে সেইজনৰ কাৰণে আপুনি খাব নালাগে আৰু অন্য ব্যক্তিৰ বিবেকৰ দোষা-দোষ জ্ঞানৰ কাৰণে খাব নালাগে (১০:২৮-২৯)।

8
1co/10/31.md Normal file
View File

@ -0,0 +1,8 @@
# ঈশ্বৰৰ মহিমাৰ বাবে আমি কি কৰা উচিত?
আমি খোৱা-বোৱা আৰু ভোজন পান আদিকে ধৰি সকলোবোৰ বিষয় ঈশ্বৰৰ মহিমাৰ কাৰণে কৰা উচিত (১০:৩১)।
# যিহুদী বা গ্ৰীক বা ঈশ্বৰৰ মণ্ডলীৰ বাবে আমি কিয় বিঘ্নজনক হ'ব নালাগে?
তেওঁলোকে যাতে উদ্ধাৰ পায় তাৰ বাবে আমি তেওঁলোকৰ প্ৰতি বিঘ্নজনক হোৱা উচিত নহয় (১০:৩৩)।

28
1co/11/01.md Normal file
View File

@ -0,0 +1,28 @@
# কৰিন্থীয়া বিশ্বাসীসকলক পৌলে কাৰ অনুকাৰী হ'বলৈ কৈছিল?
পৌলে তেওঁলোকক পৌলক অনুকৰণ কৰিবলৈ কৈছিল (১১:১)।
# পৌল কাৰ অনুকাৰী আছিল?
পৌল খ্ৰীষ্টৰ অনুকাৰী আছিল (১১:১)।
# কৰিন্থীয়া বিশ্বাসীসকলক পৌলে কিয় প্ৰশংসা কৰিছিল?
পৌলে তেওঁলোকক তেওঁক মনত ৰখাৰ কাৰণে প্ৰশংসা কৰিছিল আৰু তেওঁ যি পৰম্পৰা তেওঁলোকক শিকাই থৈ আহিছিল সেইটো ধৰি ৰখাৰ বাবে কৰিন্থীয়াসকলক প্ৰশংসা কৰিছিল (১১:২)।
# খ্ৰীষ্টৰ মূৰস্বৰূপ কোন?
ঈশ্বৰ হৈছে খ্ৰীষ্টৰ মূৰস্বৰূপ (১১:৩)।
# পুৰুষৰ মূৰস্বৰূপ কোন?
খ্ৰীষ্ট হৈছে প্ৰত্যেক পুৰুষৰ মূৰস্বৰূপ (১১:৩)।
# তিৰোতাৰ মূৰস্বৰূপ কোন?
এগৰাকী তিৰোতাৰ মূৰস্বৰূপ হৈছে এজন পুৰুষ (১১:৩)।
# যেতিয়া এজন পুৰুষে মূৰ ঢাকি প্ৰাৰ্থনা কৰে তেওঁৰ কি হয়?
যদি তেওঁ তেওঁৰ মূৰ ঢাকি প্ৰাৰ্থনা কৰে তেওঁ নিজৰ মূৰৰ অমৰ্য্যদা কৰে(১১:)।

4
1co/11/05.md Normal file
View File

@ -0,0 +1,4 @@
# কোনো এগৰাকী মহিলাই যেতিয়া ওৰণি নোলোৱাকৈ প্ৰাৰ্থনা কৰে, তেতিয়া কি হয়?
যি মহিলাই ওৰণি নোলোৱাকৈ প্ৰাৰ্থনা কৰে, তেওঁ নিজৰ মূৰৰ অমৰ্য্যদা কৰে (১১:৫)।

4
1co/11/07.md Normal file
View File

@ -0,0 +1,4 @@
# এজন পুৰুষে কিয় ওৰণি লোৱা উচিত নহয়?
তেওঁ নিজৰ মূৰত ওৰণি লোৱা উচিত নহয়, কাৰণ তেওঁ ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু ঈশ্বৰৰ গৌৰৱ (১১:)।

