as_tn/1jn/02/09.md

3.4 KiB

যি জনে কয়

“যি কোনোৱে কয়” বা “যি সকলে দাবী কৰে”(UDB)। ইয়াত কোনো এজন বিশেষ ব্যক্তিক বুজোৱা হোৱা নাই।

তেওঁ পোহৰত আছে

এইটো জীৱনদায়ক পোহৰৰ কথা বুজাইছে। মানুহ বিলাকে যেতিয়া যিটো উচিত তাক কৰে, তেতিয়া তেওঁবিলাকে তাক পোহৰত কৰিব পাৰে, আন্ধাৰৰ সুযোগ তেওঁবিলাকক নালাগে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “যি উচিত তাকে তেওঁ কৰে” বা “তেওঁ উচিত কাৰ্য্য কৰাৰ দ্বাৰাই পোহৰত ফুৰিছে।” (চোৱাঃ Metaphor)

আন্ধাৰতে আছে

ইয়াৰ দ্বাৰাই পাপময় জীৱন অতিবাহিত কৰাৰ কথা কৈছে। মানুহ বিলাকে যেতিয়া ভুল কাৰ্য্য কৰে, তেতিয়া তেওঁবিলাকে তাক আন্ধাৰত ঢাকিব বিচাৰে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “আন্ধাৰত আছে, কিয়নো তেওঁ পাপ কৰি আছে।”

তেওঁত বিঘ্ন জনক একো নাই

“তেওঁক একোৱে বিঘিনি জন্মাব নোৱাৰে।” “বিঘ্ন” শব্দটিয়ে এটা অৱস্থাৰ কথা বুজাইছে যাৰ অৰ্থ আত্মিক বা মানসিক ভাবে পৰাজয় হোৱা। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “কোনো বিষয়ে তেওঁক পাপ কৰাব নোৱাৰে” বা “তেওঁ কেতিয়াও ঈশ্বৰক অসন্তোষ নিদিব।”

আন্ধাৰতে আছে আৰু আন্ধাৰতে ফুৰে

এই ধাৰণাটো দুবাৰ কোৱাৰ দ্বাৰাই ভাইক ঘিণ কৰাটো যে কিমান গভীৰ পাপ তাক বুজাব বিচাৰিছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “আন্ধাৰতে জীয়াই আছে” বা “পাপময় আন্ধাৰত জীয়াই আছে।” (চোৱাঃ Doublet)

তেওঁ কলৈ গৈ আছে তাক তেওঁ নাজানে

এই ধাৰণাটোক এনে ধৰণে অনুবাদ কৰিব পাৰি “তেওঁ যে পাপ কৰি আছে তাক তেওঁ নিজেই নাজানে।”

আন্ধাৰে তেওঁৰ চকু অন্ধ কৰিলে

“আন্ধাৰে তেওঁক চাব নোৱাৰা কৰিলে।” ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “পাপৰ বাবে তেওঁ সত্যক চিনি পোৱাতো অসম্ভৱ হল।”