initial conversion

This commit is contained in:
Larry Versaw 2019-08-07 17:45:50 -06:00
parent 4f19e4aff9
commit 9510ec6edf
56 changed files with 2691 additions and 2 deletions

View File

@ -1,3 +1,3 @@
# as_obs
# Assamese OBS
Assamese OBS
STR https://git.door43.org/unfoldingWord/SourceTextRequestForm/issues/348

68
content/01.md Normal file
View File

@ -0,0 +1,68 @@
# ১. সৃষ্টিৰ পাতনি
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-01-01.jpg)
এইদৰেই আৰম্ভনিতে ঈশ্বৰে সকলোবোৰ সৃষ্টি কৰিলে। তেওঁ ছয়দিনৰ ভিতৰত আটাই বিশ্ব ব্ৰহ্মাণ্ড আৰু ইয়াত থকা সকলোবোৰ সৃষ্টি কৰিলে। ঈশ্বেৰ পৃথিৱী সৃষ্টি কৰাৰ পাছত আন্ধাৰ আৰু শূণ্য আছিল, কিয়না সেই সময়লৈকে তেওঁ একো বস্তুৰ সৃষ্টি কৰা নাছিল।তেনে সময়তো কিন্তু ঈশ্বৰৰ আত্মাই জল সমূহৰ ওপৰত উমাইছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-01-02.jpg)
তাতে ঈশ্বেৰ ক’লে, “পোহৰ হওঁক!” তাতে পোহৰ হ’ল। তেতিয়া ঈশ্বৰে পোহৰক উত্তম দেখি পোহৰৰ নাম দিন থলে। ঈশ্বৰে আন্ধাৰক পোহৰৰ পৰা বেলেগ কৰিলে, আৰু তাৰ নাম ৰাতি থলে। ঈশ্বৰে সৃষ্টিৰ প্ৰথম দিনাই পোহৰ সৃষ্টি কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-01-03.jpg)
সৃষ্টিৰ দ্বিতীয় দিনা, “ঈশ্বৰে ক’লে জল সমূহৰ মাজত বিতান হওঁক।” তাতে জল সমূহৰ মাজত বিতান হ’ল। ঈশ্বৰে সেই বিতানাৰ নাম আকাশ থলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-01-04.jpg)
তৃতিয় দিনা, ঈশ্বৰে ক’লে, “জলসমূহ একে ঠাইেত আহি গোট খাওঁক আৰু শুকান স্হল ভাগ ওলাওক।” তেওঁ শুকান স্থল ভাগক “ভূমি” আৰু জলসমূহৰ নাম “সাগৰ” থলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-01-05.jpg)
তাতে ঈশ্বৰে কলে,“ ভূমিৰ ওপৰত নানা প্ৰকা্ৰৰ তৃণ আৰু গছ উৎপন্ন হওক” তাতে তেনেদৰেই হ’ল, ঈশ্বৰে যি যি সৃষ্টি কৰিলে এই আতাইবোৰক উত্তম দেখিলে৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-01-06.jpg)
সৃষ্টিৰ চতুৰ্থ দিনা ঈশ্বৰে কলেঃ “আকাশত পোহৰ হওঁক ৷” তাতে সৃৰ্য্য, চন্দ্ৰ আৰু তৰা সমূহ আকাশত ওলাল ৷ ঈশ্বৰে সেই সমূহক পৃথিবীত পোহৰ দিবলৈ আৰু দিন আৰু ৰাতি, ঋতু আৰু বছৰ সমূহ চিহ্নত কৰিবৰ বাবে সৃষ্টি কৰিলে ৷ পাছে ঈশ্বৰে তেওঁৰ সৃষ্টিক উত্তম দেখিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-01-07.jpg)
পঞ্চম দিনা, ঈশ্বৰে কলেঃ“পানীসমূহত জীৱিত প্ৰাণীৰে পৰিপূৰ্ণ হওঁক, আৰু আকাশত চৰাই সমূহ উৰক ৷” আৰু এই দৰে পানীৰ আৰু আকাশৰ সমূহ জীৱ তেওঁ সৃষ্টি কৰিলে ৷ ঈশ্বৰে ইয়াক উত্তম দেখিলে, আৰু সেই বিলাকক আশীৰ্বাদ কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-01-08.jpg)
সৃষ্টিৰ ষষ্ঠ দিনা ঈশ্বৰে কলে, “ভূমি্ত সকলো প্ৰকাৰৰ জীৱ-জন্তুৰে পৰিপূৰ্ণ হওঁক !” আৰু ঈশ্বৰে কোৱাৰ দৰে এই সকলো হল ৷ কিছুমান ঘৰচীয়া জীৱ, কিছুমান মাটিত চোঁচৰা জন্তু আৰু কিছুমান বনৰীয়া জন্তু হল ৷ আৰু ঈশ্বৰে এই সকলোকে উত্তম দেখিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-01-09.jpg)
ইয়াৰ পিছত ঈশ্বৰে কলে, “আমি আমাৰ প্ৰতিমূৰ্তিৰ দৰে মানুহ নিৰ্মাণ কৰোহঁক ৷ তেওঁলোকে গোটেই পৃথিবী আৰু ইয়াৰ জীৱ-জন্তু সমূহৰ ওপৰত শাসন কৰিব ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-01-10.jpg)
তাতে ঈশ্বৰে কিছু মাটি ললে, আৰু মানুহৰ আকাৰ সৃষ্টি কৰিলে, আৰু তাৰ নাকত ফু দি জীৱন দান কৰিলে ৷ এই মানুহৰ নাম আদম আছিল ৷ ঈশ্বৰে আদমক থাকিবৰ বাবে এখন ডাঙৰ বাগিছা নিৰ্মাণ কৰিলে, আৰু সেই বাগিছা চোৱা-চিতাৰ দায়িত্ব দিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-01-11.jpg)
বাগিছাৰ মাজ ভাগত, ঈশ্বৰে দুবিধ বিশেষ গছ ৰোপন কৰিলে, জীৱন বৃক্ষ আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষ ৷ ঈশ্বৰে আদমক জ্ঞান বৃক্ষৰ বাদে সকলো গছৰ ফল খাবৰ বাবে আজ্ঞা দিছিল ৷ যদিহে তেওঁ সেই গছত ফল খায় তেনে হলে তেওঁৰ মৃত্যু হব ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-01-12.jpg)
তাৰ পিছত ঈশ্বৰে কলে, “মানুহ অকলে থকা ভাল নহয় ৷” পাছে কোনো এটা জীৱ আদমৰ সহায়ক হবৰ যোগ্য নাছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-01-13.jpg)
তাতে ঈশ্বৰে আদমৰ গভীৰ টোপনি আনিলে ৷ তাৰ পিছত ঈশ্বৰে আদমৰ এডাল কামিহাড় উলিয়ালে আৰু তাৰ পৰা তিৰোতা নিৰ্মাণ কৰি আদমৰ কাষলৈ আনিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-01-14.jpg)
আৰু যেতিয়া আদমে তাইক দেখিলে, “আৱশেষত ! তাই মোৰ দৰেই !” তাইক নাৰী বুলি মতা হওঁক কিয়নো তাইক নৰৰ পৰা লোৱা হৈছে ৷ এই বাবে পুৰুষে মাক-বাপেকক ত্যাগ কৰি নিজ ভাৰ্য্যাৰ লগত এক হয় ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-01-15.jpg)
ঈশ্বৰে পুৰুষ আৰু মহিলাক নিজ প্ৰতিমূৰ্তিৰ দৰে নিৰ্মাণ কৰিলে ৷ তেওঁ তেওঁবিলাকক আশীৰ্বাদ কৰি কলে, “বহু বংশ হৈ পৃথিবীখন পৰিপূৰ্ণ কৰা !” তাতে ঈশ্বৰে দেখিলে যে তেওঁৰ সৃষ্টি অতি উত্তম হৈছে, আৰু তেওঁ অতিকে সন্তুষ্ট হল ৷ এই সকলো বিলাক সৃষ্টিৰ ষষ্ঠ দিনা হৈছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-01-16.jpg)
যেতিয়া সপ্তম দিন আহিল, ঈশ্বৰে তেওঁৰ সৃষ্টিৰ সকলো কাৰ্য্য সম্পূৰ্ণ কৰিছিলে ৷ তেওঁ সপ্তম দিনক আশীৰ্বাদ কৰি সেই দিনক পবিত্ৰ কৰিলে, কিয়নো সেই দিনটোতে তেওঁ সৃষ্টিৰ সকলো কাৰ্য্য সমাপ্ত কৰিছিল ৷ এই দৰে ঈশ্বৰে গোটেই জগত আৰু ইয়াৰ সকলোকে সৃষ্টি কৰিলে ৷
_এই বাইবেল কাহিনীটোঃ আদিপুস্তক ১-২ পৰা লোৱা হৈছে _

53
content/02.md Normal file
View File

@ -0,0 +1,53 @@
# ২. জগতত পাপৰ প্ৰৱেশ
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-02-01.jpg)
আদম আৰু তেওঁ ভাৰ্য্যই ঈশ্বৰে সৃষ্টি কৰা সুন্দৰ বাৰীখনত অতি আনন্দেৰে বস বাস কৰিছিল।তেওঁলোকৰ কোনোৱেও বস্ত্ৰৰ পৰিধান কৰা নাছিল আৰু তাৰ বাবে তেওঁলোকে কোনো প্ৰকাৰৰ লাজ অনুভবো কৰা নাছিল। কিয়নো সেই সময়লৈকে জগতত পাপ প্ৰবেশ কৰা নাছিল। তেওঁলোকে প্ৰায়েই বাৰীত ঘূৰি ফুৰি ঈশ্বৰৰ সৈতে কথা বতৰা পাতিছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-02-02.jpg)
সেই বাৰী খনেত এটা সৰ্প আছিল। সি বৰ ধূৰ্ত আছিল। সি স্ত্ৰীক সুধিলে,“বাৰীৰ কোনো গছৰ ফল তোমালোকে নাখাবা বুলি বাস্তৱিকতে ঈশ্বৰে তোমালোকক ক’লেনে?”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-02-03.jpg)
স্ত্ৰীয়ে গৰাকিয়ে উত্তৰ দিলে,“বাৰীৰ সকলোবোৰ গছৰ ফল আমি খাব পাৰো মাত্ৰ জ্ঞান বৃক্ষৰ ফলহে খাব নোৱাৰো। ঈশ্বৰে আমাক কৈছে. যদিহে আমি সেই ফল খাওঁ বা চোওঁ তেন্তে আমি মৰিম।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-02-04.jpg)
উত্তৰত সৰ্পই স্ত্ৰীক ক’লে, “ই সত্য নহয়!তুমি নমৰা,কিয়নো ঈশ্বৰে জানে যি দিনাই তোমালোকে তাৰ ফল খাবা সেইদিনাই তোমালোকৰ চকু মুকলি হৈ তোমালোক ঈশ্বৰৰ দৰে ভাল বেয়া জনা হ’বা।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-02-05.jpg)
তেতিয়া নাৰীয়ে, সেই গছৰ ফল খাবলৈ ভাল, আৰু চকুৰ লোভজনক,আৰু জ্ঞান দিয়াৰ কথাতো মনোমোহা যেন দেখি তাক চিঙি খালে আৰু লগত থকা গিৰিয়েককো দিলত, তেৱোঁ খালে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-02-06.jpg)
হঠাৎ তেওঁলোকৰ চকু মুকলি হ’ল, আৰু তেওঁলোকে নাঙঠ হৈ থকা কথা উপলিদ্ধ কৰিলে। তেওঁলোকে পাতেৰে বস্ত্ৰ তৈয়াৰ কৰি নিজৰ শৰীৰ ঢাকিবলৈ চেষ্ঠা কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-02-07.jpg)
এনেতে মানুজন আৰু পত্নীয়ে ঈশ্বৰৰে বাৰিৰ মাজেদি অহা যোৱা কৰা শব্দ শুনিবলৈ পালে৷ আৰু তেওঁলোকে ঈশ্বৰৰ পৰা লুকাবলৈ ধৰিলে। এনেতে ঈশ্বৰে মানুহক ক’লে,“ তুমি ক’ত”? আদমে ক’লে, আপুনি বাৰীত প্ৰবেশ কৰা শুনি ভয় মই পাইছো, কিয়নো মই নাঙঠ। সেইবাবে লুকাই আছো।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-02-08.jpg)
ঈশ্বৰে শুধিলে, তোমালোকে নাঙঠ বুলি কোনে ক’লে। মই তোমালোকক নিষেধ কৰা ফল তোমালোকে খালা নে ? তাতে মানুহে কলে,তুমি মোক যি নাৰী দিলা, তাই মোক ফল দিলে”। তাতে ঈশ্বৰে নাৰীক ক’লে তুমি এইটো কি কৰিলা?”নাৰীয়ে উত্তৰ দিলে, “সৰ্পই মোক ভুলালে”।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-02-09.jpg)
ঈশ্বৰে সৰ্পক ক’লে, তই এই কৰ্ম কৰাৰ হেতুকে, সকলো বনৰীয়া জন্তুৰ মাজত অভিসপ্ত, তই পেটেৰে গতি কৰিবি, আৰু তোৰ বংশ আৰু নাৰীৰে মাজত, আৰু তোৰ বংশ আৰু নাৰীৰে মাজত শত্ৰূভাৱ উৎপন্ন কৰিম, সি তোৰ মুৰ গুৰি কৰিব আৰু তই তাৰ গেৰোৱা গুৰি কৰিবি।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-02-10.jpg)
তাৰ পাচত ঈশ্বৰে নাৰীক ক’লে, “মই তোমাৰ গৰ্ভ বেদনা অতিশয় ৰূপে বৃদ্ধি কৰিম, তুমি কষ্টেৰে সন্তান প্ৰসৱ কৰিবা, আৰু গিৰিয়েৰালৈ তোমাৰ ইচ্ছা থাকিব, আৰু তেওঁ তোমাৰ ওপৰত অধিকাৰ চলাব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-02-11.jpg)
ঈশ্বৰে আদমক ক’লে, “তুমি তোমাৰ তিৰোতাৰ কথা শুনি তাক খোৱা হেতুকে, তোমাৰ কাৰণে ভূমি অভিসপ্ত হৈছে, তুমি জীৱনৰ গোটেই কালত, দুখেৰে তাৰ পৰা ফল খাবলৈ পাবা। তুমি মৰিবা, আৰু তুমিৰ শৰিৰ ধুলিলৈকে উলটি যাবা। তাতে আদমে তেওঁৰ তিৰোতাৰ নাম হাৱা থলে যাৰ অৰ্থ হল জীৱন দাতা, কিয়নো তেওঁ সকেলা লোকৰ মাতৃ হব। পাছে ঈশ্বৰে আদম আৰু তেওঁৰ ভাৰ্য্যাক জন্তুৰ ছালৰ বস্ত্ৰ কৰি তেওঁলোকক পিন্ধালে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-02-12.jpg)
তেতিয়া ঈশ্বৰে ক’লে, “মানুহ আমাৰ নিছিনা ভাল বেয়া জানোতা হৈছে, এতেকে তেওঁলোকক জীৱন বৃক্ষৰ ফল খাই চিৰজীৱী হব দিব নোৱাৰি৷, এই বুলি আদম আৰু হাৱাক এদেন বাৰীৰ পৰা উলিয়াই পাঠালে।
আৰু ঈশ্বৰে ক্ষমত থকা এগৰাকি দূতক বাৰিৰ প্ৰৱেশ পথত ৰাখিলে, যাতে কোনেও জীৱন বৃক্ষৰ ফল আৰু খাব নোৱাৰে৷
_বাইবেলৰ এক কাহিনীঃ আদিপুস্তক ৩_

68
content/03.md Normal file
View File

@ -0,0 +1,68 @@
# ৩. বানপানী
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-03-01.jpg)
বহু দিনৰ পাছত, বহু লোকে এই জগতত বস বাস কৰিছিল। তেওঁলোক অতিশয় দুষ্ট আৰু সিংহাত্মক হৈ পৰিছিল। লোক সমূহ ক্ৰমান্নয়ে ইমানে বেয়া হ’ল যে ঈশ্বৰে গোটেই পৃথিৱীখন বৃহৎ বনপানীৰ দ্বাৰা ধংশ কৰিবলৈ মনস্ত কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-03-02.jpg)
কিন্তু ঈশ্বৰে নোহত সন্তুস্ত হ’ল। কিয়নো তেওঁ ধা্ৰ্ম্মীক লোক আছিল। তেওঁ দুষ্ট লোক সকলৰ লগত বস বাস কৰিছিল। ঈশ্বৰে নোহক ক’লে যে, তেওঁ এই পৃথিৱীত এক বৃহৎ বনপানী আনিব। সেয়েহে তেওঁ নোহক এখন ডাঙৰ জাহাজ বনাবলৈ আজ্ঞা কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-03-03.jpg)
ঈশ্বৰে নোহক ১৪০ মিটাৰ দৰ্ঘ্যৰ, ২৩ মিটাৰ বহল আৰু ১৩.৫ মিটাৰ উচ্ছতাৰ এখন জাহাজ বনাবলৈ আজ্ঞা দিলে। নোহ্ক এই জাহাজ খন কাঠেৰে, তিনিখলপীয়া, বহুতো কোঠা, এখন চাল আৰু এখন খিৰিকিৰে সৈতে নিৰ্ম্মান কৰিবলৈ ক’লে। এই জাহাজ খনে বানপানীৰ সময়ত, নোহ আৰু তেওঁৰ পৰিয়ালৰ লগতে প্ৰত্যক বিধৰ জন্তুৰ সুৰক্ষিত কৰিবলৈ।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-03-04.jpg)
নোহে ঈশ্বৰৰ বাধ্য হ’ল। ঈশ্বৰে কোৱাৰ দৰেই তেওঁ আৰু তেওঁৰ তিনজন পুত্ৰই লগ লাগি এই জাহাজ খন নিৰ্ম্মান কিৰলে। ইয়াক বনাওতে বহু বছৰৰ প্ৰয়োজন হ’ল, কিয়নো ই অতি ডাঙৰ আছিল। নোহে ভৱিষ্যতে হ’ব লগা এই বানপানীৰ বিষয়ে সেই সময়ৰ লোক সকলক কৈ সাৱধান কিৰিছিল আৰু লোক সমূহক ঈশ্বৰলৈ ঘূৰিবৈল কৈছিল, কিন্তু তেওঁলোকে তেওঁক বিশ্বাস নকৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-03-05.jpg)
ঈশ্বৰে নোহ আৰু তেওঁৰ পৰিয়ালক সকলোৰে বাবে সৰহকৈ খোৱা বস্তু গোটাই ৰাখিবলৈ আজ্ঞা দিলে।যেতিয়া সকলো যুগুত হ’ল,তেতিয়া ঈশ্বৰে নোহক ক’লে এতিয়া তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ নিমিত্তে জাহাজত ওঠিবৰ সময় হ’ল। তেওঁলোক সৰ্ব্বমুঠ আঠজন আছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-03-06.jpg)
ঈশ্বৰে সকলো বিধ জন্তু, চৰাই চিৰিকতি মতা আৰু মাইকীকৈ নোহৰ জাহাজলৈ পঠিয়ালে যাতে সেইবোৰ জলপ্লাৱনৰ সময়ত সুৰক্ষিত হয়।তাতে ঈশ্বৰে নিজেই সেই জাহাজৰ দুৱাৰ বন্ধ কিৰলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-03-07.jpg)
তেতিয়া বৰষুণ আৰম্ভ হ’ল আৰু পৃথিৱীৰ ওপৰত দিনে ৰাতিয়ে চিল্লশ দিন চল্লিশ ৰাতি মহাবৃষ্টি হ’ল।পৃথিৱীৰ ওপৰত জল প্ৰৱল হৈ অতিশয় ৰূপে বাঢ়িলত, গোটেই আকাশৰ তলত সমুদায় ওখ পৰ্ব্বতবোৰ তল গ’ল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-03-08.jpg)
শুকান মাটিত থকা আতাই প্ৰাণী অৰ্থাৎ মানুহ, পশু, উৰগ জন্তু, আৰু সকলো আকাশৰ চৰাই লুপ্ত হৈ পৃথিৱীৰ পৰা উচন্ন হ’ল। কিন্তু জহাজৰ ভিতৰৰ সকলো প্ৰাণীৰে প্ৰাণ ৰক্ষা পৰিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-03-09.jpg)
বৰষুণ শেষ হোৱাৰ পাছত, জাহাজ খনে প্ৰায় পাঁচ মাহ উটি থকিল। এই সময়ত বৰষুণ লাহে লাহে কমি আহিবলৈ ল’লে।তেনেদৰে জাহাজ খন এদিন পৰ্ব্বতৰ টিঙত লাগিল, কিন্তু এনে অৱস্থাতো পৃথিৱীখন জলেৰে পৰিপুৰ্ণ হৈ আছিল।তিনিমাহৰ পাছত, পৰ্ব্বতৰ টিং বোৰ দেখা গ’ল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-03-10.jpg)
আৰু চিল্লশ দিনৰ পাছত, নোহে পানী শুকালে লে নে নাই তাকে জানিবলৈ কাউৰি এজনি পিঠয়ালে।তাতে কাউৰি জনীয়ে কতো শুকান ঠাই নাপাই পুণৰ উভিত আহিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-03-11.jpg)
তাৰ পাছত নোহে এটা কপৌ চৰাই পঠিয়ালে। কিন্তু ইয়ো কোনো ধৰণৰ শুকান ঠাই বিচাৰি নাপাই পুণৰ নোহৰ ওচৰলৈ ঘূৰি আহিল। এসপ্তাহৰ পাছত নোহে পুণৰ কপৌ চৰাইটো পঠিয়ালে তাতে ই তাৰ ঠোতট জিত বৃক্ষৰ এটা নতুন পাত আনিলে! পানী ক্ৰমান্নয়ে কমি আহিল, আৰু গছ-বন বোৰ গজিবলৈ আৰম্ভ কৰিলে!
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-03-12.jpg)
নোহে আৰু এক সপ্তাহ অপেক্ষা কৰাৰ পাছত তেওঁ পুণৰ কপৌ চৰাইটোক তৃতীয় বাৰলৈ পঠিয়ালে। এই বাৰ এই চৰাইটোৱে শুকান ঠাই পাই পুণৰ তেওঁৰ ওচৰলৈ উভতি নাহিল। কিয়নো পানী শুকাই পৰিল!
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-03-13.jpg)
দুই মাহৰ পাছত ঈশ্বৰে নোহক ক’লে,“তুমি,তোমাৰ পৰিয়াল আৰু সকলো জন্তুৱে এতিয়া জাহাজৰ পৰা ওলাই যোৱা।তোমাৰ সন্তান আৰু নাতি-পুতিৰে গোটেই জগত পৰিপুৰ্ণ কৰা।”তাতে নোহ আৰু তেওঁৰ পিৰয়ালে জাহাজৰ পৰা নামিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-03-14.jpg)
পাছে নোহে জাহাজৰ পৰা নমাত, যিহোৱাৰ উদ্দেশে এটা যজ্ঞ বেদি নিৰ্ম্মান কৰি, সকলো শুচি পশুৰ আৰু সকলো শুচি পক্ষীৰ পৰাও কেইটামান লৈ সেই বেদিৰ ওপৰত সৎসৰ্গ কৰিলে। তাতে ঈশ্বেৰ তেওঁ আৰু তেওঁৰ পৰিয়ালত সন্তুস্ত হৈ তেওঁলোকক অনেক আশীৰ্ব্বাদ কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-03-15.jpg)
তাতে ঈশ্বৰে ক’লে,মানুহৰ কাৰণে মই ভুমিক কেতিয়াও শাও নিদিওঁ, বা জল প্লাৱনৰ দ্বাৰা ধ্বংশ নকৰো, কাৰণ মানুহৰ মনৰ কল্পনা সৰু কালৰে পৰা মন্দ।”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-03-16.jpg)
তাতে ঈশ্বৰে প্ৰথমবাৰলৈ প্ৰতিজ্ঞা স্বৰূপে মেঘ ধেনু স্থাপন কৰিলে। যেতিয়াই এই মেঘ ধেনু আকাশত ওলাই, ঈশ্বৰে তেওঁৰ সন্তান সকলৰ প্ৰতি কৰা প্ৰতিজ্ঞাৰ কথা স্মৰণ কৰে।
_এক বাইবেলৰ কাহিনী আদিপুস্তক ৬-৮_

41
content/04.md Normal file
View File

@ -0,0 +1,41 @@
# . আব্ৰাহামৰ সৈতে ঈশ্বৰৰ প্ৰতিজ্ঞা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-04-01.jpg)
বানপনীৰ বহু বছৰ পাছত, পৃথিৱী পুণৰ বহু মানুহৰে পৰিপুৰ্ণ হ’ল, আৰু বহু লোকে ঈশ্বৰৰ আৰু ইজনে-সিজনৰ বিৰুদ্ধে কু আচৰণ কৰিলে। কিয়নো তেওঁলোকে একে ভাষা ব্যৱহাৰ কৰিছিল, তেওঁলোকে ঈশ্বৰে দিয়া আজ্ঞা দৰে নকৰি সকলোৱে মিলি এখন নগৰ নিৰ্ম্মাণ কৰিবলৈ ললে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-04-02.jpg)
তেওঁলোক বৰ অহংকাৰী হল, আৰু ঈশ্বৰে তেওঁলোকৰ জীৱনৰ পৰা কি বিচাৰে এই কথাক ভ্ৰূক্ষেপ নকৰি ঈশ্বৰৰ অবাধ্য হ’ল। এনেকি তেওঁলোকে আকাশ লংঘী এক উচ্ছ স্তম্ভ নিৰ্ম্মান কৰিবলৈ আৰম্ভ কৰিছিল। তাকে দেখি ঈশ্বৰে এই কথা ভাবিলে যে, এইদৰেই যদি তেওঁলোকে সকলোৱে মিলি চয়তানৰ কৰ্ম্ম কৰি থাকে তেনেহলে কালক্ৰমত তেওঁলোকে বহুতো পাপ কাৰ্য্যত লিপ্ত হৈ পৰিব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-04-03.jpg)
সেয়েহে ঈশ্বৰে তেওঁলোকৰ ভাষা ভেদ ভেদ কৰিলে আৰু লোক সমূহক পৃথিৱীৰ বিভিন্ন ঠাইত ব্যাপ্ত কৰিলে। যি নগৰক তেওঁলোকে নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিছিল সেই নগৰৰ নাম বাবেল বোলা হ’ল, তাৰ অৰ্থ হ’ল “ বিভ্ৰান্ত”।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-04-04.jpg)
এশ বছৰ মানৰ পাছত, ঈশ্বৰে অব্ৰাম নামৰ এজন লোকক কথা ক’লে, যে, “ তুমি নিজ দেশ, নিজ জাতি কুটুম্ব আৰু নিজ পিতৃৰ ঘৰ ত্যাগ কৰি, যি দেশ মই তোমাক দেখুৱাম, সেই দেশলৈ বলা। আৰু মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম, আৰু ততোমাক আশীৰ্ব্বাদ কৰি তোমাৰ নাম খ্যাতি মন্ত কৰিম, আৰু তুমি আশীৰ্ব্বাদৰ আকৰ হ’বা। যিসকলে তোমাক আশীৰ্ৰব্বাদ কৰে , তেওঁলাকক মই আশীব্বাদ কৰিম, আৰু তোমাক যিকোনোৱে শাও দিয়ে, তাক মই তেওঁলোকক শাও দিম আৰু পৃথিবীৰ সকলো গোষ্টিয়ে তোমাৰ কাৰণেই আশীৰ্ব্বাদ পাব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-04-05.jpg)
অব্ৰামে ঈশ্বৰৰ বাধ্য হ’ল। তেওঁ নিজৰ ভাৰ্য্যা চাৰী আৰু তেওঁৰ সকলো চাকৰ, আৰু তেওঁৰ সকলো বস্তুকে লৈ ঈশ্বৰে আজ্ঞা দিয়া ঠাইলৈ, অৰ্থৎ কানান নামৰ ঠাইলৈ ওলাই গ’ল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-04-06.jpg)
অব্ৰামে যেতিয়া কানান দেশ পাইছিল, ঈশ্বৰে তেওঁক ক’লে, “ তোমাৰ চাৰিওফালে চোৱা, মই এই সকলো ঠাই তোমাক দিম, আৰু তোমাৰ বংশই সদাকাললৈ এই ঠাইক অধিকাৰ কৰিব।
অব্ৰামে সেই ঠাইতে বসবাস কৰিলে৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-04-07.jpg)
তাত মল্কিচেদক নামেৰে এজন সৰ্ব্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল। এদিনাখন অব্ৰামে যেতিয়া যুদ্ধ ক্ষেত্ৰত আছিল, তাতে তেওঁলোক দুজনৰ সাক্ষাত হ’ল। মল্কিচেদকে অব্ৰামক আশীৰ্ব্বাদ কৰিলে আৰু ক’লে, “ স্বৰ্গ আৰু পৃথিৱীৰ অধিকাৰী সৰ্ব্বোপৰি ঈশ্বৰৰ পৰা আব্ৰাম আশীৰ্ব্বাদ প্ৰাপ্ত হওঁক।” অব্ৰামে যুদ্ধত জিকি পোৱা সকলোৰে দহ ভাগৰ এভাগ তেওঁক দিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-04-08.jpg)
বহু বছৰ পাৰ হ’ল, কিন্তু তেতিয়ালৈকে অব্ৰাম আৰু চাৰীৰ কোনো সন্তান নাছিল। ঈশ্বৰে অব্ৰামক প্ৰতিজ্ঞা কৰিছিল যে তেওঁৰ বংশ আকাশৰ তৰাৰ দৰে বহু বংশ হ’ব সেই কথাৰ ওপৰত ভিত্তি কৰি ঈশ্বৰে তেওঁক এক সন্তান দান কৰিব। অব্ৰামেও ঈশ্বৰৰ প্ৰতিজ্ঞাক বিশ্বাস কৰিছিল। ঈশ্বৰে এই কথা ঘোষনা কৰিছিল যে, অব্ৰাম এজন ধাৰ্মিক লোক আছিল কিয়নো তেওঁ ঈশ্বৰৰ প্ৰতিজ্ঞা সমূহক বিশ্বাস কৰিছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-04-09.jpg)
তেতিয়া ঈশ্বৰে আব্ৰামৰ সৈতে এক নিয়ম স্থাপন কৰিলে। সাধাৰণতে এই নিময়টো হৈছে দুয়োতা পক্ষৰ মাজত ইজনে সিজনৰ কাৰনে কৰ্ম্ম কৰাৰ এক চুক্তি। কিন্তু এই ক্ষেত্ৰত, অব্ৰাহমে নিদ্ৰাত থকা অৱস্থাত ঈশ্বৰে তেওঁক এক প্ৰিতজ্ঞা কৰিছিল, য’ত এনে অৱস্থাতো অব্ৰামে ঈশ্বৰে কোৱা কথা শুনিব পাৰিছিল। ঈশ্বৰে তেওঁক ক’লে “ মই তোমাৰ ঔৰসত তোমাক এজন সন্তান দিম, মই তোমাৰ সন্তানবোৰক কানান দেশ প্ৰদান কৰিম।” কিন্তু তেতিয়াও অব্ৰামৰ কোনো সন্তান নহ’ল।
_এক বাইবেলৰ কাহিনী: আদিপুস্তক ১১-১৫_

