as_tq/1co/11/01.md

1.8 KiB
Raw Blame History

কৰিন্থীয়া বিশ্বাসীসকলক পৌলে কাৰ অনুকাৰী হ'বলৈ কৈছিল?

পৌলে তেওঁলোকক পৌলক অনুকৰণ কৰিবলৈ কৈছিল (১১:১)।

পৌল কাৰ অনুকাৰী আছিল?

পৌল খ্ৰীষ্টৰ অনুকাৰী আছিল (১১:১)।

কৰিন্থীয়া বিশ্বাসীসকলক পৌলে কিয় প্ৰশংসা কৰিছিল?

পৌলে তেওঁলোকক তেওঁক মনত ৰখাৰ কাৰণে প্ৰশংসা কৰিছিল আৰু তেওঁ যি পৰম্পৰা তেওঁলোকক শিকাই থৈ আহিছিল সেইটো ধৰি ৰখাৰ বাবে কৰিন্থীয়াসকলক প্ৰশংসা কৰিছিল (১১:২)।

খ্ৰীষ্টৰ মূৰস্বৰূপ কোন?

ঈশ্বৰ হৈছে খ্ৰীষ্টৰ মূৰস্বৰূপ (১১:৩)।

পুৰুষৰ মূৰস্বৰূপ কোন?

খ্ৰীষ্ট হৈছে প্ৰত্যেক পুৰুষৰ মূৰস্বৰূপ (১১:৩)।

তিৰোতাৰ মূৰস্বৰূপ কোন?

এগৰাকী তিৰোতাৰ মূৰস্বৰূপ হৈছে এজন পুৰুষ (১১:৩)।

যেতিয়া এজন পুৰুষে মূৰ ঢাকি প্ৰাৰ্থনা কৰে তেওঁৰ কি হয়?

যদি তেওঁ তেওঁৰ মূৰ ঢাকি প্ৰাৰ্থনা কৰে তেওঁ নিজৰ মূৰৰ অমৰ্য্যদা কৰে(১১:)।