as_tn/1ti/04/01.md

2.5 KiB

বিশ্বাসটো এৰিব

“যীচুত বিশ্বাস কৰিবলৈ এৰিব” বা “তেওঁলোকে যি বিশ্বাস কৰে. তাক পৰিত্যাগ কৰিব”

পৰবর্তী সময়ত

সম্ভাৱ্য অর্থসমূহ : (১) পৌলৰ দিনতকৈ তাৰ পাছৰ সময়ছোৱাত. “আহিব লগীয়া সময়ছোৱাত” বা “ভৱিষ্যত কালত” বা (২) পৌলৰ জীৱিত কালত “শেষ কালৰ আগতে এই সময়ছোৱাৰ ভিতৰতেই”

আৰু মনোযোগ দিয়া

“মনোযোগ দিয়াৰ দ্বাৰাই” বা “কিয়নো তেওঁলোকে মনোযোগ দিছে” বা “মন দি শুনোতে” বা “এইবিলাকেই মনোযোগ দিয়োতা সকল”

প্ৰৱঞ্চক আত্মাবিলাকে আৰু ভূতবোৰৰ উপদেশবোৰে

“যিবিলাক আত্মাই মানুহক ছলনা কৰে আৰু যিবোৰ কথা ভূতবোৰে শিকায়”

মিছা কোৱা কপটতাৰ জড়িয়তে

“মিছা কওঁতা ভণ্ড সকলৰ দ্বাৰা শিকোৱা হল”

তেওঁ লোকৰ নিজ বিবেকত দাগ দিয়া হল

“উপমাটো হল গৰাকী বিলাকে নিজৰ ভৃত্য বিলাকৰ বা জন্তবিলাকৰ ছালত তপত ধাতুৰে স্বত্ব দেখুৱাবৰ বাবে হেঁচি চিন দিয়া” সম্ভাব্য অর্থসমূহ: (১) দাগ দিয়াটো এটা পৰিচয়ৰ চিন, “যদিও তেওঁলোকে জানে যে তেওঁলোক ভণ্ড, তথাপিও তেওঁলোকে এইটো কৰে” (২) তেওঁলোকৰ বিবেক জঠৰ হল, “যেন তেওঁলোকে, তেওঁলোকৰ বিবেকৰ ওপৰত তপত ধাতুৰে জঠৰ কৰিবলৈ, হেঁচা দিলে” (চাওক: উপমা)