44
content/05.md Normal file
View File

@ -0,0 +1,44 @@
# ৫. প্ৰতিজ্ঞাৰ সন্তান
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-05-01.jpg)
অব্ৰাম আৰু চাৰীয়ে কানান দেশত প্ৰৱেশ কৰা দহ বছৰৰ পিছতো তেওঁলোকৰ কোনো সন্তান নাছিল। তাতে অব্ৰামৰ ভাযা চাৰীয়ে তেওঁক ক’লে,“‘ মই সন্তান জন্ম দিবলৈ মোৰ অধিক বয়স হ’ল কিন্তু এতিয়ালৈ ঈশ্বৰে আমাক সন্তান এটি দিয়া নাই, এইয়া মোৰ দাসী হাগাৰ তাইক বিয়া কৰক যাতে তেওঁ মোক এটি সন্তান দিব।”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-05-02.jpg)
সেয়ে অব্ৰামে হাগাৰক বিয়া কৰালে। হাগাৰে এটি পুত্ৰ সন্তান জন্ম দিলে আৰু অব্ৰামে তাৰ নাম ইচমাইল থলে। কিন্তু চাৰাই হাগাৰক ঈৰ্ষা কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া ইচমালৰ ১৩ বছৰ হ’ল, ঈশ্বৰে পুণৰ আব্ৰামক কথা কলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-05-03.jpg)
ঈশ্বৰে ক’লে,“ মই সৰ্ব্বশক্তিমান ঈশ্বৰ, মই তোমাৰে সৈতে এক নিয়ম স্থাপন কৰিম। তাতে আব্ৰাহামে মাটিত পৰি আঠু ল’লে। ঈশ্বৰে ইয়াকো ক’লে, “ তুমি বহুতো জাতিৰ পিতৃ হ’বা। মই তোমাৰ সন্তানবোৰক কনান দেশৰ অধিকাৰি কৰিম আৰু মই সদাকাললৈ তেওঁলোকৰ ঈশ্বৰ হ’ম। তুমি তোমাৰ পৰিয়ালৰ প্ৰতিজন পুৰুষক চুন্নত কৰিবা।”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-05-04.jpg)
তোমাৰ ভাৰ্যা চাৰীয়ে এটি পুত্ৰ সন্তান জন্ম দিব। তেওঁ প্ৰতিজ্ঞাৰ সন্তান হ’ব, তেওঁৰ নাম ইচাহাক ৰাখিবা”। মই তেওঁৰে সৈতে এক নিয়ম স্থাপন কৰিম, আৰু তেওঁ এক বৃহৎ জাতি হ’ব। মই ইচমাইলোকো এক বৃহৎ জাতিলৈ পৰিনত কৰিম। কিন্তু মই মোৰ নিয়মটি কেৱল ইচাহাকৰ সৈতে স্থাপন কৰিম।” তাতে ঈশ্বৰে অব্ৰামৰ নাম সলনি কৰি আব্ৰাহাম ৰাখিলে, তাৰ অৰ্থ “ বহুলোকৰ পিতৃ”।তাতে ঈশ্বৰে চাৰীৰ নামো সলনি কৰি চাৰা ৰাখিলে, তাৰ অৰ্থ “ৰাজকুমাৰী।”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-05-05.jpg)
সেই দিনা আব্ৰাহামে তেওঁৰ ঘৰৰ সকলো পুৰুষক চুন্নত কৰালে। প্ৰায় দশ বছৰ পাছত,যেতিয়া আব্ৰাহামৰ বয়স ১০০ বছৰ আৰু চাৰাৰ বয়স ৯০ বছৰ আছিল, তেতিয়া চাৰাই এটি পুত্ৰ সন্তান প্ৰসৱ কৰিলে। তেওঁলোকে ঈশ্বৰে কোৱাৰ দৰে তাৰ নাম ইচাহাক ৰাখিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-05-06.jpg)
যেতিয়া ইচাহাক যুৱক আৱস্থাত আছিল।ঈশ্বৰে আব্ৰাহামৰ বিশ্বাসক পৰীক্ষা কৰিলে, আৰু কলে, “ তোমাৰ সন্তান ইচাহাকক লোৱা আৰু মোৰ নিমিত্তে বলি দিয়া। আব্ৰাহামে পুণৰ ঈশ্বৰৰ বাধ্য হ’ল আৰু তেওঁ একমাত্ৰ সন্তানক বলি দিবৰ বাবে যুগুত হ’ল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-05-07.jpg)
যেতিয়া আব্ৰাহাম আৰু ইচাহাকে খোজ কাঢ়ি বলি দিয়া ঠাইলৈ বুলি গৈ আছিল, তেনেতে ইচাহাকে আব্ৰাহামক শুধিলে,“ বলিৰ বাবে কাঠ যুগুত আছে, কিন্তু মেৰ পোৱালী ক’ত?” তাতে আব্ৰাহামে তেওঁক ক’লে, “মোৰ পুত্ৰ, বলিৰ বাবে মেৰ পোৱালী ঈশ্বৰেই যোগাই দিব,”।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-05-08.jpg)
যেতিয়া তেওঁলোকে বলি দিয়া ঠাই পালেগৈ, আব্ৰাহামে তেওঁৰ সন্তান ইচাহাকক বান্ধিলে আৰু বেদিৰ ওপৰত ৰাখিলে। আব্ৰাবহামে তেওঁৰ সন্তানক বলি দিও দিও অৱস্থাতে ঈশ্বৰে তেওঁক মাত লগালে, “ ৰবা! লৰা জনক আঘাত নকৰিবা! এতিয়া মই জানিলো যে, তুমি মোক ভয় কৰা কিয়নো তুমি তোমাৰ একমাত্ৰ সন্তানকো মোৰ নিমিত্তে আনিলা।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-05-09.jpg)
তাতে আব্ৰাহামে ওচৰতে এটা মটা মেৰছাগ এটা দেখা পাই, ইচাহাকৰ সলনি সেই মটা মেৰছাগ টোক বলি দিলে। আব্ৰাহামে সেই বলি উৎসাৰ্গা কৰি অতিশয় আনন্দিত হ’ল.
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-05-10.jpg)
সেই সময়ত ঈশ্বৰে আব্ৰাহামক ক’লে, “ মই নিজ নামেৰে শপত কৰি কৈছোঁ, তুমি এই কাৰ্য্য কৰা হেতুকে, মই নিশ্চয় তোমাক আশীৰ্ব্বাদ কৰি, আকাশৰ তৰাবোৰ আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে, তোমাৰ বংশ অতিশয় ৰূপে বঢ়াম মই তোমাৰ বংশৰ পৰা ওলোৱা আতাই বংশক আশীৰ্ব্বাদ কৰিম। কিয়নো তুমি মোৰ বাধ্য হ’লা।”
_এক বাইবেলৰ কাহিনী: আদিপুস্তক ১৬-২২_

32
content/06.md Normal file
View File

@ -0,0 +1,32 @@
# ৬. ঈশ্বৰে ইচাহাকৰ বাবে যোগান ধৰে
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-06-01.jpg)
আব্ৰাহামে যেতিয়া বৃদ্ধ অৱস্থা পালে, তেতিয়া তেওঁৰ পুত্ৰ ইচাহাকে ডেকা হ’ল। তাতে আব্ৰাহামে তেওঁৰ দাস এজনক ইচাহাকৰ নিমিত্তে বিয়াৰ বাবে পাত্ৰী বিচাৰী তেওঁৰ পৰিয়ালসকল থকা ঠাইলৈ পিঠয়ালে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-06-02.jpg)
বহু দুৰ যাত্ৰা কৰাৰ অন্তত যি ঠাইত আব্ৰাহামৰ পৰিয়ালসকল বাস কৰিছিল, ঈশ্বৰে আব্ৰাহামৰ দাসক ৰিবেকাৰ ওচৰলৈ পিঠয়ালে। তাই আব্ৰাহামৰ ককায়েকৰ নাতি আছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-06-03.jpg)
ৰিবেকাই তেওঁৰ পৰিয়াল আৰু নিজৰ ঠাই এৰি ইচাহাকৰ ঘৰলৈ যাবলৈ মান্তি হ’ল। তাই ইচাহাকৰ ঘৰ আহি পোৱাৰ লগে লগেই ইচাহাকে তাইৰ সৈতে বিবাহ পাশত আৱদ্ধা হ’ল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-06-04.jpg)
বহু সময়ৰ পাছত,আব্ৰাহামৰ মৃত্যু হ’ল। তাতে ঈশ্বৰে আব্ৰাহামৰ সন্তান ইচাহাকক আশীৰ্ব্বাদ কৰিলে। কিয়নো ঈশ্বৰে আব্ৰাহামৰ সৈতে এক নিয়ম স্থাপন কৰিছিল। সেই নিয়মত ঈশ্বৰে এইদৰে প্ৰতিজ্ঞা কৰিছিল আব্ৰাহমৰ অগনন বংশ হব৷ কিন্তু ইচাহাকৰ পত্নী ৰেবেকাই সন্তান হোৱা নাছিল৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-06-05.jpg)
ইচাহাকে ৰিবেকাৰ বাবে প্ৰাৰ্থনা কৰিছিল, আৰু ঈশ্বৰে তাইৰ গৰ্ভত যঁজা সন্তানৰে আশীৰ্ব্বাদ কৰিলে। দুয়ো সন্তান যেতিয়া ৰিবেকাৰ গৰ্ভত আছিল সেই সময়ত তেওঁলোকে ইজনে সিজনক ঠেলা ঠেলি কৰিছিল, সেইহে ৰিবাকাই তেওঁৰ দৰাচলতে কি হৈছিল সেই কথা ঈশ্বৰক শুধিছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-06-06.jpg)
ঈশ্বৰে ৰিবকাক ক’লে, “ তুমি দুজন সন্তান প্ৰশৱ কৰিবা। তেওঁৰ লোকৰ বংশ দুই ধৰণৰ জাতি হ’ব। কিন্তু তোমাৰ ডাঙৰ সন্তানৰ জাতিতোৱে সৰু সন্তানতোৰ জাতিতোৰ বাধ্য হ’ব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-06-07.jpg)
যেতিয়া ৰিবেকাৰ সন্তান কেইটিৰ জন্ম হ’ল, ডাঙৰ সন্তানতো ৰঙা নোমাল হ’ল, আৰু তেওঁলোকে তেওঁৰ নাম এচৌ থলে। আৰু সৰু সন্তানতো এচৌৰ গোৰোহাত ধৰি ওলাল, আৰু তেওঁলোকে তেওঁৰ নাম যাকোব ৰাখিলে।
_বাইবেলৰ এক কাহিনী: ২৪:১-২৫-২৬_

45
content/07.md Normal file
View File

@ -0,0 +1,45 @@
# . ঈশ্বৰে যাকোবক আৰ্শীৰ্বাদ কৰা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-07-01.jpg)
লৰা দুজন ডাঙৰ হৈ অহাৰ লগে লগে, যাকোবে ঘৰতে থাকি ভাল পাইছিল, কিন্তু এচৌৱে চিকাৰ কৰি ভাল পাইছিল। যাকোব ৰেবিকাৰ অতি প্ৰিয় আছিল। কিন্তু এচৌ ইচাহাকৰ প্ৰিয় আছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-07-02.jpg)
এদিনাখন এচৌৱে চিকাৰৰ পৰা অহাৰ পিছত, তেওঁৰ বৰ ভোক লাগিছিল। তাতে এচৌৱে যাকোবক ক’লে, “ মই বিনয় কৰো তুমি ৰন্ধা কিছু আহাৰ মোক খাবলৈ দিয়া। “ তেতিয়া যাকোবে তেওঁৰ ক’লে, “প্ৰথমতে তুমি প্ৰতিজ্ঞা কৰা যে জ্যেষ্ঠাধিকাৰত তুমি যিসকলো পাবা সেই সকলো মোক দিবা। তাতে এচৌ সকলো তেওঁক দিম বুলি প্ৰতিজ্ঞাবদ্ধ হ’ল। তেতিয়া যাকোবে কিছু আহাৰ দিলে৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-07-03.jpg)
ইচাহাকে এচৌক তেওঁৰ আশীৰ্ব্বাদ দিবলৈ বিচাৰিছিল। কিন্ত তেওঁ সেই আশীৰ্ব্বাদ দিয়াৰ আগতেই ৰেবিকাই যাকোবক এচৌৰ দৰে ভাও দিয়াই এক চলনা কৰিলে। কিয়নো ইচাহাকে বৃদ্ধ হৈ চকুৰ দৃষ্টি শক্তি হেৰুৱাইছিল। তাৰ সুযোগ লৈ যাকোবে এচৌৰ কাপোৰ পৰিধান কৰি, দিঙিত আৰু হাতত ছাগৰ নোম লগালে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-07-04.jpg)
যাকোবে ইচাহাকৰ ওচৰলৈ আহি ক’লে, “ মই এচৌ। মই তোমাৰ ওচৰলৈ আহিছো তোমাৰ পৰা আশীৰ্ব্বাদ লবলৈ।‘‘ এনেকি ছাগৰ নোম আৰু কাপোৰৰ গোন্ধত ইচাহাকে যাকোবকে এচৌ বুলি অনুভৱ কৰি তেওঁ আশীৰ্ব্বাদ কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-07-05.jpg)
এচৌৱে যাকোবক ঘিণ কৰিলে, কিয়নো যাকোবে চলকৰি জেষ্ঠ সনতানৰ জন্মধিকাৰ আৰু আশীৰ্ব্বাদ সমূহক বুদ্ধি কৰি ল’লে।সেয়েহে তেওঁ তেওঁৰ পিতৃ ইচাহাকৰ মৃত্যুৰ পাছত যাকোবক হত্যা কৰিবলৈ মনস্ত কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-07-06.jpg)
কিন্ত ৰেবিকাই এচৌৰ পৰিকল্পনা জানিব পাৰিলে। সেয়েহে ৰেবিকা আৰু ইচাহাকে যাোকবক দুৰণিত থকা তেওঁলোকৰ পৰিয়াল বোৰৰ ওচৰলৈ পাঠাই দিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-07-07.jpg)
যাকোবে ৰিবেকাৰ পৰিয়ালৰ সৈতে বহু বছৰ কটালে। সেই সময়তে তেওঁ বিয়া কৰিল আৰু তেওঁৰ বাৰ জন পুত্ৰ আৰু এজনী ছোৱালী হ’ল। ঈশ্বৰে তেওঁক ঐশ্বৰ্য্যবান কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-07-08.jpg)
বাৰ বছৰ কানান দেশৰ নিজ ঘৰৰ পৰা আতৰত থাকি, যাকোবে তেওঁৰ পৰিয়াল, তেওঁৰ দাস, পোহনীয়া জন্তুৰে সৈতে পুণৰ ঘৰলৈ আহিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-07-09.jpg)
যাকোবে সেই সময়তো এচৌৱে তেওঁক
হত্যা কৰিব বুলি শংকাকূল হৈ আছিল।সেয়েহে তেওঁ এচৌলৈ বুলি বহুতো পোহনীয়া জন্তু উপহাৰ স্বৰূপে আগবঢ়ালে। যি গৰাকী দাসে এচৌক এই সকলোবোৰ আনি দিছিল তেওঁ এচৌক ক’লে, “ আপোনাৰ দাস যাকোবে এই সকলোবোৰ আপোনাক দিছে, আৰু তেওঁ আহি আছে।”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-07-10.jpg)
কিন্তু এচৌৱে সেই সময়লৈকে যাকোবৰ প্ৰতি থকা সকলো ক্ৰোধ সামৰিলে আৰু তেওঁক হানি কৰিবলৈ মন নকৰিলে। বৰঞ্চ তেওঁ যাকোবক দেখি আনিন্দত হ’ল। তাতে যাকোবে আনন্দেৰে কানান দেশত বাস কৰিবলৈ ল’লে। কিছুসমৰ পাছত ইচাহাকৰ মৃত্যু হ’ল, যাকোব আৰু এচৌৱে তেওঁক মৈদাম দিলে। যি নিয়মটি ঈশ্বৰে আব্ৰাহামৰ সৈতে স্থাপন কৰিছিল সেই নিয়ম এতিয়া ইচাহাকৰ পৰা যাকোবলৈ আহিল।
_এক বাইবেলৰ কাহিনী: আদিপুস্তক ২৫:২৭-৩৫:২৯_

64
content/08.md Normal file
View File

@ -0,0 +1,64 @@
# ৮. ঈশ্বৰে যোচেফ আৰু তেওঁৰ পৰিয়ালক ৰক্ষা কৰা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-08-01.jpg)
বহু বছৰৰ পাছত, যি সময়ত যাকোব এজন বৃদ্ধ লোকত পৰিণত হ’ল, তেনে অৱস্থাত তেওঁ তেওঁৰ প্ৰিয় পুত্ৰ যোচেফক ককায়েক হতক চাবলৈ মেৰ বিলাক চৰোৱা ঠাইলৈ পিঠয়ালে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-08-02.jpg)
যোচেফৰ ককায়েক কেইজনে তেওঁক ঘৃণা কৰিছিল কিয়নো তেওঁলোকৰ পিতৃ যাকোবে যোচেফক অতিকৈ প্ৰেম কৰিছিল আৰু একে সময়তে যোচেফে তেওঁলোকৰ ওপৰত শাসক হোৱাৰ এটা সপোন দেখিছিল। যোচেফ যেতিয়া তেওঁলোকৰ ওচৰলৈ আহিছিল তেওঁলোকে তেওঁক অপহৰণ কৰি দাস হিচাপে কিছুমান দাস বেপাৰীক বিক্ৰি কৰি দিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-08-03.jpg)
যোচেফৰ ককায়েক হ’তে ঘৰলৈ ঘূৰি অহাৰ সময়ত , তেওঁলোকে যোচেফৰ কাপোৰ ফালি ছাগলীৰ তেজত বুৰালে । তাতে তেওঁলোকে সেই কাপোৰ খন তেওঁৰ বাবেকক দেখুৱালে আৰু তেওঁলোকৰ বাপেকে ভাবিলে যে যোচেফক বনৰীয়া জন্তুৱে আক্ৰমন কিৰ মাৰিলে । যাকোব বৰ দুখী হল৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-08-04.jpg)
দাস বেপাৰী সকলে যোচেফক মিচৰলৈ লৈ গ’ল । মিচৰ এখন শক্তিশালী ৰাষ্ট্ৰ আছিল আৰু নীল নদীৰ কাষত অৱস্থিত আছিল। দাস বেপাৰী সকলে যোচেফক দাস হিচাপে এজন ধনি চৰকাৰি বিষয়া এজনক বেচিলেগৈ । যোচেফে ভলদৰে তেওঁৰ গৰাকিৰ পৰিচৰ্য্যা কৰিলে আৰু ঈশ্বৰেওঁ যোচেফক আশীৰ্ব্বাদ কৰিলে৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-08-05.jpg)
তেওঁৰ মালিকৰ ভাৰ্য্যাই যোচেফৰ সৈতে শয়ন কৰিবলৈ চেষ্টা কিৰছিল, কিন্তু যোচেফে তাইৰ সৈতে মান্তি নহল আৰু ঈশ্বৰৰ বিৰুদ্ধে পাপ নকৰিলে। তাতে তাই যোচেফক মিছা অভিযোগ দি জেললৈ প্ৰেৰণ কৰিলে। তেনে অৱস্থাতো যোচেফে ঈশ্বৰৰ বিশ্বাসী হৈ থাকিল, আৰু ঈশ্বৰে তেওঁৰ আশীৰ্বাদ কৰিলে ।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-08-06.jpg)
দুই বছৰৰ পিছত, তেতিয়াওঁ যোচেফে জেলতে আছিল, যদিওঁ তেওঁৰ কোনো দোষ নাছিল। এদিনাখন, ফৌৰণে, যাক মিচৰীয়া সকলে ৰজা বুলি মাতিছিল , তেওঁ দুটা সপোন দেখিছিল , আৰু সেই সপোন কেইটাই তেওঁক অতিকৈ আমনি কৰিছিল। তেওঁৰ কোনো এজন উপদেষ্টাইও এই সপোন কেইটাৰ ফলিতা দিব পৰা নাছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-08-07.jpg)
ঈশ্বৰে যোচেফক সপোনাৰ ফলিতা কবৰ বাবে বৰ দিছিল , তাতে ফৌৰণে যোচেফক বন্দীশালৰ পৰা মাতি পঠালে। তাতে যোচেফে তেওঁৰ সপোনৰ অৰ্থ তেওঁৰ আগত কলে আৰু ইয়াকো কলে যে, ঈশ্বৰে সেই দেশলৈ সাতবছৰলৈ সু্ন্দৰ শষ্য দান কৰিব , তাৰ পিছতেই সাত বছৰ ধৰি সেই দেশত আকাল হ’ব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-08-08.jpg)
ফৌৰণে সেই ফলিতা পাই যোচেফত অতি সন্তুস্ট হ’ল আৰু তেওঁক ইজিপ্তৰ দ্বীতিয় জন শক্তিসালী মানুহ হিচাপে নিয়োগ কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-08-09.jpg)
যোচেফে লোক সমূহক সুন্দৰ শষ্য হোৱাৰ সাত বছৰ কালত বহু দিনৰ বাবে খাদ্য সামগ্ৰী সঞ্চয় কৰি ৰাখিবলৈ কৈছিল। যেতিয়া দেশত সাত বছৰ কাল আকাল হ’ল তেনে অৱস্থাত তেওঁ আন লোক সকলক খাদ্য সামগ্ৰী সমূহ বিক্ৰি কৰিলে আৰু তেওঁ লোকৰ বাবে যাথেষ্ট খাদ্য মজুত থাকিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-08-10.jpg)
সেই আকাল অতিকৈ ভয়ানক আছিল আৰু কেৱল মিচৰেই নহয়, কিন্তু ই যাকোব আৰু তেওঁৰ পৰিয়ালে বাস কৰা কানান দেশতো বিয়পি পৰিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-08-11.jpg)
সেয়েহে যাকোবে তেওঁৰ সকলোতকৈ ডাঙৰ পু্ত্ৰ সকলক ইজিপ্তলৈ খাদ্য ক্ৰয় কৰিবলৈ পিঠয়ালে। যেতিয়া যোচেফে তেওঁৰ ককায়েক বিলাকৰ সন্মূখত খাদ্য বিক্ৰি কৰিবলৈ থিয় দি আছিল তেওঁলোকে যোচেফক চিনি নাপালে। কিন্তু যোচেফে তেওঁলোকক চিনি পালে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-08-12.jpg)
তেওঁৰ ককায়েক সকল পৰিবৰ্তণ হ’ল নে নাই তাক পৰিক্ষা কৰি জনাৰ পাছত, যোচেফে তেওঁলোকক ক’লে, মই তোমালোকৰ ভাই, যোচেফ! ভয় নকৰিবা। তোমালোকে মোৰ হানি হোৱাৰ উদ্দেশে দাস হিচাপে বিক্ৰি কৰিছিলা , কিন্তু তোমালোকে যিহকে মোৰ বাবে বেয়া কৰিলা ঈশ্বৰে মোৰ বাবে তাকে উত্তম কৰিলে! আহা আৰু ইজিপ্তত বাস কৰাহি, যাতে মই তোমাক আৰু তোমাৰ পৰিয়ালক যোগান ধৰিব পাৰো।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-08-13.jpg)
যেতিয়া যোচেফৰ ককায়েক সকলে নিজ ঘৰলৈ উলতি গ’ল, তেওঁলোকে সকলো কথা বাপেকক বৰ্ণাই কলে যে, যোচেফ জীৱিত আছে, সেই কথা শুনি যাকোবে অতিশয় আনন্দিত হ’ল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-08-14.jpg)
যিদও যাকোব বৃদ্ধ হৈছিল, তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে ইজিপ্তলৈ গ’ল, আৰু তেওঁলোকে তাত বস-বাস কৰিলে। যাকোবৰ মৃত্যুৰ আগত, তেওঁ প্ৰতিজন সন্তানক আশীৰ্বাদ কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-08-15.jpg)
যিটো নিয়মৰ প্ৰতিজ্ঞা ঈশ্বৰে আব্ৰাহামক দিছিল সেই নিয়ম ইচাহাকলৈ আহিল, তাৰ পিছত যাকোবলৈ আৰু তাৰ পিছত যাকোবৰ বাৰ জন পুতেকলৈ আৰু তেওঁলোকৰ পৰিয়ালবোৰলৈ। সেই বাৰ জনৰ পৰাই ইস্ৰায়েল বাৰটা ফৈদৰ উৎপতি হ’ল।
_এক বাইবেলৰ কাহিনী: আদিপুস্তক ৩৭-৫_

64
content/09.md Normal file
View File

@ -0,0 +1,64 @@
# ৯. ঈশ্বৰে মোচিক আহ্বান কৰা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-09-01.jpg)
যোচেফৰ মৃত্যুৰ পিছত, তেওঁৰ সকলো পৰিয়ালে ইজিপ্তত থাকিবলৈ ল’লে। তেওঁলোকে তাত বহু বছৰ বস-বাস কৰিল আৰু তেওঁলোকৰ বহুতো সন্তান সন্ততি হ’ল। তেওঁলোকক ইস্ৰায়েলিয়া বুলি মতা হ’ল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-09-02.jpg)
বহু বছৰ পাছত, ইস্ৰায়েলিয়া লোক সকলৰ সংখ্যা ক্ৰমাত বৃদ্ধি পাবলৈ ধৰিল। সেই সময়লৈকে ইজিপ্তৰ লোক সকলেও যোচেফৰ উপকাৰবোৰ পাহৰিলে। তেওঁলোকে ইস্ৰায়েলিয়াবোৰৰ সংখ্যা বৃদ্ধি পোৱা দেখি শংকিত হৈ পৰিল। সেয়েহে, সেই সময়ৰ শাসনকৰ্ত্তা ফৌৰণে ইস্ৰায়েলিয়া সকলক ইজিপ্তৰ দাস বনালে৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-09-03.jpg)
ইজিপ্তৰ লোক সকলে বল প্ৰয়োগ কৰি ইস্ৰায়েলিয়া সকলক, বহু অত্তালিকা আৰু নগৰবোৰ নিমান কৰা কাৰ্য্যত ব্যৱহাৰ কৰিলে। সেই কঠোৰ কামবোৰে তেওঁলোকক দুৰদশা গ্ৰস্ত কৰি পোলালে, কিন্তু ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰিলে আৰু তেওঁলোকে অনেক সন্তান সন্ততি লাভ কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-09-04.jpg)
ফৌৰণে ইস্ৰায়েলিয়াবোৰৰ বহুতো সন্তান- সন্ততি হোৱা দেখি, তেওঁৰ লোক সকলক ইস্ৰায়েলিয়াবোৰৰ লৰা সন্তানবোৰক নীল নদীত পেলাই মাৰিবলৈ আদেশ দিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-09-05.jpg)
এক নিশ্চিত ইস্ৰায়েলিয়া মহিলা এগৰাকীয়ে এটা লৰা সন্তান জন্ম দিলে। তেওঁ আৰু তেওঁৰ স্বামীয়ে সেই লৰাটোক যিমান দিন পাৰে সিমান দিনলৈকে লুকুৱাই ৰাখিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-09-06.jpg)
যেতিয়া সেই সন্তানটিৰ পিতৃ মাতৃয়ে তাক আৰু লুকুৱাবলৈ অসমৰ্থ হৈ পৰিল, তেতিয়া তেওঁলোকে পানীত ওপঙি থাকিব পৰা এটা পাচিত ভৰাই তাক নীল নদীৰ কাষত নলনীত থলেগৈ, যাতে সেই সন্তানটোৱে ৰক্ষা পায়। আৰু তাৰ ডাঙৰ বায়েকে তাক দূৰৈৰ পৰা মনে মনে চাই থাকিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-09-07.jpg)
সেই সময়ত ফৌৰণৰ এগৰাকী জীয়েকে নদীত উটি অহা সেই পাচি দেখা পাই তাক চালে আৰু যেতিয়া তাই সেই পাচিটোৰ ভিতৰত এটা শিশু দেখা পালে, তাই তাক নিজৰ কৰিবলৈ লৈ গ’ল। তাই তাক লালন পালন কৰিবলৈ এগৰাকী ইস্ৰায়েলিয়া মহিলাক ৰাখিলে আৰু এই কথা নাজানিলে যে সেই গৰাকীয়েই প্ৰকৃততে শিশুটিৰ মাক আছিল। সেই সৰু শিশুটি যেতিয়াই মাকৰ পিয়াহ নোখেৱাকৈ থাকিব পৰা বয়স হ’ল সেই সময়ত সেই ধাত্ৰী গৰাকীয়ে তাক ফৌৰণৰ জীয়েকক ওভটাই দিলে, তাই তাৰ নাম মোচি থলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-09-08.jpg)
এদিনাখন, মোচি যেতিয়া ডাঙৰ হ’ল, তেওঁ দেখিলে যে এগৰাকী ইজিপ্ত দেশৰ ব্যক্তিয়ে এজন ইস্ৰায়েলিয়া ব্যক্তিক মাৰি আছে। সেই সময়ত মোচিয়ে সেই ইস্ৰায়েলিয়া ব্যক্তিজনক ৰক্ষা কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-09-09.jpg)
মোচিয়ে কোনো লোকে তেওঁক দেখা নাই বুলি ভাবি, তেওঁ সেই ইজিপ্তৰ ব্যক্তি জনক হত্যা কৰিলে আৰু তাক পুতি ৰাখিলে। কিন্তু তেনে অৱস্থাতো মোচক সেই কৰ্ম কৰা এজন লোকে দেখা পালে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-09-10.jpg)
অৱশেষত মোচিৰ সেই কৰ্মৰ বিষয়ে ফৌৰণেও জানিব পাৰিলে। তেওঁ মোচিক মাৰিবলৈ চেষ্টা কৰিলে, কিন্তু মোচিয়ে তাকে জানি ইজিপ্তৰ পৰা পলাই গ’ল। ফৌৰণৰ সৈন্য বিলাকে মোচিক বিচাৰি উলিয়াব নোৱাৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-09-11.jpg)
মোচিয়ে ইজিপ্তৰ পৰা বহু দূৰৈলৈ গৈ মৰুপ্ৰান্তত মেৰছগ ৰখীয়া হ’ল। তেওঁ সেই ঠাইৰ এগৰাকী মহিলাক বিয়া কৰালে আৰু তেওঁলোকৰ দুজন সন্তান হ’ল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-09-12.jpg)
মোচিয়ে তেওঁৰ শহুৰেৰ ঘৰৰ মেৰবোৰৰ ৰখীয়া কাম কৰিলে। এদিনাখন, তেওঁ এজোপা গছ জলি থকা দেখা পালে, কিন্তু সেই গছজোপা জলি ভস্ম হোৱা নছিল। তেওঁ সেই গছজোপাৰ ওচৰৰ পৰা চাবলৈ গ’ল। যেতিয়া তেওঁ সেই ঠাইৰ অতি ওচৰ পালেগৈ, ঈশ্বৰে তেওঁক ক’লে, মোচি, তোমাৰ ভৰিৰ পাদুকা খোলা, কিয়নো তুমি যি ঠাইত থিয় হৈ আছা সেই ঠাই পবিত্ৰ।’’
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-09-13.jpg)
ঈশ্বৰে আৰু ক’লে, মই মোৰ লোক সকলক অনেক যাতনা পোৱা দেখা পালো। মই তোমাক ফৌৰণৰ ওচৰলৈ পঠিয়াম যাতে তুমি ইস্ৰায়েলিয়া সকলক ইজিপ্ত দেশৰ বন্দি অৱস্থাৰ পৰা ঘূৰাই আনিব পাৰা। মই তেওঁলোকক কানান দেশ দিম, যি ঠাইৰ বিষয়ে মই আব্ৰাহাম, ইচাহাক আৰু যাকোবক প্ৰতিজ্ঞা কৰিছিলো।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-09-14.jpg)
মোচিয়ে সুধিলে, মোক কোনে পঠিয়ালে এই বুলি মানুহে যদি মোক সোধে মই কি উত্তৰ দিম? ঈশ্বৰে ক’লে, মই আছোঁ জনা”। ‘তেওঁলোকক কবা ময়েই সেইজন, যি জনে তোমাক পঠিয়ালে। তেওঁলোকক ইয়াকো ক’বা যে, মই যিহোৱা, তোমালোকৰ ওপৰ পিতৃ আব্ৰাহাম, ইচাহাক আৰু যাকোবৰ ঈশ্বৰ। এইটো মোৰ নাম মই সব্বকালৰ ঈশ্বৰ।’’
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-09-15.jpg)
মোচিয়ে ফৌৰণৰ ওচৰলৈ যাবলৈ ভয় কৰিলে কিয়নো তেওঁ ভালদৰে কথা ক’ব নোৱাৰিছিল, সেয়েহে ঈশ্বৰে মোচিক সহায় কৰিবলৈ মোচিৰ ভায়েক এজনক পঠিয়ালে।
_এক বাইবেলৰ কাহিনী: যাত্ৰাপুস্তক ১-_

