as_tn/1ti/05/21.md

3.2 KiB

তুমি

পৌলে এজন ব্যক্তিক সম্বোধন কৰিছে, তেওঁ তীমথিয়, সেইকাৰণে “তুমি” শব্দৰ সকলো ৰূপ আৰু আজ্ঞাবিলাক একবচন হোৱা উচিত৷(চাওক: “তুমি” শব্দৰ ৰূপ”)

পক্ষপাতিত্ব

“আগতীয়াকৈ ৰায় দিয়া” বা “তেওঁলোক প্ৰত্যেতকেই কাহিনীটোৰ নিজৰ নিজৰ কব লগীয়া খিনি মন দি শুনাৰ আগতেই সিদ্ধান্ত লোৱা” তীমথিয়ে প্ৰকৃত ঘটনাটো শুনিব লাগিব আৰু তাৰ পাছতহে বিচাৰৰ ৰায় দিব৷

স্বজনতোষণ

“তুমি ভালপোৱা মানুহবিলাকৰ সপক্ষেি মন ঢাল খোৱা” বা “তোমাৰ বন্ধু বিলাক কোন হয় তাৰ ওপৰত ভিত্তি কৰা” তীমথিয়ই প্ৰকৃত ঘটনাটোৰ ওপৰত ভিত্তি কৰি বিচাৰ কৰিব লাগিব, মানুহৰ মুখলৈ চাই নহয় বা কোন মানুহ ইয়াত জড়িত আছে তালৈ চাই নহয়৷

হাত দিয়া/থোৱা

এইটো এটা উৎসৱ আছিল যত এজন বা তাতোকৈ অধিক মণ্ডলীৰ নেতাই আক্ষৰিক ভাৱে তেওঁলোকৰ হাত বিলাক মানুহৰ ওপৰত থৈছিল আৰু প্ৰার্থনা কৰিছিল যেন সেই মানুহবিলাকে মণ্ডলীক, ঈশ্বৰে সন্তষ্ট পোৱাৰ দৰেই পৰিচর্যা কৰিবলৈ ঈশ্বৰে সমর্থবান কৰিব৷ ব্যক্তি জনে সৎ চৰিত্ৰ প্ৰদর্শন নকৰে মানে বিভাগীয় ভাবে সেই ব্যক্তিজনক এই উৎসৱত পৰিচর্যাৰ বাবে পৃথক কৰাৰ আগতে তীমথিয়ই দীঘলীয়া সময় বাট চাব লগীয়া হৈছিল৷

অন্য লোকৰ পাপৰ অংশীদাৰ নহবা

“আন এজন ব্যক্তিৰ পাপত সংযুক্ত নহবা” সম্ভাব্য অর্থসমূহ : (১) তীমথিয়ই যদি পাপ কৰি অপৰাধী হোৱা কোনোজনক মণ্ডলীৰ কর্মচাৰী হিচাবে নির্বাচন কৰে, ঈশ্বৰে তীমথিয়ক সেই ব্যক্তিজনৰ পাপৰ বাবে দায়বদ্ধ কৰিব, বা (২) তীমথিয়ই, অন্য লোকে কৰাৰ দৰে, পাপ কৰা উচিত নহয়৷