as_tn/1jn/01/01.md

3.9 KiB

পাঁচনি যোহনে এই কথা খিনি খ্ৰীষ্টিয়ান সকললৈ লিখিছিল।

আদিৰে পৰা যি আছিল

“আদিৰে পৰা যি আছিল” এই কথাষাৰে যীচুক বুজাই, যি সকলো বিলাক বস্তুৰ সৃষ্টিৰ আগৰে পৰা আছিল।আপুনি ইয়াক এনে দৰে ভাঙনি কৰিব পাৰে “আমি আপোনালোকৰ আগত এনে এজনৰ বিষয়ে লিখিছো যি সকলো বিলাক বস্তুৰ সৃষ্টিৰ আগৰে পৰা আছিল।”

সৃষ্টিৰ পাতনিতে

“সকলো বিলাক বস্তুৰ সৃষ্টিৰ আৰম্ভনিতে” বা “পৃথিৱী সৃষ্টি হোৱাৰ আগতে”

আমি যি শুনিলো

“আমি যি শুনিলো” এই বাক্যষাৰে যীচু খ্ৰীষ্টই তেওঁবিলাকক দিয়া শিক্ষা সমূহৰ বিষয়ে বুজাইছে। এই বাক্যষাৰ এই দৰে অনুবাদ কৰিব পাৰি “আমি তেওঁৰ শিক্ষা শুনিছিলো।”

আমি

১ আৰু ২ পদত উল্লেখ কৰা “আমি” বাক্যষাৰ যোহন আৰু সেই সকলক বুজাইছে যি সকলে যীচু পৃথিৱীত থকা অৱস্থাত তেওঁক জানিছিল, কিন্তু এই বাক্যষাৰে তেওঁ যি সকলক উদ্দেশ্য কৰি লিখিছে তেওঁবিলাকৰ বিষয়ে কোৱা নাই। (চোৱাঃ একচেতীয়া)

যি নিজ চকুৰে দেখিলো, যিহৰ সাক্ষ্য দিছো

“আমি নিজে দেখিলো।”

আৰু নিজ হাতেৰেও চুলোঁ

“আমি তেওঁক নিজ হাতেদি চুলোঁ”

জীৱনৰ বাক্য

এই বাক্যষাৰে যীচুৰ কথা কৈছে। “তেওঁৱেই সেই জনা যি জনে সকলোকে অনন্ত জীৱন দিব পাৰে।”

সেই জীৱন প্ৰকাশিত হল

এই বাক্যষাৰে যীচু পৃথিৱীত জন্ম হোৱাৰ কথা বুজাইছে। এই বাক্যষাৰ এই ধৰণেও অনুবাদ কৰিব পাৰি “ঈশ্বৰে তেওঁক পৃথিৱীলৈ পঠিয়ালে” (চোৱাঃ প্ৰতক্ষ্য Active or পৰোক্ষ্য Passive)

আৰু যি আমি দেখিছিলো

“আৰু আমি তেওঁক দেখিলো”

আৰু সাক্ষ্য দিছো

“আৰু তোমাৰ আগত তেওঁৰ সম্বাদ দিছো”

সেই অনন্ত জীৱন

সেই বাক্যষাৰে যীচুৰ কথা বুজাই, যি জনে আমাক অনন্ত জীৱন দান কৰে। এই বাক্যষাৰ এই দৰে অনুবাদ কৰিব পাৰি “ তেওঁ আমাক অনন্ত জীৱন প্ৰদান কৰে।”# যি জন পিতৃৰ লগত আছিল “তেওঁ পিতৃ ঈশ্বৰৰ লগত আছিল”

আৰু আমাৰ আগত প্ৰকাশিত হল

“কিন্তু তেওঁ আমাৰ মাজত বাস কৰিবলৈ আহিল” (UBD)