as_tn/1jn/03/19.md

1.6 KiB

আমি সত্যৰ পৰা হওঁ

এই বাক্যষাৰে এনে ধৰণেও অনুবাদ কৰিব পাৰি “যীচুৱে কোৱা ধৰণে আমি আমাৰ জীৱন পৰিচালিত কৰিছো।”

নিজ নিজ হৃদয়ত আশ্বাসযুক্ত হওঁ

৩:১৯ ২২ পদ কেইটিত উল্লেখিত “হৃদয়” শব্দটিয়ে এজন ব্যক্তিৰ চেতনা বা সেই মানুহ জনৰ চিন্তা কৰিব পৰা অংশ যাৰ দ্বাৰাই ঈশ্বৰে তেওঁক অনুভৱ কৰাই যে তেওঁ পাপ কৰিছে। এই বাক্যষাৰে এনে ধৰণেও অনুবাদ কৰিব পাৰি “ঈশ্বৰৰ উপস্থিতিত থাকিলে আমি দোষী অনুভৱ নকৰিম” (UDB)(চাওঁকঃ Metonymy)

ঈশ্বৰ আমাৰ হৃদয়তকৈও মহান

এই বাক্যষাৰে এনে দৰেও অনুবাদ কৰিব পাৰি “আমি জানো যে ঈশ্বৰৰ আমাৰ হৃদয়তকৈ উত্তম বিচাৰক।”

তেওঁৰ দৃষ্টিত যি যি সন্তোষজনক তাকে কৰোঁ

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “তেওঁক যিহে সন্তোষ দিয়ে আমি তেনে কাৰ্য্য কৰোঁ”