as_tn/1jn/01/03.md

2.7 KiB

আৰু যি আমি দেখিলোঁ আৰু শুনিলো তাৰেই সম্বাদ, তোমালোককো দিছোঁ

“আমি যি দেখিলোঁ আৰু শুনিলো তাৰেই সম্বাদ, তোমালোককো দিছোঁ”

আমি…আমাৰ…আমি বিলাকৰ

এই বাক্যষাৰে যোহন আৰু সেই সকল লোক যি সকলে যীচুক দেখিছিল তেওঁবিলাকক বুজাইছে আৰু এতিয়া তেওঁবিলাকে মানুহ বিলাকক এই সমন্ধে শিক্ষা দিছে। (See Exclusive)

তোমালোকক

“তোমালোকক” বোলা বাক্যষাৰ বহুবচন আৰু যোহনে যি সকলৰ উদ্দেশ্যে লিখিছে তেওঁবিলাকক বুজাইছে। (চোৱাঃ “তোমালোক” বোলা বাক্যষাৰ চোৱা)

আমাৰে সৈতে সহভাগিতা হবলৈ। আৰু আমাৰ যি সহভাগিতা সেয়ে পিতৃ — সহভাগিতা বোলা শব্দটিয়ে ঘনিষ্ঠ বন্ধুত্বৰ কথা বুজাইছে।এই বাক্যষাৰ এই দৰে অনুবাদ কৰিব পাৰি “আমাৰে সৈতে ঘনিষ্ঠ বন্ধু হোৱা আৰু আমি পিতৃ ঈশ্বৰৰ বন্ধু”

আমাৰ সহভাগিতা — যোহনে তেওঁৰ পঢ়ুৱৈ সকলক লৈ কথাষাৰ কৈছে নে নাই কোৱা এইয়া স্পষ্ট নহয়। আপুনি তাক দুই ধৰণে অনুবাদ কৰিব পাৰে।

খ্ৰীষ্ট — খ্ৰীষ্ট শব্দটি এটা উপাধি, এইয়া কোনো নাম নহয় আৰু ইয়াৰ অৰ্থ হৈছে “অভিষিক্ত জনা”। ইয়াৰ দ্বাৰাই ঈশ্বৰে যীচুক উদ্ধাৰকৰ্তা হিচাপে মনোনীত কৰা কথাষাৰ বুজাইছে।

যাতে তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয় — “তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়” বা “তোমালোকক সম্পূৰ্ণ ৰূপে আনন্দিত কৰিবৰ বাবে” (চোৱাঃ See: Active or Passive)