52
content/10.md Normal file
View File

@ -0,0 +1,52 @@
# ১০. দহটা উৎপাত
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-10-01.jpg)
ঈশ্বৰে মোচি আৰু হাৰোনক ফৌৰণ যে আঁকোৰগোজ প্ৰবৃত্তিৰ লোক সেই বিষয়ে সাৱধান কৰিছিল। যেতিয়া তেওঁলোকে ফৌৰণৰ ওচৰলৈ গৈছিল, তেতিয়া তেওঁলোকে কলে, ইস্ৰায়েলৰ ঈশ্বৰে ইয়াকে কৈছে, মোৰ সমূহক ইয়াৰ পৰা যাবলৈ দিয়া।’’ কিন্তু ফৌৰণে তেওঁলোকৰ কথাত মান্তি নহ’ল। তাকে শুনি ফৌৰণে ইস্ৰায়েল লোক বিলাকক মুকিল কৰাৰ সলনি তেওঁলোকক বলপূৰ্ব্বক অধিক টান কামত খতোৱালে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-10-02.jpg)
ফৌৰণে কিন্ত সেইদেৰ লোক সকলক মুকলি কৰাৰ কথাত অমান্তি হয়েই থাকিল, সেয়েহে, ঈশ্বৰে ইজিপ্তলৈ দশটা ভয়ানক মহামাৰী পিঠয়ালে। সেই মহামাৰীৰ যোগে ফৌৰণক দেখোৱালে যে ঈশ্বৰ ফৌৰনতকৈ আৰু ইজিপ্তৰ সকলো দেৱতাত কৈ অধিক শক্তিশালী৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-10-03.jpg)
ঈশ্বৰে নীল নদীখনৰ পানী তেজলৈ ৰূপান্তৰিত কৰিল, এনে কৰা পিছতো ফৌৰণে ঈশ্বৰৰ লোক সকলক মুকিল নকৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-10-04.jpg)
সেয়েহে ঈশ্বৰে গোটেই ইজিপ্তলৈ বেং পঠিয়ালে। ফৌৰণে সেই বেংবোৰ আতাৰাই পিঠায়াবলৈ মোচিক কাতৰোক্তি কৰিলে। তাতে সকলো বেং মৰি নাইকিয়া হ’ল, কিন্তু ফৌৰণে তেওঁৰ মন অধিক কঠিন কৰিলে আৰু ইস্ৰায়েল লোক সকলক যাবলৈ নিদিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-10-05.jpg)
সেয়েহে ঈশ্বৰে ধুলি উকনি পঠিয়ালে। তাৰ পিঠত তেওঁ ডাঁহ মাখি পঠিয়ালে। তাতে ফৌৰণে মোচি আৰু হাৰোণক মাতি তেওঁলোকক সেই উৎপাত সমূহ আতৰাবলৈ কাকোতি কৰিলে, এইবাৰ এনে লাগিল ফৌৰণে লোক সকলক ইজিপ্তৰ পৰা যাবলৈ দিব। কিন্তু ফৌৰণে পুণৰ তেওঁৰ মন কঠিন কৰিলে আৰু লোক সকলক যাবলৈ দিবৰ বাবে অমান্তি হ’ল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-10-06.jpg)
তাৰ পিছত, ঈশ্বৰে ইজিপ্তৰ লোক সকলৰ সকলো ঘৰচীয়া পশু বিলাকক মাহামাৰীত মাৰিলে। তেনে অৱস্থাতো ফৌৰণে নিজৰ মন কঠিন কিৰ ৰাখিল আৰু লোক সকলক যাবলৈ নিদিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-10-07.jpg)
তাতে ঈশ্বৰে মোচিক ক’লে, ফৌৰণৰ সন্মোখতে আকাশলৈ চাই উৰোৱা। যেতিয়া তেওঁ সেই কাৰ্য কৰিলে, সেই সময়ৰ পৰাই ইজিপ্তৰ লোক সকলৰ গাত বিষাক্ত ফোৰা উলাল, কিন্তু সেই ফোৰা ইস্ৰায়েল লোক সকলৰ গাত নাছিল। ঈশ্বৰে ফৌৰণৰ মন কঠিন কৰালে আৰু ফৌৰণে পুণৰ লোক সকলক ইজিপ্তৰ পৰা উলাই যাবলৈ নিদিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-10-08.jpg)
তাৰ পিছত, ঈশ্বৰে সকলো শষ্য আৰু ঘৰৰ বাহিৰত থকা লোক সকলক মাৰিবলৈ শিলাবৃষ্টি আনিলে। তাতে ফৌৰণে মোচি আৰু হাৰোনক মাতি তেওঁলোকক ক’লে, মই পাপ কৰিলো। তোমালোক এতিয়া ইজিপ্ত এৰি যাব পাৰা।’’ সেই কথা শুনি মোচিয়ে প্ৰাৰ্থনা কৰিলে আৰু আকাশৰ পৰা সেই শিলাবৃষ্টি নাহোৱা হ’ল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-10-09.jpg)
কিন্তু ফৌৰণে পুণৰ পাপত পিতত হ’ল আৰু মন কঠিন কৰিলে। তেওঁ লোক সকলক যাবলৈ নিদিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-10-10.jpg)
সেইবাবে এইবাৰ ঈশ্বৰে ইজিপ্তলৈ কাকতী ফৰিংবোৰ পিঠয়ালে। সেই ফৰিংবোৰে ইজিপ্তৰ সকলো শষ্যবোৰ খাই নি:শেষ কৰিলে যিবোৰ শিলাবৃষ্টিৰ মাৰিব পৰা নাছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-10-11.jpg)
তাতে ঈশ্বৰে মিচৰলৈ তিনিদিনৰ বাবে ঘোৰ অন্ধাকাৰ পঠিয়ালে। এই অন্ধকাৰ ইমানেই গিভৰ আছিল যে, লোক সমূহে নিজৰ ঘৰৰ পৰা বাহিৰ ওলাবলৈ নোৱাৰিলে। কিন্ত যি ঠাইত ইস্ৰায়েল জাতি বাস কিৰছিল সেই ঠাইত পোহৰ আছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-10-12.jpg)
এই ন টা উৎপাতৰ পিছতো, ফৌৰণে ইস্ৰায়েলৰ লোক সকলক মিচৰৰ পৰা ওলাই আহিবলৈ নিদিলে। যিহেতু ফৌৰণে কোনো কাৰণতে লোক সকলক মিচৰৰ পৰা পঠওৱাত মান্তি নহ’ল, তেনেত ঈশ্বৰ এটা শেষ মহামাৰী তেওঁলোকলৈ পঠিয়াবলৈ মনস্ত কৰিলে। এই উৎপাতোৱে হয়তো ফৌৰণৰ মন সলনী কৰিব।
_এক বাইবেলৰ কাহিনী: যাত্ৰাপুস্তক ৫-১_

36
content/11.md Normal file
View File

@ -0,0 +1,36 @@
# ১১. নিস্তাৰ পৰ্ব্ব
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-11-01.jpg)
ঈশ্বৰে মোচি আৰু হাৰোনক ফৌৰণৰ ওচৰলৈ গৈ এই কথা কোৱালে যে, ইস্ৰায়েল লোক সকলক মিচৰৰ পৰা যাবলৈ দিয়া। তেওঁলোকে ইয়াকো ক’লে যে, যদি এই কথাত এইবাৰো অমান্তি হয়, তেন্তে ঈশ্বৰে মিচৰৰ লোক সকলৰ সকলো প্ৰথমে জন্মা লৰা বা পশুবোৰ মাৰিব। ফৌৰণে কিন্তু এই কথা বিশ্বাস নকৰিলে আৰু ঈশ্বৰৰ বাধ্য নহল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-11-02.jpg)
ঈশ্বৰে যি সকলে তেওঁক বিশ্বাস কৰে সেই সকলক এই উৎপাতৰ পৰা সাৰিবলৈ উপায় প্ৰদান কৰিলে। এই উপায় হ’ল প্ৰতিটো পৰিয়ালে এটা নিখুত মেৰ মাৰিব লাগে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-11-03.jpg)
ঈশ্বৰে সেই মেৰৰ তেজ ইস্ৰায়েল লোক সমূহৰ ঘৰৰ দুৱাৰৰ চৌকাঠত লগাবলৈ ক’লে। আৰু সেই মাংস পুৰি, তাক অতি সোনকালে খমিৰ নিদয়া পিঠাৰ সৈতে খাবলৈ ঈশ্বৰে আজ্ঞা কৰিলে। তেওঁ আৰু কলে, সেই আহাৰ খোৱাৰ পিছতে শীঘ্ৰে তেওঁলোকে মিচৰ দেশ এৰি যাবলৈ প্ৰস্ত্তত হৈ থাকিব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-11-04.jpg)
ইস্ৰায়েলৰ লোক সকলে ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই সকলো কৰিলে। ৰাতিৰ মাজভাগত, ঈশ্বৰে মিচৰৰ সকলো প্ৰথমে জন্মা লৰা সন্তান বিলাকক মাৰি নিশেষ কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-11-05.jpg)
যিহেতু, ইস্ৰায়েলৰ লোক সকলৰ ঘৰৰ চৌকাঠ বোৰত তেজ লাগি আছিল, সেয়েহ ঈশ্বৰে সেই ঘৰ বোৰৰ ওপৰেদি পাৰ হৈ গ’ল। আৰু লোক সকলে ঘৰৰ ভিতৰত থাকি ৰক্ষা পালে৷ তেওঁলোকে ৰক্ষা পালে কেৱল মেৰৰ তেজৰ বাবেহে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-11-06.jpg)
কিন্তু মিচৰৰ লোক সকলে ঈশ্বৰত বিশ্বাস নকিৰলে বা ঈশ্বৰৰ বাধ্য নহ’ল। সেয়েহে ঈশ্বৰে তেওঁলোকৰ ঘৰৰ এৰি নগ’ল। ঈশ্বৰে মিচৰৰ লোক সকলৰ প্ৰথমে জন্মা সকলো লৰা সন্তানক মাৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-11-07.jpg)
মিচৰৰ সকলো প্ৰথমে জন্মা লৰাবোৰ মৰিল, সেয়েহে সকলো ঠাইতে ইজিপ্তৰ লোক সকলে শোকত ম্ৰিয়মান হৈ ইনাই-বিনাই ক্ৰন্দন কৰি থাকিল ।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-11-08.jpg)
সেই একেই ৰাতিয়ে, ফৌৰণে মোচি আৰু হাৰোনক মাতি ক’লে, ইস্ৰায়েল জাতিক লৈ ইজিপ্তৰ পৰা অতি শীঘ্ৰে যোৱা” একেদৰে ইজিপ্তৰ লোক সকলেও ইস্ৰায়েল লোক সকলক তৎক্ষনাত মিচৰৰ এৰি যাবলৈ নিবেদন কৰিলে।
_এক বাইবেলৰ কাহিনী: যাত্ৰাপুস্তক ১১:১-১২:৩২_

60
content/12.md Normal file
View File

@ -0,0 +1,60 @@
# ১২. যাত্ৰা কৰা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-12-01.jpg)
ইস্ৰায়েলিয়া সকলে মিচৰৰ দেশ ত্যাগ কৰি অতিশয় আনন্দিত হৈছিল। কিয়নো তেওঁলোকে এতিয়াৰ পৰা দাস নহয় আৰু এতিয়া তেওঁলোকে প্ৰতিজ্ঞাৰ দেশলৈ যাত্ৰা কৰিছে! ইজিপ্তৰ লোক সকলে তেওঁলোকে বিচৰা সোন, ৰূপ আৰু অনেক বহুমূলীয়া বস্তু ইস্ৰায়েলিয়া সকলক দিলে। বহুতো আন দেশৰ লোকেও তেওঁলোকৰ সৈতে ঈশ্বৰক বিশ্বাস কৰি ইজিপ্ত দেশ ত্যাগ কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-12-02.jpg)
দিনৰ সময়ত এক ডাঙৰ ডাৱৰৰ ছপৰা তেওঁলোকৰ পিছে পিছে গ’ল। এনেকি ৰাতিও ই জুই স্তম্ভ হৈ তেওঁলোকক পোহৰ দিলে। ঈশ্বৰ,যি জনে জুই আৰু ডাৱৰৰ স্তম্ভ হৈ তেওঁলোকৰ যাত্ৰাত সদায় তেওঁলোকক পৰিচালনা কৰিছিল। তেওঁলোকে কেৱল তাক অনুসৰণ কৰি আগবাঢি়ব লাগিছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-12-03.jpg)
কিছু সময়ৰ পাছত, ফৌৰণ আৰু তেওঁৰ লোক সকলে তেওঁলোকৰ মন সলনি কৰিলে। পুণৰ তেওঁলোকে ইস্ৰায়েল জাতিক তেওঁলোকৰ দাস কৰিবলৈ ইচ্ছা কৰিলে। সেয়েহে তেওঁলোকে ইস্ৰায়েল জাতিৰ পিছত সৈন্য সামন্ত পঠিয়ালে। তেওঁলোকক খেদি যোৱা কাৰ্য্য ঈশ্বৰেই কৰোৱাইছিল, কাৰণ তেওঁ দেখুৱাব বিছাৰিলে যে, তেওঁৱেই সেই একমাত্ৰ যিহোৱা, যিজন ফৌৰণ আৰু ইজিপ্তৰ আন আন দেৱতাতকৈ অনেক গুনে মহান ।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-12-04.jpg)
ইস্ৰায়েলৰ লোক সকলে যেতিয়া ইজিপ্তৰ লোক সকলে তেওঁলোকক খেদি অহা দেখিলে, তেওঁলোকে ইজিপ্তৰ সৈন্য আৰু চূফ সাগৰৰ মাজতে নিজেক ফান্দত পৰা যেন অনুভৱ কৰি শংকাকূল হ’ল। তেওঁলোকে এনেকি ভয়তে ক্ৰন্দন কৰিবলৈ ধৰিলে, আমি কিয় মিচৰ এৰিলো? আমি এতিয়া মৰিম!
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-12-05.jpg)
মোচিয়ে তেওঁলোকক ক’লে, তোমালোকে ভয় নকৰিবা! ঈশ্বৰে আজি তোমালোকৰ হৈ যুদ্ধ কৰিব আৰু তোমালোকে ৰক্ষা পাবা।’’ তাতে ঈশ্বৰে মোচিক ক’লে, পুফ সাগৰৰ দিশে লোক সমূহক আগবাঢি়বলৈ দিয়া।’’
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-12-06.jpg)
তাতে ঈশ্বৰে ডাৱৰৰ টুকুৰা ইস্ৰায়েল লোক সকল আৰু ইজিপ্তৰ সৈন্য সকলৰ মাজলৈ আনিলে, যাতে তেওঁলোকে ইস্ৰায়েলৰ লোক সকলক দেখি নাপায়|
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-12-07.jpg)
ঈশ্বৰে মোচিক তেওঁৰ হাত ডাঙি চূফ সাগৰৰ ওপৰৰ দিশে কৰিবলৈ ক’লে। তাতে ঈশ্বৰে বৰ এজাক বতাহ বলাই সাগৰৰ পানী দুফাল কৰিলে। ক্ৰমাত সেয়ে তেওঁলোকৰ বাবে পথ স্বৰপ হ’ল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-12-08.jpg)
পাছে ইস্ৰায়েলৰ লোক সকলে দুয়ো কাষে সাগৰৰ পানীৰ মাজৰ শুকান পথৰে গতি কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-12-09.jpg)
তাতে ঈশ্বৰে সেই ডাৱৰ ইজিপ্তৰ সৈন্য বিলাকৰ আগৰ পৰা গুচালত তেওঁলোকে ইস্ৰায়েল লোক সকলক পলোৱা দেখা পালে। ইজিপ্তৰ সৈন্য সকলেও তেওঁলোকৰ পিছত খেদি গ’ল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-12-10.jpg)
তেওঁলোকে ইস্ৰায়েল লোক সকলক এনেকি সাগৰৰ মাজেদিও খেদি গ’ল, কিন্তু ঈশ্বৰে মিচৰৰ সৈন্য সকলক সংহাৰ কৰিলে। তেওঁলোকৰ ৰথবোৰ আপোনা আপুনি লাগি ধৰিল। তাতে তেওঁলোকে আতাহ পাৰিবলৈ ধৰিলে, ইয়াৰ পৰা পলোৱা! ঈশ্বৰে ইস্ৰায়েলৰ হৈ যুদ্ধত নামিছে!
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-12-11.jpg)
ইস্ৰায়েল লোক সকলে সাগৰৰ ইতোপাৰে গৈ পাইছিলগৈ। তাতে ঈশ্বৰে মোচিক সাগৰৰ পানীৰ ওপৰৰ ফালে তেওঁৰ হাত মেলিবৈল ক’লে। মোচিয়ে যেতিয়া ঈশ্বৰে কোৱাৰ দৰে কৰিলে, তেতিয়া সাগৰৰ সমূহ পানী মিচৰৰ সৈন্য আৰু লোক সকলৰ ওপৰত পৰিল আৰু সাগৰ আগৰ দৰে হল৷ গোটেই মিচৰৰ লোক সকল পানীত দুবি মৰিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-12-12.jpg)
ইস্ৰায়েল লোক সকলে যেতিয়া মিচৰৰ লোক সকলক মৃত হোৱা দেখি্লে, তেওঁলোকে ঈশ্বৰক বিশ্বাস কৰিলে৷ মোচি প্ৰকৃততে এজন ঈশ্বৰৰ পৰা অহা ভাৱবাদী বুলিও নিশ্বস কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-12-13.jpg)
সেই সময়ত ইস্ৰায়েল লোক সকলে ঈশ্বৰৰ পৰা ৰক্ষা পাই আনন্দ আৰু উল্লাস কৰিলে। তেওঁলোকে এতিয়া কেৱল ঈশ্বৰক আৰাধানা কৰিবলৈ আৰু তেওঁৰ বাধ্য হৈ চলিবলৈ মুক্ত হ’ল। ইস্ৰায়েল ঈশ্বৰৰ স্তুতি কৰি বহু গীত গালে কিয়নো তেওলোকে মুক্তি লাভ কৰিলে আৰু ঈশ্বৰে তেওঁলোকক ইজিপ্তৰ সৈন্যবিলাকৰ পৰাও ৰক্ষা কৰাৰ কাৰনে ঈশ্বৰৰ স্ত্ততি কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-12-14.jpg)
ইস্ৰায়েল জাতিয়ে কিদৰে ইজিপ্তৰ পৰা ৰক্ষা পালে তাক সদায় স্মৰণ কৰি প্ৰতি বছৰে উৎসৱ পালন কৰিবলৈ ঈশ্বৰে তেওঁলোকক আজ্ঞা দিলে। এই উৎসৱক নিস্তাৰ পৰ্ব্ব নাম দিয়া হ’ল। এই পৰ্বটোত তেওঁলোকে এটা হৃষ্ঠ পুষ্ঠ মেৰ বলি দি, তাক পুৰি, খমিৰ নোহোৱা পিঠাৰ সৈতে ভোজন কৰিব লাগিছিল।
_এক বাইবেলৰ কাহিনী: যাত্ৰাপুস্তক ১২:৩৩-১৫:২১_

64
content/13.md Normal file
View File

@ -0,0 +1,64 @@
# ১৩. ইস্ৰায়েলৰ সৈতে ঈশ্বৰে নিয়ম স্থাপন কৰা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-13-01.jpg)
ঈশ্বৰে ইস্ৰায়েল জাতিক চূপ সাগৰৰ মাজেৰে আচিৰত ভাৱে চলাই অনিলে, তেওঁ তেওঁলোকক অৰণ্যৰ মাজেৰ চিনয় পৰ্ব্বতলৈকে পৰিচালিত কৰি আনিলে। এইটোৱে সেই পৰ্বত আছিল য’ত মোচিয়ে গছ জোপা জ্বলি থকা দেখা পাইছিল। লোক সমূহে সেই পৰ্বতৰ ওপৰতে তম্বু তৰি আছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-13-02.jpg)
ঈশ্বৰে তাতে মোচি আৰু ইস্ৰায়েল সকলো লোকক ক’লে, তোমালোকে মোৰ বাধ্য হৈ থাকিবা আৰু মই তোমালোকৰ সৈতে যি নিয়ম স্থাপন কৰিম তাক পালন কৰিবা। যদি তোমালোকে এই দৰে কৰা, তোমালোকে পুৰস্কাৰৰ অধিকাৰী হ’বা, এক পুৰুহিতৰ ৰাজ্য, এক পবিত্ৰ জাতিলৈ ৰূপান্তৰিত হ’বা।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-13-03.jpg)
তাতে তিনি দিনলৈ লোক সকলে ঈশ্বৰক কাষত পাবলৈ নিজকে যুগুত কৰি ৰাখিলে। তেতিয়া তেওঁলোকৰ মাজলৈ অথাৎ চিনয় পৰ্বতৰ ওপৰলৈ ঈশ্বৰ আহিল। তেওঁ যেতিয়া আহিল, তাতে মেঘ গজ্জন হ’ল, বিজুলী চমকিল, ধোঁৱাময় হ’ল, ডাঙৰ শব্দৰে শিঙা ধ্বনি বাজিল। সেই সময়ত মোচিয়ে পৰ্বতৰ ওপৰলৈ ওঠি গল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-13-04.jpg)
তেতিয়া ঈশ্বৰে লোক সমূহৰ সৈতে এক নিয়ম স্থাপন কৰিলে। তেওঁ ক’লে, মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। ময়েই তোমালোকক মিচৰৰ বন্দিত্ব অৱস্থাৰ পৰা উদ্ধাৰ কৰি আনিলো। তোমালোকে আন দেৱতাক সেৱা নকৰিবা।’’
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-13-05.jpg)
তুমি আন প্ৰতিমা নাসাজিবা আৰু তাক পুজাও নকিৰবা, কিয়নো ময়েই তোমালোকৰ একমাত্ৰ যিহোৱা ঈশ্বৰ। মোৰ নাম অনৰ্থক ৰূপে নলবা। বিশ্ৰামবাৰ পবিত্ৰ কৰি সোঁৱৰণ কৰা। আন কথাত, সপ্তাহৰ ছয় দিনত তোমাৰ সকলো কৰ্ম কৰা, সপ্তম দিনত বিশ্ৰাম লোৱা আৰু মোক সোঁৱৰিবা।’’
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-13-06.jpg)
তোমাৰ পিতৃ মাতৃক সন্মান কৰা। নৰ বধ নকৰিবা। তুমি পৰস্ত্ৰী গমন নকিৰবা। তুমি চুৰ নকৰিবা। তুমি মিছা কথা নকবা। তুমি লোকৰ ঘৰলৈ লোভ নকিৰবা, লোকৰ তিৰোতা , বা বন্দী বা বেটী, আৰু তেওঁৰ আন সকলো বস্তুলৈ লোভ নকিৰবা।’’
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-13-07.jpg)
তাতে ঈশ্বৰে দুছটা শিলত দহটা অজ্ঞা লিখি মোচিক দিলে। ঈশ্বৰে লোক সমূহক এনেদৰে নানা আজ্ঞা ও বিধিবোৰ প্ৰদান কৰিলে। ঈশ্বৰে লোক সকলক সকলো আপদৰ পৰা ৰক্ষা কৰিম বুলি প্ৰতিজ্ঞা কৰিলে, যদিহে তেওঁলোকে ঈশ্বৰৰ বাধ্য হয়। তেওঁ এই কথাও ক’লে যে, যদি তেওঁলোকে ঈশ্বৰৰ আজ্ঞাক উলঙ্ঘন কৰে তেন্তে তেওঁলোকক ঈশ্বৰে শাস্তি দিব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-13-08.jpg)
ঈশ্বৰে ইস্ৰায়েল লোক সকলক এটা ডাঙৰ তম্বু সাজিবলৈ ক’লে– এই তম্বুটোত আলোচনাবোৰ কৰা হ’ব। তেওঁ এই তম্বুটো কিদৰে বনাব লাগে আৰু তাত কি ধৰণৰ বস্তু ৰাখিব লাগে এই আতাইবোৰৰ বিষয়ে ক’লে। তেওঁ ক’লে যে, এখন ডাঙৰ কাপোৰেৰে তম্বুতো দুভাগত বিভক্ত কৰিবলৈ। কিয়নো ঈশ্বৰে সেই আৰ কাপোৰৰ ভিতৰ ফালে আহি তাত বিৰাজ কৰিব। সেই ঠাইলৈ কেৱল ইস্ৰায়েলৰ পুৰুহিত সকলেহে সোমাব পাৰিব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-13-09.jpg)
সেই আলোচনা গৃহৰ সন্মূখতে লোক সকলক এটা যজ্ঞ বেদি নিৰ্মান কৰিবলৈ আজ্ঞা দিয়া দিলে। তাতে যি সকলে ঈশ্বৰৰ আজ্ঞা সমূহ উলঙ্ঘন কৰে তেওঁলোকে সেই যজ্ঞ বেদিলৈ এটিকৈ জন্তু আনি তাত তাক ঈশ্বৰলৈ উৎসৰ্গ কৰিব। সেই উৎসৰ্গতোক পুৰুহিত জনে বধ কৰিব আৰু তাক সেই যজ্ঞ বেদিতে পুৰিব আৰু ঈশ্বৰক উৎসৰ্গীত কৰিব। ঈশ্বৰে আৰু ক’লে যে সেই জন্তুৰ তেজেৰ সেই ব্যক্তি জনৰ অপৰাধ সমূহ শুচি কৰিব। এই দৰে ঈশ্বৰে সেই ব্যক্তি জনৰ পাপ সমূহ মচিব। সেই লোক জন তেতিয়াহে ঈশ্বৰৰ দৃষ্টিত ‘‘শুচি’’ বুলি গণিত হ’ব। ঈশ্বৰে মোচিৰ ভাতৃ হাৰোনক আৰু তেওঁৰ বংশক সেই পুৰুহিত পদৰ নিমিত্তে ব্যৱহাৰ কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-13-10.jpg)
এই সকলোবোৰ কথা শুনি লোক সকলে ঈশ্বৰ আজ্ঞা সমূহ পালন কৰিবলৈ সন্মত হ’ল। তেওঁলোক কেৱল ঈশ্বৰৰ হৈ থাকিবলৈ আৰু তেওঁৰেই আৰাধানা কৰিবলৈও সন্মত হ’ল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-13-11.jpg)
পিছলৈ, কেইদিন মানৰ বাবে, মোচিয়ে চীনয় পৰ্বতৰ ওপৰত থকিব লগা হ’ল য’ত তেওঁ ঈশ্বৰৰ সৈতে কথা পাতি আছিল। সেই সময়ত লোক সকলে মোচি ঘূৰি অহাৰ বাবে অপেক্ষা কৰি ধৈয্য হেৰুৱালে। ফলত ইস্ৰায়েলৰ লোক সকলে তেওঁলোকৰ সোনবোৰ আনি হাৰোনক দিলে যাতে তাৰ দ্বাৰাই তেওঁলোকে এটা মূৰ্তি সাজি ঈশ্বৰৰ সলনি পুজা কৰিব পাৰে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-13-12.jpg)
তাতে হাৰোনে সোনেৰে এটা গৰুৰ দৰে জন্তু সাজি উলিয়ালে আৰু লোক সকলে সেই মূৰ্তিটোক অধিককৈ আৰাধানা কৰিলে আৰু তাতে তেওঁলোকে বলিও দিলে! এই অপৰাধৰ বাবে ঈশ্বৰে তেওঁলোকৰ প্ৰতি অতিশয় ক্ৰোধাম্বিত হ’ল, তেওঁ ইস্ৰায়েলৰ লোক সকলক নিশেষ কৰিবলৈ নমস্ত কৰিলে। কিন্তু মোচিয়ে লোক সমূহে ৰক্ষা পাবৰ নিমিত্তে ঈশ্বৰক কাতৰোক্তি কৰিলে। ঈশ্বৰে মোচিৰ প্ৰাৰ্থনা শুনিলে আৰু লোক সমূহক নিশেষ কৰাৰ পৰা আতৰত থাকিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-13-13.jpg)
মোচিয়ে অৱশেষত চীনয় পৰ্বতৰ পৰা নামি আহিল। তেওঁ আহোতে হাতত দুখন শিলৰ ফলি আনিলে য’ত ঈশ্বৰে লোক সমূহৰ নিমিত্তে দহটা আজ্ঞা লিখিছিল। সেই সময়ত মোচিয়ে সেই মূৰ্তিটো দেখিলে। তাকে দেখি তেওঁ ইমানেই ক্ৰুধাম্বিত হ’ল যে তেওঁ তেওঁৰ হাতত থকা শিলৰ ফলি কেইখন পেলাই ভাঙিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-13-14.jpg)
মোচিয়ে সেই মূৰ্তিটোক ভাঙি গুৰি কৰিলে, আৰু সেই গুৰি সমূহ পানীত পেলাই লোক সমূহক সেই পানী পান কৰালে। ঈশ্বৰে লোক সমূলৈ মহামৰী আনিলে আৰু সেই মহামাৰীত বহু লোকে নিজৰ প্ৰাণ হেৰুৱালে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-13-15.jpg)
মোচিয়ে দহ আজ্ঞা লিখা আগৰ শিলৰ ফলি কেইখনৰ সলনি নতুনকৈ শিলৰ ফলি সাজি উলিয়ালে আৰু ঈশ্বৰে যেন লোক সকলক ক্ষমা দিয়ে সেই নিমিত্তে প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ উঠি গ’ল। ঈশ্বৰে মোচিৰ প্ৰৰ্থনা শুনিলে আৰু লোক সমূহক ক্ষমা দান কৰিলে। মোচিয়ে পুণৰ দুখন শিলৰ ফলি লৈ পৰ্বতৰ পৰা তললৈ নামি আহিল। তাতে ঈশ্বৰে লোক সমূহক প্ৰতিজ্ঞাৰ দেশৰ ফাললৈ যাত্ৰা কৰালে।
_এক বাইবেলৰ কাহিনী: যাত্ৰাপুস্তক ১৯-৩_

