as_tn/1jn/03/13.md

2.9 KiB

বিস্ময় নামানিবা

“আচৰিত নহবা।”

ভাইবিলাক

“লগৰ বিশ্বাসী সকল”

জগতে যদি তোমালোকক ঘিণ কৰে

“জগত” বুলা শব্দটি ঈশ্বৰক সন্মান নকৰা লোক সকলক বুজাইছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “যদিহে সেই সকলে ঈশ্বৰক সন্মান নকৰে তেনে হলে ঈশ্বৰক সন্মান কৰা সকলে তোমালোকক ঘিণ ঘিণ কৰিব”(চাওঁকঃ Metonymy)

আমি মৃত্যুৰ পৰা জীৱনলৈ পাৰ হলো

“আত্মিক ভাবে আমি আৰু মৰি থকা নাই কিন্তু আত্মিক ভাৱে জীৱিত হৈ আছো”

মৃত্যুত থাকে

“তেওঁ আত্মিক ভাবে এতিয়াও মৃত হৈ আছে”

যি কোনোৱে নিজ ভাইক ঘিণ কৰে তেওঁ নৰ

বধী এই বাক্যষাৰৰ দ্বাৰাই এজন বিশ্বাসীয়ে আন এজন বিশ্বাসীক ঘিণ কৰা কাৰ্য্যক নৰ বধীৰ লগত তুলনা কৰিছে। যিহেতু বধ কৰাৰ মানসিকতাৰ উৎপত্তি ঘিণ কৰাৰ পৰা হয়, সেয়েহে ঈশ্বৰে কোনো এজন ব্যক্তিৰ ঘিণ কৰা কাৰ্য্যক নৰ বধ কৰা অপৰাধীৰ লগত তুলনা কৰিছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি“যি কোনোৱে আন এজন বিশ্বাসীক ঘিণ কৰে তেওঁ সেই নৰ বধী জনৰ সমানেই অপৰাধী হয়।”(চাওঁকঃ Metaphor)

অন্তৰত অনন্ত জীৱন

“অনন্ত জীৱন” এনে এক বিষয় যিটো ঈশ্বৰে এজন বিশ্বাসীক তেওঁৰ মৃত্যুৰ পাছত প্ৰদান কৰে, তাৰ লগতে ই এক শক্তিও হয় যাৰ দ্বাৰাই এজন বিশ্বাসীয়ে পাপ আচৰণ কৰাৰ পৰা বিৰত থাকিবলৈ শক্তি লাভ কৰে আৰু তেওঁৰ সন্তোষ জনক কাৰ্য্য কৰি যায়।ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “তেওঁৰ অন্তৰত আত্মিক জীৱনৰ কাৰ্য্য কৰি যাবৰ শক্তি আছে।”