as_tn/phm/01/10.md

5.3 KiB

ওনীচিম

এইটো এজন মানুহৰ নাম৷ (চাওকঃ অনুবাদ নামবোৰ)

মোৰ সন্তান ওনীচিম

‘মোৰ পুত্ৰ ওনীচিম’৷ পৌলে তেওঁৰ ওনীচিমৰ লগত থকা সম্বন্ধৰ লগত তুলনা কৰিছে৷ ওনীচিম পৌলৰ প্ৰকৃত সন্তান নহয়, কিন্তু পৌলে যীচুৰ বিষয়ে শিক্ষা দিওঁতে তেওঁ আত্মিক জ্ঞান পালে৷ আৰু পৌলে তেওঁক ভাল পাইছিল৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ ‘মোৰ প্ৰিয় পুত্ৰ ওনীচিম’ বা ‘মোৰ আত্মিক পুত্ৰ ওনীচিম’ (চাওকঃ Metaphor)

যাক মই পিতৃৰ দৰে প্ৰতিপালন কৰিলো

এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ ‘যিজন মোলৈ পুত্ৰ হ’ল’ বা ‘যিজন মোলৈ পুত্ৰস্বৰূপ হ’ল৷’ ওনীচিম কেনেকৈ পৌলৰ বাবে পুত্ৰস্বৰূপ হ’ল এই কথা স্পষ্ট কৰিব পাৰিঃ ‘যিজন মোৰ বাবে আত্মিক পুত্ৰ হ’ল যেতিয়া তেওঁক খ্ৰীষ্টৰ বিষয়ে শিকালো আৰু তেওঁ নতুন জীৱন পালে৷ (চাওকঃ স্পষ্ট আৰু ইংগতি বার্তা)

মোৰ বন্ধনত

‘মোৰ শিকলিত’ এইটো এনেদৰে অনুবাদ কৰিব পাৰি, ‘বন্দীশালত থকা সময়ত’ বন্দীবিলাকক প্ৰায়ে শিকলিৰে বন্ধা হৈছিল৷ ওনীচিমক শিক্ষা দিয়াৰ সময়ত পৌল বন্দীশালতেই আছিল৷ এই চিঠিখন লিখাৰ সময়তো তেওঁ বন্দীশালতেই আছিল৷ (চাওকঃ Metonymy)

যিজন এসময়ত লাভজনক নাছিল

এইটো নতুন বাক্যৰূপে এইদৰে অনুবাদ কৰিব পাৰিঃ ‘আগতে তেওঁ অযোগ্য আছিল৷’

কিন্তু এতিয়া লাভজনক

‘কিন্তু এতিয়া তেওঁ উপকাৰী’৷ অনুবাদক সকলে এটি পাদটীকা যোগ কৰিব পাৰে, এনেদৰে ওনীচিমৰ নামৰ অর্থ হ’ল ‘লাভজনক’ বা ‘উপকাৰী’৷

মই তেওঁক তোমালৈ ঘূৰাই পঠালো

‘মই ওনীচিমক তোমালৈ ঘূৰাই পঠালো৷’ যিহেতু পৌলে, খুউব সম্ভৱ এই চিঠিখন ঠিক ওনীচিমক পঠোৱাৰ আগতে লিখিছিল, সেই কাৰণে ইয়াক এনেদৰে অনুবাদ কৰিব পাৰি, ‘মই তেওঁক তোমালৈ ঘূৰাই পঠাইছোঁ৷ (UDB)

তেওঁক, যি মোৰ অতি আপোন

ইয়াত ‘হৃদয়’ শব্দটো অতিকৈ ভালপোৱাজনৰ কাৰণে ব্যৱহাৰ কৰিছে৷ এই খণ্ডবাক্যটো এনেদৰে অনুবাদ কৰিব পাৰি, ‘যাক মই অতিকৈ ভাল পাওঁ’৷ এই কথা পৌলে ওনীচিমৰ বিষয়ে কৈছে৷ (চাওকঃ Metonymy)

যাক মই লগত ৰাখিলোহেঁতেন

এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ “যাক মোৰ লগত ৰাখিলোহেঁতেন!”

যাতে তোমাৰ হৈ তেওঁ মোক সহায় কৰিব পাৰে

“যে যিহেতু তুমি ইয়াত থাকিব নোৱাৰা, তেওঁ মোক সহায় কৰিব পাৰে৷” এইটো এনেদৰে ও অনুবাদ কৰিব পাৰিঃ “তোমাৰ ঠাইত তেওঁৱেই মোক সহায় কৰি থাকিব”৷

যি মই শিকলিত আছোঁ

এইটো এনেদৰে ও অনুবাদ কৰিব পাৰিঃ “যেতিয়া মই বন্দীশালত আছোঁ” বা “যিহেতু মই বন্দীশালত আছোঁ”৷

শুভবার্তাৰ নিমিত্তে

ইয়াত এইটো এনেদৰেও অনুবাদ কৰিব পাৰিঃ “যিহেতু মই শুভবার্তা ঘোষণা কৰোঁ৷