as_tn/1ti/05/09.md

2.7 KiB

বিধবা বুলি তালিকাভুক্ত কৰা হওক

এনে বোধ হয়, বিধবাবিলাকৰ এখন তালিকা আছিল, লিখিত বা অলিখিত৷ মণ্ডলীয়ে এই তিৰোতা বিলাকৰ থকা মেলা, পিন্ধা উৰা আৰু খোৱা বোৱা আদি প্ৰয়োজনীয় খিনি যোগান ধৰিছিল আৰু এই তিৰোতাবিলাকে তেওঁলোকৰ জীৱন মণ্ডলীৰ পৰিচর্যাত উচ্ছর্গা কৰাতো আশা কৰা হৈছিল৷

যিসকল ৬০ বছৰতকৈ কম বয়সৰ নহয়

যিসকল বিধবাৰ বয়স ৬০ বছৰতকৈ কম, তেওঁলোকে পুনৰ বিবাহ হব পাৰে, কিন্ত মণ্ডলীয়ে ৬০ বছৰতকৈ অধিক বয়সৰ বিধবা সকলকহে প্ৰতিপালন কৰা উচিত৷

এক স্বামীৰ ভার্যা

“যিগৰাকী তিৰোতা স্বামীৰ প্ৰতি বিশ্বাসী আছিল”

তেওঁ নিশ্চিত ভাৱে উত্তম কর্ম কৰোঁতা বুলি জনাজাত হব লাগিব

এইটোৰ পাছত দিয়া খণ্ড বাক্য বিলাক উত্তম কর্মৰ আর্হি হিচাবে দিয়া হৈছে, যিবিলাক কর্ম তিৰোতা গৰাকীয়ে কৰিছে বুলি জানিব লাগিব:

ভৰি ধুৱাইছিল

“সহায় কৰিবলৈ সাধাৰণ কর্ম কৰা৷” বোকা পানীৰ ওপৰেদি খোজ কাঢ়ি অহা মানুহবিলাকৰ মলিয়ণ ভৰি বিলাক ধুউৱা কার্যটো এটা উপমা বা সলোৱা কার্য আৰু এইদৰে মানুহৰ প্ৰয়োজনীয়খিনি পুৰাইছিল আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ জীৱন অধিক উপভোগ্য কৰি তোলা হৈছিল৷ (চাওক: সলোৱা কার্য, উপমা)

সন্ত সকল

“ঈশ্বৰৰ পবিত্ৰ লোকসকল”

সকলো সৎ কর্মৰ অনুশীলন কৰিছে

“সৎ কর্ম কৰোঁতা বুলি জনাজাত”