as_tn/3jn/01/05.md

3.0 KiB

তুমি বিশ্বস্ততা অনুশীলন কৰিছা

“তুমি, ঈশ্বৰলৈ যি বিশ্বাস তাকে কৰিছা” বা “তুমি ঈশ্বৰলৈ বিশ্বস্ত হৈ আছা”

ভাইবিলাকৰ আৰু অচিনাকি লোক বিলাকৰ বাবে কার্য কৰিছা

“লগৰীয়া বিশ্বাসীসকলক আৰু যি সকলক তুমি নাজানা, তেওঁলোকক সহায় কৰিছা”

যি সকলে, মণ্ডলীৰ আগত তোমাৰ মৰমৰ সাক্ষ্য দান কৰিলে

এইটো এটা নতুন বাক্যৰূপে অনুবাদ কৰিব পাৰি: “তুমি কেনেকৈ তেওঁলোকক মৰম কৰিলা এই বিষয়ে তেওঁলোকে মণ্ডলীত বিশ্বাসীসকলক কলে৷”

ঈশ্বৰৰ যোগ্যস্বৰূপে, তেওঁলোকৰ ভ্ৰমণত তেওঁলোকক আগবঢ়াই পঠিয়ালে তুমি ভাল কৰিবা

“অনুগ্ৰহ কৰি তেওঁলোকৰ ভ্ৰমনত এনেদৰে তেওঁলোকক পঠিয়াই দিয়া যিদৰে ঈশ্বৰৰ সুনাম হয়”

কিয়নো নামটোৰ কাৰণেই তেওঁলোক ওলাই গল

ইয়াত “নামটো” ৱে যীচুক বুজাইছে৷ সলনি অনুবাদ: “কাৰণ তেওঁলোক যীচুৰ বিষয়ে মানুহবিলাকক কবলৈ ওলাই গল৷” (চাওক: নামৰ সলনি)

পৰজাতি বিলাকৰ পৰা একো নলৈ

ইয়াত “পৰজাতি” মানে অনা ইহুদীলোকক বুজোৱা নাই৷ এইটোৱে যীচুত বিশ্বাস নকৰা ব্যক্তি সকলক বুজাইছে৷ সলনি অনুবাদ : “যিসকলৰ আগত তেওঁলোকে যীচুৰ বিষয়ে কৈছে তেওঁলোকৰ পৰা একো নলয়৷”

এই কাৰণে আমি

ইয়াত “আমি” শব্দটোৱে যোহনক বুজাইছে আৰু সকলো বিশ্বাসীকেই অন্তর্ভূক্ত কৰা হৈছে৷ (চাওক : অন্তর্ভূক্তি)

আমি সত্যটোৰ কাৰণে ,সহকর্মী হব পাৰো

“তেওঁলোকে ঈশ্বৰৰ সত্য, মানুহ বিলাকক জনোৱা কার্যত আমি তেওঁলোকক সহায় কৰিব পাৰো৷”