as_tn/1ti/04/14.md

3.0 KiB

জেষ্ঠ্য লোকসকলে হাত দিয়া

এইটো এটা উৎসৱ আছিল য’ত মণ্ডলীৰ নেতাবিলাকে আক্ষৰিকভাৱে তেওঁলোকৰ হাতবিলাক তীমথিয়ৰ ওপৰত ৰাখিছিল আৰু প্ৰার্থনা কৰিছিল যেন ঈশ্বৰে তেওঁলৈ আজ্ঞা কৰা কামটো কৰিবলৈ তেওঁক সমর্থবান কৰিব৷

তুমি নিজকে আৰু যিবিলাকে তোমাৰ কথা শুনে, সেই সকলোকে পৰিত্ৰাণ কৰাবা

“তুমি নিজকে আৰু তোমাৰ বাক্য শুনোতা বিলাকক, প্ৰৱঞ্চনামূলক বার্তা আৰু অপ কর্ম বিলাকৰ পৰা ৰক্ষা কৰিবা” যিসকল মানু্হে প্ৰৱঞ্চনামূলক বার্তাসমূহ শু্নে আৰু অপকর্ম বিলাক কৰে, ইয়াৰ ফলস্বৰূপে তেওঁলোকে নিশ্চয়কৈ ক্লেশ ভোগ কৰিব৷ প্ৰৱঞ্চনামূলক বার্তাত বিশ্বাস কৰি আৰু অপকর্ম কৰি তীমথিয়ে ক্লেশ ভোগ কৰাটো পৌলে বিচৰা নাই৷

তোমাত থকা বৰটো হেয় জ্ঞান নকৰিবা

“ঈশ্বৰে দিয়া বৰটো ব্যৱহাৰ কৰা”

ভাৱবাণীৰ জড়িয়তে

“যেতিয়া মণ্ডলীৰ নেতাবিলাকে ঈশ্বৰৰ বাক্য কৈছিল”

এই কথাবোৰৰ প্ৰতি মনোযোগী হোৱা, সেইবোৰতে থাকা

“এই সকলোবোৰ কথা পালন কৰা আৰু সেই মতে জীৱন নিবাস কৰা”

যাতে তোমাৰ উন্নতি সকলো লোকৰ আগত প্ৰকাশ পায়

“যাতে আন লোকে তোমাৰ বৃদ্ধি দেখিবলৈ পায়” বা “যাতে আন লোকে, এনেবোৰ কথা পালন কৰাৰ কাৰণে হোৱা তোমাৰ শ্ৰীবৃদ্ধি দেখিবলৈ পায়”

নিজৰ প্ৰতি সাৱধান হবা

“নিজকে সাৱধানেৰে পৰিচালিত কৰিবা” বা “নিজৰ আচৰণ নিয়ন্ত্ৰণত ৰাখিবা, সংযত হবা”

এই কথাবোৰত লাগি থাকিবা

“এইবোৰ কার্যত ব্যস্ত থাকা”