as_tn/3jn/01/09.md

2.8 KiB

সমাবেশ

এইটোৱে গায় আৰু বিশ্বাসীদলটোক বুজাইছে যিসকলে ঈশ্বৰৰ আৰাধনা কৰিবলৈ একেলগ হৈছিল৷

দিয়ত্ৰিফি

তেওঁ সমাবেশটোৰ এহৰাকী সভ্য আছিল৷ (চাওক: অনুবাদ নামবোৰ)

যিজনে সিহঁতৰ মাজত প্ৰথম হবলৈ ভালপায়

“যিজনে তেওঁলোকৰ নেতাৰ দৰে কাম কৰিবলৈ ভালপায়”

আমাক গ্ৰহন নকৰে

“আমাক” শব্দটোৱে যোহন আৰু তেওঁৰ লগত থকা বিলাকক বুজাইছে৷ ই গায়ক অন্তর্ভূক্ত কৰা নাই৷ ( চাওক : আছুতীয়া)

কেনেকৈ তেওঁ আমাৰ বিপক্ষে বেয়া শব্দেৰে বিদ্ৰুপাত্মক কথাবোৰ কয়

“আৰু কেনেকৈ তেওঁ আমাৰ বিষয়ে বেয়া কথাবোৰ কয় যিবিলাক নিঃসন্দেহে সত্য নহয়৷”

তেওঁ নিজেই

“নিজেই” শব্দটোৱে গুৰুত্ব দিছে যে এইজন দিয়ত্ৰিফি যিজনে এই কামবোৰ কৰে৷ (চাওক : আত্মবাচক সর্বনাম)

ভাইবিলাকক গ্ৰহন নকৰে

“লগৰীয়া বিশ্বাসীসকলক সাদৰ সম্ভাষন নজনায়”

আৰু যিবিলাকে ইচ্ছা কৰে তেওঁবিলাকক নিষেধ কৰে

এই খণ্ড বাক্যটোত কিছুমান শব্দ আছে যিবিলাক এৰি দিয়া হল, কিন্ত সেইবিলাক বুজিব পৰা হয় ৷ সলনি অনুবাদ : “যিবিলাকে বিশ্বাসীসকলক সাদৰ সম্ভাষণ জনাব বিচাৰে, তেওঁবিলাকক তেওঁ বাধা দিয়ে৷ (চাওক : শব্দৰ লোপ)

আৰু সিহঁতক খেদি বাহিৰ কৰে

“আৰু তেওঁ সিহঁতক জোৰ জুলুম বাহিৰ কৰে৷ “সিহঁতক” শব্দটোৱে যি সকলে লগৰীয়া বিশ্বাসীসকলক সাদৰ সম্ভাষণ জনাব বিচাৰে, তেওঁলোকক বুজাইছে৷”