as_tn/2jn/01/01.md

2.7 KiB

জ্যেষ্ঠজন

এই শব্দটোৱে পাঁচনি আৰু যীচুৰ শিষ্য যোহনক বুজাইছে। তেওঁ নিজকে "জ্যেষ্ঠ" বুলি কৈছে, ইয়াৰ কাৰণ হয়তো তেওঁ এগৰাকী বৰ্ষীয়ান ব্যক্তি, নাইবা তেওঁ মণ্ডলীৰ এগৰাকী নেতা। গ্ৰন্থকাৰৰ নামটো স্পষ্ট কৰিব পাৰিঃ "মই, জ্যেষ্ঠ যোহনে লিখিছো"। (চাওকঃ স্পষ্ট আৰু ইংগিত বহন কৰা)

আমাত থকা সেই সত্যটোৰ কাৰণে আৰু চিৰকাল আমাৰ লগত থাকিব

এইটো এনেদৰেও অনুবাদ কৰিব পৰা হয় "যিহেতু সত্যটো আমি বিশ্বাস কৰিয়েই আছো আৰু চিৰকাল বিশ্বাস কৰিয়েই থাকিম"।

জ্যেষ্ঠজন

নিৰ্বাচিত ভদ্ৰমহিলা আৰু তেওঁৰ সন্তান বিলাকলৈ এনেধৰণে গ্ৰীক ভাষাত চিঠি বিলাক আৰম্ভ কৰা হয়। এইটো অনুবাদ কৰিব পৰা হয় "মই জ্যেষ্ঠজনে, তোমালোক বিশ্বাসী সকললৈ এই চিঠি লিখিছো"।

সৌ সকলো

এইটো সৰ্বনাম পদ। ইয়াৰ দ্বাৰা সতীৰ্থ বিশ্বাসী সকলক বুজোৱা হৈছে।

যাক মই সত্যেৰে ভাল পাওঁ

এইটো অনুবাদ কৰিব পৰা হয়,"যাক মই সচাঁকৈয়ে ভালপাওঁ"।

আমাত থকা, সেই সত্যটোৰ কাৰণে

সম্পূৰ্ণ অৰ্থটো স্পষ্ট কৰিব পাৰি, "যিহেতু যীচুৰ বাণীৰ সত্যটো, আমি বিশ্বাস কৰাৰে পৰাই আমাত বাস কৰি আছে আৰু এইটো আমাত চিৰকাল বাস কৰিব।"

সত্যত আৰু ভালপোৱাত

এইটো অনুবাদ কৰিব পাৰি "কাৰণ তেওঁলোক সত্য আৰু তেওঁলোকে আমাক ভাল পায়" সলনি অনুবাদঃ "কাৰণ তেওঁলোকে সচাঁকৈয়ে আমাক ভাল পায়"। (চাওকঃ Hendiadys)