as_tn/phm/01/01.md

3.7 KiB

এই কিতাপখন পৌলে ফিলীমন নামেৰে এজন মানুহলৈ লিখা এখন চিঠি৷

পৌল, খ্ৰীষ্ট যীচুৰ এজন কাৰাবন্দী, আমাৰ ভাই তীমথীয়, ফিলীমনলৈ

আপোনাৰ ভাষাত এজন চিঠৰি লেখকক পৰিচয় দিয়াৰ বিশেষ ধৰণ থাকিব পাৰে৷ এইটো আমি এনেদৰে অনুবাদ কৰিব পাৰোঁঃ ‘আমি পৌল, খ্ৰীষ্ট যীচুৰ এজন কাৰাবন্দী, আৰু তিমথীয়, আমাৰ ভাই, এই চিঠিখন ফিলীমনলৈ লিখিছোঁ৷

খ্ৰীষ্ট যীচুৰ এজন কাৰাবন্দী

‘যিজন যীচুখ্ৰীষ্টৰ বিষয়ে উপদেশ দিয়াৰ বাবে বন্দীশালত আছে৷’ যীচুক ভাল নোপোৱা লোকবিলাকে পৌলক বন্দীশালত ৰখাৰ দ্বাৰাই শাস্তি দিলে৷

আমাৰ প্ৰিয় ভাই

‘আমাৰ প্ৰিয় লগৰীয়া বিশ্বাসী’ বা আমাৰ আত্মিক ভাই যাক আমি ভাল পাওঁ৷’

আমাৰ লগৰীয়া কর্মী

যিজনে আমাৰ নিচিনাকৈ শুভবার্তা প্ৰচাৰৰ বাবে কার্য কৰে৷

আপ্লিয়া আমাৰ ভনী

ইয়াৰ অর্থঃ আপ্লিয়া আমাৰ লগৰীয়া বিশ্বাসী’ বা ‘আপ্লিয়া আমাৰ আত্মিক ভনী’ (চাওকঃ Translate Names)

আর্খিপ্প’

এজন পুৰুষ মানুহৰ নাম

আমাৰ লগৰীয়া সৈনিক

ইয়াত সৈনিক শব্দটো এক উপমা, এজন ব্যক্তি্য়ে শুভবার্তা প্ৰচাৰৰ কাৰণে কেনে যুঁজ দিবলগীয়া হৈছে, তাৰ লগত তুলনা কৰিছে৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি ‘আমাৰ লগৰীয়া আত্মিক সৈনিক’ বা ‘যিজনে আমাৰ সৈতে আত্মিক যুদ্ধত যুঁজ কৰে৷’ (চাওকঃ Metphor)

তোমাৰ ঘৰত গোট খোৱা মণ্ডলীটো

‘যি বিশ্বাসীৰ দল তোমাৰ ঘৰত একেলগ হয়৷’ (UDB)

তোমাৰ ঘৰঃ ‘তোমাৰ শব্দটো একবচন আৰু ই ফিলীমনক বুজাইছে৷

তোমালৈ অনুগ্ৰহ হওক আৰু আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচুখ্ৰীষ্টৰ পৰা শান্ত হওক

‘আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচুখ্ৰীষ্টই তোমালোকক অনুগ্ৰহ আৰু শান্তি দিয়ক’ এইটো এটা আর্শীবাদ৷ ‘তোমালোক’ শব্দটো বহুবচন আৰু পৌলে ১ আৰু ২ পদত সম্ভাষণ জনোৱা সকলো মানুহকেই বুজাইছে৷