64
content/14.md Normal file
View File

@ -0,0 +1,64 @@
# ১৪. মৰুপ্ৰান্তত ভ্ৰমি ফুৰা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-14-01.jpg)
ঈশ্বৰে, ইস্ৰায়েলৰ লোক সকলৰ সৈতে এক নিয়ম স্থাপন কৰাৰ কথা আৰু তেওঁলোকক দিয়া আজ্ঞা সমূহো পালন কৰাৰ বিষয়ে, তেওঁলোকক কৈ শেষ কৰিলে। তাৰ পাছত তেওঁ লোক সকলক চীনয় পৰ্বতৰ কাষৰ পৰা লৈ গ’ল। ঈশ্বৰে লোক সকলক প্ৰতিজ্ঞাৰ দেশলৈ নিবলৈ ইচ্ছা কৰিলে। সেই ঠাইৰ নাম হ’লল কানান। ঈশ্বৰে ডাৱৰৰ স্তম্ভ হৈ তেওঁলোকৰ আগে আগে গৈ সেই ঠাইলৈ তেওঁলোকক লৈ গ’ল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-14-02.jpg)
ঈশ্বৰে আব্ৰাহাম, ইচাহাক আৰু যাকোবৰ বংশক প্ৰতিজ্ঞাৰ দেশ দিম বুলি প্ৰতিজ্ঞা কৰিলে, কিন্তু সেই ঠাইত ইতিমধ্যে কিছুমান লোকৰ সমষ্টিয়ে বাস কৰিছিল। তেওঁলোকক কনানীয় লোক বুলি কোৱা হৈছিল। তেওঁৰলোকে ঈশ্বৰৰ আৰাধানা কৰা নাছিল আৰু তেওঁৰ বাধ্যও নাছিল। তেওঁলোকে দেৱ দেবী সকলক পূজা কৰিছিল আৰু অনেক বেয়া কৰ্ম বিলাকত লিপ্ত আছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-14-03.jpg)
ঈশ্বৰে ইস্ৰায়েলৰ লোক সকলক ক’লে, তোমালোক কানান দেশত উপস্থিত হোৱাৰ লগতে সেই ঠাইত বাস কৰা কনানীয় লোক সকলক সমূলি অতৰাব লাগিব। তেওঁলোকৰ সৈতে মিল নহবা আৰু তেওঁলোকৰ সৈতে বিৱাহ পাশত আবদ্ধও নহ’বা। তোমালোকে তেওঁলোকৰ পূজা কৰা মুত্তিবোৰ সম্পূৰ্ণকৈ ধংস কৰিব লাগিব। যদি তোমালোকে মোৰ আজ্ঞা সমূহক উলঙ্ঘন কৰা আৰু মোৰ বাহিৰে তেওঁলোকৰ আন কোনো দেৱ্তাক পুজা কৰা তেন্তে তাতে তোমালোকৰ নষ্ট হ’বা।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-14-04.jpg)
যেতিয়া ইস্ৰায়েলৰ লোক সকলে কানানৰ সিমাত পালে, সেই সময়ত মোচিয়ে ইস্ৰায়েলৰ বাৰ ফৈদৰ পৰা বাৰ জন লোকক বাচিলে। তাতে তেওঁলোকক কানান দেশলৈ চোৰাংচোৱা হিচাপে পিঠয়ালে। সেই ঠাইৰ বিষয়ে আৰু সেই ঠাইৰ লোকবোৰ প্ৰকৃততে কিমান শক্তিশালী বা দূৰ্বল তাকে চাবলৈ তেওঁলোকক চোৰাংচোৱ হিচাপে পথালে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-14-05.jpg)
সেইেহে বাৰ জন চোৰাংচোৱাই চল্লিশ দিনলৈকে কানান দেশত থাকিল তাৰ পিছত তেওঁলোক পুণৰ ঘূৰি আহিল। তেওঁলোকে আহি ইস্ৰায়েলৰ লোক সকলক ক’লে, সেই ঠাইৰ মাটি অতি সাৰুৱা আৰু তাত শষ্যও অধিক’’! কিন্তু তেওঁলোকৰ মাজৰ দহজনে ক’লে, সেই ঠাইৰ নগৰ সমূহ অতি শক্তিশালী আৰু তাত বাস কৰা লোক সকলো অতি প্ৰকাণ্ড! যদি আমি তেওঁলোকক আক্ৰমণ কৰো, তেওঁলোকে আমাক নিশ্চিত ভাৱে পৰাস্ত্ৰ কৰিব আৰু আমাক হত্যা কৰিব!
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-14-06.jpg)
ক্ষন্তেকতে কালেব আৰু যিহুচূৱাই মাত লগাই ক’লে, এইটো সত্য যে সেই ঠাইৰ মানুহবোৰ ওখ আৰু শক্তিশালী, কিন্তু এনে স্থলতো আমি তেওঁলোকক পৰাস্ত্ৰ কৰিব পাৰিম! কিয়নো আমাৰ হৈ ঈশ্বৰে যুদ্ধ কৰিব!
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-14-07.jpg)
কিন্তু ইস্ৰায়েলৰ লোক সকলে কালেব আৰু যিহুচূৱাৰ কথা গ্ৰহণ নকৰিলে। সেই সময়ত তেওঁলোকে মোচি আৰু হাৰোণক দোষাৰোপ কৰি ক’লে, এনেকুৱা এক শকাকূল ঠাইলৈ আমক কিয় আনিলা? আমাৰ বাবে ইজিপ্ততে থকা হলেই ভাল আছিল। যদি আমি সেই ঠাইলৈ যাওঁ, তাতে যুদ্ধত আমি মৰিম, তেওঁলোকে আমাৰ ভাৰ্য্যা আৰু সন্তানবোৰক দাস হিচাপে ব্যৱ্হাৰ কৰিব।” সেয়ে লোক সকলে তেওঁলোকক ইজিপ্তলৈ পুণৰ নিবৰ বাবে এক নেতা বিচাৰিবলৈ ইচ্ছা কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-14-08.jpg)
যেতিয়া লোক সমূহে এনেদৰে ক’লে, ঈশ্বৰে লোক সমূহৰ ওপৰত অতিকৈ ক্ৰুধাম্বিত হ’ল। ঈশ্বৰে আলোচনা কৰা তম্বুলৈ আহি ক’লে, তোমালোকে মোৰ অহিতে কায্য কৰিলা, সেয়েহে তোমালোক সকলোৱে মৰুপ্ৰান্তত ভ্ৰমি ফুৰিবা। তোমালোকৰ বিশ বছৰ ওপৰৰ লোকসকল আৰু তাৰ ওপৰৰ বয়সৰ সকলো লোকে তাতে মৰিবা আৰু মই তোমালোকক দিয়া সেই প্ৰতিজ্ঞাৰ ঠাইত তেওঁলোকে কেতিয়াওঁ সোমাবলৈ নাপাব। কেৱল যিহোচূৱা আৰু কালেবেহে তাত প্ৰবেশ কৰিব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-14-09.jpg)
যেতিয়া লোক সকলে ঈশ্বৰে এইদৰে কোৱা শুনিলে, তেওঁলোকে ঈশ্বৰৰ অহিতে কৰা ভূলৰ বাবে ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰিলে। সেয়েহে তেওঁলোকে কানান দেশত বাস কৰা লোক সকলৰ সৈতে যুদ্ধ ক্ষেত্ৰত অৱত্তীৰ্ন হ’ল। মোচিয়ে তেওঁলোকক সেই ঠাইলৈ যাবলৈ নিষেধ কৰিলে আৰু ক’লে তোমালোকে তালৈ নাযাবা কিয়নো ঈশ্বৰে তোমালোকৰ লগত নাযায়, কিন্তু তেওঁলোকে মোচিৰ কথা নুশুনিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-14-10.jpg)
সেই সময়ত ঈশ্বৰে তেওঁলোকৰ সৈতে যুদ্ধলৈ নগ’ল। কানান দেশত তেওঁলোকে পৰাজয় বৰণ কৰিলে আৰু তেওঁলোকৰ অনেকে সেই যুদ্ধত মৰিল। তাৰ পিছত চল্লিশ বছৰলৈকে, তেওঁলোকে সেই অৰণ্যত ভ্ৰমি ফুৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-14-11.jpg)
সেই চল্লিশ বছৰ সময়ত তেওঁলোকক ঈশ্বৰে সকলো প্ৰকাৰে বিভিন্ন বস্তুবোৰ যোগালে। তেওঁ সাৰগৰ পৰা পিঠাৰ দৰে ‘মান্না’ দিলে। ঈশ্বৰে তেওঁলোকৰ তম্বুবোৰৰ ওচৰত বটা চৰাইৰ জাকে জাকে আনিলে যাতে তেওঁলোকে তাৰে মাংস খাবলৈ পাই। সেই সময়ত, ঈশ্বৰে তেওঁলোকৰ বস্ত্ৰ আৰু চেন্দেল নষ্ট হবলৈ বা চিঙিবলৈ নিদিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-14-12.jpg)
এনেকি ঈশ্বৰে তেওঁলোকে পান কৰিবৰ অৰ্থে আচৰিত ধৰণে শিলৰ পৰা পানী উলিয়ালে। এই সকলোবোৰৰ অন্ততো কিন্তু ইস্ৰয়েলৰ লোক সকলে ঈশ্বৰৰ আৰু তেওঁৰ দাস মোচিৰ অহিতে কথা কলে। তাৰ পিছতো কিন্তু ঈশ্বৰে তেওঁলোকৰ নিমিত্তে বিশ্বাসী হৈ থাকিল। তেওঁ আব্ৰাহাম, ইচাহাক আৰু যাকোবক কৰা প্ৰতিজ্ঞা অনুসৰি তেওঁলোকৰ সন্তান সন্ততি সকলক প্ৰেম কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-14-13.jpg)
আৰু এবাৰ যেতিয়া তেওঁলোকৰ পানীৰ প্ৰয়োজন হৈছিল, সেই সময়ত ঈশ্বৰে মোচিক ক’লে, শিলটোক কথা কোৱা তাৰ পৰা পানী ওলাব।’’ কিন্তু মোচিয়ে শিলতোক কথা নকলে। তাৰ সলনি তেওঁ এডাল লাঠিৰে শিলটোক দুবাৰ মাৰিলে। এইদৰে তেওঁ ঈশ্বৰক অসন্মান কৰিলে। তাতে সকলোৰে বাবে পানী ওলাল আৰু তাক পান কৰিলে। কিন্তু ঈশ্বৰে মোচিৰ ওপৰত ক্ৰুধিত হ’ল। ঈশ্বৰে মোচিক ক’লে, এইকৰ্ম কৰাৰ বাবে, তুমি প্ৰতিজ্ঞাৰ দেশত সোমাবলৈ নাপাবা।’’
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-14-14.jpg)
ইস্ৰায়েল জাতিয়ে চল্লিশ বছৰ কাল মৰুপ্ৰান্তত ভ্ৰমি ফুৰাৰ পাছত, যি সকলে ঈশ্বৰৰ অহিতে গৈছিল তেওঁলোক মৰিল। অৱিশষ্ট সকলক ঈশ্বৰে প্ৰতিজ্ঞাৰ ঠাইৰ সিমালৈ পৰিচালনা কৰি নিলে। সেই সময়ত মোচি বৃদ্ধ অৱস্থালৈ আহিল, সেয়েহে ঈশ্বৰে মোচিৰ সহায়ক হিচাপে যিহুচূৱাক মনোনিত কৰিলে যাতে তেওঁ লোক সমূহকনেতৃত্ব দিব পাৰিব৷ তাতে ঈশ্বৰে মোচিক প্ৰতিজ্ঞা কৰিলে যে, এদিন তেওঁ লোক সমূহৰ বাবে মোচিৰ দৰে আন ভাৱবাদী পঠাব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-14-15.jpg)
তাতে ঈশ্বৰে মোচিক পৰ্বতৰ ওপৰলৈ যাবলৈ ক’লে যাতে তেওঁ সেই প্ৰতিজ্ঞাৰ ঠাইক প্ৰতক্ষ্য কৰিব পাৰে। মোচিয়ে সেই প্ৰতিজ্ঞাৰ ঠাই দেখা পালে কিন্তু ঈশ্বৰে তেওঁ সেই ঠাইত প্ৰৱেশ কৰা পৰা বঞ্চিত কৰিলে। কিছু দিন পাছত মোচি মৰিল, সেইবাবে ইস্ৰায়েল জাতিটোৱে ত্ৰিশ দিনলৈকে শোক কৰিলে। সেই সময়ত যিহুচূৱা তেওঁলোকৰ নতুন নেতা হ’ল। তেওঁ এজন ভাল নেতা আছিল তেওঁ ঈশ্বৰক বিশ্বাস কৰিছিল আৰু তেওঁৰ বাধ্য আছিল।
_এক বাইবেলৰ কাহিনীঃ যাত্ৰাপুস্তক ১৬-১৭ , গণনাপুস্তক ১০-১৪, ২০:২৭, দ্বীতিয়বিৱৰণ ৩_

57
content/15.md Normal file
View File

@ -0,0 +1,57 @@
# ১৫. প্ৰতিজ্ঞাৰ দেশ
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-15-01.jpg)
অৱশেষত ইস্ৰায়েল জাতিয়ে প্ৰতিজ্ঞাৰ ঠাই অৰ্থাৎ কনানত সোমাবলৈ পালে ৷ সেই দেশত যিৰীহো নামৰ এক ঠাই আছিল ৷ সেই ঠাই শক্তিশালী দেৱালেৰে আৱৰি থোৱা আছিল ৷ যিহোচূৱাই সেই ঠাইলৈ দুজন চোৰাংচোৱা পঠিয়ালে ৷ সেই নগৰতে ৰাহাব নামৰ এজনী বেশ্যা আছিল ৷ তাই সেই চোৰাংচোৱা কেইজনক লুকুৱাই ৰাখিছিল আৰু পিছত পলাই যাবৰ বাবে সুবিধা কৰি দিছিল ৷ তাই ঈশ্বৰত বিশ্বাস কৰাৰ বাবে এই কাৰ্য্য কৰিছিল ৷ তাতে সেই চোৰাংচোৱা কেইজনে ইস্ৰায়েলে সেই ঠাই ধংস কৰাৰ সময়ত তাই আৰু তাইৰ পৰিয়ালক ৰক্ষা কৰিব বুলি প্ৰতিজ্ঞা কৰিছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-15-02.jpg)
ইস্ৰায়েলি সকলে প্ৰতিজ্ঞাৰ দেশত সোমাবৰ বাবে যৰ্দন নদী পাৰ হল ৷ ঈশ্বৰে যিহোচূৱাক কলে, “পুৰোহিত সকলক আগে আগে যাবলৈ দিয়া ৷” আৰু পুৰোহিত সকলে যেতিয়া যৰ্দন নদীত ভৰি দিলে, তেতিয়াই যৰ্দন নদীৰ পানীৰ সোঁত বোৱা বন্ধ হয় আৰু যাৰ বাবে ইস্ৰায়েলি সকল সহজতে নদী পাৰ হবৰ বাবে সুবিধা হয় ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-15-03.jpg)
মানুহবিলাকে যৰ্দন নদী পাৰ কৰাৰ পিছত ঈশ্বৰে যিহোচূৱাক কলে যে যিৰীহো নগৰ আক্ৰমন কৰিব লাগিব, যদিও তাৰ মানুহবিলাক অতিশয় শক্তিশালী আছিল ৷ আৰু তেওঁ কলে যে তেওঁৰ পুৰোহিত আৰু সৈন্য সকলে ছয়দিনৰ বাবে, প্ৰতিদিনে সেই নগৰৰ চাৰিও কাষে ঘুৰিব লাগিব ৷ তাতে সেই পুৰোহিত আৰু সৈন্য সকলে সেই দৰে কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-15-04.jpg)
আৰু সাত দিনৰ দিনা, সেই ইস্ৰায়েলি সকলে সেই নগৰৰ চাৰিওঁফালে সাত বাৰ ঘুৰিলে ৷ আৰু তেওঁবিলাকে সাতবাৰ সেই নগৰৰ চাৰিওফালে ঘুৰাৰ পাছত, পুৰোহিত সকলে তূৰী বজালে আৰু সৈন্য সকলে চিঞৰ মাৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-15-05.jpg)
তাতে সেই যিৰীহো নগৰৰ দেৱাল ভাঙি পৰিলে ! তাতে ইস্ৰায়েলি সকলে ঈশ্বৰৰ কোৱাৰ দৰে সেই নগৰৰ সকলোবিলাক ধংস কৰিলে ৷ পাছে তেওঁবিলাকে ৰহাব আৰু তাইৰ পৰিয়ালক ৰক্ষা কৰিলে, কিয়নো তেওঁবিলাকে ইস্ৰায়েলি সকলক সহায় কৰিছিল ৷ তাতে কনান দেশত বাস কৰা লোকসকলে যেতিয়া যিৰীহো নগৰ ধংস হোৱাৰ কথা জানিলে, তেতিয়া ইস্ৰায়েলি সকলে তেওঁবিলাকক আক্ৰমন কৰিব বুলি ভয় কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-15-06.jpg)
ইস্ৰায়েলি সকলে কনান দেশত বাস কৰা কোনো গোষ্ঠিৰ লগত মিত্ৰতা নকৰিবৰ বাবে ঈশ্বৰে আজ্ঞা কৰিলে ৷ পাছে কনান দেশৰ এটা গোটে গিবিয়োনীয়াবিলাকে, ছল কৰি যিহোচূৱাক কলে যে তেওঁবিলাক কনানৰ পৰা বহু দূৰত বাস কৰে ৷ তেওঁবিলাকে যিহোচূৱাৰ লগত মিত্ৰতা কৰিবৰ বাবে আহ্বান জনালে ৷ যিহোচূৱা আৰু তেওঁৰ আন আন পৰিচালক সকলে সেই সম্বন্ধে ঈশ্বৰৰ সৈতে আলোচনা নকৰিলে ৷ তাৰ সলনি, তেওঁবিলাকে গিবিয়োনীয়াবিলাকৰ সৈতে শান্তি সম্বন্ধ কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-15-07.jpg)
তিনি দিনৰ পিছত, ইস্ৰায়েলি সকলে জানিব পাৰিলে যে গিবিয়োনীয়াবিলাক কনানত বাস কৰে ৷ তেওঁবিলাকক যে গিবিয়োনীয়াবিলাকে ছল কৰিলে তাক জানিব পাৰি তেওঁবিলাকক ক্ৰোধিত হল ৷ পাছে তেওঁবিলাকে তেওঁবিলাকৰ সৈতে যি শান্তি চুক্তি কৰিছিল তাক ঈশ্বৰক সাক্ষী কৰি কৰাৰ বাবে সেয়া ভঙ্গ নকৰিলে ৷ তাৰ কিছু সময়ৰ পিছত, কনানৰ আন এক দলৰ ৰজা, ইমোৰীয়া সকলে, গিবিয়োনীয়া সকলে ইস্ৰায়েলৰ সৈতে শান্তি চুক্তি কৰা বুলি জানিলে, গতিকে তেওঁলোকেও বিশাল সৈন্য গোটাই গিডিয়োনক আক্ৰমণ কৰিলে ৷ তাতে গিবিয়োনীয়াবিলাকে ইয়াক জানি যিহোচূৱালৈ সহায় বিচাৰি বাৰ্তা পঠিয়ালে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-15-08.jpg)
তাতে যিহোচূৱাই ইস্ৰায়েলি সৈন্য সকলক গোটাই গিবিয়োনীয়াবিলাকৰ কাষলৈ বুলি গোটেই ৰাতি যাত্ৰা কৰিলে ৷ অতি ৰাতি পুৱাতে তেওঁবিলাকে ইমোৰীয়া বিলাকক আচৰিত কৰি সিহঁতক আক্ৰমন কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-15-09.jpg)
সেই দিনা ঈশ্বৰে ইস্ৰয়েল সকলৰ হৈ যুদ্ধ কৰিলে ৷ তেওঁ ইমোৰীয়া বিলাকৰ ওপৰত মহাশিলা বৰষাই সিহঁতক মাৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-15-10.jpg)
ইস্ৰায়েল সকল যাতে যুদ্ধত জয়ী হবৰ বাবে যথেষ্ট সময় পায় তাৰ বাবে ঈশ্বৰে সূৰ্য্যক একে ঠাইতে স্থিৰ কৰি ৰাখিলে যেতিয়ালৈকে ইমোৰীয়া বিলাক পৰাস্ত নহয় ৷ সেই দিনাখন, ইস্ৰায়েলৰ বাবে ঈশ্বৰে এক ডাঙৰ বিজয় আনিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-15-11.jpg)
ঈশ্বৰে সেই সৈন্য সকলক পৰাস্ত কৰাৰ পিছত, কনানৰ আন আন গোট সমূহে ইস্ৰায়েলক আক্ৰমন কৰিবৰ বাব এক গোট হয় ৷ যিহোচূৱা আৰু ইস্ৰায়েলি সকলে তেওঁবিলাকক আক্ৰমন কৰিলে আৰু পৰাস্ত কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-15-12.jpg)
এই যুদ্ধ সমূহৰ পিছত, ঈশ্বৰে ইস্ৰায়েলৰ প্ৰতিটো গোষ্ঠিকে প্ৰতিজ্ঞা দেশৰ এটি এটি অংশ দান কৰিলে ৷ তাৰ পিছত ঈশ্বৰে তেওঁবিলাকৰ সীমাত শান্তি স্থাপন কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-15-13.jpg)
যেতিয়া যিহোচূৱা বয়সত বৃদ্ধি পাই আহিল, তেতিয়া তেওঁ ইস্ৰায়েলৰ সকলোকে মাতিলে ৷ তাৰ পিছত তেওঁ তেওঁবিলাকক সোঁৱৰায় দিয়ে যে তেওঁবিলাকে ঈশ্বৰে চীনয় পৰ্বতত দিয়া নিয়ম মানি চলিব বুলি প্ৰতিজ্ঞা কৰিছিল ৷ তাতে লোক সমূহেত সেই প্ৰতিজ্ঞা মানি চলিব বুলি পুনৰায় প্ৰতিজ্ঞা কৰে ৷
_এই বাইবেল কাহিনীটিঃ যিহোচূৱা ১-২৪ _

76
content/16.md Normal file
View File

@ -0,0 +1,76 @@
# ১৬. উৰ্দ্ধাৰ কৰ্ত্তাসকল
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-16-01.jpg)
যিহুচূৱাৰ মৃত্যুৰ পিছত, ইস্ৰায়েল জাতিয়ে ঈশ্বৰৰ অবাধ্য হ’ল । তেওঁলোকে ঈশ্বৰৰ আজ্ঞাবোৰ উলংঘন কৰিলে , আৰু কানান দেশত বাস কৰা আন কনানীয় জাতি সমূহক সেই প্ৰতিজ্ঞাৰ দেশৰ পৰা উলিয়াই নিদিলে । ইস্ৰায়েল জাতিয়ে সত্য ঈশ্বৰক আৰাধানা কৰাৰ সলনি কানানীয় লোক সকলৰ দেৱতাবোৰক পূজা কৰিলে, সেই সময়ত ইস্ৰায়েল জাতিৰ কোনো ৰজা নাছিল। তাতে লোক সকলে তেওঁলোকৰ মনে বিচৰা মতে সকলো কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-16-02.jpg)
ঈশ্বৰৰ অবাধ্য হোৱাৰ দ্বাৰা, ইস্ৰায়েল জাতিয়ে পূৰ্ব্ব পুৰুষে কৰা ভুলবোৰৰ দৰেই কৰিলে, যিটো তেওঁলোকে পুব্বতেও বহুবাৰ কৰিছিল, ফলত ঈশ্বৰে শাস্তি হিচাবে তেওঁলোকৰ শত্ৰুবোৰৰ হাতত তেওঁলোকক শোধালে। সেই শত্ৰুবোৰে তেওঁলোকৰ সকলোবোৰ চুৰি কৰিলে, তেওঁলোকৰ সকলোবোৰ ধ্বংশ কৰিলে আৰু তেওঁলোকৰ বহুজনৰ প্ৰাণো ল’লে। ইস্ৰায়েল জাতিয়ে বহু বছৰ বন্দীত্ব অৱস্থাত থাকি তেওঁলোকে কৰা অপৰাধ বোৰ উপলদ্ধি কৰি অনুতাপ কৰিলে আৰু ঈশ্বৰক উদ্ধাৰ কৰিবলৈ অনুৰোধ কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-16-03.jpg)
যেতিয়াই ইস্ৰায়েল জাতিয়ে তেওঁলোকৰ অপৰাধবোৰ উপলদ্ধি কৰি অনুতাপ কৰিলে তেতিয়াই ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিলে। তেওঁ এই কাৰ্য্য এক উদ্ধাৰকাৰীৰ দ্বাৰা কৰিলে এনে এজন লোক যিজনে তেওঁলোকৰ শত্ৰুোবৰৰ বিৰুদ্ধে উঠি তেওঁলোকক পৰাস্ত্ৰ কৰিলে। তাতে তেওঁলোকৰ মাজত শান্তি পুণৰ বিৰাজ কৰিলে আৰু সেই উদ্ধাৰকাৰীয়ে তেওঁলোকক শাসন কৰিলে। সেই দৰে ঈশ্বৰে কেইবাজনো উদ্ধাৰকত্তাক ইস্ৰায়েল জাতিৰ বাবে পঠালে। ঈশ্বৰে পুণৰ বাৰ মিদিয়নীয়া নামৰ তেওঁলোকৰ ওচৰৰ জাতি এটাৰ যোগেৰে ইস্ৰায়েল জাতিক পৰাস্ত্ৰ কৰিলে ।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-16-04.jpg)
মিদিয়নীয়া সকলে সাত বছৰলৈ ইস্ৰায়েল জাতিৰ সকলো শষ্য বোৰক লৈ গ’ল । ইস্ৰায়েল জাতিয়ে মিদিয়নীয়া সকলক ইমানেই ভয় কৰিলে যে, ইস্ৰায়েল জাতিৰ লোক সকলে ৰক্ষা পাহৰ বাবে নিজকে গুহা বোৰত লুকোৱাই ৰাখিলে। অৱশেষত তেওঁলোকে ঈশ্ৰৰ ওচৰত তেওঁলোকক ৰক্ষা কৰিবলৈ চকুলোৰে মিনতি কৰিলে৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-16-05.jpg)
তাতে গিদিয়ন নামৰ ইস্ৰায়েলৰ এজন ব্যক্তি আছিল । এদিনাখন, তেওঁ মিদিয়নীয়া সকলে তেওঁৰ শষ্যবোৰ চুৰি কৰি নিয়াৰ ভয়ত শষ্যবোৰ লুকুৱাই ৰাখি আছিল । তেতিয়াই ঈশ্বৰে গিদিয়ন ক’লে, হে মহাযোদ্ধা, ঈশ্বৰ তোমাৰ লগত আছে। যোৱা আৰু ইস্ৰায়েলৰ লোক সকলক মিদিয়নীয়া সকলৰ ফান্দৰ পৰা ৰক্ষা কৰা।’’
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-16-06.jpg)
গিদিয়নৰ পিতৃৰ এক যজ্ঞ বেদি আছিল যিটো তেওঁ এটা প্ৰতিমৰ নামত সমৰ্পন কৰি ৰাখিছিল। ঈশ্বৰে গিদিয়নক প্ৰথমতে সেই যজ্ঞ বেদিতো ভাঙিবলৈ আজ্ঞা দিলে। কিন্তু গিদিয়োনে লোক বোৰলৈ ভয় কৰিলে, আৰু ৰাতি হোৱাৰ বাবে অপেক্ষা কৰি থাকিল। ৰাতি হোৱাত তেওঁ সেই যজ্ঞ বেদিতো ভাঙি ছুৰমাৰ কৰিলে। সেই ঠাইৰ ওচৰেত তেওঁ আন এটা যজ্ঞ বেদি স্থাপন কৰিলে আৰু তাত তেওঁ ঈশ্বৰলৈ নবেদ্যবোৰ উৎসৰ্গ কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-16-07.jpg)
পিছদিনা যেতিয়া লোক সমূহে দেখা পালে সেই যজ্ঞ বেদিতো ভাঙি ধ্বংশ কৰা হ’ল, তাকে দেখি লোক সকল অতিক ক্ৰুধিত হ’ল। তেওঁ গিদিয়নৰ ঘৰলৈ গৈ তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিলে। কিন্তু গিদিয়নৰ পিতৃয়ে ক’লে, তোমালোকে তোমালোকৰ দেৱতাবোৰক সহায় কৰিবলৈ কিয় চেষ্টা কৰিছা? যদি সি প্ৰকৃততে ঈশ্বৰ হয় তেনেহলে তেওঁ নিজকে ৰক্ষা কৰক! তেওঁ সেই দৰে কোৱাৰ পিছত লোক সমূহে গিদিয়নক হত্যা নকৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-16-08.jpg)
পাছে মিদিয়নীয়া সকলে ইস্ৰায়েল লোক সকলৰ সামগ্ৰীবোৰ চুৰি কৰিবলৈ পুণৰ বাৰ তেওঁলোকৰ ওচৰলৈ আহিল । তেওঁলোকৰ ইমানেই অধিক লোক আহিছিল যে তেওঁলোকৰ সংখ্যা গণিব পাৰা নাছিল। সেই সময়ত গিদিয়নে ইস্ৰায়েলৰ লোক সমূহক একত্ৰিত কৰি তেওঁলোকৰ বিৰুদ্ধে যুজিবলৈ আহ্বান কৰিছিল । তাতে ঈশ্বৰে গিদিয়নক ইস্ৰায়েলৰ লোক সকলক ৰক্ষা কৰিব বুলি কোৱা কথাষাৰক প্ৰকৃততে জানিবৰ নিমিত্তে দুটা চিন বিচাৰিলে ।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-16-09.jpg)
প্ৰথম চিনটোত গিদিয়োনে এটা মেৰৰ ছাল এখন লৈ মাটিত থলে আৰু ঈশ্বৰক সেই মেৰ ছালখনৰ ওপৰত ৰাতিপুৱাৰ নিয়ৰ পেলাব ক’লে, সেই নিয়ৰ কেৱল মেৰৰ ছাল খনতে পৰিব কিন্তু মাটিত নপৰিব সেই কথাও নিশ্চয় কৰি ক’লে। ঈশ্বৰে তাকে কৰিলে। তাৰ পিছৰ নিশা, তেওঁ ক’লে যে এইবাৰ নিয়ৰে কেৱল মাটিকহে ভিজাব পাৰিব কিন্তু মেৰৰ ছাল খনক ভিজাব নোৱাৰিব তাক তেওঁ নিশ্চয় কৰিলে। ঈশ্বৰে সেইটোও কৰিলে। এই দুটা চিন দেখা পাই গিদিয়নে নিশ্চিত হ’ল যে প্ৰকৃততে ঈশ্বৰে তেওঁক মিদিয়নীয়া সকলৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ ইচ্ছা কৰিছে ।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-16-10.jpg)
তাতে গিদিয়নে সন্য সকলক তেওঁৰ ওচৰলৈ মাতিলে, আৰু ৩২, হাজাৰ মানুহ তেওঁৰ ওচৰলৈ আহিল । কিন্তু ঈশ্বৰে তেওঁক ক’লে এইয়া অধিক হৈছে। তাতে গিদিয়নে যুদ্ধ ক্ষেত্ৰলৈ যাবলৈ ভয় কৰা লোক সকলক অথাৎ ২২, লোকক নিজ ঘৰলৈ পঠিয়াই দিলে । তাতে ঈশ্বৰে পুণৰ বাৰ গিদিয়নক ক’লে এতিয়াই যথেষ্ট লোক আছে । সেই সময়ত তেওঁ সকলোকে নিজ ঘৰলৈ পঠিয়াই তেওঁৰে সৈতে কেৱল ৩০০ সৈন্যক ৰাখিলে ।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-16-11.jpg)
সেই নিশা ঈশ্বৰে গিদিয়নক ক’লে, মিদিয়নীয়া বোৰৰ তম্বুৰ ওচৰলৈ যোৱা আৰু তেওঁলোকে কি কথা পাতিছে তাক গোপনে কান পাতাগৈ । তেওঁলোকে যিবোৰ কথা পাতিব সেই কথা যেতিয়া তুমি শুনিবলৈ পাবা তেতিয়াই তোমাৰ তেওঁলোকক আক্ৰমন কৰিবলৈ ভয় নাইকিয়া হ’ব ।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-16-12.jpg)
গিদিয়নে পুণৰ তেওঁৰ সৈন্য সকলৰ কাষলৈ আহিল আৰু প্ৰত্যেককে একো একোটাকৈ শিঙা, এটা মাটিৰ পাত্ৰ আৰু এটা চাকি দিলে। তেওঁলোকে মিদিয়নীয়া সৈন্য সকল শয়ন কৰি থকা তম্বুৰ চাৰিওফালে আগুৰি ধৰিলে। গিদিয়োনৰ ৩০০ সৈন্যই তেওঁলোকৰ মাটিৰ পাত্ৰ বিলাকৰ ভিতৰত নিজৰ নিজৰ চাকি সুমুৱাই ৰাখিলে যাতে মিদিয়নীয়া সকেল সেই পোহৰ দেখি নাপাই।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-16-13.jpg)
তেতিয়া গিদিয়োনৰ সৈন্য সকলে একে সময়তে তেওঁলোকৰ পাত্ৰবোৰ ভাঙিলে, হঠাৎ সেই ঠাই জুইৰে পোহৰিত হ’ল। তেওঁলোকে শিঙাবোৰ বজালে আৰু চিঙৰিবলৈ আৰম্ভ কৰি ক’লে, এখন তৰোৱাল যিহোৱাৰ আৰু গিদিয়নৰ কাৰনে!”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-16-14.jpg)
তাতে মিদিয়নীয়া সকলে লৰাঃধপৰা কৰি নিজৰ মাজতে আক্ৰমণ কৰি ইজেন সিজনৰ প্ৰাণ ললে। ততে গিদিয়োনে ইস্ৰায়েলৰ অৱশিষ্ট লোক সকলৰ নিজ নিজ ঘৰৰ পৰা মাতি অনালে আৰু মিদিয়নীয়া সকলক খেদি পঠালে। তেওঁলোকে বহু মিদিয়নীয়াক হত্যা কৰিলে আৰু ইস্ৰায়েল জাতিৰ দেশৰ পৰা বহু দূৰলৈ খেদি পঠালে। সেই দিনা ইস্ৰায়েল জাতিয়ে ১২০, মিদিয়নীয়া লোকক হত্যা কৰিলে। এনেদৰেই ঈশ্বৰে ইস্ৰায়েল জাতিক ৰক্ষা কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-16-15.jpg)
ইস্ৰায়েলৰ লোক সকলে গিদিয়োনক তেওঁলোকৰ ৰজা পাতিবলৈ মনস্ত কৰিলে। কিন্তু গিদিয়োনে তেওঁলোকক এই কাৰ্য্য কৰা পৰা বঞ্চিত কৰিলে। কিন্ত তেওঁ ইস্ৰায়েলৰ লোক সকলৰ পৰা কিছুমান সোনৰ আঙুঠি ৰাখি থলে যিবোৰক তেওঁলোকে মিদিয়নীয়া সকলৰ পৰা লৈছিল। সেই সময়ত লোকসকলে গিদিয়োনক এক সকত পৰিমানৰ সোন দান কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-16-16.jpg)
গিদিয়োনে সেই সোনৰ পৰা পুৰুহিত সকলে পৰিধান কৰা এখন সোনৰ বস্ত্ৰ তৈয়াৰ কৰি তাক পৰিধান কৰিলে। তাকে দেখি ইস্ৰায়েলৰ লোক সকলে তেওঁক দেৱতাৰ দৰে পুজা কৰিলে। তাতে ঈশ্বৰে ইস্ৰায়েল জাতিয়ে কৰা অপৰাধাৰ বাবে তেওঁলোকক পুণৰ শাস্তি দিলে। ঈশ্বৰে তেওঁলোকৰ শত্ৰুবোৰৰ দ্বাৰা তেওঁলোকক পৰাস্ত কৰালে। অৱশেষত তেওঁলোকে পুণৰ ঈশ্বৰৰ পৰা সহায় বিচাৰিলে আৰু ঈশ্বৰে তেওঁলোকলৈ আন এজন উদ্ধাৰ কত্তা পঠিয়ালে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-16-17.jpg)
একে ধৰণৰ ঘটনা সঘনে ঘটিল: ইস্ৰায়েলৰ লোক সকলে পাপ কৰিলে, ঈশ্বৰে তেওঁলোকক শাস্তি দিলে, তাতে তেওঁ বিলাকে অনুতাপ কৰিলে আৰু ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিবলৈ কোনো এজনক পঠিয়ালে। বহু বছৰলৈকে এনেদৰেই ঈশ্বৰে ইস্ৰায়েল জাতিক শত্ৰুবোৰৰ পৰা উদ্ধাৰ কৰিবলৈ কেইবাজনো উদ্ধাৰকতা পঠিয়ালে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-16-18.jpg)
অৱশেষত, ইস্ৰায়েল জাতিয়ে আন জাতিবিলাকৰ থকা ধৰণে তেওঁলোকৰ বাবেও এজন ৰজা বিচাৰিলে। তেওঁলোকে এনেকুৱা এজন ৰজা বিছাৰিলে যি জন ওখ আৰু শক্তিসালী হয়, যি জনে তেওঁলোকক যুদ্ধক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰিব পাৰে। ঈশ্বৰে তেওঁলোকৰ এই অনুৰোধত সন্তুস্ত নহল, কিন্তু ঈশ্বৰে তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি তেওঁলোকক এজন ৰজা দিলে।
_এক বাইবেলৰ কাহিনী বিচাৰকৰ্ত্তাবিলাক ১-৩, ৬-৮ ১ চমূৱেল ১-১_

