as_tn/1jn/04/07.md

2.2 KiB

হে প্ৰিয় বিলাক

“মৰমৰ বন্ধু সকল”(UDB)

আহাঁ আমি পৰস্পৰে প্ৰেম কৰোঁহঁক

“এজন বিশ্বাসীয়ে আন জন বিশ্বাসীক প্ৰেম কৰিব লাগে।”

ঈশ্বৰ প্ৰেম

এইটো এটা উপমা হয় যাৰ অৰ্থ “ঈশ্বৰৰ চৰিত্ৰ হৈছে প্ৰেম।” (চাওঁকঃMetaphor)

কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয়

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “কিয়নো ঈশ্বৰে আমাৰ প্ৰেমৰ উৎহ”

ঈশ্বৰৰ পৰা জন্ম পোৱা

এয়া এক উপমা হয় যাৰ দ্বাৰাই বুজাবলৈ চেষ্টা কৰা হৈছে যে ঈশ্বৰৰ লগত হোৱা সম্বন্ধ পিতৃ আৰু পুত্ৰৰ মাজৰ সম্বন্ধৰ দৰে।

আৰু যি কোনোৱে প্ৰেম কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা আৰু তেওঁ ঈশ্বৰক জানে

এই অংশটি এনে দৰেও অনুবাদ কৰিব পাৰি “যিহেতু বিশ্বাসী সকলে ইজনে সিজনক প্ৰেম কৰিলে এই হেতুকে তেওঁবিলাক ঈশ্বৰৰ সন্তান আৰু তেওঁক জানে।” (UDB)

যি জনে প্ৰেম নকৰে, তেওঁ ঈশ্বৰক নাজানে,

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি“ঈশ্বৰৰ চৰিত্ৰ হৈছে সকলো লোককে প্ৰেম কৰা। আৰু যি সকলে নিজ লগৰ বিশ্বাসী ভাইক প্ৰেম নকৰে তেওঁ ঈশ্বৰক নাজানে কিয়নো ঈশ্বৰে সকলোকে প্ৰেম কৰে।”