as_tn/jud/01/12.md

4.8 KiB

যিহূদাই এলানি উপমা অলংকাৰে পুনৰ আৰম্ভ কৰিছে

এই বিলাকেই সেইসকল

“এইবিলাক” শব্দটোৱে অধার্মিক মানুহবিলাকৰ কথা বুজাইছে৷

যিবিলাক লুকাই থকা পানীৰ তলৰ শিল

পানীৰ তলত থকা শিলে জাহাজ ডুবাই দিব পাৰে, সেইদৰে এই লোকবিলাকো বিশ্বাসীসকলৰ বাবে এক বিপদ৷ সলনি অনুবাদ: “যিসকল পানীৰ তলত লুকাই থকা বিপদজনক শিলৰ নিচিনা৷” (চাওক: উপমা অলংকাৰ)

তোমালোকৰ প্ৰীতি

ভোজবোৰত, তেওঁলোকে তোমালোকৰ লগত যেতিয়া আনন্দ উৎসৱ কৰে “তোমালোকৰ প্ৰীতি ভোজত যেতিয়া তেওঁলোকে তোমালোকৰ সৈতে খায়”

পানী নথকা মেঘ

বাগিচাত পানী যোগান নধৰা মেঘৰ নিচিনাকৈ, এই লোকবিলাকে বিশ্বাসী সকলৰ কাৰণে যত্ন নলয়৷ (চাওক: উপমা অলংকাৰ)

ফলহীন শৰৎকালৰ গছবোৰ

যেনেকৈ গ্ৰীস্ম কালৰ শেষত কিছুমান গছে ফল উৎপন্ন নকৰে, সেইদৰে এই অধার্মিক লোকবিলাকৰ বিশ্বাস আৰু ধার্মিকতাৰ কর্ম নাই৷ (চাওক: উপমা অলংকাৰ)

ফলহীন, দুবাৰ মৰা

বৰফৰ দ্বাৰা আবৃত দুবাৰকৈ মৰা গছবোৰে যেনেকৈ ফল নিদিয়ে, সেইদৰে অধার্মিক মানুহবিলাকৰ মূল্য নাই আৰু তেওঁলোকৰ আত্মিক জীৱন নাই৷(চাওক: উপমা অলংকাৰ)

শিপাই সৈতে বিচ্ছিন্ন হোৱা

মাটিৰ পৰা সম্পূর্ণ ৰূপে শিপাই সৈতে উভালি পোলোৱা গছবোৰৰ দৰে, অধার্মিক লোক বিলাকক, জীৱনৰ উৎস, ঈশ্বৰৰ পৰা বিচ্ছিন্ন কৰা হল৷ (চাওক: উপমা অলংকাৰ)

সাগৰৰ প্ৰচণ্ড ঢৌ

যেনেকৈ সাগৰৰ ঢৌবোৰ শক্তিশালি বতাহৰ দ্বাৰা উৰাই নিয়ে, তেনেকৈ অধার্মিক লোক বিলাকৰ বিশ্বাসৰ ভেঁটি নাছিল আৰু সহজে অনেক দিশত গতি কৰিছিল৷ (চাওক: উপমা অলংকাৰ)

সিহঁতৰ নিজৰ লাজৰ ফেন

যেনেকৈ বতাহে প্ৰচণ্ড ঢৌবোৰেৰে লেতেৰা ফেন আলোড়িত কৰে সেইদৰে এই মানুহবিলাকে সিহঁতৰ প্ৰৱঞ্চণামূলক উপদেশ আৰু কার্যবোৰৰ জড়িয়তে নিজকে লজ্জিত কৰে৷ সলনি অনুবাদ: ঠিক যিদৰে ঢৌবোৰে ফেন আৰু ময়লা কঢ়িয়াই আনে, এই মানুহবিলাকেও সিহঁতৰ লাজ লগা কর্মই আন লোকক কলুষিত কৰে৷ (চাওক: উপমা অলংকাৰ)

উদ্দেশ্যহীন ভ্ৰমণকাৰী তৰাবোৰ যাৰ কাৰণে ঘোৰ অন্ধকাৰ চিৰ কাললৈ ৰাখি থোৱা হৈছে

ঠিক যেনেকৈ কিছুমান তৰাই এঠাইৰ পৰা আন ঠাইলৈ লক্ষ্যহীন ভাৱে গতি কৰাত, এই তৰাবোৰ জাহাজৰ গতিপথ নিয়ন্ত্ৰণৰ কার্যত নির্ভৰযোগ্য নহয়, সেইকাৰণে তোমালোকেও এই লোক বিলাকক অনুসৰণ কৰা উচিত নহয়৷ (চাওক: উপমা অলংকাৰ)