60
content/17.md Normal file
View File

@ -0,0 +1,60 @@
# ১৭. ঈশ্বৰে দায়ুদৰ সৈতে নিয়ম স্থাপন কৰা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-17-01.jpg)
চৌল ইস্ৰায়েলৰ ৰজা হ’ল । ইস্ৰায়েল জাতিয়ে বিচৰা ধৰণেই চৌল এজন ওখ আৰু সুন্দৰ ব্যক্তি আছিল। তেওঁ কেৱল কেইবছৰ মানৰ বাবেহে এজন ভাল ৰজা হিচাপে ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিছিল। কিতনো পিছত তেওঁ এজন দুষ্ট মানুহলৈ সলনি হৈছিল যি জনে ঈশ্বৰৰ অবাধ্য আছিল, সেয়েহে ঈশ্বৰে তেওঁৰ সলনি আন এজন ব্যক্তিক ইস্ৰায়েল জাতিক ৰাজত্ব কৰিবৰ বাবে মনোনীত কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-17-02.jpg)
ঈশ্বৰে চৌলৰ পিছত দায়ুদ নামেৰে এজন ডেকা লৰাক ইস্ৰায়েল জাতিৰ ৰজা হ’বৰ নিমিত্তে যুগুত কৰিলে। দায়ুদ বৈঠৎলেহেম নগৰৰ এজন মেৰ ৰখীয়া আছিল। এটা সময়ত দায়ুদে নিজ পিতৃৰ ভেৰা চৰাই থাকোতে এটা সিংহ আৰু এটা ভালুকে আক্ৰমণ কৰিবলৈ আহোতে সিহঁতক বধ কৰিছিল। দায়ুদ এজন নম্ৰ আৰু ধাৰ্মিক লোক আছিল। তেওঁ ঈশ্বৰক বিশ্বাস কৰিছিল আৰু বাধ্য আছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-17-03.jpg)
দায়ুদ যেতিয়া এজন ডেকা লৰা আছিল, সেই সময়তে তেওঁ গলিয়াথ নামৰ এজন বীৰৰ সৈতে যুদ্ধত অৱতিৰ্ণ হৈছিল। গলিয়াথ এজন সুদক্ষ সৈন্য আছিল। তেওঁ অতি শক্তিশালী আৰু প্ৰায় তিনি মিটাৰ ওখ আছিল! কিন্তু ঈশ্বৰে দায়ুদক সেই গলিয়াথক বধ কৰিবলৈ সহায় কৰিলে আৰু ইস্ৰায়েলক ৰক্ষা কৰিলে। ক্ৰমত দায়ুদ এজন সুদক্ষ সৈন্য হৈ পৰিল আৰু তেওঁ ইস্ৰায়েলৰ সৈন্য সকলক বহুতো যুদ্ধ ক্ষেত্ৰত নেতৃত্ব দি নিলে। লোক সকলে তেওঁৰ বহুতো প্ৰশংসা কৰিছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-17-04.jpg)
লোক সকলে দায়ুদক ইমানেই ভাল পাইছিল তাকে দেখি চৌলে দায়ুদক ঈৰ্ষা কৰিছিল। অৱশেষত চৌলে দায়ুদক হত্যা কৰিবলৈ অভিসন্ধি কৰিলে, সেই বাবে দায়ুদে তেওঁ আৰু তেওঁৰ সৈন্য বিলাকৰ পৰা ৰক্ষা পাবলৈ অৰণ্যলৈ পলায়ন কৰিছিল। এদিনাখন, যেতিয়া চৌল আৰু তেওঁৰ সৈন্য বিলাকে দায়ুদক হত্যা কৰিবলৈ বিচাৰি আছিল চৌলে এটা গুহাৰ ভিতৰত প্ৰৱেশ কৰিছিল আৰু এই গুহাটোতে দায়ুদে আত্মগোপন কৰি আছিল অথচ চৌলে তেওঁৰ দেখি নাপালে। দায়ুদে চৌলৰ পিছফালেই আছিল আৰু তেওঁ চৌলৰ কাপোৰ এটুকুৰা কাটি ৰাখিছিল। পাছত, চৌলে সেই গুহাৰ পৰা ওলালত, দায়ুদে তেওঁৰ হাতত চৌলৰ বস্ত্ৰৰ টুকুৰাতো লৈ চৌলক চিঞৰি কলে ইয়াক চোৱা। তাতে চৌলে উপলদ্ধি কৰিব পাৰিলে যে, দায়ুদে তেওঁক মাৰি ৰজা হ’বল ইচ্ছা কৰা নাই।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-17-05.jpg)
কিছু দিনৰ পিছত, চৌলৰ যুদ্ধত মৃত্যু হ’ল, আৰু দায়ুদ ইস্ৰায়েলৰ ৰজা পদত অধিস্থিত হ’ল। তেওঁ এজন ভাল ৰজা আছিল সেয়ে লোক সকলৰ বাবেও তেওঁ প্ৰেমৰ পাত্ৰ আছিল। ঈশ্বৰে দায়ুদক আশীৰ্বাদ কৰিলে আৰু তেওঁ অনেক সফলতা অৰ্জন কৰিলে। দায়ুদে বহুতো যুদ্ধত অৱতিৰ্ণ হ’ল, আৰু ঈশ্বৰে তেওঁক ইস্ৰায়েলৰ শত্ৰুবোৰক পৰাজয় কৰাত সহায় কৰিলে। দায়ুদে যিৰূচালেম নগৰ অধিকাৰ কৰিলে আৰু তেওঁৰ ৰাজ্যৰ ৰাজধানী কৰিলে, তাতে তেওঁ বাস কৰি ৰাজ্যৰ শাসন কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-17-06.jpg)
দায়ুদে ইস্ৰায়েল জাতিয়ে ঈশ্বৰক আৰাধানা কৰিবৰ নিমিত্তে আৰু নৈবেদ্য সমূহ উৎসগ কৰিবৰ বাবে এক মন্দিৰ নিমান কৰিবলৈ ইচ্ছা কৰিলে। কিয়নো সেই সময়লৈকে অথাৎ বছৰলৈকে ইস্ৰায়েল জাতিয়ে আলোচনা কৰিবৰ অৰ্থে মোচিয়ে সজা তম্বুত ঈশ্বৰৰ আৰাধানা কৰি আছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-17-07.jpg)
কিন্তু সেই ঠাইতে নাথন নামৰ এজন ভাৱবাদী আছিল। ঈশ্বৰে তেওঁ দায়ুদৰ ওচৰলৈ পঠিয়াই এই কথা কোৱালে, তুমি অনেক যুদ্ধ কৰিলা আৰু তাতে বহু ৰক্তপাত কৰিলা, সেয়েহে তুমি মোৰ নিমিত্তে মন্দিৰৰ সাজিব নোৱাৰা। এই মন্দিৰ তোমাৰ পুত্ৰই সাজিব। কিন্তু তথাপিও মই তোমাক অনেক আশীৰ্বাদ কৰিম। তোমাৰেই বংশৰ এজনে মোৰ লোক সকলক সদাকাললৈ ৰাজত্ব কৰিব!” দায়ুদৰ সেই বংশধৰ জনেই ক্ৰমাত মচিহ নামেৰে প্ৰখ্যাত হ’ব। মচিহ জন ঈশ্বৰৰ মনোনিত হ’ব, যি জনে লোক সমূহক তেওঁলোকৰ পাপৰ পৰা উদ্ধাৰ কৰিব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-17-08.jpg)
দায়ুদে যেতিয়া নাথন ভাৱবাদীৰ এই কথা শুনিলে, তেওঁ ঈশ্বৰক ধন্যবাদ দিলে আৰু তেওঁৰ প্ৰশংসা কৰিলে। ঈশ্বৰেও তেওঁক সন্মানিত কৰিলে আৰু অনেক আশীৰ্বাদ কৰিলে । ঈশ্বৰে এই কাৰ্য্যবোৰ কেতিয়া কৰিব সেই বিষয়ে দায়ুদে নাজানিছিল। আমি এতিয়া জানিব পাৰিলো যে ইস্ৰায়েল জাতিয়ে মচিহ জনৰ আগমনৰ বাবে প্ৰায় ১০০০ বছৰ অপেক্ষা কৰিব লগা হ’ল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-17-09.jpg)
দায়ুদে তেওঁৰ লোক সকলক বহু বছৰ কাল সু্ন্দৰকৈ ৰাজত্ব কৰিলে। তেওঁ ঈশ্বৰৰ বাধ্য হৈ থাকিল আৰু ঈশ্বৰে তেওঁক আশীৰ্বাদ কৰিলে। তথাপিও দায়ুদৰ জীৱনৰ শেষৰ বছৰ সমূহত তেওঁ ঈশ্বৰৰ বিৰুদ্ধে ভয়ানক পাপ কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-17-10.jpg)
এদিনাখন দায়ুদে তেওঁৰ ৰাজ প্ৰসাদৰ ওপৰত ফুৰি আছিল তেনেতে তেওঁ এগৰাকি সুন্দৰ নাৰীয়ে গাঁ ধুই থকা দেখ পালে। তেওঁ তাইক নাজানিছিল, কিন্তু তেওঁ তাইৰ নাম যে বেৎচিবা তাক জানিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-17-11.jpg)
সেই ঠাইৰ পৰা চকু ঘূৰোৱাৰ সলনি তেওঁ কোনো এজনক তাইক তেওঁৰ ওচৰলৈ আনিবলৈ হুকুম দিলে। তেওঁ তাইৰ সৈতে শয়ন কৰি তাইক পুণৰ ঘৰলৈ পঠিয়াই দিলে। কিছু দিনৰ পিছত তাই দায়ুদলৈ এক সম্বাদ পঠিয়ালে যে তাই সন্তান সম্ভৱা হৈছে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-17-12.jpg)
বেৎচিবাৰ স্বামীৰ নাম উৰিয়া আছিল। তেওঁ দায়ুদৰ এজন উত্তম সৈন্য আছিল। সেই সময়ত তেওঁ যুদ্ধ ক্ষেত্ৰত আছিল। তাতে দায়ুদে তেওঁ সেই ঠাইৰ পৰা মাতি পঠাই তেওঁৰ পত্নিৰ সৈতে থাকিবলৈ ক’লে। যিহেতু আন সৈন্য সকল যুদ্ধক্ষেত্ৰতে আছিল সেয়েহে তেওঁ যুদ্ধ ক্ষেত্ৰ এৰিবলৈ মন নকৰিলে। দায়ুদে তাকে জানি সেই যুদ্ধৰ সেনাধক্ষ্যক ক’লে যি ঠাইত শত্ৰু অধিক শক্তি সেই ঠাইলৈ তেওঁক প্ৰেৰণ কৰক তাতে সি মৰিব আৰু সেই দৰেই কৰা হ’ল, উৰিয়াই সেই যুদ্ধ ক্ষেত্ৰতে প্ৰাণ ত্যাগ কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-17-13.jpg)
উৰিয়াই যুদ্ধ ক্ষেত্ৰত মৰাৰ পিছত, দায়ুদে বেৎচিবাক বিয়া কৰালে। তাৰ পিছত তাই দায়ুদলৈ এটি সন্তান প্ৰসৱ কৰিলে। দায়ুদৰ এনে কাযৰ্য্যত ঈশ্বৰ অতিকৈ অসন্তুস্ত হ’ল, সেই বাবে ঈশ্বৰে নাথন ভাৱবাদীক পঠিয়াই দায়ুদক এই কথা কোৱালে যে তেওঁ এক ভয়ানক অপৰাধ কৰিলে । তাকে উপলদ্ধি কৰি দায়ুদে অনুতাপ কৰিলে আৰু ঈশ্বৰে তেওঁক ক্ষমা দান কৰিলে। তাৰ পিছত দায়ুদে এনেকি দুখৰ সময়তো গোটেই জীৱন ঈশ্বৰৰ বিশ্বাসী হৈ তেওঁৰ বাধ্য হ’ল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-17-14.jpg)
কিন্তু দায়ুদৰ লৰা সন্তানটিৰ মৃত্যু হ’ল। এনেদৰে ঈশ্বৰে দায়ুদৰ মৃত্যু নোহোৱা পয্যন্ত শাস্তি দিলে, তেওঁৰ পৰিয়ালৰ কিছু লোক তেওঁৰ বিৰুদ্ধে উঠিল তাতে দায়ুদে তেওঁৰ অনেক শক্তি হেৰুৱালে। কিন্তু ঈশ্বৰে তেনে অৱস্থাতো দায়ুদলৈ প্ৰতিজ্ঞা কৰাৰ দৰেই সকলো কৰ্ম কৰিলে যদিও দায়ুদে তেওঁৰ অবাধ্য হ’ল। পিছত, দায়ুদ আৰু বেৎচিবাৰ আন এটি পুত্ৰ সন্তান জন্ম হ’ল আৰু তেওঁলোকে তেওঁৰ নাম চলোমন থলে।
_এক বাইবেলৰ কাহিনী ১ চমূৱেল ১০, ১৫-১৯, ২৪,৩১,২_

56
content/18.md Normal file
View File

@ -0,0 +1,56 @@
# ১৮. ৰাজ্য বিভাজন হোৱা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-18-01.jpg)
দায়ুদে চল্লিশ বছৰ কাল ৰাজত্ব কৰিছিল। তাৰ পিছত তেওঁৰ মৃত্যু ঘটাত, তেওঁৰ পুত্ৰ চলোমনে ইস্ৰায়েলৰ শাসন ভাৰ ল’লে। ঈশ্বৰে চলোমনক শুধিলে তেওঁ আটাইতকৈ বেছি কি বিচাৰে যিটো ঈশ্বৰে তেওঁৰ বাবে কৰিব পাৰে। যিহৰ দ্বাৰা তেওঁ জ্ঞানী হ’ব পাৰে তাকে তেওঁ ঈশ্বৰৰ পৰা বিচাৰিলে। এই কথাই ঈশ্বৰক সন্তুস্ত কৰিলে, সেয়েহে ঈস্বৰে চলোমনক সেই সময়ৰ জগতৰ সকলো লোকতকৈ অধিক জ্ঞানী কৰিলে। চলোচনে বহু কথা জানিব পাৰিলে আৰু তেওঁ এজন সৎ শাসক ৰূপে পৰিগণিত হ’ল। একে সময়তে ঈশ্বৰে তেওঁক অধিক ঐশ্বৰ্য্যশালীও কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-18-02.jpg)
যিৰূচালেমত চলোমনে মন্দিৰ নিৰ্মান কৰিলে যি মন্দিৰ তেওঁৰ পিতৃ দায়ুদে সাজিব বিচাৰিছিল আৰু সেই বাবে সকলো সামগ্ৰী গোটাই থৈ গৈছিল।তেতিয়াৰে পৰা লোক সকলে আলোচনা কৰা তম্বুৰ সলনি সেই মন্দিৰতে ঈশ্বৰৰ আৰাধানা আৰু নৈবেদ্য উৎসগ কৰিলে। ঈশ্বৰে সেই মন্দিৰতে লোক সমূহৰ লগত বিৰাজ কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-18-03.jpg)
কিন্তু চলোমনে আন দেশৰ তিৰোতা সকলৰ প্ৰেমত পৰিছিল। তেওঁ ১, মান পত্নি বিয়া কৰাই ঈশ্বৰৰ অবাধ্য হৈছিল! এই মহিলা সকল প্ৰায়েই আন দেশৰ পৰা অহা আৰু তেওঁলোকে আহোতে তেওঁলোকৰ দেৱ-দেৱী বোৰকো লগত আনিছিল। সেয়েহে তেওঁলোকে তাকে আৰাধানা কৰিলে। চলোমন যেতিয়া বৃদ্ধ হ’ল তেওঁ নিজেও সেই দেৱতা বোৰৰ সেৱা কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-18-04.jpg)
চলোমনৰ এনে কাৰ্য্যবোৰ চাই ঈশ্বৰ অতিশয় ক্ৰুধিত হ’ল। ঈশ্বৰে ক’লে তেওঁ ইস্ৰায়েল দেশখনক দুভাগত বিভক্ত কৰিব আৰু এয়াই তেওঁৰ বাবে শাস্তি হ’ব। সেই কাৰ্য্য তেওঁ চলোমনৰ মৃত্যুৰ পিছত কৰিব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-18-05.jpg)
চলোমনৰ মৃত্যুৰ পিছত, তেওঁৰ পুত্ৰ ৰিহোবিয়াম ৰজা হ’ল। তাতে ইস্ৰায়েলৰ সকলো লোকে তেওঁক ৰজা স্বৰূপে গ্ৰহণ কৰিবলৈ গোট খালে। চলোমনৰ দিনত তেওঁলোকে যে অধিক পৰিশ্ৰম কৰিব লগাত পৰিল আৰু তেওঁলোকে বহুতো কৰ দিব লগা হৈছিল তাকে ৰিহোবিয়ামক আপত্তি দশালে। সেয়েহে তেওঁৰ ৰাজত্ব কালত তেওঁলোকে যেন কম পৰিশ্ৰম কৰিব লগা হয় সেই কথাও তেওঁলোকে ৰিহোবিয়ামক ক’লে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-18-06.jpg)
কিন্তু ৰেহোবিয়ামে তেওঁলোকক বৰ মুৰ্খৰ দৰে সেই উত্তৰ দিলে। তেওঁ ক’লে, “ মোৰ পিতৃ চলোমনে তেওঁলোকক অধিক পৰিশ্ৰম কৰালে, কিন্তু মই তোমালোকক তাতোকৈও অধিক পৰিশ্ৰম কৰিবলৈ দিম, আৰু মই তোমালোকক অধিক কষ্ট ভোগ কৰিবলৈ দিম।”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-18-07.jpg)
যেতিয়া লোক সকলে তেওঁক এনেবোৰ কথা কোৱা শুনিলে, তেওঁলোকৰ মাজৰ বহু জনে তেওঁৰ বিৰূদ্ধাচৰণ কৰিলে। তাতে দহতা জাতিয়ে তেওঁৰ পৰা আতৰি আহিল, মাত্ৰ দুটা জাতিয়ে তেওঁৰ সৈতে থাকিল। সেই দুই জাতিয়ে অৱশেষত তেওঁলোকে নিজকে যিহূদা ৰাজ্য নাম দিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-18-08.jpg)
আন দহতা জাতিয়ে যাৰবিয়ামক তেওঁলোকৰ ৰজা পাতিলে। এই জাতিয়ে উত্তৰ ফালে থাকিলে আৰু তেওঁলোকে নিজকে ইস্ৰায়েল ৰাজ্য নাম দিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-18-09.jpg)
কিন্তু যাৰবিয়ামে ঈশ্বৰৰ বিৰূদ্ধাচৰণ কৰিলে আৰু লোক সমূহকো পাপ কাৰ্য্যত লিপ্ত কৰালে । তেওঁ তেওঁৰ ৰাজ্যৰ লোক সকলৰ বাবে দুটা প্ৰতিমা নিৰ্মান কৰালে। তেওঁ যিৰূচালেম অথাৎ যিহূদা ৰাজ্য লৈ গৈ ঈশ্বৰৰ মন্দিৰত আৰু আৰাধানা নকৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-18-10.jpg)
যিহূদা ৰাজ্য আৰু ইস্ৰায়েল ৰাজ্য কালক্ৰমত শত্ৰু হৈ পৰিল আৰু ইখন ৰাজ্যই সিখন ৰাজ্যৰ লগত যুদ্ধত নামিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-18-11.jpg)
ইস্ৰায়েলৰ নতুন ৰাজ্যত সকলো ৰাজাই ঈশ্বৰৰ বিৰূদ্ধচৰণ কৰিলে। তাৰে বহু জনক তেওঁলোকৰ নিজৰ লোকেই বধ কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-18-12.jpg)
ইস্ৰায়েলৰ সকলো ৰজাই আৰু অধিক সংখ্যক লোকেই দেৱতা সকলৰ পুজা কৰিলে। যেতিয়া তেওঁলোকে এনেবোৰ কাৰ্য্য কৰিলে, তেওঁলোকেই সঘনাই বেশ্যা তিৰোতাসকলৰ লগত শয়ন কৰিলে আৰু কিছুসময়ত নিজৰ সন্তান সন্ততিবোৰকো দেৱতা সকলৰ আগত বলি উৎসগ কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-18-13.jpg)
যিহূদা ৰাজ্যৰ ৰজা সকল দায়ুদৰ বংশধৰ আছিল। তেওঁলোকৰ কিছুমান সৎ আছিল আৰু ঈশ্বৰৰ আৰাধানা কৰিছিল। কিন্তু যিহূদা ৰাজ্যৰ সৰহ সংখ্যক লোকেই ঈশ্বৰৰ অবাধ্য আছিল। তেওঁলোকে দূ-শাসন চলাইছিল আৰু দেৱতা পুজা কৰিছিল। তেওঁলোকৰ কিছুমান ৰজাই তেওঁলোকৰ সন্তানবোৰকো দেৱতা সকলৰ বাবে বলি দিছিল। যিহূদা দেশৰ প্ৰায়বোৰ লোকেই ঈশ্বৰৰ বিৰূদ্ধাচৰণ কৰিছিল আৰু দেৱতাবোৰৰ পুজা কৰিছিল।
_এক বাইবেলৰ কাহিনী: ১ ৰাজাৱলী ১-৬, ১১-১২_

76
content/19.md Normal file
View File

@ -0,0 +1,76 @@
# ১৯. ভাৱবাদী সকল
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-19-01.jpg)
ঈশ্বৰে ইস্ৰায়েল জাতিৰ বাবে বহু সময়তে ভাৱবাদী সকলক পঠিয়াইছিল। ভাৱবাদী সকলে ঈশ্বৰৰ পৰা বাৰ্তাবোৰ পাইছিল আৰু লোক সকলক তাক কৈছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-19-02.jpg)
আহাব ৰজা যেতিয়া ইস্ৰায়েল ৰাজ্যৰ ৰজা আছিল সেই সময়ত এলিয়া এজন ভাৱবাদী আছিল। আহাব এজন দুষ্ট প্ৰকৃতিৰ লোক আছিল। তেওঁ লোক সকলক বাল দেৱতাৰ আগত প্ৰণিপাত কৰাবলৈ চেষ্টা কৰিছিল। সেয়েহে এলিয়া ভাৱবাদীয়ে আহাব ৰজাক কৈছিল যে এনেদৰে কৰিলে ঈশ্বৰে লোক সকলক শাস্তি দিব। এলিয়াই তেওঁক ক’লে, “ মই যেতিয়ালৈকে নকও তেতিয়ালৈকে ইস্ৰায়েল ৰাজ্যত বৰষুণ আৰু নিয়ৰ নপৰিব।” এই কথাই আহাব ৰজাক ক্ৰুধিত কৰি তুলিছিল তাৰে ফলস্বৰূপে তেওঁ এলিয়াক হত্যা কৰিব বিচাৰিছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-19-03.jpg)
সেয়েহে এলিয়াক ঈশ্বৰে মৰুপ্ৰন্তত লুকাই থাকিবলৈ আৰু আহাবৰ ওচৰৰ পৰা পলাবলৈ কৈছিল। ঈশ্বৰে আদেশ নিদিয়ালৈকে এলিয়াই মৰুপ্ৰন্তত থাকিল। প্ৰতি ৰাতিপুৱা আৰু আবেলি পৰত চৰাইবোৰে তেওঁৰ বাবে পিঠা আৰু মাংস আনিছিল। সেই সময়ত আহাবৰ লোক সকলে এলিয়াক বিচাৰি য’তে ত’তে ফুৰিছিল কিন্তু সিহঁতে এলিচাক বিচাৰি পোৱা নাছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-19-04.jpg)
সেই ঠাইত বহু দিন বৰষুণ নোহোৱাত তাতে থকা নদীৰ সুতিবোৰ শুকাই গৈছিল। সেয়েহে এলিয়াই ওচৰতে থকা আন এখন দেশলৈ গুচি গ’ল। সেই দেশত এগৰাকী দুখীয়া বিধৱা তিৰোতা বাস কৰিছিল। তেওঁৰ এটা পুত্ৰসন্তান আছিল। তেওঁলোকৰ খোৱা বস্তু প্ৰায় শেষ হৈছিল, কাৰন দেশত আকাল আকাল হৈছিল৷ তথাপিও, সেই মহিলা গৰাকীয়ে এলিয়াৰ শুশ্ৰূষা কৰিছিল, ঈশ্বৰে সেই বিধবাৰ সন্তান আৰু তেওঁৰ বাবেওঁ খাদ্য যোগাইছিল, যাতে তেওঁলোকৰ খাদ্য ৰখা পাত্ৰ আৰু তেল ৰখা পাত্ৰ কেতিয়াও শেষ নহয়। সেই আকালৰ সময়ত প্ৰতি দিনে তেওঁলোকৰ পান পাত্ৰ উপচি থাকিল। এলিয়াই সেই ঠাইতে কেইবা বছৰো থাকিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-19-05.jpg)
তিনি বছৰ ছমাহ মানৰ পিছত, ঈশ্বৰে এলিয়াক ক’লে যে পুণৰ বৰষুণ হ’বলৈ দিয়া। তেওঁ এলিয়াক ইস্ৰায়েল ৰাজ্যলৈ ঘূৰি গৈ আহাব ৰজাৰ সৈতে কথা হ’বলৈ ক’লে। সেয়েহে এলিয়াই আহাবৰ ওচৰলৈ গ’ল। আহাবে যেতিয়া তেওঁক দেখিলে, তেওঁ ক’লে, “ অমঙ্গলীয়া তুমি ইয়াত! তেতিয়া এলিয়াই তেওঁক উত্তৰ দি ক’লে, “ প্ৰকৃততে তুমিহে অমঙ্গলীয়া! তুমি যিহোৱাক ত্যাগ কৰিলা। তেৱেই সত্য ঈশ্বৰ, এনে স্থলত তুমি বাল দেৱতাৰ পুজা কৰিছা। এতিয়া তুমি ইস্ৰায়েলৰ সকলো লোককে কৰ্মিল পব্বতলৈ আনাগৈ।”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-19-06.jpg)
তাতে ইস্ৰায়েলৰ সকলো লোক কৰ্মিল পব্বতলৈ গ’ল। সেই ঠাইলৈ বাল দেৱতাৰ পুজক সকলো আহি একত্ৰিত হ’ল। সেই ঠাইত বাল দেৱতাৰ ৪৫০ জন ভাৱবাদী গোট খালে। সেই সময়ত এলিয়াই লোক সমূহক উদ্দেশি ক’লে, কিমান কাললৈকে মন সলনিকৰি থাকিবা? যদি যিহোৱাই প্ৰকৃত ঈশ্বৰ হয়, তেওঁক আৰাধানা কৰা! কিন্তু যদি বাল দেৱতাই ঈশ্বৰ হয় তেওঁক আৰাধানা কৰা!
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-19-07.jpg)
এলিয়াই বালৰ ভাৱবাদী সকলক ক’লে, এটা দামুৰি বলি দিয়া আৰু তাক উৎসগ কৰিবলৈ যজ্ঞ বেদিৰ ওপৰত ৰাখা আৰু তাত জুই নিদিবা। পিছত আন এটা যজ্ঞ বেদিত ময়ো একেদৰে কৰিম । যদি ঈশ্বৰে সেই যজ্ঞ বেদিলৈ জুই পঠিয়াই, তেতিয়া তোমালোকে জানিবা তেৱেই প্ৰকৃত ঈশ্বৰ।” তাতে বালৰ ভাৱবাদী সকলে তেনে দৰেই কৰিলে কিন্তু সেই যজ্ঞ বেদিত জুই নজলিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-19-08.jpg)
সেই সময়ত বালৰ ভাৱবাদী সকলে বাল দেৱতাক প্ৰাৰ্থনা কৰিলে, “ আমাক শুনা, বাল!” গোটেই দিনতো তেওঁলোকে প্ৰাৰ্থনা কৰিলে আৰু চিঞৰিলে এনেকি নিজেক কটাৰিৰে কাটিলে, কিন্তু বাল দেৱতাই তেওঁলোকক উত্তৰ নিদিলে, আৰু তেওঁ কোনো ধৰণৰ জুই নপঠিয়ালে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-19-09.jpg)
বালৰ ভাৱবাদী সকলে গোটেই দিনটোৱেই বাল দেৱতাক প্ৰাৰ্থনা কৰিলে। অৱশেষত তেওঁলোকে প্ৰাৰ্থনা সামৰিলে। তেতিয়া এলিয়া ভাৱবাদীয়ে ঈশ্বৰৰ নিমিত্তে বলদৰ মাংস যজ্ঞ বেদিৰ ওপৰত ৰাখিলে। তাৰ পিছত, তেওঁ লোক সমূহক ক’লে যে বাৰটা ডাঙৰ পাত্ৰৰে পানী ভৰাই সেই যজ্ঞ বেদিৰ মাংস, খৰি আৰু সেই যজ্ঞ বেদিৰ ওপৰে তলে ভিজাকৈ পানী পেলাওক যাতে সেই যজ্ঞ বেদি সম্পুণ পানীৰে তিতে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-19-10.jpg)
তাৰ পিছত এলিয়াই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলে, “ যিহোৱা, আব্ৰাহাম, ইচাহাক আৰু যাকোবৰ ঈশ্বৰ, তুমি যে ঈশ্বৰ হয় আৰু মইযে তোমাৰ দাস সেই কথা আজি আমাক জনাওঁক। আপুনিয়ে যে প্ৰকৃত ঈশ্বৰ তাক এই লোক সকলে জানক ।”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-19-11.jpg)
তৎক্ষনাতে আকাশৰ পৰা জুই নামি আহিল। আৰু সেই জুয়ে সেই মাংস, খৰি আৰু শিল আৰু মাটি এনেকি যজ্ঞ বেদিৰ আশে পাশে যি পানী পৰি আছিল সেই পানীও জ্বলি শেষ হ’ল। ইয়াকে লোক সকলে যেতিয়া দেখিলে, তেওঁলোকে মাটিত শস্ৰাংগে পৰিলে আৰু ক’লে, “ যিহোৱাই ঈশ্বৰ! যিহোৱাই ঈশ্বৰ!”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-19-12.jpg)
তেতিয়া এলিয়াই ক’লে, “ এতিয়া বাল দেৱতাৰ এজনো ভাৱবাদীক পলাই সাৰিবলৈ নিদিবা!” তাতে লোক সকলে বাল দেৱতাৰ আতাই ভাৱবাদী ধৰিলে আৰু তেওঁলোকক সেই ঠাইৰ পৰা আতৰাই নি সকোলকে বধ কৰিলে৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-19-13.jpg)
তাতে এলিয়াই আহাব ৰজাক ক’লে, “ এতিয়াই তোমাৰ ঘৰলৈ যোৱা, কিয়নো বৰষুণ আহিব।” তৎক্ষনাতে আকাশ কলা হ’ল আৰু অতিকৈ বৰষুণ হ’ল। যিহোৱাই সেই আকালৰ অন্ত পেলালে। এই কাযই তেওঁ যে প্ৰকৃততে সত্য ঈশ্বৰ তাক দেখুৱালে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-19-14.jpg)
এলিয়াই যেতিয়া তেওঁৰ কাৰ্য্য শেষ কৰিলে, তেতিয়া ঈশ্বৰে এলিচা নামৰ এজন ভাৱবাদীক মনোনিত কৰিলে। ঈশ্বৰে এলিচাৰ যোগেদি বহুতো আচৰিত কৰ্মও কৰিলে। তাৰ মাজৰ এটা আচৰিত কৰ্ম নামানৰ লগত ঘটিল। তেওঁ বিপৰিত পক্ষ সৈন্যৰ সেনাধক্ষ্য আছিল, কিন্তু তেওঁৰ এক জটিল চালৰ ৰোগ আছিল। নামানে এলিচাৰ বিষয়ে শুনিবলৈ পাইছিল, সেয়েহে তেওঁ এলিচাৰ ওচৰলৈ আহিল আৰু তেওঁক সুস্থ কৰিবলৈ ক’লে। তেতিয়া এলিচাই তেওঁক যদ্দন নদীত সাত বাৰ বুৰ মাৰিবলৈ ক’লে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-19-15.jpg)
তাকে শুনি নামান অতি ক্ৰুধিত হ’ল। তেওঁ সেই কাম কৰিবলৈ অস্বীকাৰ কৰিলে। কিন্তু পিছত তেওঁ নিজৰ মন সলনি কৰিলে। তেওঁ যদ্দন নদীলৈ গ’ল আৰু তাত তেওঁ সাত বাৰ বুৰ মাৰিলে আৰু যেতিয়াই তেওঁ শেষৰ বাৰ বুৰ মাৰি পানীৰ পৰা উঠি আহিল তেতিয়াই ঈশ্বৰে তেওঁক সুস্থতা দান কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-19-16.jpg)
ঈশ্বৰে তেনেদৰে ইস্ৰায়েল জাতিৰ নিমিত্তে বহুতো ভাৱবাদীক পঠিয়ালে। তেওঁলোকে আতায়ে এটা কথাই কৈ গ’ল সেই কথা আছিল দেৱতা পুজা নকৰিবা। তাৰ সলনি ইজনে সিজনক সমান জ্ঞান কৰা আৰু ইজনে সিজনৰ ওপৰত দয়া কৰা। ভাৱবাদী সকলে লোক সকলক বেয়া কাৰ্যয় কৰাৰ পৰা আতৰি থাকিবলৈ আৰু ঈশ্বৰৰ বাধ্য হ’বলৈ কৈ গ’ল। যদি লোক সকলে তাকে নকৰে তেনেহলে ঈশ্বৰে তেওঁলোকৰ বিচাৰ কৰিব আৰু তেওঁ লোক সমূহক শাস্তি বিহিব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-19-17.jpg)
বহু সময়ত, মানুহে ঈশ্বৰৰ অবাধ্য হৈছিল। তেওঁলোকে প্ৰায়েই ভাৱবাদী সকলৰ কথাবোৰ গ্ৰহণ নকৰিলে আৰু এনেকি বহু জনক হত্যাও কৰিলে। এবাৰ তেওঁলোকে যিৰিমিয়া ভাৱবাদীক শুকান নাদীত পেলাইছিল আৰু তাতে তেওঁক মৰিবলৈ এৰি দিছিল। কিন্তু সেই ঠাইৰ ৰজাৰ মনত তেওঁৰ বাবে পুতৌ জন্মাৰ ফলস্বৰূপে তেওঁক যিৰিমিয়া ভাৱবাদীক তেওঁ মৃত্যু হোৱাৰ পূব্বেই তাৰ পৰা মানুহ পঠিয়াই উঠাই আনিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-19-18.jpg)
যিদও মানুহ বিলাকে ভাৱবাদী সকলক বেয়া পাইছিল, তেনে অৱস্থাতো তেওঁলোকে অবিৰত ভাৱে ঈশ্বৰৰ হৈ কথাবোৰ কৈ আহিল । তেওঁলোকে যদি অনুতাপ নকৰে তেওঁলোকে ঈশ্বৰে ধ্বংশ কৰিব এনেবোৰ কথাৰে তেওঁলোকে মানুহবোৰক সাৱধান কৰিলে। তেওঁলোকে মানুহ বিলাকক এই কথাও বাৰে বাৰে কৈ থাকিল যে ঈশ্বৰে তেওঁ কৰা প্ৰতিজ্ঞা অনুসৰি তেওঁলোকৰ বাবে এজন মচিহ পঠিয়াব ।
_এক বাইবেলৰ কাহিনী: ১ ৰাজাৱলী ১৬-১৮, ২ ৰাজাৱলী ৫, যিৰিমিয়া ৩৮_

