as_tn/phm/01/04.md

3.3 KiB

মোৰ প্ৰার্থনাত তোমালোকৰ নাম উল্লেখ কৰি মই সদায় মোৰ ঈশ্বৰক ধন্যবা দিওঁ

‘যেতিয়া মই তোমালোকৰ কাৰণে প্ৰার্থনা কৰোঁ, মই সদায় ঈশ্বৰক ধন্যবাদ দিওঁ (UDB)

মই

পৌলে এই চিঠি লিখিলোঁ৷ ‘মই’ আৰু ‘মোক” শব্দ দুটাই, এই চিঠিত পৌলক বুজাইছে৷

তুমি

ইয়াত আৰু চিঠিখনৰ অনেক ঠাইত ‘তুমি’ শব্দটোৱে ফিলীমনক বুজাইছে৷ (চাওকঃ তুমি শব্দৰ ৰূপ)

যেন বিশ্বাসত তোমালোকৰ অংশগ্ৰহণ কৰাটো জ্ঞানৰ নিমিত্তে ফলপ্ৰসূ হয়

এইটো এনেদৰেও অনুবাদ কৰিব পাৰি ‘যেনেকৈ আমি কৰোঁ সেইদৰে তোমালোকৰ খ্ৰীষ্টত ৰখা ভৰষাই তোমালোকক জানিবলৈ সক্ষম কৰিব’ বা ‘যিহেতু তোমালোকে খ্ৰীষ্টত ভাৰসা ৰখাত আমাৰ লগ ল’লা, সেইকাৰণে তোমালোকে জানিবলৈ সক্ষম হ’বা৷’

বিশ্বাসত তোমালোকৰ অংশগ্ৰহাণে

‘আমি যিদৰে কৰোঁ, সেইদৰে তোমালোকেও খ্ৰীষ্টত ভাৰসা ৰখাৰ নিমিত্তে’ (UDB)

যিটো খ্ৰীষ্টত আমাৰ আছে

সাম্ভাব্য অর্থ ‘যিটো খ্ৰীষ্টৰ নিমিত্তে আমাৰ আছে৷’

পবিত্ৰ লোকৰ হৃদয় বিলাক তোমালোকৰ দ্বাৰাই পুনৰ সজীৱ কৰা হ’ল৷

ইয়াত ‘হৃদয়’ শব্দটোৱে বিশ্বাসীসকলৰ সাহসটোক বুজাইছে৷ আৰু ‘পুনৰ সজীৱ কৰা হ”ল’ কর্মবা্চ্যমূলক খণ্ডবাক্য৷ এইটো কর্তৃবাচ্যমূলক খণ্ডবাক্যৰূপেও অনুবাদ কৰিব পাৰিঃ “তোমালোকে বিশ্বাসীসকলক উৎসাহিত কৰিলা৷” (চাওকঃ Metonymy and Active/Passive)

ভাই

পৌলে ফিলীমনক ‘ভাই’ বুলি কৈছে কিয়নো তেওেঁলাক দুয়োজনেই বিশ্বাসী আছিল৷ লগতে তেওঁ তেওেঁলাকৰ বন্ধুত্বৰ সম্পর্কটোত গুৰুত্ব আৰোপ কৰিছে৷ এইটো এনেদৰেও অনুবাদ কৰিব পাৰি ‘মৰমৰ ভাই’ বা ‘মৰমৰ বন্ধু’৷