as_tn/1jn/02/01.md

3.1 KiB

মোৰ প্ৰিয় সন্তানসকল

যোহন এজন বৃদ্ধ লোক আৰু তেওঁ বিলাকৰ নেতা আছিল। তেওঁ এনে ধৰণৰ বাক্যৰ দ্বাৰাই তেওঁৰ তেওঁবিলাকৰ প্ৰতি থকা প্ৰেমক প্ৰকাশ কৰে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “খ্ৰীষ্টত মোৰ প্ৰিয় সন্তানক বিলাক” বা “তোমালোক মোৰ আপোন সন্তানৰ দৰেই প্ৰিয়” (চোৱাঃMetaphor )

এইবোৰ কথা লিখিছোঁ

“মই এই পত্ৰ লিখিছো”

আৰু কোনোৱে যদি পাপ কৰে

এইটো এনে এটা বিষয় যিটো যথাসম্ভৱ ঘটিব পাৰে। “কিন্তু যেতিয়া কোনোৱে পাপ কৰে” (চোৱাঃ Hypothetical Situations)

আমি…আমাৰঃ ১

৩ পদত এই শব্দকেইটিয়ে যোহক আৰু তেওঁ যি সকলক উদ্দেশ্য কৰি লিখিছে তেওঁলোকক বুজাইছে। (চোৱাঃInclusive)

পিতৃৰ আগত আমাৰ সহায়কৰ্তা

“যি জনে পিতৃ ঈশ্বৰৰ আগত আমাৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰে নিবেদন কৰে”

ধাৰ্মিক যীচু খ্ৰীষ্টই

“ আৰু সেই ব্যক্তি জন যীচু খ্ৰীষ্টই, য’ত এফেৰিও পাপ নাই”

তেওঁৱেই আমাৰ পাপৰ প্ৰায়চিত্ত

“যীচু খ্ৰীষ্টে বিনামূল্যে আমাৰ বাবে নিজ জীৱন বলি স্বৰূপে উৎসৰ্গ কৰিলে, যাতে ঈশ্বৰে আমাৰ পাপ সমূহ ক্ষমা কৰে”(UDB)

আৰু আমি তেওঁৰ আজ্ঞাবোৰ যদি পালন কৰোঁ, তেন্তে তাৰ দ্বাৰাই আমি জানো যে, তেওঁক জানিলো

এই বাক্যষাৰে “তেওঁক জানিলো” ইয়াৰ অৰ্থ হৈছে “তেওঁৰ লগত আমাৰ এক সম্বন্ধ আছে।” এই বাক্যষাৰ এনে দৰেও ভাঙনি কৰিব পাৰি “তেওঁ আমাক আজ্ঞা কৰাৰ দৰে যদি আমি কৰোঁ, তেনে হলে আমি নিশ্চিত যে তেওঁৰ লগত আমাৰ মধুৰ সম্বন্ধ আছে।”

তেওঁত…তেওঁৰ

এই শব্দটি যীচু বা ঈশ্বৰ এই দুয়োজনৰ এজনক বুজাইছে। (চোৱাঃ Ambiguity বা দ্বী অৰ্থমূলক)