56
content/20.md Normal file
View File

@ -0,0 +1,56 @@
# ২০. বন্দীত্ব আৰু তাৰ পৰা উভতি অহা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-20-01.jpg)
ইস্ৰায়েল ৰাজ্য আৰু যিহূদা ৰাজ্যই ঈশ্বৰৰ অহিতে পাপ কৰিলে। চীনয় পব্বতত ঈশ্বৰে তেওঁলোকৰে সৈতে স্থাপন কৰা নিয়মক তেওঁলোকে ভাঙিলে। ঈশ্বৰে তেওঁৰ ভাৱবাদী সকলক পঠিয়াই লোক সকলক বহু বাৰ সাৱধান কৰিলে আৰু ক’লে তোমালোকে মোক আৰাধানা কৰা, কিন্তু তেওঁলোকে তাকে নকৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-20-02.jpg)
সেয়েহে শাস্তি হিচাপে ঈশ্বৰে দুয়োখন ৰাজ্যকে তেওঁলোকৰ শত্ৰু বিলাকৰ দ্বাৰা ধ্বংশ হ’বলৈ দিলে । তাৰে মাজক আচোৰিয়া সকল এনে এক জাতি আছিল যি অধিক শক্তি শালী আছিল। একেসময়তে তেওঁলোক আন দেশবোৰৰ প্ৰতি অতি নিষ্ঠুৰ আছিল । তেওঁ আহিল আৰু তেওঁলোকে ইস্ৰায়েল ৰাজ্যক ধ্বংশ কৰিলে। আচোৰিয়া সকলে ইস্ৰায়েল ৰাজ্যত বহুতো লোকক হত্যা কৰি তেওঁলোকে যি ইচ্ছা কৰিলে তাকে তেওঁলোকৰ লগত নিলে আৰু সেই দেশৰ অধিকাংশ ঠাইত জুই লগালে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-20-03.jpg)
আচোৰিয়া সকলে সকলো নেতা সকলক, ধনি মানি ব্যক্তি সকলক, আৰু যি সকলে মূল্যবান সামগ্ৰী সমূহ গঢ় দিব পাৰে তেনে লোক সকলক তেওঁলোকৰ সৈতে লৈ গ’ল। মাত্ৰ কিছুমান দৰিদ্ৰ লোকেহে ইস্ৰায়েল ৰাজ্যত অৱশিষ্ট থাকিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-20-04.jpg)
তেতিয়া আচোৰিয়া বিলাকে বিদেশী লোক সকলক তেওঁলোকৰ ঠাইলৈ আনিলে আৰু তেওঁলোকক নগৰ বনোৱা কামত ব্যৱহাৰ কৰিলে। তেওঁলোকে ইস্ৰায়েলৰ যি সকল লোক তাত অৱশিষ্ট থাকিল তেওঁলোকৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল। তেওঁলোকৰ বংশক চমৰিয়া বুলি জনা যায়।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-20-05.jpg)
সেই সময়ত যিহূদা দেশৰ লোক সকলে ইস্ৰায়েল ৰাজ্যক ঈশ্বৰৰ অবাধ্য হোৱাৰ বাবে ঈশ্বৰে কেনেদেৰে শাস্তি প্ৰদান কৰিছে তাকে দেখিবলৈ পালে। কিন্তু তথাপিও তেওঁলোকে দেৱতা পুজা কৰিয়ে থাকিল, তাৰে মাজতে কানান দেশৰ দেৱতা সমূহো আছিল। ঈশ্বৰে তেওঁৰ ভাৱবাদী সকলক পঠিয়াই তেওঁলোকক সাৱধান কৰিছিল, কিন্তু তেওঁলোকে সেইবোৰক শুনিবলৈ ইচ্ছা নকৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-20-06.jpg)
আচোৰিয়া বিলাকে ইস্ৰায়েল ৰাজ্য ধংশ কৰাৰ প্ৰায় ১০০ বছৰৰ পিছত, ঈশ্বৰে নবুখদনেশ্বৰ ৰজা অথাৎ বাবিলনীয়ান বিলাকৰ ৰজাক পঠাই যিহূদা ৰাজ্যক ধংশ কৰিছিল। বাবীল এখন শক্তিশালী ৰাষ্ঠ্ৰ আছিল। সেই সময়ৰ যিহূদা দেশৰ ৰজাই নবুখদনেশ্বৰ ৰজাৰ সেৱক হবলৈ সন্মত হৈছিল আৰু তেওঁ প্ৰতি বছৰে বহু ধন দিব লগা হৈছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-20-07.jpg)
কিন্তু কিছু বছৰৰ পিছত, যিহূদা ৰাজ্যৰ ৰজাই বাবীলৰ ৰজাক প্ৰবঞ্চনা কৰিলে। সেয়েহে, বাবিলনীয়ান বিলাকে আহি যিহূদা ৰাজ্য আক্ৰমণ কৰিলে। তেওঁলোকে যিৰুচালেম নগৰ নিজৰ হাতলৈ নিলে, মন্দিৰো ধংশ কৰিলে আৰু সেই ঠাইৰ আৰু মন্দিৰৰ সকলো ধন সম্পত্তি কাঢি় নিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-20-08.jpg)
শাস্তি হিচাপে নবুখদনেশ্বৰ ৰজাৰ সণ্যই যিহূদাৰ ৰজাৰ পুত্ৰ সকলক তেওঁৰ সন্মোখতে মাৰিলে আৰু তেওঁক অন্ধ কৰিলে। তাৰ পিছত, সেই ৰজাক তেওঁলোকে বাবিলৰ বন্দিশালত মৰিবলৈ লৈ গ’ল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-20-09.jpg)
নবুখদনেশ্বৰ ৰজা আৰু তেওঁৰ লোক সকলে যিহূদা দেশৰ প্ৰায় সকলো লোককে বাবিললৈ লৈ গ’ল, কেৱল দৰিদ্ৰ লোক সকলক সেই ঠাইৰ পথাৰ বোৰ চহাবৈল ৰাখি গ’ল। এই সময়তে ঈস্বৰৰ লোক সকলে প্ৰতিজ্ঞাৰ দেশ এৰি যাব লগা হ’ল তাকেই দেশান্তৰ বুলি কোৱা হয়।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-20-10.jpg)
যিদও ঈশ্বৰে লোক সকলক শাস্তি দিলে কিন্তু তেওঁ তেওঁলোকক কেতিয়াও নাপাহৰিলে আৰু এনেকি তেওঁৰ প্ৰতিজ্ঞাবোৰো নাপাহৰিলে। ঈশ্বৰে তেওঁৰ লোক সমূহক সদাই লক্ষ কৰি থাকিল আৰু তেওঁৰ ভাৱবীদা সকলৰ দ্বাৰা কথা কৈ থাকিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-20-11.jpg)
প্ৰায় সত্তৰ বছৰৰ পিছত, চাইৰচ নামৰ এজন পাৰ্চি ৰজাই বাবিলক পৰাস্ত কৰিলে, সেই পাৰ্চি ৰজাই একেসময়তে বহু কেইখন ৰাষ্ট্ৰ শাসসন কৰিলে। ইস্ৰায়েলীয়া সকলক তেতিয়াৰ পৰা ইহুদী বুলি জনা হ’ল। তেওঁলোকৰ মাজৰ বহু জনে বাবিল দেশতে বস-বাস কৰিলে। সেই সময়ত খোব কম সংখ্যক লোকেহে যিহূদা ৰাজ্যৰ বিষয়ে মনত ৰাখিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-20-12.jpg)
পাৰ্চি সকল অধিক শক্তিশালী আছিল, কিন্তু তেওঁলোকে বন্দি কৰি নিয়া লোক সকলক তেওঁলোকে দয়াৰ দৃষ্টিৰে চাইছিল। চাইৰাছ ৰজাই ৰজা হোৱাৰ কেইবছৰ মানৰ পিছত তেওঁ এক আদেশ দিলে যে, যিসকল ইহুদী লোকে নিজ ঠাইলৈ যিহূদা ৰাজ্যলৈ যাবলৈ ইচ্ছা কৰিছিল তেওঁলোকক নিজৰ ৰাজ্যলৈ যাবৰ বাবে অনুমতি দিছিল। এনেকি তেওঁলোকে ইহুদী সকেল তেওঁলোকক মণ্ডীৰ সাজিবলৈ ধন-সম্পত্তিও দিছিল। সেয়েহে সত্তৰ বছৰৰ বন্দিত্ব অৱস্থাৰ পিছত, এক তাকৰিয়া লোকৰ গোটে যিহূদা দেশৰ যিৰূচালেমলৈ গ’ল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-20-13.jpg)
লোক সকলে যেতিয়া যিৰূচালেমত প্ৰবেশ কৰিল, তাতে তেওঁলোকে সেই ঠাইত মন্দিৰ আৰু নগৰৰ চাৰিওকাষে দেৱাল নিমান কৰিলে। সেই সময়তো পাৰ্চি সকলে তেওঁলোকৰ ওপৰত ৰাজত্ব কৰি আছিল, কিন্তু এনে অৱস্থাতো তেওঁলোকে প্ৰতিজ্ঞাৰ দেশত বাস কৰিবলৈ পালে আৰু মন্দিৰত আৰাধানা কৰিলে।
_এক বাইবেলৰ কাহিনী: ২ ৰাজাৱলী ১৭, ২৪-২৫, ২ বংশাৱলী ৩৬, ইজ্ৰা ১-১০ , নহিমিয়া ১-১৩._

64
content/21.md Normal file
View File

@ -0,0 +1,64 @@
# ২১. মচীহ জনৰ বিষয়ে ঈশ্বৰে প্ৰতিজ্ঞা কৰা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-21-01.jpg)
ঈশ্বৰে যিদও জগত খনৰ সৃষ্টি কৰিলে, তেওঁ এই কথাও জানিছিল যে এদিন তেওঁ মচিহক পিঠয়াব লাগিব। তেওঁ আদম আৰু হাৱাক এই কথা প্ৰতিজ্ঞা কৰিছিল। তেওঁ কৈছিল হাৱাৰ বংশই সপৰ মুৰ গুৰি কৰিব। আমি জানো যি সৰ্পই হৱাক প্ৰৱঞ্চনা কৰিছিল সি চয়তানেই আছিল। তাৰ অৰ্থ স্বৰূপে ঈশ্বৰে এই কথা বুজাইছিল যে সৈই জন মচিহই চয়াতানক সম্পুণকৈ পৰাজয় কৰিব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-21-02.jpg)
ঈশ্বৰে আব্ৰাহামক কৈছিল যে তেওঁৰ যোগেদি গোটেই মানৱ জাতি আশীবাদ প্ৰাপ্ত হ’ব। সেই প্ৰতিজ্ঞা সিদ্ধ কৰিবলৈ ঈশ্বৰে কিছু সময়ৰ পিছত সই প্ৰতিজ্ঞাৰ মচিহ জনক পঠাব। সেই মচিহ জনেই এই জগতৰ সকলো জাতিৰ লোক সকলক তেওঁলোকৰ পাপ সমূহৰ পৰা উদ্ধাৰ কিৰব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-21-03.jpg)
ঈশ্বৰে মোচিক প্ৰতিজ্ঞা কৰিছিল যে ভৱিষ্যতে তেওঁ মোচিৰ দৰে আন এজন ভাৱবাদী পঠাব। সেই ভাৱবাদী জনেই মচিহ হ’ব। এইদেৰই ঈশ্বৰে তেওঁৰ লোক সকললৈ মচিহক পঠিয়াব বুলি প্ৰতিজ্ঞা কৰিছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-21-04.jpg)
দায়ুদৰ বংশৰ এজনেই সেই মচিহ হ’ব এই কথা ঈশ্বৰে দায়ুদক প্ৰতিজ্ঞা কৰিছিল। সেই ৰজাই ঈশ্বৰৰ লোক সকলক অনন্ত কাললৈকে ৰাজত্ব কৰিব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-21-05.jpg)
ঈশ্বৰে যিৰিমিয়া ভাৱবাদীক কৈছিল যে তেওঁ এক নতুন নিয়ম স্থাপন কৰিব। সেই মতুন নিয়ম চীনয় পব্বতত দিয়া নিয়মৰ দৰে নহ’ব। তেওঁ লোক সমূহৰ বাবে যেতিয়া নতুন নিয়ম স্থাপন কৰিব, তেওঁ লোকক সকলক ব্যক্তিগত ভাৱে তেওঁক জানিব দিব। তাতে প্ৰতিজন মানুহে তেওঁক প্ৰেম কৰিব আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰিব। তেওঁলোকসকলৈ তেওঁৰ লোক হ’ব, আৰু ঈশ্বৰে তেওঁলোকৰ পাপবোৰৰ পৰা ক্ষমা দান কৰিব। এইজনেই সেই মচিহ হ’ব যি জনে তেওঁলোকৰ বাবে সেই নতুন নিয়ম স্থাপন কৰিব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-21-06.jpg)
ঈশ্বৰৰ ভাৱবাদী বোৰে এইদেৰও কৈছিল যে সেই মচিহই এজন ভাৱবাদী, এজন পুৰুহিত আৰু এজন ৰজা হ’ব। ভাৱবাদী সেই জন যিজনে ঈশ্বৰৰ কথাবোৰ শুনে আৰু লোক সমূহৰ আগত তাক ঘোষনা কৰে। ঈশ্বৰে প্ৰতিজ্ঞা কৰা সেই মচিহই এজন নিখুত ভাৱবাদী হ’ব। সেই মচিহই নিখুততাৰে ঈশ্বৰৰ বাক্যবোৰ গ্ৰহণ কৰিব, তেওঁ তাক সম্পুণকৈ বুজিব, আৰু সেই বাক্যবোৰক লোক সকলক নিখুঁতভাৱে শিক্ষা দিব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-21-07.jpg)
ইস্ৰায়েলৰ পুৰুহিত সকলে ঈশ্বৰলৈ বলি দি আছিল। এই বলি বিলাকৰ দ্বাৰা লোক সকলে তেওঁলোকৰ পাপবোৰ কাৰনে ঈশ্বৰৰ পৰা পোৱা শাস্তিৰ পৰা বঞ্চিত হৈছিল। পুৰুহিত সকলে লোক সমূহৰ বাবে ঈশ্বৰৰ আগত প্ৰাথনা কৰিছিল। এনেস্থলত সেই মচিহ জনেই নিখুঁত বলি স্বৰূপে লোক সমূহৰ বাবে নিজকে বলি স্বৰূপে আগবঢ়াব, তেতিয়াৰে পৰা পাপ মচিবৰ বাবে আৰু কোনো ধৰণৰ বলিৰ আৱশ্যকতা নহ’ব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-21-08.jpg)
ৰজা আৰু প্ৰধান সকলে লোক সকলৰ ওপৰত শাসন কৰিব, আৰু তেওঁলোকে কেতিয়াবা ভুল কৰিব। দায়ুদ ৰজাই কেৱল ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিছিল। কিন্তু সেই মচিহ, যি দায়ুদৰ বংশত জন্মিব, তেওঁ গোটেই জগতক ৰাজত্ব কৰিব আৰু তেওঁ অনন্ত কাললৈকে ৰাজত্ব কৰিব। কেৱল সেয়েই নহয় তেওঁ ন্যায় আৰু ধৰ্ম্মিকতাৰে বিচাৰ কৰি শুদ্ধ সিদ্ধান্ত সমূহ গ্ৰহণ কৰিব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-21-09.jpg)
ঈশ্বৰৰ লোক সকলে সেই মচিহৰ বিষয়ে ভিন্ন ভিন্নকৈ উপস্থাপন কৰিলে। উদাহাৰণ স্বৰূপে, মলাখিয়ে কৈছিল যে, মচিহ অহাৰ আগতে আন এজন ভাৱবাদী আহিব। সেই ভাৱবাদীয়ে অধিক গুৰুত্বপুণ হ’ব। যিচয়া ভাৱবাদীও কৈছিল যে, সেই মচিহ জনে এগৰাকী কুমাৰীৰ গৰ্ভত জন্ম লাভ কৰিব। আৰু মিখা ভাৱবাদীয়ে কৈছিল যে সেই মচিহই বৈৎলেহেম নামৰ নগৰত জন্ম গ্ৰহণ কৰিব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-21-10.jpg)
যিচয়া ভাৱবাদীয়ে কৈছিল সেই মচিহই গালীল প্ৰদেশত বাস কৰিব। মচিহই দুখত থকা সকলক শান্তনা প্ৰদান কৰিব। তেওঁ বন্দি বিলাকক মুক্ত কৰিব, অন্ধ চকু দিব, বোবাই কথা কব ও শুনিবলৈ পাৰিব আৰু খোৰাক খোজকাঢি়ব আৰু ৰূগি সকলক সুস্থতা প্ৰদান কৰিব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-21-11.jpg)
যিচয়া ভাৱবাদীয়ে এইদৰেও কৈছিল যে, মানুহ বিলাকে তেওঁক মচিহ বুলি গ্ৰহণ নকৰিব। আন ভাৱবাদীয়ে কৈছিল যে তেওঁৰ এজন বন্ধুৱে তেওঁৰ বিৰুদ্ধে থিয় দিব। যখৰীয়া ভাৱবাদীয়ে কৈছিল যে সেই বন্ধু জনেই ৩০ চেকল ৰূপৰ বাবে এনেদৰে প্ৰতাৰণা কৰিব। কিছুমান ভাৱবাদীয়ে কৈছিল, সেই মচিহক লোক সকলে হত্যা কৰিব আৰু তেওঁৰ কাপোৰ বোৰেৰে চিঠি খেলিব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-21-12.jpg)
ভাৱবাদী সকলে সেই মচিহৰ কি দৰে মৃত্যু ঘটিব সেই কথা ও কৈছিল। যিচয়া ভাৱবাদীয়ে কৈছিল, যদিও তেওঁ কোনো অপৰাধ কৰা নাছিল তথাপিও মানুহ বোৰে তেওঁক থুঁ পেলাব, লাঞ্চনা কৰিব আৰু আঘাত কৰিব। তেওঁলোকে তেওঁক খুচি খুচি মাৰিব আৰু তেওঁ এক ভয়ানক যাতনা লভিব ।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-21-13.jpg)
ভাৱবাদী সকলে আৰু কৈছিল সেই মচিহ জনে পাপ নকৰিব। তেওঁ নিখুঁত জীৱন যাপন কৰিব। কিন্তু ঈশ্বৰে তেওঁক আন মানুহ বোৰৰ পাপৰ নিমিত্তে শাস্তি দিব। যেতিয়া তেওঁ প্ৰাণ ত্যাগ কৰিব তেতিয়া লোক সমূহৰ ঈশ্বৰৰ সৈতে মিলন হ’ব। সেয়েহে ঈশ্বৰে মচিহ জনক মৃত্যুলৈ থেলি দিছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-21-14.jpg)
ভাৱবাদী সকেল ইয়াকো কৈছিল ঈশ্বৰে তেওঁক মৃত্যুৰ পৰা পুণৰ উঠাব । এই সকলো বোৰে ইয়াকে স্পষ্ট কৰে যে এই সকোলবোৰ ঈশ্বৰৰ আচনি আৰু পৰিকল্পনা যাৰ যোগেৰ তেওঁ এক নতুন নিয়ম স্থাপন কৰিব আৰু তাৰে তেওঁ লোক সমূহক পাপৰ পৰা উদ্ধাৰ কৰিব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-21-15.jpg)
ঈশ্বৰে ভাৱবাদী সকলক মচিহৰ বিষয়ে বহুতো কথা প্ৰকাশ কৰিছিল, কিন্তু মচিহ জনে সেই ভাৱবাদী সকলৰ কোনো এজনৰ থকা কালতো নাহিল। শেষ ভাৱবানীৰ বছৰৰ পাছত, কাল সম্পূৰ্ণ হলত, ঈশ্বৰে সেই মচিহক এই জগতলৈ পঠিয়ালে।
_এক বাইবেলৰ কাহিনী: আদিপুস্তক ৩:১৫, ১২:১-৩, দ্বিতীয় বিৱৰণ ১৮:১৫, ২ ৰাজাৱলী , যিৰিমিয়া ৩১, যিচয়া ৫৯:১৬, দানিয়েল , মলাখী :৫, যিচয়া :১৪, মীখা ৫:২, যিচয়া ৯ঃ১-, ৩৫:৩-৫, ৬১,৫৩, গীতমালা ২২:১৮,৩৫:১৯, ৬৯:, ৪১:৯, জখৰীয়া ১১:১২-১৩, যিচয়া ৫০:৬, গীতমালা ১৬:১০-১১।_

32
content/22.md Normal file
View File

@ -0,0 +1,32 @@
# ২২. যোহনৰ জন্ম
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-22-01.jpg)
পুব্বতে, ঈশ্বৰে তেওঁৰ ভাৱবাদী সকলক কথা কৈছিল যাতে তেওঁলোকে লোকসমূহৰ আগত তাক প্ৰকাশ কৰিব পাৰে। কিন্তু বছৰলৈকে তেওঁ কথা কোৱা নাছিল। এদিনাখন পুৰুহিত জখৰীয়াৰ ওচৰলৈ ঈশ্বৰৰ দূত এজন আহিল। জখৰীয়া আৰু তেওঁৰ ভাৰ্য্যা এলিজাবেথে ঈশ্বৰক ভক্তি কৰিছিল। তেওঁ লোক অতি বৃদ্ধ অৱস্থাত আছিল, আৰু তাইৰ তেতিয়ালৈকে কোনো সন্তান নাছিল ।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-22-02.jpg)
সেই দুতে জখৰীয়াক ক’লে, তোমাৰ ভাৰ্য্যা এলিজাবেথ এটা পুত্ৰ প্ৰসৱ কৰিব, তুমি তেওঁৰ নাম যোহন থবা। ঈশ্বৰে তেওঁক পবিত্ৰ আত্মাৰে পৰিপুণ কৰিব, আৰু যোহনে লোক সমূহক সেই মচিহক গ্ৰহন কৰিবলৈ প্ৰস্তুত হ’বলৈ ক’ব! জখৰীয়াই উত্তৰ দি ক’লে, সন্তান লাভ কৰিনলৈ মই আৰু মোৰ ভাৰ্য্যা এতিয়া অতিশয় বৃদ্ধ অৱস্থা৷ আপুনি যে সঁচা কৈছে তাক মই কেনেকৈ জানিম ?
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-22-03.jpg)
উত্তৰত দুতে তেওঁক ক’লে, মই ঈশ্বৰৰ পৰা তোমাক এই শুভ বাতৰি দিবলৈ আহিলো। কিয়নো তুমি মোক বিশ্বাস কৰা নাই , সেয়ে বাবে তোমাৰ সন্তান নোহোৱালৈকে তুমি বোবা গৈ থাকিবা।’’ তৎক্ষনাতে জখৰীয়াই কথা ক’ব নোৱাৰা হ’ল। তেতিয়া সেই দুত জখৰীয়াৰ ওচৰৰ পৰা গ’ল। তাৰ পিছত জখৰীয়া ঘৰলৈ আহিল আৰু তেওঁৰ ভাৰ্য্যক সন্তান সম্ভৱা দেখা পালে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-22-04.jpg)
এলিজাবেথ যেতিয়া ছমাহ মানৰ সন্তান সম্ভৱা আছিল, সেই সময়ত সেই একে দুতে এলিজাবেথৰ ভনীয়েক মৰিয়মৰ আগত উপস্থিত হ’ল। তেওঁ এগৰাকী কুমাৰী আছিল আৰু তেওঁক যোচেফ নামৰ এগৰাকী পুৰুষলৈ বিৱাহৰ নিমিত্তে বাগদান কৰি ৰখা হৈছিল। দুতে তেওঁক ক’লে, তুমি গভৱতি হৈ এক পুত্ৰ প্ৰশৱ কৰিবা। তেওঁৰ নাম যীচু থবা। তেওঁ সব্বোপৰি ঈশ্বৰৰ পুত্ৰ আৰু তেওঁ গোটেই জগতক অনন্ত কাললৈকে শাসন কৰিব।’’
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-22-05.jpg)
মৰিয়মে দুতক উত্তৰ দি ক’লে, এইটো কেনেকৈ সম্ভৱ যিহেতু মই এগৰাকী কুমাৰী?” সেই দুতে তেওঁক বুজাই ক’লে, পবিত্ৰ আত্মাই ঈশ্বৰৰ শক্তিৰে সৈতে তোমাৰ ওপৰলৈ আহিব, সেয়েহে সেই সন্তান পবিত্ৰ হ’ব আৰু তেওঁ ঈশ্বৰৰ পুত্ৰ হ’ব।” দুতে কোৱা কথাত মৰিয়মে বিশ্বাস কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-22-06.jpg)
এইদৰে সকলো ঘটাৰ পিছত, মৰিয়মে এলিজাবেথৰ ওচৰলৈ গ’ল। যেতিয়াই মৰিয়মে এলিজাবেথক লগ পালে, তেতিয়া এলিজাবেথৰ গৰ্ভত থকা সন্তানে জপিয়াবলৈ আৰম্ভ কৰিলে। মহিলা কেইগৰাকিয়ে তেওঁলোকৰ জীৱনত ঈশ্বৰে কৰা আশীব্বাদবোৰক সোঁৱৰি আনন্দিত হ’ল। মৰিয়মে তিনি মাহলৈ এলিজাবেথৰ ওচৰলৈ গৈথাকিল, পাছত মৰিয়মে ঘৰলৈ উভিত আহিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-22-07.jpg)
তাৰ পিছত এলিজাবেথে এটি পু্ত্ৰ প্ৰশৱ কৰিলে। দুতে কোৱাৰ দৰেই জখৰীয়া আৰু এলিজাবেথে তেওঁৰ নাম যোহন থলে। তেতিয়াই ঈশ্বৰক কথা কবলৈ শক্তি পুণৰ ঘুৰাই দিলে। জখৰীয়াই তেতিয়া ঈশ্বৰৰ প্ৰশংসা কৰি ক’লে ঈশ্বৰে তেওঁৰ লোক সকলক স্মৰণ কৰিলে! তুমি মোৰ পুত্ৰ এজন ঈশ্বৰৰ এজন মহান ভাৱবাদী হ’ব। তুমিয়ে লোক সকলক তেওঁলোকৰ পাপৰ ক্ষমা কেনেকৈ পাব তাক জনাবা।
_এক বাইবেলৰ কাহিনী: লোক ১_

44
content/23.md Normal file
View File

@ -0,0 +1,44 @@
# ২৩. যীচু খ্ৰীষ্টৰ জন্ম
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-23-01.jpg)
মৰিয়মক যোচেফ নামৰ এজন ধাম্মিক পুৰুষলৈ বাগদান কৰা হৈছিল। মৰিয়ম গৰ্ভাৱস্হাত আছে বুলি যেতিয়া তেওঁ শুনিলে, তেওঁ জানিছিল এইতো তেওঁৰ সন্তান নাছিল। তথাপিও, তেওঁ মৰিয়মক লাজত পৰিবলৈ নিদিলে, তেওঁ গুপুতে মৰিয়মক ত্যাগ কৰিবলৈ বিচাৰিলে। কিন্তু সেই কাৰ্য্য কৰাৰ আগতে, দুত এগৰাকীয়ে তেওঁক সপোনত আহি দেখা দি কথা ক’লে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-23-02.jpg)
সেই দুত গৰাকীয়ে যোচেফক ক’লে যে, “ যোচেফ, তুমি মৰিয়মক তোমাৰ ভাৰ্য্যা হিচাপে গ্ৰহণ কৰিবলৈ কুন্ঠাবোধ নকৰিবা। তেওঁৰ গৰ্ভত থকা শিশুটি দৰাচলতে পবিত্ৰ আত্মাৰ পৰা হোৱা, তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তেওঁৰ নাম যীচু থবা (তাৰ অথ হৈছে ‘যিহোৱা উদ্ধাৰ কৰ্তা’), কাৰণ তেওঁ জগতৰ লোক সকলক পাপৰ পৰা উদ্ধাৰ কৰিব।”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-23-03.jpg)
তাতে যোচেফে মৰিময়ক বিয়া কৰালে কিন্তু তেওঁ সেই সন্তান জন্ম নিদিয়া পৰ্য্যন্ত তাইৰ সৈতে শয়ন নকৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-23-04.jpg)
মৰিয়মৰ যেতিয়া প্ৰসৱ কাল পূৰ হও হও হোৱাৰ সময়ত, তাই আৰু যোচেফে বৈৎলেহেম নগৰলৈ বুলি যাত্ৰা কৰিছিল। তেওঁলোকে তালৈ যোৱাৰ কাৰণ আছিল সেই সময়ত ৰোমান প্রশাসনে ইস্ৰায়েলৰ দেশৰ লোক সকলক পিয়ল কৰিছিল । তেওঁলোকে প্ৰতিজনে তেওঁলোকৰ পুব্ব পুৰুষ সকলে থকা ঘৰলৈ যাব লগা হৈছিল। দায়ুদ ৰজা বৈৎলেহেমতে জন্ম গ্ৰহণ কৰিছিল, আৰু তেৱেই মৰিয়ম আৰু যোচেফ দুয়োৰে পুৰ্ব্ব পুৰুষ আছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-23-05.jpg)
মৰিয়ম আৰু যোচেফেও বৈৎলেহেমলৈ গৈছিল, কিন্তু কেৱল এটা গোহালি ঘৰৰ বাহিৰে তাত তেওঁলোকৰ থাকিবৰ বাবে কোনো ঠাই নাছিল। মৰিয়মে সেই ঠাইতে নিজ পুত্ৰক প্ৰশৱ কৰিলে। তেওঁ শিশুটিক দানা পাত্ৰত শুৱালে, কিয়নো তাত তেওঁলোকৰ বিচনা নাছিল। তেওঁলোকে তেওঁৰ নাম যীচু থলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-23-06.jpg)
সেই নিশাই, ওচৰৰ পথাৰবোৰত কিছুমান মেৰ ৰখীয়াই নিজৰ মেৰবোৰ চৰায় আছিল। হঠাৎ সেই ঠাইত তেওঁলোকৰ আগত এগৰাকী দূতৰ আবিভাৱ হ’ল, তাতে তেওঁলোকে অতিশয় ভয় কৰিলে, সেই সময়ত দুতে তেওঁলোকক ক’লে , ভয় নকিৰবা, কিয়নো মই তোমাৰ লোকৰ নিমিত্তে এক শুভবাত্ৰা আনিছো। সেই মচিহ, সেই গুৰু জনা বৈৎলেহেম নগৰত জন্মিল!
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-23-07.jpg)
‘‘যোৱা সেই লৰা টিক চোৱাগৈ, আৰু তোমালোকলৈ এয়াই চিন হ’ব যে লৰাটিক কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থোৱা দেখা পাবা। হঠাৎ গোটেই আকাশত স্বগদুতেৰে ভৰি পৰিল। তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰিলে। তেওঁলোকে ক’লে উদ্ধ লোকত ঈশ্বৰৰ স্তুতি হওঁক, আৰু পৃথিৱীত তেওঁৰ প্ৰিতিৰ পাত্ৰ মানোহবোৰৰ মাজত শান্তি হওক!”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-23-08.jpg)
তাতে সেই স্বৰ্গ দূত গলত । মেৰৰখীয়াই নিজৰ নিজৰ মেৰবোৰ এৰি শিশুটিক চাবলৈ গ’ল। তেওঁ লোকে অতি সোনকালে সেই ঠাই পালে আৰু দুতে কোৱাৰ দৰেই লৰাটিক কাপোৰেৰ মেৰিয়াই দানা পাত্ৰত শুৱাই থকা দেখা পালে । তেওঁলোকে অতিশয় আনন্দ পালে, আৰু পুণৰ নিডৰ নিজৰ মেৰবোৰ থকা ঠাইলৈ আহিল। তেতিয়া তেওঁলোকে যি বোৰ দেখিলে বা শুনিলে সেই আতাইৰ বাবে ঈশ্বৰক ধন্যবাদ দিলে ।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-23-09.jpg)
তাতে বহু দুৰৈৰ পশ্চিম ফালৰ পৰা এদল মানুহ আহিল। তেওঁলোক বহু জ্ঞানী মানুহ আছিল আৰু তেওঁলোকে তৰাবোৰ গণনা কৰিছিল। তাতে তেওঁলোকে আকাশত এক অদ্বীতিয় তৰা দেখিবলৈ পোৱাত। তেওঁলোকে ক’লে ইহুদী বিলাকৰ ৰজাৰ জন্ম হ’ল। সেয়েহে তেওঁলোকৰ দেশৰ পৰা এক দিঘলীয়া যাত্ৰা অতিক্ৰম কৰি লৰাটি চাবলৈ আহিল। বহু দিনৰ সেই যাত্ৰাৰ অন্তত তেওঁলোকে সেই বৈৎলোহোম নগৰ পালে আৰু যি ঠাইত যীচু তেওঁৰ পিতৃ মাতৃৰ সৈতে আছিল সেই ঠাই পালেগৈ ।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-23-10.jpg)
যেতিয়া সেই জ্যোতিষি পণ্ডিত কেইজনে সেই শিশুটিক মাকৰ লগত দেখা পালে , তাতেই তেওঁলোকে তেওঁক প্ৰণিপাত কৰিলে আৰু তেওঁৰ আৰাধানা কৰিলে । তেওঁলোকে যীচুক কিছুমান বহুমূলীয়া উপহাৰ দান কৰিলে। তাৰ পিছতে তেওঁলোক নিজ ঘৰ অভিমুখে গতি কৰিলে।
_এক বাইবেলৰ কাহিনী মথি ১, লূক ২_

