as_tn/1ti/01/09.md

3.5 KiB

আৰু আমি এইটো জানো

“তাৰমানে আমি এইটো বুজো” বা “যিহেতু আমি এইটো উপলব্ধি কৰো” বা “আমিও এইটো জানো”

নাইবা ধার্মিক মানুহৰ বাবে প্ৰস্তুত কৰা নাছিল

নাইবা ধার্মিক ব্যক্তিৰ বাবে দিয়া নাছিল” বা “নাইবা ইয়াক মানিচলা ব্যক্তিৰ বাবে দিয়া নাছিল” বা “ঈশ্বৰৰ দৃষ্টিত যি ধার্মিক সেই ব্যক্তিৰ বাবে দিয়া হোৱা নাছিল”

সেইবিলাকৰ বাবে যি বিলাকে নিজৰ পিতৃ আৰু মাতৃসকলক বধ কৰে

“সিহঁতৰ পিতৃবিলাকৰ হত্যাকাৰী মাতৃবিলাকৰ হত্যাকাৰীৰ” বা “যিসকলে শাৰীৰিকভাৱে তেওঁবিলাকৰ পিতৃ আৰু মাতৃসকলক আঘাট কৰে”

যৌন সম্বন্ধীয় ব্যাভিচাৰী লোক

এইটো আক্ষৰিকভাৱে মহিলা যৌনকর্মী (বেশ্যা)শব্দটোৰ বিপৰীত পুৰুষক বুজোৱা শব্দ৷ আন আন ঠাইত, ঈশ্বৰলৈ অবিশ্বাসীলোকক বুজাবলৈ উপমা অলংকাৰ হিচাবে ই ব্যৱহৃত হৈছে৷ কিন্ত এইক্ষেযত্ৰত এই অর্থটো বৈবাহিক সম্বন্ধৰ বাহিৰত যৌন সম্বন্ধ ৰখা যিকোনো ব্যক্তিকেই অন্তর্ভূক্তি কৰা যেন বোধহয়৷

সমকামীসকল

“পুৰুষে পুৰুষৰ সৈতে যৌন সংগম কৰোতাসকল৷” গ্ৰীক ভাষাত এই শব্দটো স্পষ্টভাৱে এজন পুৰুষে আন এজন পুৰুষৰ লগতযৌন সংগম কৰাতো বুজায়৷

যিবিলাকে মানুহক দাস্য কর্মৰ বাবে অপহৰণ কৰে

“যিসকলে ক্ৰীতদাস হিচাৱে বিক্ৰী কৰিবলৈ অপহৰণ কৰে” বা “যিসকলে মানুহবিলাকক দাস ৰূপে বিক্ৰী কৰিবলৈ অপহৰণ কৰে৷”

নির্ভৰযোগ্য শিক্ষা

“শুদ্ধ শিক্ষা” বা “সত্য নির্দেশনাসমূহ”

পৰমধন্য ঈশ্বৰৰ গৌৰৱময় শুভবার্তা

“যি শুভবার্তা পৰম ধন্য ঈশ্বৰৰ প্ৰশংসাৰ সম্বন্ধে” বা “গৌৰৱময় আৰু পৰমধন্য ঈশ্বৰৰ শুভবার্তা”

যিটো মোলৈ ন্যস্ত কৰা হল

“ঈশ্বৰে যিটো মোক দিলে আৰু যাৰবাবে মোক দায়বদ্ধ কৰিলে”