as_tn/1jn/02/24.md

3.3 KiB

আৰু তোমালোকৰ বাবে

২:২৪ ২৬ পদত উল্লেখ কৰা “তোমালোক” শব্দটি বহুবচনত আছে আৰু ইয়াৰ দ্বাৰাই যোহনে তেওঁ যি সকলৰ উদ্দেশ্যে লিখিছে তেওঁবিলাকক বুজাইছে। (চোৱাঃ Forms of You)

তোমালোকে আদিৰে পৰা যি শুনিলা, সেয়ে তোমালোকৰ অন্তৰত থাকক

“সোঁৱৰণ কৰা আৰু আদিৰে পৰা যি শুনিলা তাত বিশ্বাস কৰা।” তেওঁবিলাকে তাক কেনেকৈ শুনিলে, তেওঁবিলাকে কি শুনিলে, আৰু “আদিৰে পৰা” ইয়াক বহল অৰ্থত ব্যৱহাৰ কৰিব পাৰিঃ “তোমালোকক আমি যি যীচুৰ সম্বন্ধে যি শিকালো তাক তোমালোকে প্ৰথমে বিশ্বাসী হোৱাৰ সময়ত ভাৰসা কৰিছিলা তেনেকৈ বিশ্বাস কৰি যোৱা।” (চোৱাঃExplicit and Implicit Information)

আদিৰে পৰা তোমালোকে যি শুনিলা

ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “তোমালোক বিশ্বাসী হোৱাৰ প্ৰথম অৱস্থাত আমি যি যি শিকাইছিলো।”

আদিৰে পৰা শুনা কথা যদি তোমালোকৰ অন্তৰত থাকে

“তোমালোকক যি যি শিকালো তাত যদি তোমালোকে অন্তৰত ৰাখা”

তেন্তে তোমালোকেও পুত্ৰত আৰু পিতৃতো থাকিবা

২:৫ ৬ অংশটি কি দৰে অনুবাদ কৰা হৈছে তাক চাওঁক

তেওঁ আমাৰ আগত প্ৰতিজ্ঞা কৰা প্ৰতিজ্ঞা, অৰ্থাৎ অনন্ত জীৱন

“আৰু তেওঁ আমালৈ কৰা যি প্ৰতিজ্ঞা, সেয়ে অনন্ত জীৱন” বা “আৰু তেওঁ আমাক অনন্তকাল জীয়াই ৰখাৰ ব্যৱস্থা কৰিলে।”

তেওঁ আমাক প্ৰতিজ্ঞা কৰিলে

ইয়াত “তেওঁ” শব্দটিয়ে খ্ৰীষ্টক বুজাইছে। “আমাক” শব্দটিয়ে যোহন আৰু সকলো বিশ্বাসীৰ লগতে যি সকলৰ উদ্দেশ্যে লিখা হৈছে তেওঁলোককো বুজোৱা হৈছে। (চোৱাঃ Inclusive)

যি বিলাকে তোমালোকক ভুলায়

“তোমালোকক মিছাত বিশ্বাস কৰিবলৈ চেষ্টা কৰে” বা “ঈশ্বৰ আৰু তেওঁৰ সত্যতাৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰে”