as_tn/1ti/05/23.md

3.8 KiB

(এইটো স্পষ্ট নহয় কেনেকৈ ২৩ পদটো, ২২ আৰু ২৪

২৫ পদৰ লগত খাপ খায়৷ এইটোও হব পাৰে পৌলে পাহৰি যোৱাৰ আগতে এইটো কব বিচাৰিছিল যিটো ইয়াৰ লগত সম্বন্ধ নাই৷ যদি কিবা সম্বন্ধ আছে, এইটো হয়টো কথা কোৱাৰ ধৰণ হব পাৰে যে “শুচি” ৰ দ্বাৰা, আগৰ পদত, পৌলে আচৰণৰ বিষয়ে কৈছে, খাদ্যৰ বিষয়ে কোৱা নাই৷

তুমি এতিয়াৰ পৰা আৰু পানী নাখাবা

বা “তুমি পানী পিওঁতা হবলৈ বন্ধ কৰা,” যিজনে কেৱল পানীহে খায় (UDB)৷ পৌলে পানী খাবলৈ নিষেধ কৰা নাই৷ তেওঁ পৰামর্শ দিছে যে তীমথিয়ে সুৰা, দৰৱৰ দৰে ব্যৱহাৰ কৰা উচিত৷

(২৪ পদত পৌলে পুনৰ আৰম্ভ কৰি কৈছে, যিটো তেওঁ ২২ পদত কৈছিল৷ বিবেচনা নকৰাকৈ যাৰ ওপৰত হাত দিয়া হয়, তেওঁলোকে কৰা পাপৰ দ্বাৰাই কিছুমান মানুহে পাপ কৰাৰ সম্ভাৱনা থাকে৷(২২ পদ)

সিবিলাক তেওঁলোকৰ আগে আগে ঈশ্বৰৰ বিচাৰলৈ যায়

“সেই লোক বিলাকৰ আগে আগে, তেওঁলোকৰ পাপবোৰ ঈশ্বৰৰ বিচাৰলৈ যায়” সম্ভাব্য অর্থসমূহ : (১) আনকি সেই ব্যক্তিজন নেতা হোৱা উচিত নে অনুচিত মণ্ডলীয়ে তাক বিচাৰ কৰাৰ আগতেই তেওঁলোকৰ পাপবোৰেই ব্যক্তিজন কেনেকুৱা তাক দেখুৱাই দিয়ে বা (২) সেই ব্যক্তিজন দোষী হয় নে নহয় মণ্ডলীয়ে তাক বিচাৰ কৰাৰ আগতেই তেওঁলোকৰ পাপবোৰেই ব্যক্তিজন কেনেকুৱা তাক দেখুৱাই দিয়ে, বা (৩) সিহঁতৰ পাপবোৰ স্পষ্ট আৰু ঈশ্বৰে সিহঁতক এতিয়া বিচাৰ কৰিব৷

কিছুমান পাছত অনুসৰণ কৰে

“কিন্ত কিছুমান পাপে পাছত সেই মানুহবিলাকক অনুসৰণ কৰে৷ সম্ভাব্য অর্থসমূহ : (১) তীমথিয়ে কিছুমান পাপৰ বিষয়ে, সেই সময় নহা লৈকে জানিব নোৱাৰিব, বা (২) মণ্ডলীয়ে কিছুমান পাপৰ বিষয়ে সেই সময় নহা লৈকে নাজানিব, বা (৩) ঈশ্বৰে কিছুমান পাপ অন্তিম বিচাৰৰ দিন নাহে মানে বিচাৰ নকৰিব৷

আনকি আন বিলাকো লুকুৱাই ৰাখিব নোৱাৰিব

“আন আন সৎ কর্ম সমূহো ভৱিষ্যতত জানিব পৰা হব৷”