as_tn/1ti/01/01.md

2.5 KiB

পৌল

“পৌলৰ পৰা” বা “মই, পৌলে এই চিঠি লিখিছো৷”

আজ্ঞাৰ অনুসৰি

“আজ্ঞা মতে” বা “ক্ষমতাৰে” বা “যিহেতু ঈশ্বৰে মোক পাঁচনি হবলৈ আজ্ঞা দিলে”

আমাৰ…আমাৰ…আমাৰ

পৌলে নিজৰ বিষয়ে তীমথিয় আৰু সম্ভবত : অইন লোকৰ বিষয়েও কৈছে (চাওক: অন্তর্ভূক্তি)

আমাৰ ত্ৰানকর্ত্তা ঈশ্বৰ

“যিজন ঈশ্বৰে আমাক ত্ৰান কৰিলে৷”

আমাৰ আশা যীচু খ্ৰীষ্ট

“যীচু খ্ৰীষ্টই হৈছে আমাৰ আশা” বা “যীচুখ্ৰীষ্টৰ ওপৰত আমি ভৱিষ্যতৰ সম্পর্কে ভাৰসা ৰাখো”

তীমথিয়লৈ

“এই চিঠিখন তীমথিয়ৰ বাবে৷”

প্ৰকৃত পুত্ৰ

এই খণ্ডবাক্যটোৱে তীমথিয় আৰু পৌলৰ সম্বন্ধটো এক পিতৃ আৰু এক পুত্ৰৰ মাজত থকা নিবিড় সম্বন্ধৰ লগত তুলনা কৰিছে৷ তীমথিয়, পৌলৰ আচল পুত্ৰ নাছিল, কিন্ত তেওঁ পৌলক, এজন পুত্ৰই পিতৃক দিব পৰা, সেই একে সন্মান, বাধ্যতা আৰু পৰিচর্যা দিছিল৷ সলনি অনুবাদ: “তুমি মোৰ বাবে নিজৰ পুত্ৰৰ দৰে” (চাওক: উপমা অলংকাৰ)

অনুগ্ৰহ, দয়া আৰু শান্তি

“অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক” বা “তুমি যেন তোমাৰ অন্তৰত দয়া, মৰম আৰু শান্তি অনুভৱ কৰিব পাৰা”

আমাৰ পিতৃ ঈশ্বৰ

“ঈশ্বৰ, যিজন আমাৰ পিতৃ”

আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচু

“আৰু খ্ৰীষ্ট যীচু, যিজন আমাৰ প্ৰভু”