as_tn/1jn/01/05.md

3.0 KiB
Raw Blame History

আমি যি শুনিলো — ইয়াত “আমি” বোলা শব্দটিয়ে যোহন আৰু যীচু পৃথিৱীত থকা কালত তেওঁক জনা লোক সকলক বুজাইছে। (চোৱা Exclusive)

তোমালোক — “তোমালোক” শব্দটি বহুবচনত আছে আৰু যোহনে যি সকলৰ উদ্দেশ্যে লিখিছে তেওঁবিলাকক বুজাইছে।

ঈশ্বৰ পোহৰ — ইয়াৰ অৰ্থ হৈছে ঈশ্বৰ সম্পূৰ্ণ ৰূপে শুদ্ধ আৰু পবিত্ৰ। ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি “ঈশ্বৰ পোহৰৰ দৰে সম্পূৰ্ণ ধাৰ্মিক।” যি বিলাক সমাজত পোহৰৰ উপযোগিতাক গুৰুত্ব দিয়ে তেনে সমাজ ব্যৱস্থাত এনে ধৰণৰ বাখ্যা আগনবঢ়ালেও হয়। (চোৱাঃ উপমা বা Metaphor)

আন্ধাৰ তেওঁত এফেৰিও নাই — ইয়াৰ অৰ্থ হৈছে ঈশ্বৰে কেতিয়াও পাপ নকৰে আৰু তেওঁত কোনো ধৰণৰ পাপ নাই। এই বাক্যষাৰ এনে দৰে ভাঙনি কৰিব পাৰি “তেওঁত আন্ধাৰ সম্বন্ধীয় কোনো পাপ নাই।” যি বিলাক সমাজ ব্যৱস্থাই পাপক আন্ধাৰৰ লগত তুলনা কৰে তেওঁবিলাকক এনে ধৰণৰ ভাঙনিৰ প্ৰয়োজন নাই। metaphor.

আমি… আমাৰ — ৬

পদত উল্লেখ কৰা “আমি” আৰু “আমাৰ” এই বাক্যষাৰে যোহনে যি সকলৰ উদ্দেশ্যে লিখিছে আৰু লগতে সকলো বিশ্বাসীকে বুজাইছে। (চোৱাঃ Inclusive)

তেন্তে মিছা কওঁ আৰু সত্য পালন নকৰোঁ

“আমি নিশ্চিত ভাবে মিছা মতিছো” (চোঁৱাঃ Doublet)

আন্ধাৰত ফুৰোঁ

এই বাক্যষাৰৰ অৰ্থ “পাপ কাৰ্য কৰা” বা “সদায়ে পাপ কৰা।”

পোহৰত ফুৰোঁ

ইয়াৰ অৰ্থ “ভাল কাৰ্য্য কৰা” বা “সদায়ে যি ভাল সেই কাৰ্য্য কৰা”

যীচুৰ তেজে

এই বাক্যষাৰে যীচুৰ মৃত্যুৰ কথা বুজাইছে। (চোৱাঃMetonymy)