as_tn/1co/03/01.md

1.8 KiB

আত্মিক মানুহ

যিসকলে আত্মাৰ পৰাক্ৰমত বসবাস কৰে।

মাংসিক মানুহ

যিসকলে তেওঁলোকৰ নিজ নিজ অভিলাষৰ পথত চলে।

খ্ৰীষ্টত থকা শিশুবিলাকৰ দৰে

কৰিন্থীয়া সকলক বয়সত আৰু বোধগম্যতাত শিশুবিলাকৰ লগত তুলনা কৰা হৈছে। ব্যাখ্যা: "খ্ৰীষ্টত তেওঁলোকৰ বিশ্বাস একেবাৰে কম বয়সীয়া।" (সাংকেতিকভাবে বুজোৱা শব্দ চাওক)

মই তোমালোকক টান আহাৰ নোখোৱাই গাখীৰ খুৱাইছিলোঁ

কৰিন্থীয়া সকলে কেঁচুৱাবিলাকৰ দৰে সহজ সত্যহে ল'ব পাৰিছিল যে গাখীৰহে খাব পাৰে। তেওঁলোক বয়সীয়া শিশুবিলাকৰ দৰে টান আহাৰ খাব পৰাকৈ মহান সত্যবাৰ বুজিবলৈ যথেষ্ট পৰিপক্ক নহয়। (সাংকেতিক ভাবে বুজোৱা শব্দ চাওক)

তোমালোক এতিয়াও সাজু হোৱা নাই

" খ্ৰীষ্টক অনুগমণ কৰাৰ বিষয়ে টান শিক্ষাবিলাক বুজিবলৈ তোমালোক প্ৰস্তুত হোৱা নাই।" (পোনপতীয়া আৰু আওপকীয়া প্ৰকাশ চাওক)