as_tn/1co/03/10.md

2.3 KiB

মোক দিয়া ঈশ্বৰৰ অনুগ্ৰহ অনুসাৰে

"ঈশ্বৰে মুক্তভাবে মোক কৰিবলৈ দিয়া কাম।" (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

মই ভিত্তিমুল স্থাপন কৰিলোঁ

পৌলে যীচু খ্ৰীষ্টত তেওঁৰ বিশ্বাস আৰু পৰিত্ৰাণৰ শিক্ষা এক অট্টালিকা নিৰ্ম্মাণ লগত সমান কৰিছে। ( সাংকেতিকভাবে বুজোৱা শব্দ চাওক)

আন এজনে তাৰ ওপৰত সাজে

মণ্ডলীত আন এজন কৰ্ম্মচাৰীয়ে এই বিশ্বাসীবিলাকক আত্মিকভাবে সহায় কৰি একেৰাহে "নিৰ্ম্মাণ" কৰি থাকে। (সাংকেতিকভাবে বুজোৱা শব্দ চাওক)

প্ৰতিজনে মানুহেই

এইটোৱে সাধাৰণভাবে ঈশ্বৰৰ কৰ্ম্মচাৰীবোৰক বুজাইছে। ব্যাখ্যা: " প্ৰত্যেকজন যিয়ে ঈশ্বৰৰ পৰিচৰ্য্যা কৰে।"

যি স্থাপন কৰা হ'ল তাৰ বাহিৰে আন ভিত্তিমুল কোনেও স্থাপন কৰা নাই

এটা ভিত্তিমুলৰ ওপৰত এটা অট্টালিকা নিৰ্ম্মাণ কৰাৰ পাছত, সেই ভিত্তিমুল সলনি কৰিব নোৱাৰে।এই ক্ষেত্ৰত পৌলৰ দ্বাৰা নিৰ্ম্মাণ কৰা কৰিন্থীয়া মণ্ডলীৰ আত্মিক ভিত্তিমুল হৈছে যীচু খ্ৰীষ্ট। ব্যাখ্যা: "মই পৌলে স্থাপন কৰা ভিত্তিমুলৰ বাহিৰে আন ভিত্তিমুল নহয়।" (সক্ৰিয়তা আৰু নিস্ক্ৰিয়তা চাওক)