as_tn/1ti/02/05.md

2.2 KiB

ঈশ্বৰ আৰু মানুহৰ মাজত এজন মধ্যস্থতাকাৰী

মধ্যস্থতাকাৰী এজন ব্যক্তি, যিজনে পৰস্পৰৰ সন্মতি নহলে, দুয়ো পক্ষৰ মাজত বন্দবস্ত কৰি এক শান্তিপূর্ণ মীমাংসা কৰাত সহায় কৰে৷ ইয়াত যীচুৰ কাৰণে ব্যৱহাৰ কৰিছে যিজনে পাপী বিলাকক ঈশ্বৰে সৈতে এক শান্তিপূর্ণ সম্বন্ধ ৰখাত সহায় কৰে৷

নিজকে অর্পণ কৰিলে

“ইচ্ছাকৃতভাৱে মৰিলে”

মুক্তিপণ হিচাবে

“মুক্তিৰ মূল্যৰূপে” বা “মুক্তি লাভ কৰিবলৈ পৰিশোধ কৰিলে”

সাক্ষ্যটো ঠিক সময়ত

“এইটো ঠিক সময়ত দিবলগীয়া তেওঁৰ সাক্ষ্য” বা “এইবোৰ সময়ত দিব লগীয়া সাক্ষ্য”

এই অভিপ্ৰায়ে

“এইটো কাৰণে” বা “এইটো উদ্দেশ্যেল” বা “এই সাক্ষ্যৰ অর্থে”

এক ঘোষক কৰা হল

“এক ধর্ম প্ৰচাৰক নিযুক্তি দিয়া হল” বা “ধর্ম প্ৰচাৰক হবলৈ “খ্ৰীষ্টৰ দ্বাৰা নিযুক্তি দিয়া হল”

মই সত্য কওঁ

“মই সত্যটো কৈছো” বা “মই সত্যটো জনাইছো”

মই মিছা নকওঁ

“মই মিছা কোৱা নাই”

বিশ্বাসত আৰু সত্যত

“বিশ্বাস আৰু সত্যৰ সম্বন্ধে” বা “বিশ্বাস আৰু সত্যৰ সহিত”