as_tn/1co/09/07.md

1.9 KiB

নিজৰ খৰচেৰে চিপাহী কাম কোনোবাই কৰে নে? ব্যাখ্যাঃ“এজন চিপাহীয়ে নিজৰ খৰচেৰে চিপাহী কাম নকৰে।” (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

দ্ৰাক্ষাবাৰী পাতি তাৰ ফল নোখোৱা কোন আছে? ব্যাখ্যাঃ“যি জনে দ্ৰাক্ষাবাৰী পাতে তেওঁ তাৰ ফল ভোগ কৰে।” বা “দ্ৰাক্ষাবাৰী পাতি তাৰ পৰা ফল ভাগ নকৰিম বুলি কোনেও আশা নকৰে”(আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

পশুৰ জাক প্ৰতিপাল কৰি তাৰ গাখীৰ নোখোৱা কোন আছে? ব্যাখ্যাঃ“যি জনে পশুৰ জাক প্ৰতিপাল কৰে তাৰ পৰাই তেওঁ গাখীৰ খাবলৈ পায়” বা “পশুৰ জাক প্ৰতিপাল কৰি তাৰ পৰা গাখীৰ নাখাম বুলি কোনেও আশা নকৰে”(আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

মই এইবোৰ কথা মানুহৰ ৰীতিৰ দৰে কৈছোঁ নে? ব্যাখ্যাঃ “মই এইবোৰ কথা মানুহৰ ৰীতিৰ দৰে অভ্যাসৰ ভিত্তিত কোৱা নাই”(আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

বিধানেও জানো এইবোৰ নকয়? ব্যাখ্যাঃ “বিধানত এইটোৱেই লিখা আছে”(আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)