as_tn/1ti/06/09.md

2.3 KiB

তললৈ পৰে

এইটো এটা উপমা জীৱনৰ বা মানসিক প্ৰক্ৰিয়াৰ নিয়ন্ত্ৰণ হেৰোৱাই পেলোৱা৷ (চাওক: উপমা)

প্ৰলোভনত পৰে

“সিহঁতে প্ৰতিৰোধ কৰিব পৰাতকৈও অধিক প্ৰলোভনৰ সন্মূখীন হোৱা”

পৰে…ফান্দত

“ফান্দত ধৰা হয়৷” এইটো এটা উপমা নিজৰ উপকাৰৰ নিমিত্তে কার্য কৰিবলৈ অসমর্থ আৰু যিবিলাকে অনিষ্ট কৰিবলৈ বিচাৰে তেওঁলোকৰ বিৰুদ্ধে অসহায় হোৱা অর্থত ইয়াক ব্যৱহাৰ কৰা হয়৷ (চাওক: উপমা)

পৰে…অনেক নির্ব্বোইধ আৰু অনিষ্টকাৰী আসক্তিত

“নির্বোধ আৰু অনিষ্টকাৰী কর্ম কৰিবলৈ থকা ইচ্ছাৰ দ্বাৰা নিয়ন্ত্ৰিত”

লোকবিলাকক ডুবাই দিয়া

“লোকবিলাকক তললৈ টানি নিয়া”

ধন লোভেই সকলো মন্দৰ মূল

কিয়নো ধনত আসক্ত হোৱাটোৱেই সকলো মন্দৰ কাৰণ

সিহঁতে নিজকে শালিলে…যাতনাৰে

এই উপমাটোৱে যাতনাক এখন জোঙা কটাৰীৰ লগত তুলনা কৰিছে৷ বা এখন ডেগাৰ বা যাঠিৰে যেনেকৈ নিজৰ শৰীৰটোত আঘাট কৰিবলৈ ব্যৱহাৰ কৰে৷

যিজনে এইটো ইচ্ছা কৰে

“যিজনে ধনত আসক্ত হয়”

(তেওঁলোক) বিশ্বাসটোৰ পৰা আতঁৰি গল

“সত্যৰ পথটো এৰিলে” বা “সত্যটোক বিশ্বাস কৰিবলৈ বন্ধ কৰিলে”