4
1co/11/09.md Normal file
View File

@ -0,0 +1,4 @@
# তিৰোতাক কাৰ বাবে স্ৰজন কৰা হ'ল?
তিৰোতাক পুৰুষৰ বাবে স্ৰজন কৰা হ'ল (১১:৯)।

4
1co/11/11.md Normal file
View File

@ -0,0 +1,4 @@
# তিৰোতা আৰু পুৰুষ দুয়ো পৰস্পৰৰ প্ৰতি নিৰ্ভৰশীল কিয়?
তিৰোতা পুৰুষৰ পৰা হ'ল, আৰু পুৰুষ তিৰোতাৰ পৰা হ'ল (১১: ১১-১২)।

4
1co/11/13.md Normal file
View File

@ -0,0 +1,4 @@
# মহিলাৰ প্ৰাৰ্থনা কৰা বিষয়ত, পৌলৰ, তেওঁৰ সহযোগী সকলৰ, আৰু ঈশ্বৰৰ মণ্ডলীৰ অভ্যাস-ৰীতিটো কি আছিল?
তেওঁলোকৰ অভ্যাস-ৰীতিটো আছিল মহিলাসকলে তেওঁলোকৰ মূৰত ওৰণি লৈ প্ৰাৰ্থনা কৰা উচিত (১১:১০,১৩,১৬)।

4
1co/11/17.md Normal file
View File

@ -0,0 +1,4 @@
# কৰিন্থীয়া খ্ৰীষ্টিয়ানসকলৰ মাজত সৰু সৰু দলীয় গোট কিয় হ'বলৈ দিছিল?
তেওঁলোকৰ মাজত সৰু দলীয় গোট হ'বলৈ দিছিল, যাতে যিসকলক অনুমোদন দিয়া হৈছিল সেইসকলক তেওঁলোকৰ মাজত চিনাক্ত কৰা হয় (১১:১৯)।

4
1co/11/20.md Normal file
View File

@ -0,0 +1,4 @@
# যেতিয়া কৰিন্থীয়া মণ্ডলীয়ে একেলগে ভোজন কৰিবলৈ গোট খায়, তেতিয়া কি ঘটিছিল?
যেতিয়া তেওঁলোক প্ৰত্যেকে আনৰ আগত নিজৰ নিজৰ আহাৰ খাইছিল, এজন ভোকাতুৰ আছিল আনজন দ্ৰাক্ষাৰসেৰে মতলীয়া হৈছিল (১১:২১)।

4
1co/11/23.md Normal file
View File

@ -0,0 +1,4 @@
# যি ৰাতি তেওঁক প্ৰবঞ্চনা কৰা হৈছিল, প্ৰভুৱে পিঠা ভঙাৰ পাছত তেওঁ কি কৈছিল?
তেওঁ কৈছিল,"এইয়ে মোৰ শৰীৰ, যিটো তোমালোকৰ বাবে দিয়া হৈছে; মোক সোঁৱৰিবৰ অৰ্থে ইয়াকে কৰিবা।" (১১:২৩, ২৪)।

8
1co/11/25.md Normal file
View File

@ -0,0 +1,8 @@
# ভোজনৰ পাছত প্ৰভুৱে পিয়লাটো লৈ কি কৈছিল?
তেওঁ কৈছিল, "এই পিয়লা হৈছে মোৰ তেজত হোৱা নতুন নিয়ম, তোমালোকে যিমানবাৰ ইয়াক পান কৰা, মোক সোঁৱৰিবৰ অৰ্থে ইয়াকে কৰিবা।" (১১:২৫)
# প্ৰতিবাৰ তোমলোকে যেতিয়া এই পিঠা খোৱা আৰু এই পিয়লাত পান কৰা, তেতিয়া তোমালোকে কি কৰা?
প্ৰভু নহালৈকে তোমালোকে তেওঁৰ মৃত্যু প্ৰচাৰ কৰিছা (১১:২৬)।

Some files were not shown because too many files have changed in this diff Show More