as_tn/1jn/02/22.md

1.8 KiB

যীচু যে সেই অভিষিক্ত জনা, ইয়াক যি জনে অস্বীকাৰ কৰে, তেওঁৰ বাহিৰে আৰু আচল মিছলীয়া কোন আছে?

কোন মিছলীয়া তাক প্ৰকাশ কৰিবৰ বাবে যোহনে এক উপমাৰ দ্বাৰাই এই প্ৰশ্নটি সুধিছে। এই অংশটি প্ৰশ্ন সুধাৰ দ্বাৰাই আৰু তাৰ উত্তৰ দিয়াৰ দ্বাৰাই অনুবাদ কৰিব পৰা যায়ঃ “মিছলীয়া কোন? যি জনে যীচু খ্ৰীষ্টক অস্বীকাৰ কৰে।” (চোৱাঃ Rhetorical Question)।

যীচু যে অভিষিক্ত তাক অস্বীকাৰ কৰে

“যীচু সেই অভিষিক্ত জনা বুলি কবলৈ অস্বীকাৰ কৰে” বা “যীচু খ্ৰীষ্ট নহয় বুলি কয়”

পিতৃ আৰু পুত্ৰকো অস্বীকাৰ কৰে

ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “পিতৃ আৰু পুত্ৰৰ সম্বন্ধে যি সত্যতা তাক অস্বীকাৰ কৰে” বা “পিতৃ আৰু পুত্ৰক অস্বীকাৰ কৰিলে।”

পিতৃকো পোৱা নাই

“পিতৃৰ নহয়”

পুত্ৰক স্বীকাৰ কৰে

“পুত্ৰৰ সম্বন্ধে সত্য কয়”

পিতৃকো পালে

“পিতৃৰ হয়”