41
content/24.md Normal file
View File

@ -0,0 +1,41 @@
# ২৪. যোহনে যীচুক বাপ্তিস্ম দিয়া
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-24-01.jpg)
যোহন, অথাৎ জখৰীয়া আৰু এলিজাবেথৰ পুত্ৰ, ক্ৰমাত ডাঙৰ হ’ল আৰু এজন ভাৱবাদী হ’ল। তেওঁ মৰুপ্ৰান্ত থাকিবলৈ ললে আৰু বনৰীয়া মৌ আৰু কছোৱা ফৰিং খাই জীয়াই থাকিল আৰু ঊটৰ চালৰ বস্ত্ৰ পৰিধান কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-24-02.jpg)
বহু লোকে মৰুপ্ৰান্তলৈ আহি যোহনৰ ঘোষনা বোৰ শুনিলে। তেওঁ তেওঁলোকক ঈশ্বৰৰ বাক্যবোৰ ক’লে, মন পালটোৱা, কিয়নো স্বৰ্গৰাজ্য ওচৰ হ’ল।”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-24-03.jpg)
লোক সকলে যেতিয়া যোহনৰ কথাবোৰ শুনিলে, বহু লোকে তেওঁলোকৰ পাপৰ পৰা মন পালটালে, বহু ধম্মীয় নেতা সকলেও যোহনক চাবলৈ আহিল, কিন্তু তেওঁলোকে অনুতাপ নকিৰলে আৰু পাপ স্বীকাৰ নকিৰলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-24-04.jpg)
যোহনে ধম্মীয় নেতা সকলক এনেদেৰে কৈছিল, হে সৰ্পৰ বংশধৰ সকল মন পালটন কৰাৰ দ্বাৰাই নিজৰ নিজৰ স্বভাৱ সলনি কৰা। কিয়নো ঈশ্বৰে যি গছৰ ফল নধৰে থাক কাটি পোলাব , আৰু সেইবোৰক জুইত পেলাব।” যোহনে ভাৱবাদী সকলৰ বাক্যক সিদ্ধ কৰিলে। , মই অতি সোনাকলে মোৰ বাৰ্ত্তাবাহক জনক তোমাৰ আগে আগে পঠাম, যি জনে তোমালোকৰ নিমিত্তে পথ যুগুট কৰিব।”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-24-05.jpg)
কিছুমান ধম্মীয় নেতাই যোহনক প্ৰশ্ন কৰিছিল যে তেৱেই সেই আহিব লগীয়া মচিহ নে? তেতিয়া যোহনে ক’লে, “ মই মচিহ নহয়, কিন্তু তেওঁ মোৰ পাছত আহি আছে মই তেওঁৰ পাদুকা ববলৈও যোগ্য নহও।”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-24-06.jpg)
তাৰ পিছ দিনা, যীচুৱে যোহনৰ ওচৰলৈ আহি বাপ্তিস্ম গ্ৰহণ কৰিলে। যোহনে যেতিয়া তেওঁক দেখা পালে, তেওঁ ক’লে, “ চোৱা! এই জনেই ঈশ্বৰৰ মেৰ যি এই জগতৰ পাপাবোৰক আতৰাব ।’’
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-24-07.jpg)
যোহনে যীতুক ক’লে, মইহে আপোনাৰ দ্বাৰা বাপ্তিস্ম লোৱা উচিত।” কিন্তু যীচুৱে ক’লে, “ এতিয়া এনেকৈয়ে হ’বলৈ দিয়া, কিয়নো সকলো ধাম্মিকতা আমি এইদৰে পূৰ্ণ কৰা উচিত।” তেতিয়া যোহনে যীচুক বাপ্তাইজিত কৰিলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-24-08.jpg)
যীচুৱে বাপ্তিস্ম গ্ৰহণ কৰি অহাৰ পিছত, ঈশ্বৰৰ আত্মাই কপৌ দৰে নামি আহি তেওঁৰ ওপৰত পৰিল । সেই সময়তে ঈশ্বৰে স্বৰ্গৰ পৰা এটা শব্দৰে এই কথা ক’লে, “ চোৱা, এও মোৰ প্ৰিয় পুত্ৰ এওঁত মই পৰম সন্তুষ্ট ।”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-24-09.jpg)
ঈশ্বৰে যোহনক ক’লে, “ পবিত্ৰ আত্মাই নামি আহি তুমি বাপ্তিস্ম দিয়া এজনৰ ওপৰত থাকিব। সেই জনেই ঈশ্বৰৰ পুত্ৰ।” কেৱল এজনেই ঈশ্বৰ আছে । যেতিয়া যোহনে যীচুক বাপ্তিস্ম দিছিল , তেওঁ পিতৃ ঈশ্বৰৰ মাত শুনিবলৈ পাইছিল, ঈশ্বৰৰ পুত্ৰক দেখিবলৈ পাইছিল, যি জন আছিল যীচু খ্ৰীষ্ট
আৰু তেওঁ পবিত্ৰ আত্মাকো দেখিবলৈ পালে ।
_এক বাইবেলৰ কাহিনী: মথি ৩, মাক ১:৯-১১, লীক ৩:১-২৩_

36
content/25.md Normal file
View File

@ -0,0 +1,36 @@
# ২৫. চয়তানে যীচুক পৰীক্ষা কৰা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-25-01.jpg)
যীচুৱে বাপ্তিস্ম পোৱাৰ পিছতেই, পবিত্ৰ আত্মাই তেওঁক মৰুপ্ৰান্তলৈ পৰিচালনা কৰি নিলে। যীচুৱে তাতে চল্লিশ দিন চল্লিশ ৰাতি কটালে। সেই সময়ত তেওঁ লঘোণ দি আছিল, সেই সময়তে চয়তানে তেওঁক পৰীক্ষা কৰিছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-25-02.jpg)
প্ৰথমে চয়তানে যীচুক ক’লে, “ যদি তুমি প্ৰকৃততে ঈশ্বৰৰ পুত্ৰ হোৱা, তেনেহলে এই শিলবোৰক পিঠা হ’বলৈ আজ্ঞা দিয়া যাতে তুমি তাক খাব পাৰা।”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-25-03.jpg)
কিন্তু যীচুৱে চয়তানক ক’লে, শাস্ত্ৰত এইদৰে লিখা আছে মানুহ কেৱল পিঠাৰে নিজিয়ে কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা বাক্যৰেহে জীব।”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-25-04.jpg)
তেতিয়া চয়তানে যীচুক যিৰূচালেম মন্দিৰৰ কলচিৰ ওপৰলৈ লৈ গ’ল আৰু যীচুক ক’লে, “ তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা তেনেহলে নিজকে তললৈ পেলাই দিয়া, কিয়নো শাস্ত্ৰত এইদৰে লিখা আছে, তেওঁ নিজৰ দুতবোৰক তোমাৰ অৰ্থে আজ্ঞা দিব আৰু তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে ডাঙি ধৰিব।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-25-05.jpg)
কিন্তু যীচুৱে তেওঁক উত্তৰ দি ক’লে, তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এই বুলিও লিখা আছে।’’
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-25-06.jpg)
তাৰ পিছত চয়তানে যীচুক জগতৰ সকলো ৰাজ্যক দেখুৱালে । আৰু সেইবোৰ কিমান শক্তিশালী আৰু ঐশ্বৰ্য্যশালী তাকো দেখুৱালে, আৰু যীচুক ক’লে তুমি যদি মূৰ দুৱাঁই মোৰ উপাসনা কৰা, মই তোমাক এই সকলো দিম।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-25-07.jpg)
যীচুৱে তেওঁক উত্তৰ দি ক’লে, গুচি যা চয়তান! কিয়নো শাস্ত্ৰত এই বুলিও লিখা আছে, “ তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু তেওঁৰেই আৰাধানা কৰা।”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-25-08.jpg)
যীচুৱে চয়তানৰ ফান্দত নপৰিল, সেয়েহে চয়তান তাৰ পৰা গুচি গ’ল। তাতে স্বৰ্গৰ দূত বোৰে আহি তেওঁক শুশ্ৰূষা কৰিলে।
_এক বাইবেলৰ কাহিনী: মথি :১-১১, মাৰ্ক ১:১২-১৩, লূক :১-১৩_

44
content/26.md Normal file
View File

@ -0,0 +1,44 @@
# ৩৮. যীচুৱে পৰিচৰ্য্যা আৰম্ভ কৰা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-26-01.jpg)
যীচুৱে চয়তানৰ পৰীক্ষাক প্ৰত্যাক্ষ্যান কৰাৰ পাচত, তেওঁ গালীল প্ৰদেশলৈ উলটি গল ৷ সেয়া তেওঁৰ বাসস্থান আছিল ৷ পবিত্ৰ আত্মাৰ দ্বাৰাই শক্তিৱন্ত হৈ যীচুৱে বিভিন্ন ঠাই সমূহ ভ্ৰমণ কৰিলে আৰু লোক সমূহক শিক্ষা প্ৰদান কৰিলে ৷ সকলোৱে তেওঁৰ বিষয়ে ভাল মন্তব্য দিলে৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-26-02.jpg)
যীচু নাচৰৎ নগৰলৈ গল ৷ সেই গাৱঁতে তেওঁ লৰালি কালটো পাৰ কৰিছিল ৷ বিশ্ৰাম দিনৰ দিনা, তেওঁ উপাসনা কৰা স্থানলৈ গল ৷ তাত থকা পৰিচালক সকলে তেওঁক যিচয়া পুস্তকৰ এটি নুৰা পঢিবৰ বাবে আগবঢাই দিলে ৷ যীচুৱে সেই নুৰা মেলি তাৰ পৰা এটা অংশ লোক সকলৰ উদ্দেশ্যে পাঠ কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-26-03.jpg)
যীচুৱে পঢিলে, “প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰবিলাকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে, বন্দীয়াৰৰ আগত মুক্তিৰ, আৰু অন্ধবিলাকৰ আগত পুনৰায় চকু পোৱাৰ কথা ঘোষণা কৰিবলৈ, চেপা-খোৱাবিলাকক মুকলি কৰিবলৈ আৰু প্ৰভুৰ গ্ৰহ্য বছৰ ঘোষণা কৰিবলৈ মোক পঠালে ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-26-04.jpg)
ইয়াৰ পিছত যীচু বহিল ৷ সকলোৱে তেওঁলৈ চাই আছিল ৷ সকলোৱে জানিছিল যে তেওঁ শাস্ত্ৰৰ যি অংশটো পঢিলে তাত খ্ৰীষ্টৰ বিষয়ে কোৱা হৈছে ৷ যীচুৱে কলে, “মই যি অংশ তোমালোকৰ আগত পাঠ কৰিলো সেয়া এতিয়া সিদ্ধ হবলৈ ধৰিছে ৷” তাত থকা সকলোৱে বিস্ময় মানিলে ৷ তেওঁবিলাকে কলে, “এওঁ যোচেফৰ পুতেক নহয় নে ?”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-26-05.jpg)
ইয়াৰ পিছত যীচুৱে কলে, “এইটো সত্য যে নিজ নগৰৰ লোকে সেই ঠাইৰ লোক এজনক কেতিয়াও ভাৱবাদী বুলি গ্ৰহণ নকৰে ৷ এলিয়া সময়তো, ইস্ৰায়লত বহুতো বিধবা আছিল ৷ কিন্তু যেতিয়া তিনি বছৰ ছয় মাহ বৰষুন হোৱা নাছিল, তেতিয়াই ইস্ৰায়লৰ সেই বিধবা তিৰোতা সকলক সহায় কৰিবৰ বাবে ঈশ্বৰে এলিয়াক পঠোৱা নাছিল ৷ কিন্তু ইয়াৰ সলনি তেওঁ এখন বেলেগ দেশৰ বিধবা মহিলাক সহায় কৰিবৰ বাবেহে এলিয়াক পঠিয়াইছিল ৷ ”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-26-06.jpg)
যীচুৱে আৰু কলে, “ইলীচা ভাৱবাদীৰ সময়ত, ইস্ৰায়লৰ বহু লোকৰ ছালৰ ৰোগ হৈছিল ৷ কিন্তু ইলীচাই কাকো সুস্থ কৰা নাছিল ৷ তেওঁ ইস্ৰায়লৰ শত্ৰু দেশৰ নামান নামৰ এজন সৈন্য বিষয়াৰ ৰোগ সুস্থ কৰিছিল ৷ ” কিন্তু সেই সময়ত যীচুৰ কথা শুনি থকা লোক সকল ইহূদী আছিল ৷ সেয়েহে তেওঁবিলাক তেওঁৰ কথাত অতিশয় অসন্তুষ্ট হৈছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-26-07.jpg)
নাচৰতৰ লোক সকলে যীচুক ধৰি উপাসনা ঠাইৰ পৰা বাহিৰ কৰি দিলে ৷ তেওঁবিলাকে তেওঁক নগৰৰ বাহিৰৰ যি পৰ্ব্বত তাৰ ওপৰৰ পৰা তলত পেলাই মাৰিবলৈ মনস্হ কৰিলে ৷ কিন্তু তেওঁ লোকবিলাকৰ মাজেদি গৈ নাচৰত নগৰৰ বাহিৰলৈ ওলাই গল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-26-08.jpg)
তাৰ পিছত তেওঁ গালীৰ প্ৰদেশৰ মাজেদি গল আৰু এক বৃহৎ লোক তেওঁৰ কাষলৈ আহে ৷ তেওঁলোকে নিজৰ লগত অনেক ৰোগী আনিছিল ৷ তাৰে মাজৰ চকুৰে নেদেখা, খোজ কাঢিব নোৱাৰা, কাণেৰে শুনি নোপোৱা বা বোবা আদি লোক সকল আছিল আৰু যীচুৱে সেই সকলোকে সুস্থতা প্ৰদান কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-26-09.jpg)
ইয়াৰ ওপৰিও অশুচি আত্মাই পোৱা অনেক লোককো তেওঁবিলাকে যীচুৰ ওচৰলৈ আনিছিল ৷ যীচুৱে সেই অশুচি আত্মা সমূহক বাহিৰ হবৰ বাবে নিৰ্দেশ দিছিল আৰু সিবিলাক বাহিৰ হৈছিল ৷ সেই অশুচি আত্মা বিলাকে প্ৰায়ে চিঞৰী কৈছিল, “আপুনি ঈশ্বৰৰ পুত্ৰ হয়!” ইয়াৰ সাক্ষ্য পোৱা লোকবিলাক আচৰিত হৈছিল আৰু তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰিছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-26-10.jpg)
ইয়াৰ পিছত যীচুৱে বাৰজন লোকক মনোনীত কৰে যাক তেওঁ পাঁচনি বুলি অভিহিত কৰিছিল ৷ সেই পাঁচনি সকলে যীচুৰ লগত আছিল আৰু তেওঁৰ পৰা শিক্ষা লাভ কৰিছিল ৷
_এই বাইবেল কাহিনী সমূহ : মথি :১২-২৫, মাৰ্ক ১:১৪-১৫, ৩৫-৩৯, ৩:১৩-২১, লূক :১৪-৩০, ৩৮-_

48
content/27.md Normal file
View File

@ -0,0 +1,48 @@
# ২৭. এজন দয়ালু চমৰীয়াৰ কাহিনী
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-27-01.jpg)
এদিনাখন, এজন বিধান-পণ্ডিতে যীচুৰ ওচৰলৈ আহিলে ৷ তেওঁ সকলোৰে আগত যীচুৰ ভুল ধৰিবলৈ বিচাৰিছিল ৷ গতিকে তেওঁ সুধিলে, “গুৰু, অনন্ত জীৱন পাবৰ বাবে মই কি কৰিব লাগিব ?” যীচুৱে উত্তৰ দি কলে, “ঈশ্বৰৰ বিধানত কি লিখা আছে ?”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-27-02.jpg)
তাতে তেওঁ কলে, “ইয়াত কোৱা হৈছে, তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা ৷ আৰু তোমাৰ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা ৷” তেতিয়া যীচুৱে কলে, “তুমি ঠিক উত্তৰ দিছা! তুমি যদি সেই দৰে কৰা তেনে হলে তুমি অনন্ত জীৱন লাভ কৰিবা ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-27-03.jpg)
কিন্তু বিধান পণ্ডিত জনে তাত উপস্থিত থকা মানুহৰ আগত নিজকে শুদ্ধ জীৱনৰ অধিকাৰী বুলি দেখুৱাবলৈ বিচাৰিলে ৷ গতিকে তেওঁ যীচুক সুধিলে, “তেনে হলে, মোৰ ওচৰ-চুবুৰীয়া কোন ?”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-27-04.jpg)
যীচুৱে সেই বিধান পণ্ডিত গৰাকীক এটা কাহিনী কোৱাৰ দ্বাৰাই উত্তৰ দিলে, “এবাৰ এগৰাকী ইহুদী লোকে যিৰূচালেমৰ পৰা যিৰীহোলৈ যাত্ৰা কৰিছিল ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-27-05.jpg)
“কিন্তু কিছুমান ডকাইতে তেওঁক আক্ৰমণ কৰিলে ৷ আৰু তেওঁক মৰিয়াই আধামৰা কৰি বাটৰ দাঁতিত পেলাই থলে৷ তাৰ পিছত সিঁহত গুচি গল ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-27-06.jpg)
“তাৰ পিছতেই এজন যিহূদী পুৰোহিত সেই বাটেদি গৈছিল ৷ সেই পুৰোহিতে সেই মানুহজনক বাটৰ দাঁতিত পৰি থকা দেখিবলৈ পালে ৷ তেওঁ যেতিয়া সেই মানুহজনক দেখিলে তেতিয়া সেই মানুহ জন নেদেখাৰ ভাও ধৰিলে তেওঁ বাটৰ সিটো কাষেদি গুছিগল৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-27-07.jpg)
“কিছু সময়ৰ পিছতে, এগৰাকী লেবীয়াও সেই বাটেদি গৈছিল ৷ (লেবীয়া বিলাক ইস্ৰায়েলৰ এটা গোষ্ঠি হয়, যিয়ে পুৰোহিত সকলক মন্দিৰৰ পৰিচৰ্যাত সহায় কৰে ৷) সেই লেবীয়া লোক জনেও সেই মানুহজনক পৰি থকা দেখিও আওকাণ কৰি এফলীয় হৈ গুচি গল”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-27-08.jpg)
“ইয়াৰ পিছত এজন চৰমীয়া (চমৰীয়া আৰু যিহূদী সকলে ইজনে সিজনক ঘিণ কৰিছিল ৷) লোক সেই বাটেদি গৈছিল ৷ চমৰীয়া ব্যক্তি জনক বাটৰ কাষত পৰি থকা লোক জনক দেখিলে, আৰু তেওঁৰ সেই মানুহ জনৰ প্ৰতি তেওঁৰ বৰ দয়া উপজিল ৷ তাতে তেওঁ সেই লোকজনৰ কাষলৈ গল আৰু তেওঁৰ আঘাত পোৱা ঠাই বান্ধি দিলে ৷ ”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-27-09.jpg)
“তাৰ পিছত সেই চমৰীয়া লোক জনে তেওঁক নিজৰ গাধৰ ওপৰত বহুৱাই লৈ গল৷ তেওঁ বাটৰ কাষতে থকা এটা আলহী ঘৰত ৰাখি তেওঁৰ শুশ্ৰূষা কৰিবলৈ ধৰিলে৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-27-10.jpg)
“পিছদিনা, চমৰীয়া জনে যাত্ৰা কৰিব হল ৷ তেওঁ সেই ঘৰৰ গৰাকীক অলপ ধন দি তেওঁৰ দায়িত্ব দি তেওঁক কলে, ‘এই লোক জনক চোৱা-চিতা কৰিবা ৷ আৰু ধনৰ প্ৰয়োজন হলে মই উভতি অহাৰ সময়ত সেই ধন পৰিশোধ কৰিম ৷’”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-27-11.jpg)
ইয়াৰ পিছত যীচুৱে সেই বিধান পণ্ডিত জনক সুধিলে, “তুমি কি ভাবা ? সেই ডকাইতৰ কবলত পৰা লোক জনৰ বাবে সেই বাটেদি যোৱা তিনিজনৰ ভিতৰৰ কোন জন লোক ওচৰ-চুবুবৰীয়া হল ?” তেওঁ উত্তৰ দি কলে, “যি জনে তেওঁলৈ দয়া দেখুৱালে ৷” তাতে যীচুৱে তেওঁক কলে, “তুমিও গৈ সেইদৰে কৰা ৷”
_বাইবেলৰ কাহিনীটো : লূক ১০:২৫-৩_

44
content/28.md Normal file
View File

@ -0,0 +1,44 @@
# ২৮. এজন ধনী ডেকা শাসনকৰ্ত্তা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-28-01.jpg)
এদিনাখন, ধনী ডেকা শাসনকৰ্ত্তাই যীচুৰ কাষলৈ আহি সুধিলে, “হে সৎগুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হম ? তাতে যীচুৱে কলে, মোক সৎ কিয় বুলিছা ? এজনা, অৰ্থাৎ ঈশ্বৰত বাজে, সৎ কোনো নাই ৷ কিন্তু যদি তুমি অনন্ত জীৱনৰ অধিকাৰী হবলৈ ইচ্ছা কৰিছা তেনে ঈশ্বৰৰ আজ্ঞা পালন কৰা ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-28-02.jpg)
তেওঁ সুধিলে, “মই কোনটো আজ্ঞা পালন কৰিব লাগিব ? ” যীচুৱে উত্তৰ দি কলে, “ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, মিছা সক্ষ্য নিদিবা, তোমাৰ পিতৃ-মাতৃক সন্মান কৰা, আৰু ওচৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-28-03.jpg)
তাতে সেই ডেকা শাসনকৰ্ত্তা জনে কলে, “মই সৰু কালৰে এই সকলো পালন কৰি আহিছো ৷ ইয়াৰ উপৰিও মই আৰু কি কৰিব লাগিব ?” যীচুৱে তেওঁলৈ চালে আৰু মৰম উপজিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-28-04.jpg)
যীচুৱে উত্তৰ দি কলে, “তুমি অনন্ত জীৱনৰ অধিকাৰী হবলৈ যদি ইচ্ছা কৰিছা তেনে হলে যোৱা আৰু তোমাৰ আটাই সম্পত্তি বেচি দৰিদ্ৰলোকক বিলাই দিয়া তেহে স্বৰ্গত তোমাৰ ধন হব ৷ ইয়াৰ পিছত আহা, মোৰ পাছে পাছে চলাহি ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-28-05.jpg)
তাতে সেই ডেকা শাসনকৰ্তা জনে যেতিয়া যীচুৱে কোৱা কথা শুনিলে, তেতিয়া তেওঁ দুঃখিত হল, কিয়নো তেওঁ বৰ ধনী আছিল ৷ তাতে তেওঁ যীচুৰ কাষৰ পৰা আঁতৰি গল৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-28-06.jpg)
তাৰ পিছত যীচুৱে তেওঁৰ শিষ্য কেইজনক কলে, “ধনী লোক ঈশ্বৰৰ ৰাজ্যত সোমোলাতো অতি কঠিন ! হয়, কিয়নো ধনী লোক ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বেজীৰ বিন্ধাইদি ঊট সৰকি যোৱাই উজু ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-28-07.jpg)
যীচুৱে কোৱা সেই কথা সমূহ যেতিয়া শিষ্যবিলাকে শুনিলে তেতিয়া তেওঁলোক আচৰতি হল ৷ তেওঁ লোকে সুধিলে,“তেন্তে কোনে পৰিত্ৰাণ পাব পাৰে ?”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-28-08.jpg)
যীচুৱে শিষ্য সকললৈ চালে আৰু কলে, “যিবোৰ কথা মানুহৰ অসাধ্য, সেইবোৰ ঈশ্বৰৰ সাধ্য ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-28-09.jpg)
পিতৰে যীচুক কলে, “আমি নিজৰ সকলোকে এৰি, আপোনাৰ পাছে পাছে আহিলোঁ ৷ আমি কি পুৰস্কাৰ লাভ কৰিম ?”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-28-10.jpg)
যীচুৱে উত্তৰ দি কলে, “ঈশ্বৰৰ ৰাজ্যৰ নিমিত্তে যি কোনোৱে ঘৰ, বা তিৰোতা, বা ভায়েকবিলাক বা মাক-বাপেক, বা সন্তানবিলাক এৰে, ইহকালত তাৰ অধিক গুণ, আৰু পৰকালত অনন্ত জীৱন নাপাব, এনে কোনো নাই ৷”
_বাইবেলৰ এই কাহিনীটো : মথি ১৯:১৬-৩০,মাৰ্ক ১০:১৭-৩১, লূক ১৮:১৮-৩_

40
content/29.md Normal file
View File

@ -0,0 +1,40 @@
# ২৯. এজন নিৰ্দয় দাসৰ কাহিনী
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-29-01.jpg)
এদিনাখন পিতৰে যীচুক সুধিলে, “গুৰু, মোৰ ভায়ে মোৰ অহিতে কেইবাৰ অপৰাধ কৰিলে মই তেওঁক ক্ষমা কৰিম ? সাতবাৰলৈকে নে?” যীচুৱে উত্তৰ দি কলে, “সাতবাৰলৈকে বুলি মই তোমাক নকওঁ, কিন্তু সত্তৰ গুণ সাতবাৰলৈকে ৷” তাৰ মানে যীচুৱে কয় যে আমি সকলো সময়তে ক্ষমা কৰিব লাগে৷ তাৰ পচতে যীচুৱে এই কাহিনিটি কবলৈ ধৰিলে৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-29-02.jpg)
যীচুৱে কলে, “স্বৰ্গৰাজ্য লেখ-বুজ কৰিব খোজা এজন ৰজাৰ লগত তুলনা কৰিব পাৰি ৷ তেওঁ লেখ-বুজ কৰি জানিলে যে তেওঁৰ এজন দাসে তেওঁক দহ হাজাৰ ৰূপৰ ধৰুৱা হৈ আছে ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-29-03.jpg)
কিন্তু দাস জনে সেই ধাৰ পৰিশোধ কৰিব পৰা নাই, গতিকে ৰজাই তেওঁক কলে, “তোমাৰ লৰা তিৰোতা আদি সৰ্ব্বস্ব বেচি এই ধাৰ পৰিশোধ কৰা ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-29-04.jpg)
“তাতে সেই দাসে দণ্ডৱতে তেওঁক প্ৰণাম কৰি কলে, হে প্ৰভু, সহন কৰক, মই আটাইখিনি পৰিশোধ কৰিম ৷’ তেতিয়া সেই দাসৰ প্ৰভুৰ মৰম লাগিলত, তেওঁ তেওঁক মুক্ত কৰিলে, আৰু তেওঁৰ ধাৰো ক্ষমা কৰিলে ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-29-05.jpg)
“কিন্তু সেই দাসে বাহিৰলৈ গৈ, তেওঁৰ এশ আধলিৰ ধৰুৱা এজন সহদাসক পাই তেওঁক ধৰি, ডিঙিত টেপা দি কলে, ‘তোৰ পৰা মই পাবলগীয়াখিনি দে!’”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-29-06.jpg)
“তাতে তেওঁৰ সহদাসে দণ্ডৱতে কাবৌ কৰি কলে, সহন কৰক, মই আপোনাক পৰিশোধ কৰিম ৷ কিন্তু তেওঁ সন্মত নহৈ, দিব লগীয়াখিনি পৰিশোধ নকৰামানলৈকে, তেওঁক বন্দীশালত সুমুৱাই থলে ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-29-07.jpg)
“তাতে তেওঁৰ সহদাসবিলাকে এই ঘটনা দেখি, অতিশয় দুঃখিত হল ৷ তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ গৈ, যি যি ঘটিল, সেই সকলোকে জনালে ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-29-08.jpg)
“তেতিয়া তেওঁৰ প্ৰভুৱে তেওঁক ওচৰলৈ মতাই কলে, হেৰ দুষ্ট দাস, তই মোক কাবৌ কৰাত, মই তোৰ সেই সকলো ধাৰ ক্ষমা কৰিলোঁ ৷ তেন্তে মই যেনেকৈ তোক দয়া কৰিছিলোঁ, তয়ো তেনেকৈ তোৰ সহদাসক দয়া কৰা উচিত নাছিল নে ? তেতিয়া ৰজাৰ এনে খং উঠিল যে দিব লগীয়া আটাইখিনি পৰিশোধ নকৰামানলৈকে. তেওঁক কাৰাগাৰত সমোৱাই থলে৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-29-09.jpg)
তাৰ পিছত যীচুৱে কলে, “তোমালোক প্ৰতিজনে যদি নিজ নিজ ভায়েৰাক অন্তৰে সৈতে ক্ষমা নকৰা, তেন্তে মোৰ স্বৰ্গীয় পিতৃয়েও তোমালোকক সেইদৰে কৰিব ৷”
_বাইবেলৰ কাহিনীটোঃ মথি ১৮:২১-৩৫_

