as_tn/1jn/02/15.md

3.4 KiB

জগতক প্ৰেম নকৰিবা

২:১৫ ১৭ পদত উল্লেখিত “জগত” ইয়াৰ দ্বাৰাই মানুহে কৰা সেই সমূহ বিষয়ক বুজাইছে যাৰ দ্বাৰাই ঈশ্বৰ গৌৰাম্বিত্ নহয়। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “ঈশ্বৰক নজনা জগতৰ মানুহ বিলাকৰ দৰে ব্যৱহাৰ নকৰিবা” (UDB). (চোৱাঃ Metonymy)

বা জগতত থকা বিষয়বোৰক

“সেই সমূহ বিষয় নিবিচাৰিবা যি বিলাকে ঈশ্বৰক গৌৰাম্বিত নকৰে।” dishonor God want”

পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই

ইয়াৰ অৰ্থ “তেওঁ পিতৃক প্ৰেম নকৰে।”

কোনোৱে যদি জগতক প্ৰেম কৰে, তেন্তে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই

ইয়াক এনে ধৰণে অনুবাদ কৰিব পাৰি “এজন ব্যক্তিয়ে একে সময়তে এই জগত আৰু এই জগতৰ সেই সমূহ বিষয় যিয়ে ঈশ্বৰক গৌৰাম্বিত নকৰে তেনে বিষয়ক আৰু ঈশ্বৰক প্ৰেম কৰিব নোৱাৰে।” অনুবাদৰ টোকা

মাংসৰ অভিলাষ, চকুৰ অভিলাষ আৰু জীৱন কালৰ গৰ্ব

জগতৰ অনেক বিষয় সমূহৰ মাজৰ এইয়া কিছু সংখ্যক বিষয়। “জগতৰ বিষয় সমূহ” বোলা কথাষাৰ উপৰোক্ত বিষয় কেইটাৰ মাজতে লুকাই আছে।

মাংসৰ অভিলাষ

“মাংসিক ভাবে সন্তুষ্টি লাভ কৰাৰ শক্তিশালী অভিলাষ”

চকুৰ অভিলাষ

“চকুৰে দেখা বস্তু সমূহৰ প্ৰতি অতিকৈ আসক্ত হোৱা”

জীৱন কালৰ গৰ্ব

“এজন ব্যক্তিয়ে নিজে কৰিব পৰা বিষয়টিক লৈ কৰা গৰ্ব” বা “কোনো সফলতা অৰ্জন কৰাৰ দ্বাৰাই যিয়ে গৰ্ব অনুভৱ কৰে।”

জীৱন

ইয়াৰ দ্বাৰাই সেই সমূহ বস্তুৰ কথা কোৱা হৈছে যাৰ দ্বাৰাই এজন ব্যক্তিয়ে জীৱন ধাৰণ কৰিব বাবে আয়ত্ব কৰে যেনে সম্পতি আৰু ধন।

পিতৃৰ পৰা উৎপন্ন নহয়

ইয়াক এনে ধৰণে অনুবাদ কৰিব পাৰি “পিতৃৰ পৰা নাহে” বা “পিতৃয়ে আমি এনে দৰে জীয়াই থাকিবলৈ নিশিকাই।”

গুচি যাব লাগিছে

“এদিনাখন ইয়াত নাথাকিব”