as_tn/1ti/05/07.md

3.1 KiB

আৰু এই কথাবিলাক প্ৰচাৰ কৰা

“লগতে এই কথা বিলাক আজ্ঞা কৰা” বা “এই কথাবিলাক ক্ষমতাসম্পন্নজনৰ দৰে শিকোৱা৷” তীমথিয়ে, পৌলৰ বাক্যবিলাক নিজে পালন কৰিব লাগিব, আৰু লগতে আনলোককো পৌলৰ বাক্য বিলাক মানি চলিবলৈ আজ্ঞা দিব লাগিব৷

যাতে তেওঁলোক নিন্দিত হব নালাগে

“যাতে কোনেও তেওঁলোকত একো দোষ ধৰিব ধৰিব নোৱাৰে” সম্ভাৱ্য অর্থসমূহ: (১) এই বিধবা বিলাক আৰু তেওঁলোকৰ পৰিয়ালবিলাক (UDB)বা (২)“মণ্ডলীটো”৷ এই বিষয়টো “তেওঁলোকে” বুলি কৈ এৰিলেই অতি উত্তম হব৷

নিজৰ সম্বন্ধীয় বিলাকক যোগান নধৰে

“পৰিয়ালৰ মানুহবিলাকৰ কাৰণে প্ৰয়োজনীয় বস্তু যোগান নধৰে” বা “তেওঁৰ সম্বন্ধীয় বিলাকৰ প্ৰয়োজনত সহায় নকৰে”

তেওঁৰ সম্বন্ধীয় বিলাকৰ কাৰণে

“তেওঁৰ পৰিয়ালৰ সকলো মানুহৰ বাবে” বা “তেওঁৰ ঘৰত নিবাস কৰা সকলোৰে বাবে”

তেওঁ নিজৰ পৰিয়ালৰ লোকবিলাকৰ বাবে

“তেওঁৰ পৰিয়ালৰ বাবে” বা “তেওঁৰ ঘৰত নিবাস কৰা লোকবিলাকৰ বাবে”

তেওঁ বিশ্বাসটো অস্বীকাৰ কৰিলে

“তেওঁ বিশ্বাস অশ্বীকাৰ কৰাজনৰ দৰে কর্ম কৰিলে” বা “আমি বিশ্বাস কৰা সত্যটোৰ বিপৰীতে তেওঁ কর্ম কৰিলে” বা “তেওঁ তেওঁৰ বিশ্বাসক পিঠি দিলে”

(তেওঁ)…বিশ্বাস নকৰা জনতকৈ অধম

“তেওঁ যীচুত বিশ্বাস নকৰা সকলতকৈও অধম” বা “যিবিলাকে যীচুত বিশ্বাস নকৰে তেওঁবিলাতকৈও ভাল…” যীচুত বিশ্বাস নকৰা সকলেও তেওঁলোকৰ পৰিয়াল বিলাকক প্ৰতিপালন কৰে; তেন্তে, তাতোকৈ কিমান অধিকৰূপে বিশ্বাসীসকলে যত্ন লোৱা উচিত৷