as_tn/1jn/05/06.md

2.5 KiB

পানী আৰু তেজেদি অহা জনা তেৱেঁই, অৰ্থাৎ যীচু খ্ৰীষ্টই

“যীচু খ্ৰীষ্টই সেই জন যি পানী আৰু তেজৰ দ্বাৰাই আহিল।” ইয়াত “পানী” শব্দটিয়ে যীচুৰ বাপ্তিস্মৰ কথা বুজাইছে। লগতে “তেজ” শব্দটিয়ে যীচুৰ ক্ৰুচীয় মৃত্যুৰ কথা বুজাইছে। অন্য এক অনুবাদঃ “যীচু যে ঈশ্বৰৰ পুত্ৰ হয় তাক ঈশ্বৰে যীচুৰ বাপ্তিস্ম আৰু ক্ৰুচীয় মৃত্যুৰ দ্বাৰাই দেখুৱালে।” (চোৱাঃ Metonymy)

কেৱল পানীৰ দ্বাৰাই নহয়, কিন্তু পানী আৰু তেজৰ দ্বাৰাই

ইয়াক এক নতুন ধৰণে অনুবাদ কৰিব পাৰিঃ “তেওঁ কেৱল পানীৰ দ্বাৰাই আহিল এনে নহয়, কিন্তু পানী আৰু তেজৰ দ্বাৰাই আহিল।” অন্য এক অনুবাদঃ “বাপ্তিস্মৰ দ্বাৰাই যীচু যে ঈশ্বৰৰ পুত্ৰ হয় তাকে কেৱল প্ৰকাশ কৰা নাই, কিন্তু তেওঁৰ বাপ্তিস্ম আৰু ক্ৰুচীয় মৃত্যুৰ দ্বাৰাই ও প্ৰকাশ কৰিলে।”

কিয়নো তিনিটা বিষয়ে সাক্ষ্য বহন কৰিছে

“পাছে এনে তিনিটা বিষয় আছে যিয়ে যীচুৰ বিষয়ে সাক্ষ্য প্ৰদান কৰিছে”

আত্মা, পানী আৰু তেজ

ইয়াত “পানী” আৰু “তেজ” এই দুটি বিষয়ে এজন ব্যক্তিৰ কথা কৈছে যি জনে আদালতত থিয় হয় আৰু লোক সমূহক তেওঁ যি শুনিলে আৰু দেখিলে তাৰ বিষয়ে কয়। (চোৱাঃ Personification)

এই তিনিওৰো সাক্ষ্য এক

“আৰু এই তিনিও ইজনে সিজনৰ লগত একমত”