as_tn/1jn/05/09.md

1.4 KiB

আমি যদি মানুহৰ সাক্ষ্য গ্ৰহণ কৰোঁ, তেনে হলে ঈশ্বৰৰ সাক্ষ্য তাতকৈয়ো শ্ৰেষ্ঠ

অন্য এক অনুবাদ হৈছেঃ “মানুহে কোৱা কথাত আমি যদি বিশ্বাস কৰো, তেনে হলে ঈশ্বৰে কোৱা কথাতো আমি বিশ্বাস কৰিব লাগে কিয়নো তেওঁ সদায়ে সত্য কথা কয়।”

যি জনে ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰে, সেই সাক্ষ্য তেওঁৰ অন্তৰত আছে

অন্য এক অনুবাদঃ “যি জনে যীচুত বিশ্বাস কৰে তেওঁ নিশ্চিত ভাৱে জানে যে তেওঁ ঈশ্বৰৰ পুত্ৰ হয়।”

তেওঁক মিছলীয়া পাতিলে

“ঈশ্বৰক মিছলীয়া বুলিলে”

কিয়নো ঈশ্বৰে নিজৰ পুত্ৰৰ বিষয়ে যি সাক্ষ্য দিলে, তেওঁ তাত বিশ্বাস নকৰিলে

“কিয়নো তেওঁ ঈশ্বৰে তেওঁৰ সন্তানৰ বিষয়ে কোৱা সত্যতাক বিশ্বাস নকৰিলে।”