as_tn/1jn/03/16.md

2.9 KiB

খ্ৰীষ্টই আমাৰ কাৰণে নিজৰ প্ৰাণ দিলে

ইয়াৰ অৰ্থ হল “খ্ৰীষ্টই আপোন ইচ্ছাই নিজৰ জীৱন আমাৰ বাবে দান কৰিলে” বা “খ্ৰীষ্টই নিজ ইচ্ছাৰে আমাৰ অৰ্থে মৰিলে”(চাওঁকঃ Idiom)

সাংসাৰিক জীৱিকাৰ উপায়

ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “জাগতিক সম্পতি যেনে টকা পইচা, আহাৰ, বা বস্ত্ৰ।”

নিজ ভাইৰ অভাৱ দেখি

“লগৰ বিশ্বাসী এজনৰ প্ৰয়োজন উপলব্ধি কৰা”

তেওঁৰ পৰা নিজ স্নেহ আটক কৰে

ইয়াৰ দ্বাৰাই বুজাব বিচৰা হৈছে যে “পাছে তেওঁলৈ স্নেহ নকৰা” বা “পাছে তেওঁক সহায় কৰিবলৈ ইচ্ছা নকৰা।”

তেন্তে ঈশ্বৰৰ প্ৰেম কেনেকৈ তেওঁৰ অন্তৰত থাকে?

যোহনে এই দৰে প্ৰশ্ন সোধাৰ দ্বাৰাই বিশ্বাসী সকলক শিকাব বিচাৰিছে। ইয়াক মতামত প্ৰকাশ কৰাৰ ধৰণেও অনুবাদ কৰিব পাৰিঃ “ঈশ্বৰৰ প্ৰেম তেওঁৰ অন্তৰত নাই”(চাওঁকঃ Rhetorical Question)

হে বোপাহঁত

২:১ পদত আপুনি কি দৰে অনুবাদ কৰিছে তাক চাওঁক।

আমি কেৱল বাক্যেৰে বা জিবাৰে প্ৰেম নকৰি

“বাক্যেৰে” আৰু “জিবাৰে”এই বাক্যষাৰৰ দ্বাৰাই একেটা কথাকে বুজাব বিচৰা হৈছে। ইয়াৰ দ্বাৰাই এজন মানুহে যি কয় তাক বুজাইছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “তুমি কেৱল মূখেৰে মই মানুহ বিলাকক প্ৰেম কৰোঁ বুলি নকবা।”(চাওঁকঃ Doublet and Metonymy)

কিন্তু কৰ্ম আৰু সত্যতাৰে

ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “পাছে তুমি যে প্ৰকৃততে মানুহক প্ৰেম কৰা তাক তেওঁক সহায় কৰাৰ দ্বাৰাই প্ৰকাশ কৰা।”