as_tn/1co/06/01.md

2.7 KiB

বাদ

বিবাদ ব্যাখ্যাঃ" সহমত নোহোৱা" বা "যুক্তি।"

অসামৰিক আদালত

য'ত স্থানীয়, চৰকাৰী বিচাৰকসকলে মোকৰ্দম্মাবোৰ বিবেচনা কৰে আৰু কোন শুদ্ধ সেইটো নিৰ্ণয় কৰে।

সন্তসকলৰ আগত বিচাৰ কৰাৰ বিপৰীতে তেওঁ অসামৰিক আদালতৰ এজন অবিশ্বাসী বিচাৰকৰ ওচৰলৈ যোৱাটো সাহস কৰে নে?

পৌলে কৈছে যে কৰিন্থীয়াসকলে নিজৰ মাজতে তেওঁলোকৰ মতানৈক্যৰ সমস্যা সমাধান কৰিব লাগে। ব্যাখ্যাঃ "কোনো ভাইৰ বিৰুদ্ধে তোমাৰ দোষ থাকিলে এজন অবিশ্বাসী বিচাৰকৰ ওচৰত নিস্পত্তি কৰিব নালাগে। বিশ্বাসীভাইবিলাকৰ মতানৈক্য নিজৰ মাজতে নিস্পত্তি কৰিব লাগে।" (আচল অৰ্থবুজোৱা প্ৰশ্ন চাওক)

সন্তসকলে যে জগতৰেই সোধ

বিচাৰ কৰিব তাক তোমালোকে নাজানা নেকি? পৌলে জগতখনৰ ভবিষ্যতৰ সোধবিচাৰৰ বিষয়ে ইয়াত বুজাইছে। (আচল অৰ্থবুজোৱা প্ৰশ্ন চাওক)

যদি তোমালোকে জগতখনৰেই সোধ

বিচাৰ কৰিবাগৈ, এই গুৰুত্বহীন বিষয়বোৰ সমাধান কৰিব নোৱাৰানে? পৌলে কৈছে যে ভবিষ্যতে তেওঁলোকক জগতখনৰ সোধবিচাৰ কৰিবলৈ দায়িত্ব দিয়া হ'ব, সেয়ে তেওঁলোক এই সৰু সৰু বিষয়বোৰ এতিয়া তেওঁলোকৰ নিজৰ মাজতে নিস্পত্তি কৰিব লাগে। ব্যাখ্যাঃ "তোমালোকে ভবিষ্যতে এই জগতখনৰ সোধ বিচাৰ কৰিবাগৈ, সেয়ে তোমালোকে এই বিষয়বোৰৰ নিস্পত্তি এতিয়া কৰিব পাৰা।(আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)