as_tn/1ti/04/06.md

2.9 KiB
Raw Blame History

এই বিষয়বোৰ আগত ৰাখা

“এই চিন্তাধাৰা বিশ্বাসীসকলৰ মনত সুমুৱাই দিয়া” বা “এই কথাবিলাক বিশ্বাসীসকলক মনত ৰাখিবলৈ সহায় কৰা৷” “চিন্তা” বা “কথাবোৰ” এই শব্দকেইটাই :৫ পদৰ সকলো শিক্ষা বা উপদেশ বিলাকক বুজাইছে৷

প্ৰতিপালিত

“প্ৰশিক্ষিত”(UDB)৷ ঈশ্বৰে তীমথিয়ক অধিক শক্তিশালী কৰি আছিল আৰু ঈশ্বৰক সন্তষ্ট দিয়া কর্ম কৰিবলৈ শিক্ষা দি আছিল৷

বিশ্বাসৰ বাক্যসমূহ

“যি বাক্যই মানুহক বিশ্বাস কৰিবলৈ উদগায়”

বুঢ়ী তিৰোতাৰ দ্বাৰা ভালপোৱা অশুচি গল্পসমূহ

“অশুচি আৰু পুৰণি নাৰীসুলভ আখ্যান”, গল্পৰ বাবে ব্যৱহাৰ হোৱা শব্দটো “আখ্যান” শব্দৰ লগত একেই (উপমা)৷ “বুঢ়ী তিৰোতা” বুলি কৈ পৌলে উদ্দেশ্য প্ৰণোদিত ভাৱে তিৰোতাক অপমান কৰা নাই৷ ইয়াৰ পৰিবর্তে, তেওঁ আৰু তেওঁৰ শ্ৰোতা দর্শক সকলে জানিছিল যে তিৰোতাতকৈ পুৰুষ কম বয়সত মৃত্যু হয়, সেই কাৰণে পুৰুষতকৈ তিৰোতা অধিক আছে আৰু বৃদ্ধা অৱস্থা হোৱা বাবে তেওঁলোকৰ মন অধিক দুর্ব্বল হল৷

নিজকে ধার্মিকতাত প্ৰশিক্ষিত কৰা

“অধিক ধার্মিক হবলৈ নিজকে প্ৰশিক্ষণ দিয়া” বা “যিদৰে কর্ম কৰিলে ঈশ্বৰ সন্তষ্ট হয়, নিজকে তেনেদৰে প্ৰশিক্ষণ দিয়া” বা “অধিক ধার্মিক হবৰ বাবে কঠোৰ পৰিশ্ৰম কৰা”

শৰীৰ প্ৰশিক্ষণ

“শাৰীৰিক ব্যায়াম”

এই জীৱনৰ বাবে প্ৰতিজ্ঞা আছে

“এই জীৱনটোৰ বাবে উপকাৰি” বা “এই জীৱনটো অধিক মধুৰ কৰাত সহায় কৰে৷”