as_tn/1co/04/06.md

2.1 KiB

তোমালোকৰ বাবে

"তোমালোকৰ কল্যাণৰ বাবে"

যি লিখা আছে তাৰ অতিক্ৰম কৰিব নালাগে

"শাস্ত্ৰত যি লিখা আছে তাৰ বিপৰীতে অভিনয় কৰিব নালাগে" (TFT)

তোমাৰ আৰু আনসকলৰ মাজত থকা পাৰ্থক্য কোনে দেখে?

পৌলে কৰিন্থীয়া বিশ্বাসীসকলক গালি দিছে যিয়ে পৌলে বা আপল্লোৰ দ্বাৰা শুভবাৰ্ত্তা বিশ্বাস কৰি আনতকৈ উত্তম বুলি নিজকে ভাবে। ব্যাখ্যা:" তোমালোক আনতকৈ উত্তম নোহোৱা।" (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

তোমালোকে বিনামুলীয়াকৈ নোপোৱা তোমালোকৰ কি আছে?

পৌলে এইটো গুৰুত্ব দিছে যে তেওঁলোকৰ যি আছে সেই সকলো তেওঁলোকে ঈশ্বৰৰ পৰা মুক্তভাবে পাইছে। ব্যাখ্যা: "তোমালোকৰ যি আছে ঈশ্বৰে সেই সকলোবোৰ তোমালোকক দিছে!" (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

যদি সেইদৰেই হৈছে তোমালোকে কিয় গৰ্ব্ব কৰিছা?

তেওঁলোকে যি পাইছে তাৰ ওপৰত গৰ্ব্ব কৰাৰ কাৰণে পৌলে তেওঁলোকক গালি দিছে। ব্যাখ্যা: "তোমালোকৰ গৰ্ব্ব কৰাৰ অধিকাৰ নাই" বা "মুঠতে একেবাৰে গৰ্ব্ব নকৰিবা।" (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)