as_tn/phm/01/17.md

3.3 KiB

যদি তুমি মোক সহকর্মী বুলি গণ্য কৰা

“যদি তুমি মোক খ্ৰীষ্টৰ এজন লগৰীয়া কর্মী বুলি ভাবা”

সেইটো মোৰ হিচাবত ধৰিবা

এইটো এনেদৰে অনুবাদ কৰিব পাৰি “এইটো মোলৈ দায়িত্ব দিবা” বা “কোৱা যে মইহেসেইজন যি তোমাৰ ওচৰত ধৰুৱা৷”

মই পৌলে মোৰ নিজহাতে লিখিছোঁ

এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ “মই, পৌলে এইখন নিজে লিখিছোঁ৷” পৌলে এইখন লিখিছিল যাতে ফিলীমনে জানিব যে বাক্যবিলাক সত্য, পৌলে প্ৰকৃততে তেওঁক পৰিশোধ কৰিব৷

মই এইখিনি পৰিশোধ কৰিম

“তেওঁ তোমাক যি দিবলগীয়া আছে সেইখিনি মই পৰিশোধ কৰিম৷”

মই তোমালৈ উল্লেখ নকৰোঁ

এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ “মই তোমাক সোঁৱৰাই দিয়াৰ প্ৰয়োজন নাই” বা “তুমি জানা”৷

তোমাৰ জীৱনটোৱেই মোৰ ওচৰত ধৰুৱা

“তোমাৰ নিজৰ জীৱনটোৱেই মোৰ ওচৰত ধৰুৱা” ফিলীমনে পৌলৰ ওচৰত ধৰুৱা হোৱাৰ কাৰণটো স্পষ্ট কৰিব পাৰিঃ “তুমি মোৰ ওচৰত ধৰুৱা, কিয়নো মই তোমাৰ জীৱন ৰক্ষা কৰিলোঁ” বা “তোমাৰ জীৱনটো মোৰ ওচৰত ধৰুৱা, কাৰণ মই যি কলোঁ তাৰে তোমাৰ জীৱন ৰক্ষা পৰিল৷” পৌলে বুজাইছিল যে ফিলীমনে কোৱা উচিত নহয় যে ওনীচিমে বা পৌলে তেওঁৰ ওচৰত কিবা ধৰুৱা হৈ আছে, কাৰণ ওনীচিমে পৌলক আনকি অধিক দিবলগীয়া আছে৷ (চাকঃ স্পষ্ট আৰু ইংগিত বার্তা)

মোৰ হৃদয় আনন্দিত কৰা

এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ “মোৰ হৃদয়খন আনন্দিত কৰা” বা “মোক প্ৰফুল্লিত কৰা” বা “মোক সন্তুষ্ট কৰা” ৷ পৌলে কিদৰে ফিলীমনে কৰাটো বিচাৰিছিল তাক স্পষ্ট কৰিব পাৰিঃ “ওনীচিমক মৰমেৰে গ্ৰহণ কৰি মোৰ হৃদয়ক আনন্দিত কৰা৷”