40
content/30.md Normal file
View File

@ -0,0 +1,40 @@
# ৩০ . যীচুৱে পাঁচ হাজাৰ মানুহক খুউৱা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-30-01.jpg)
যীচুৱে তেওঁৰ শিষ্য সকলক লোক সমূহক উপদেশ দিবলৈ আৰু শুভবাৰ্ত্তা ঘোষণা কৰিবৰ বাবে বিভিন্ন গাওঁ সমূহলৈ পঠিয়াইছিল ৷ আৰু যেতিয়া তেওঁবিলাক যীচু থকা ঠাইলৈ উলটি আহিল, তেতিয়া তেওঁবিলাকে কৰা কাৰ্য্য কথা যীচুক জনালে ৷ তাৰ পিছত যীচুৱে তেওঁলোকক লৈ এক নিৰ্জন ঠাইলৈ বুলি ওলাই গল ৷ আৰু তেওঁলোকে নাৱত উঠি সাগৰৰ সিপাৰলৈ গল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-30-02.jpg)
পাছে বহু লোকে যীচু আৰু তেওঁৰ শিষ্য সকলে নাৱত উঠি যোৱা দেখিবলৈ পালে ৷ তাতে সেই বৰ এজুম মানুহ তেওঁবিলাকক লগ পাবৰ বাবে বামেদি তালৈ লৰি গল৷ তাতে যীচু আৰু তেওঁৰ শিষ্য সকল তাত উপস্থিত হোৱাৰ পূৰ্ব্বেই তেওঁবিলাকে তাত উপস্থিত হৈ অপেক্ষা কৰি থাকিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-30-03.jpg)
সেই লোকসমূহৰ মজৰ মহিলা আৰু সন্তান সকলক বাদ দিলেও কেৱল পুৰুষৰ সংখ্যাই ৫০০০ মান আছিল ৷ যীচুৱে সেই লোকসমূহলৈ অতিশয় মৰম জন্মিল ৷ সেই লোকসমূহ যীচুৰ বাবে ৰখীয়াবিহীন মেৰৰ নিচিনা ৷ তাতে তেওঁবিলাকক তেওঁ শিক্ষা দিলে আৰু ৰোগীয়া সকলক সুস্থতা প্ৰদান কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-30-04.jpg)
পাছে দিনৰ শেষৰ ফালে, শিষ্য সকলে যীচুক কলে, “এতিয়া বহু পলম হৈছে আৰু ওচৰত কোনো নগৰ নাই ৷ সেয়েহে তেওঁবিলাকক আহাৰ গ্ৰহণ কৰিবৰ বাবে পঠিয়াই দিয়ক ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-30-05.jpg)
কিন্তু যীচুৱে শিষ্য কেইজনক কলে, “তোমালোকে তেওঁবিলাকক কিবা খাবলৈ দিয়া !” তেওঁবিলাকে উত্তৰ দি কলে, “আমি ইয়াক কেনেকৈ কৰিব পাৰিম ? আমাৰ হাতত মাত্ৰ পাঁচটা পিঠা আৰু দুটি সৰু মাছহে আছে ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-30-06.jpg)
তেতিয়া যীচুৱে শিষ্য সকলক মানুহবিলাকক পঞ্চাশ জনীয়া দল কৰি কৰি ঘাঁহত বহিবৰ বাবে কবলৈ কলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-30-07.jpg)
তাতে যীচুৱে সেই পাঁচাটা পিঠা আৰু দুটি মাছ লৈ স্বৰ্গলৈ চাই ঈশ্বৰৰ স্তুতি কৰি আহাৰৰ বাবে ধন্যবাদ কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-30-08.jpg)
তাৰ পিছত যীচুৱে সেই পিঠা আৰু মাছ ভাঙি ভাঙি শিক্ষ্য সকলৰ হাতত দি থাকিল ৷ শিষ্য সকলে সেই আহাৰ পাই বিলাই যাবলৈ ধৰিলে, আৰু আহাৰ শেষ হবলৈ নাপাইছিল ! তাত থকা সকলোৱে সেই আহাৰ তৃপ্তিৰে গ্ৰহণ কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-30-09.jpg)
ইয়াৰ পিছত, শিষ্য সকলে অৱশেষ থকা সেই ডোখৰা-ডুখৰি বিলাক গোটাই বাৰ পাচি তুলি ললে! সেই সকলোখিনি আহাৰ কেৱল মাত্ৰ পাঁচটা পিঠা আৰু দুটি মাছৰ পৰা আহিছিল ৷
_এই বাইবেল কাহিনীটো : মথি ১৪:১৩-২১, মাৰ্ক ৬: ৩১-, লূক ৯:১০-১৭, যোহন ৬: ৫-১৫_

36
content/31.md Normal file
View File

@ -0,0 +1,36 @@
# ৩১. যীচুৱে পানীৰ ওপৰত খোজ কঢা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-31-01.jpg)
যীচুৱে পাঁচ হাজাৰ মানুহক খুউৱাৰ পিছত. তেওঁৰ শিষ্য সকলক নাৱত উঠিবলৈ কলে৷ তেওঁ তেওঁবিলাকক সিপাৰলৈ যাবৰ বাবে আজ্ঞা দিলে আৰু নিজে কিছু সময়ৰ বাবে তাতে তাতে থাকিল৷ তাতে শিষ্য সকল তাৰ পৰা গুচি গল আৰু লোক সমূহও তাৰ পৰা নিজ নিজ ঘৰলৈ গুচি গল৷ তাৰ পিছত যীচুৱে পৰ্ব্বতৰ ওপৰলৈ উঠিল, আৰু তাত নিশালৈকে অকলশৰে থাকি প্ৰাৰ্থনা কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-31-02.jpg)
সেই সময়ত শিষ্য সকলে তেওঁবিলাকৰ নাৱত উঠি আগুৱাই যাবলৈ চেষ্ঠা কৰিলে, কিন্তু বিপৰীত দিশৰ পৰা অহা বৰ বতাহে তেওঁবিলাকক আগুৱাই যাবলৈ দিয়া নাছিল ৷ পাছে শেষ নিশা হলতো তেওঁবিলাকৰ নাও কেৱল মাজবাট পাবলৈহে সক্ষম হৈছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-31-03.jpg)
সেই সময়ত যীচুৱে প্ৰাৰ্থনা কৰি এঁটালত তেওঁৰ শিষ্য সকলক লগ ধৰিবলৈ গল ৷ তেওঁ তেওঁবিলাকক নাৱত লগ ধৰিবৰ বাবে পানীৰ ওপৰেদি খোজ কাঢি আহিল৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-31-04.jpg)
তাতে শিষ্য সকলে তেওঁক দেখিলে ৷ আৰু তেওঁক অতিশয় ভয় লাগিল, কিয়নো তেওঁবিলাকে তেওঁক ভূত বুলি ভাবিছিল ৷ যীচুৱে জানিছিল যে তেওঁবিলাকৰ ভয় পাইছে , সেয়ে তেওঁ তেওঁবিলাকক উদ্দেশ্যি কলে, “নিৰ্ভয় হোৱা, মইহে !”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-31-05.jpg)
তাতে পিতৰে যীচুক উদ্দেশ্যি কলে, “হে প্ৰভু, আপুনিহে যদি, মোক আপোনাৰ ওচৰলৈ পানীৰ ওপৰেদি আহিবলৈ আজ্ঞা দিয়ক৷”যীচুৱে পিতৰক কলে, “আহা”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-31-06.jpg)
তাতে পিতৰ নাৱৰ পৰা নামি পানীৰ ওপৰত খোজ কাঢি, যীচুৰ ওচৰলৈ গল ৷ কিন্তু অলপ দূৰ যোৱাৰ পিছত, তেওঁৰ চকু যীচুৰ পৰা আঁতৰিল আৰু বৰ বতাহ আৰু ঢৌ সমূহৰ ওপৰত পৰিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-31-07.jpg)
তাতে পিতৰৰ ভয় লাগিল আৰু পানীত ডুবিবলৈ ধৰিলে ৷ তেওঁ প্ৰভুৰ উদ্দেশ্যে চিঞৰী কলে, “মোক বচাওঁক!” তেতিয়াই যীচুৱে হাত মেলি, তেওঁক ধৰিলে ৷ পিছত তেওঁ পিতৰক কলে, “হে অল্পবিশ্বাসী! তুমি মোত ভাৰসা নকৰি কিয় সংশয় কৰিলা ?”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-31-08.jpg)
তাৰ পিছত পিতৰ আৰু যীচু নাৱত উঠিল, আৰু লগে লগে সেই বতাহ শান্ত হল ৷ পানীও ক্ষান্ত হল ৷ এই ঘটনা দেখি শিষ্য সকল আচৰিত হল আৰু যীচুক সেৱা কৰিলে ৷ তেওঁবিলাকে তেওঁৰ আৰাধনা কৰি কলে, “সঁচাই আপুনি ঈশ্বৰৰ পুত্ৰ ৷”
_বাইবেলৰ পৰা লোৱা এটি কাহিনীঃ মথি ১৪: ২২-২৩, মাৰ্ক ৫:৪৫-৫২, যোহন ৬:১৬-২১_

68
content/32.md Normal file
View File

@ -0,0 +1,68 @@
# ৩২. যীচুৱে এজন ভূতে পোৱা লোকক আৰু এগৰাকী মহিলাক সুস্থ কৰা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-32-01.jpg)
যীচু আৰু তেওঁৰ শিষ্য সকল নাৱেৰে গেৰাচেনীয়াবিলাকৰ দেশলৈ গল৷ তেওঁবিলাক সেই ঠাইত উপস্থিত হোৱাত নাৱৰ পৰা নামিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-32-02.jpg)
তাত এজন ভূতে পোৱা লোক আছিল৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-32-03.jpg)
এই মানুহজন অতি শক্তিশালী আছিল আৰু কোনেও তেওঁক ধৰি ৰাখিব নোৱাৰিছিল৷ এটা সময়ত লোকসমূহে তাৰ হাত-ভৰি শিকলিৰে বান্ধি ৰাখিছিল, কিন্তু সি সেই শিকলিও ছিঙি পেলাইছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-32-04.jpg)
সেই মানুহে মৈদামনিত বাস কৰিছিল ৷ সেই মানুহটোৱে দিনে আৰু ৰাতিয়ে চিঞৰী কটাইছিল ৷ সি কাপোৰ পিন্ধা নাছিল আৰু প্ৰায়ে শিলেৰে নিজকে নিজে কাটিছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-32-05.jpg)
সেই মানুহ জন লৰি যীচুৰ ওচৰলৈ আহিল আৰু তেওঁৰ আগত আঠু ললে ৷ তাতে সেই মানুহজনত থকা ভূতক যীচুৱে কলে, “এই মানুহৰ পৰা ওলাই যা !”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-32-06.jpg)
সেই ভূতে বৰ মাতেৰে ৰিঙিয়াই কলে, “হে সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ যীচু, আপোনাৰ লগত মোৰ কি কাম? মোক যাতনা নিদিব !” তাৰ পাছত যীচুৱে সেই অশুচি আত্মাক কলে, “তোৰ নাম কি ?” সি কলে, “মোৰ নাম বাহিনী, কিয়নো আমি অনেক আছো ৷” (এটা “বাহিনী”বুলি কলে ৰোমীয়াৰ বহু সংখ্যক সৈন্যৰ এটা দলক বুজায়)
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-32-07.jpg)
সেই অশুচি আত্মাই যীচুৰ আগত বিনয় কৰি কলে, “আমাক এই দেশৰ পৰা নেখেদাব !” সেই সময়ত, পাহাৰৰ ওপৰত বৰ এজাক গাহৰি চৰি আছিল ৷ তাতে সেই অশুচি আত্মাই যীচুক বিনয় কৰি কলে, “আমাক সেই গাহৰি বিলাকৰ ভিতৰলৈ যাবলৈ আজ্ঞা দিয়ক !” যীচৱে কলে, “ঠিক আছে, সিহঁতৰ ভিতৰলৈ যাহঁক!”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-32-08.jpg)
তাতে সেই ভূতবিলাক মানুহজনৰ ভিতৰৰ পৰা ওলাই আহি গাহৰি বিলাকৰ ভিতৰত সোমাল৷ তাতে সেই গাহৰিৰ জাকটো লৰি গৈ গৰাৰ পৰা সাগৰত পৰি, পানীত ডুবি মৰিল ৷ সেই জাকটোত প্ৰায় ২০০০ গাহৰি আছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-32-09.jpg)
সেই ঠাইতে গাহৰি জাকটোৰ চৰোৱা লোকসকল আছিল ৷ আৰু যেতিয়া তেওঁবিলাকে সেই ঘটনা দেখিলে, তেওঁবিলাকক চহৰলৈ বুলি লৰি গল ৷ তাতে তেওঁবিলাকে যীচুৱে কৰা সেই সকলো কথা লোকসকলক কলে ৷ তেতিয়াই লোকসকলে তাক চাবলৈ আহিল আৰু সেই ভূতে পোৱা মানুহজনক নম্ৰ হৈ শান্ত ভাৱে কাপোৰ পৰিধান কৰি এজন সুস্থ মানুহৰ দৰে বহি থকা দেখিলে৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-32-10.jpg)
সেই লোকসমূহৰ অতিশয় ভয় লাগিল আৰু যীচুক তাৰ পৰা যাবৰ বাবে অনুৰোধ কৰিলে ৷ তাতে যীচু নাৱত উঠিল ৷ আৰু সেই ভূতে পোৱা মানুহজনে যীচুৰ সৈতে যাবৰ বাবে বিনয় কৰিলে৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-32-11.jpg)
কিন্তু যীচুকে তেওঁক কলে, “নহয়, তুমি ঘৰলৈ যোৱা আৰু ঈশ্বৰে তোমাৰ জীৱনত কি কৰিলে তাক তেওঁবিলাকক কোৱাগৈ ৷ তেওঁ তোমালৈ কেনে দয়া কৰিলে তাক সকলোকে কোৱাগৈ ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-32-12.jpg)
তাতে সেই মানুহজন তাৰ পৰা আঁতৰি আহিল আৰু যীচুৱে তেওঁৰ জীৱনত কি কৰিলে সেই কথা সকলোকে কলে ৷ আৰু যিমান লোকে সেই ঘটনাৰ বিষয়ে জানিবলৈ পাৰিলে সেই সকলোৱে আচৰিত হল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-32-13.jpg)
পাছে যীচু নাৱেৰে আকৌ সিপাৰলৈ গল ৷ তাত তেওঁ উপস্থিত হলত, বহু লোকৰ এটা দলে তেওঁক আগুৰি ধৰিলে ৷ সেই মানুহবিলাকৰ মাজত বাৰ বছৰ তেজ যোৱা ৰোগত থকা এগৰাকী মহিলা আছিল ৷ তাই সেই ৰোগৰ পৰা সুস্থতা পাবৰ বাবে তাই, চিকিৎসাৰ নামত সৰ্ব্বস্ব খৰচ কৰিছিল, কিন্তু ভাল হোৱাৰ সলনি তাইৰ স্বাস্থ্যৰ অধিক অৱনতিহে ঘটিছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-32-14.jpg)
যীচুৱে অনেক ৰোগীক সুস্থ কৰা বিষয়টো তাই শুনিবলৈ পাইছিল, আৰু ভাবিলে, “মই যদি যীচুৱে পৰিধান কৰি থকা কাপোৰ খনো চুবলৈ পাওঁ তেনে হলে মই সুস্থতা লাভ কৰিম ৷” সেয়েহে তাই যীচুৰ পাছফলে থিয় হল আৰু তেওঁৰ কাপোৰ খন চুলে ৷ আৰু সেই কাপোৰ খন চোৱাৰ লগে লগে তাইৰ তেজ যোৱা বন্ধ হল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-32-15.jpg)
লগে লগে যীচুৱে তেওঁৰ ভিতৰৰ পৰা শক্তি বাহিৰ হোৱা বুলি জানিব পাৰিলে ৷ তাতে তেওঁ চাৰিও ফালে ঘুৰি চাই সুধিলে, “কোনে মোক স্পৰ্শ কৰিলে ?” শিষ্য সকলে তেওঁক উত্তৰ দি কলে, “বহু লোকে আপোনাক আগুৰি হেঁচি ধৰি আছে, তাক আপুনি দেখিছে ৷ গতিকে ‘কোনে মোক স্পৰ্শ কৰিলে’ এই কথা আপুনি কিয় সুধিলে? ”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-32-16.jpg)
তাতে সেই মহিলা গৰাকীয়ে যীচুৰ আগত আঠু লৈ ভয়তে কঁপিলৈ ধৰিলে ৷ তাৰ পিছত তাই যি কৰিলে সেই কথা কলে, আৰু তাই যে সুস্থ হল তাকো জনালে ৷ যীচুৱে উত্তৰ দি কলে, “তোমাৰ বিশ্বাসে তোমাক সুস্থ কৰিলে, শান্তিৰে যোৱা ৷”
_বাইবেলৰ এই কাহিনিটো: মথি ৮:২৮-৩৪, ৯:২০-২২, মাৰ্ক ৫:১-২০, ৫: ২৪খ-৩৪, লূক ৮:২৬-৩৯, ৮:৪২খ-৮_

40
content/33.md Normal file
View File

@ -0,0 +1,40 @@
# ৩৩. এজন খেতিয়কৰ কাহিনী
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-33-01.jpg)
এদিনাখন, যীচু সাগৰৰ তীৰত উপস্থিত আছিল ৷ তেওঁ বৰ মানুহৰ এটা দলক উপদেশ দি আছিল ৷ তাত ইমানেই মানুহৰ সমাগম হৈছিল যে তেওঁৰ থিয় হবলৈ ঠাই নোহোৱা হৈছিল ৷ সেয়েহ তেওঁ এখন নাৱত উঠি বহিল আৰু লোকসমূসক উপদেশ দিবলৈ ধৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-33-02.jpg)
যীচুৱে এই কাহিনীটো কলে, “এজন খেতিয়কে কঠীয়া সিচিবলৈ গল ৷ তেওঁ হাতেৰে বীজ সিচোঁতে সিচোঁতে, কিছুমান বাটৰ কাষত পৰিল ৷ তাতে চৰাইবোৰে আহি তাক খুঁটি খালে ৷ ”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-33-03.jpg)
“কেতবোৰ অলপ মাটি থকা শিলনিত পৰিল, য’ত অতি কম সাৰুৱা মাটি আছিল ৷ মাটি ডাঠ নোহোৱাত সোনকালে গজিল, কিন্তু তাৰ শিপা গভীৰলৈ নোযোৱাত শুকাই গল ৷ যেতিয়া সূৰ্য্য উদয় হল, তেতিয়াই তাপ লাগি তাৰ শিপা নোহোৱাত শুকাই গল ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-33-04.jpg)
“আৰু কিছুমান কাইটনিত পৰিল৷ সেই কঠিয়া বাঢি আহিব ধৰিলে কিন্তু তাত থকা কাইটীয়া বন সমূহও বাঢি আহি তাক হেঁচি ধৰিলে ৷ তাতে সেই কাইটনিত পৰা কঠিয়া সমূহে কোনো ফল উৎপন্ন নকৰাকৈ মৰি থাকিল ৷ ”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-33-05.jpg)
“আনবোৰ ভাল মাটিত পৰিলে ৷ তাতে গজি বাঢ়ি ফল ধৰিলে আৰু ৩০, ৬০ আৰু ১০০ গুণলৈকে ফল উৎপন্ন কৰিলে ৷ যিমানে ঈশ্বৰক অনুকৰণ কৰিবলৈ ইচ্ছা কৰে, তেওঁলোকে মই কোৱা কথালৈ মন দিয়ক !”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-33-06.jpg)
এই কাহিনীটো শিষ্য সকলে ভাল দৰে বুজিব নোৱাৰিলে ৷ তাতে যীচুৱে তেওঁবিলাকক বুজাই কলে, “বীজ” হৈছে ঈশ্বৰৰ বাক্য ৷ বাট হৈছে এনেকুৱা এজন ব্যক্তি যি জনে ঈশ্বৰৰ বাক্য শুনে কিন্ত বুজি নাপায় ৷ তাতে চয়তানে আহি তেওঁৰ পৰা বাক্য লৈ যায় ৷ আৰু এই দৰে চয়তানে তেওঁক বাক্য বুজি পোৱাৰ পৰা আঁতৰাই ৰাখে ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-33-07.jpg)
“শিলনি হৈছে এজন ব্যক্তি যি জনে ঈশ্বৰৰ বাক্য শুনে আৰু আনন্দেৰে গ্ৰহণ কৰে ৷ কিন্তু তেওঁ ক্লেশ বা তাড়না হোৱা মাত্ৰকে ঈশ্বৰৰ পৰা আঁতৰি আহে ৷ আৰু এই দৰে তেওঁ ঈশ্বৰত ভাৰসা কৰিবলৈ এৰি দিয়ে ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-33-08.jpg)
“কাইটনিত হৈছে এজন ব্যক্তি যি জনে ঈশ্বৰৰ বাক্য শুনে ৷ কিন্তু বহু বিষয়ত তেওঁ চিন্তিত হৈ থাকে, আৰু বহু ধন উপাৰ্জন কৰিবলৈ চেষ্টা কৰে, আৰু অনেক বিষয়ত ব্যস্ত হৈ থাকে ৷ কিছুসময়ৰ পিছত, তেওঁ ঈশ্বৰক আৰু প্ৰেম কৰিব নোৱাৰা হৈ পৰে ৷ তাতে তেওঁ ঈশ্বৰৰ বাক্যৰ পৰা যি শিক্ষা পাইছিল তাৰ দ্বাৰাই তেওঁক ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰা হয় ৷ ”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-33-09.jpg)
“কিন্তু ভাল মাটি হৈছে এনে এজন ব্যক্তি যিয়ে ঈশ্বৰৰ বাক্য শুনে, বিশ্বাস কৰে আৰু ফল উৎপন্ন কৰে ৷”
_বাইবেলৰ এই কাহিনীটি : মথি ১৩:১-৮,১৮-২৩, মাৰ্ক :১-৮, ১৩-২০, লূক ৮:-১৫ _

44
content/34.md Normal file
View File

@ -0,0 +1,44 @@
# ৩৪. যীচুৱে আন আন কাহিনী সমূহ শিকোৱা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-34-01.jpg)
স্বৰ্গৰাজ্যৰ সম্বন্ধে যীচুৱে আন বহুতো কাহিনী কলে ৷ উদাহৰণ স্বৰূপে, তেওঁ কৈছিল, “স্বৰ্গৰাজ্য এটি সৰিয়হ গুটিৰ নিচিনা, যাক কোনো এজন মানুহে নিজৰ পথাৰত সিঁচিলে ৷ তোমালোকে জানা যে সৰিয়হ গুটি আটাই গুটিতকৈ সৰু ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-34-02.jpg)
“কিন্তু যেতিয়া সি গজি বাঢে, ই বাগিচাৰ আটাই গছতকৈ ডাঙৰ হয়, য’ত চৰায়ে আহি তাৰ ডালত বাসকৰে ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-34-03.jpg)
যীচুৱে আন এটা কাহিনী কলে, “যি খমিৰ এজনী তিৰোতাই লৈ, তিনি দোণ পিঠাগুড়িৰ মাজত আটাইখিনি নুফুলালৈকে ঢাকি থলে, তাৰ নিচিনা স্বৰ্গৰাজ্য ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-34-04.jpg)
“স্বৰ্গৰাজ্য, পথাৰৰ মাজত লুকুৱাই থোৱা ধনৰ নিচিনা, তাক কোনো মানুহে দেখা পাই লুকুৱাই থয়৷ তাক অন্য কোনো মানুহে দেখা পাই পুনৰ মাটিত লুকুৱাই থয়, পাছে আনন্দেৰে গৈ, তেওঁৰ সৰ্ব্বস্ব বেচি, সেই পথাৰৰ কিনে ৷ ৷ ”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-34-05.jpg)
“স্বৰ্গৰাজ্য উত্তম মূল্যৰ মুকুতা দৰে ৷ যেতিয়া এজন মুকুতা বিচৰা সদাগৰে তাক পায়, তেতিয়াই তেওঁৰ সৰ্ব্বস্ব বেচি, তাক কিনে ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-34-06.jpg)
এনে বহু লোক আছে যি সকলে ভাৱে যে তেওঁবিলাকে কৰা ভাল কৰ্ম্মৰ বাবে ঈশ্বৰে তেওঁবিলাকক গ্ৰহণ কৰিব ৷ এই লোক সকলে ভাল কাৰ্য্য নকৰা আন লোক সকলক হীন চকুৰে চায় ৷ সেয়েহে যীচুৱে তেওঁলোকৰ উদ্দেশ্যে এটি কাহিনী কলে, “দুজন মানুহ মন্দিৰলৈ প্ৰাৰ্থনা কৰিবৰ বাবে গল ৷ তাৰে মাজৰ এজন কৰতোলা, আৰু আন জন এজন ধৰ্ম্মীয় নেতা আছিল ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-34-07.jpg)
“ধৰ্ম্মীয় নেতা জনে এই দৰে প্ৰাৰ্থনা কৰিলে, “হে ঈশ্বৰৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী নাইবা এই কৰতোলাৰ নিচিনাও নহওঁ, এই কাৰণে মই তোমাৰ স্তুতি কৰোঁ ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-34-08.jpg)
“উদাহৰণ স্বৰূপে, মই সপ্তাহত দুবাৰকৈ লঘোণ দিও আৰু মোৰ আয়ৰ আৰু পোৱা বস্তৰ দশ ভাগৰ এভাগ দান কৰোঁ ৷ ”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-34-09.jpg)
“পাছে সেই কৰতোলা জন ধৰ্ম্মীয় নেতাজনৰ পৰা বহু আঁতৰত থিয় হৈ আছিল ৷ তেওঁ স্বৰ্গৰ ফালে চকুকে তুলিবলৈ সাহ নাপালে ৷ তাৰ সলনি, তেওঁ হিয়া ভুকুৱাই ভুকুৱাই প্ৰাৰ্থনা কৰি কলে, ‘হে ঈশ্বৰ পাপী যি মই, মোলৈ দয়া কৰা ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-34-10.jpg)
তাতে যীচুৱে কলে, “মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰে সেই কৰতোলা জনৰ নিবেদন শুনিলে আৰু তেওঁক ধাৰ্ম্মিক বুলি গণিত কৰিলে ৷ কিন্তু তেওঁ সেই ধাৰ্ম্মীয় নেতা জনৰ প্ৰাৰ্থনা গ্ৰহণ নকৰিলে ৷ নিজকে গৰ্ব কৰা সকলক ঈশ্বৰে সন্মান নজনায়, কিন্তু যি জনে নিজকে নম্ৰ কৰে তেওঁক মান দিয়ে৷”
_এই বাইবেলৰ কাহিনী সমূহ : মথি ১৩:৩১-৩৩, -৪৬, মাৰ্ক :৩০-৩২, লূক ১৩:১৮-২১, ১৮:৯-১৪ _

56
content/35.md Normal file
View File

@ -0,0 +1,56 @@
# ৩৫. এজন মৰমীয়াল পিতৃৰ কাহিনী
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-35-01.jpg)
এদিন, যীচুৰ শিক্ষা শুনিবৰ বাবে বহু লোক গোট খাইছিল ৷ এই সকলৰ মাজত কৰতোলা আৰু লগতে মোচিৰ বিধান নমনা লোকো আছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-35-02.jpg)
কিছুমান ধৰ্ম্মীয় লোকে যীচুক এই সকলৰ লগত বন্ধুৰ দৰে কথা পাতি থকা দেখিবলৈ পালে ৷ তাকে দেখি তেওঁবিলাকে ইজনে সিজনক কবলৈ ধৰিলে যে তেওঁ ভুল কৰিছে ৷তাকে শুনি যীচুৱে তেওঁলোকক এই কাহিনীটো কলে।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-35-03.jpg)
“এজন মানুহৰ দুজন পুতেক আছিল ৷ সৰু লৰাটোৱে বাপেকক কলে, ‘দেউতা, মোৰ ভাগৰ সম্পতিৰ যি ভাগ এতিয়াই মোক দিয়ক ! তাতে বাপেকে দুই পুতেকৰ মাজত সম্পতি ভগাই দিলে ৷’”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-35-04.jpg)
“তাতে সেই সৰু লৰাই তাৰ গোটেই সম্পতিৰ ভাগ লৈ দূৰ দেশলৈ গুচি গল আৰু অপকৰ্মৰ দ্বাৰা নিজৰ ধন অপব্যয় কৰিলে৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-35-05.jpg)
“ইয়াৰ পিছত, সেই সৰু লৰাজন থকা ঠাইত বৰ আকালে দেখা দিলে, আৰু আহাৰ কিনিবলৈ তাৰ হাতত ধন নোহোৱা হল ৷ তাতে সেই সময়ত গাহৰি দানা দিয়াৰ বাদে কোনো কাম বিচাৰি নাপাই তাকে কৰিবলৈ বাধ্য হয় ৷ তাতে তাৰ অৱস্থা ইমানেই বেয়া হল যে সি গাহৰিয়ে খোৱা দানা খাবৰ পৰিস্থিতিত পৰিল ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-35-06.jpg)
“অৱশেষত, সেই সৰু পুতেকে নিজকে কলে, ‘এইয়া মই কি কৰি আছো ? মোৰ পিতৃৰ সকলো চাকৰে খাবলৈ যথেষ্ট আহাৰ আছে, আৰু মই ইয়াত ভোকতে মৰিছো ৷ মই মোৰ পিতৃৰ ঘৰলৈ উলটি যাওঁ আৰু মোকো তেওঁৰ এজন চাকৰৰ দৰে ৰাখিবৰ বাবে ক’ম ৷’”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-35-07.jpg)
“তাতে সেই সৰু পুতেকে নিজৰ পিতৃৰ ঘৰলৈ বুলি উলটি গল ৷ কিন্তু সি দূৰৈত থাকোঁতেই, তাৰ বাপেকে তাক দেখিলে আৰু তাৰ প্ৰতি মৰম জন্মিলে ৷ তেওঁ লৰি গ’ল আৰু নিজৰ পুতেকক সাৱটি ধৰিলে আৰু চুমা খালে ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-35-08.jpg)
“পুতেকে কলে, ‘দেউতা, মই ঈশ্বৰৰ আৰু আপোনাৰ অহিতে পাপ কৰিলো ৷ মই আপোনাৰ পুত্ৰ বুলি মতাৰ আৰু যোগ্য নহওঁ ৷’”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-35-09.jpg)
“পাছে তাৰ দেউতাকে এজন চাকৰক মাতি কলে, ‘সোনকালে যোৱা আৰু আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি মোৰ লৰাক পিন্ধোৱা ! ইয়াৰ হাতত আঙঠি আৰু ভৰিত জোতা পিন্ধোৱা ৷ আৰু ইায়াৰ পিছত পোহতোলা দামুৰিটো আনি মাৰা আৰু আমি ভোজন কৰি, ৰং কৰোঁহঁক, কিয়নো সি মৰিছিল, এতিয়া জী উঠিল! সি হেৰাইছিল, কিন্তু আমি তাক বিচাৰি পালো !’”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-35-10.jpg)
“তাতে তেওঁলোকে আনন্দ কৰিব ধৰিলে ৷ পাছে অলপ সময়ৰ পাছত সেই ডাঙৰ পুতেক পথাৰৰ পৰা আহি ঘৰৰ কাষ পালে ৷ সি ঘৰৰ ওচৰ পাই বাজনা আৰু নচাৰ শব্দ শুনি কি হৈছে বুলি ভাবিব ধৰিলে ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-35-11.jpg)
“পাছে যেতিয়া ডাঙৰ পুতেকে জানিব পাৰিলে যে তাৰ ভায়েক ঘৰলৈ উলটি আহিছে আৰু সেয়েহে এনে দৰে আনন্দ উল্লাস কৰা হৈছে, তেতিয়া তাৰ অতিশয় খং উঠে আৰু ঘৰৰ ভিতৰলৈ নগল ৷ তেওঁৰ বাপেকে ওলাই আহি তাক বিনয় কৰি ভিতৰলৈ যাবৰ বাবে বুজালে, কিন্তু সি মান্তি নহল ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-35-12.jpg)
“ডাঙৰ পুতেকে বাপেকক কলে, ‘মই ইমান বছৰ আপোনাৰ সেৱা কৰিলো ! মই কেতিয়াও আপোনাৰ অবাধ্য হোৱা নাই, কিন্তু তথাপিও আপুনি মোক মোৰ বন্ধু বিলাকৰ লগত ৰং কৰিবলৈ এটা সৰু ছাগলীও মাৰি খাবৰ বাবে নিদিলে ৷ কিন্তু আপোনাৰ এই সন্তানে আপোনাৰ সম্পতিৰ ভাগ অপকৰ্ম্মৰে অপচয় কৰিলে ৷ আৰু সি যেতিয়া উলটি আহিলে, তাৰ কাৰণে আপুনি উত্তম দামুৰীটো উললস কৰিবৰ অৰ্থে মৰিলে !’”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-35-13.jpg)
“বাপেকে উত্তৰ দি কলে, ‘মোৰ বোপাই, তুমি সদায়ে মোৰ লগত আছা, আৰু মোৰ যি সেই সকলো বিলাক তোমাৰেই ৷ কিন্তু আমি আনন্দ কৰা উচিত, কিয়নো তোমাৰ যি ভায়েৰা মৰিছিল, সি এতিয়া জীৱিত ৷ সি হেৰাইছিল, কিন্তু এতিয়া আমি তাক বিচাৰি পালো !’”
_বাইবেলৰ এই কাহিনীটি : লূক ১৫: ১১-৩২_

32
content/36.md Normal file
View File

@ -0,0 +1,32 @@
# ৩৬. অন্যৰূপ ধৰা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-36-01.jpg)
এদিনাখন, যীচুৱে তেওঁৰ তিনিজন শিষ্য, পিতৰ, যাকোব আৰু যোহনক লগত ললে ৷(যোহন নামৰ শিষ্যজন যীচুক বাপ্তিস্ম দিয়া ব্যক্তি জন নহয় ৷) তেওঁলোকে প্ৰাৰ্থনা কৰিবৰ বাবে পৰ্ব্বতৰ ওপৰলৈ গল৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-36-02.jpg)
যীচুৱে প্ৰাৰ্থনা কৰি থকাৰ সময়ত, তেওঁৰ মূখ সূৰ্য্যৰ দৰে উজ্বল হৈ পৰে ৷ তেওঁ পৰিধান কৰি থকা পোচাক পোহৰৰ দৰে চকমকাই ইমান বগা হল যে তেনে বগা পৃথিবীৰ কোনো ব্যক্তিয়ে কৰিব নোৱাৰে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-36-03.jpg)
তাৰ পিছত তাত মোচি আৰু এলিয়া ভাববাদীৰ আবিৰ্ভাৱ ঘটে ৷ এই কেইজন ব্যক্তি বহু শ শ বছৰ আগেয়ে এই পৃথিবীত জীয়াই আছিল ৷ তেওঁবিলাকে যীচুৰ সৈতে তেওঁৰ মৃত্যুৰ বিষয়ে কথা পাতিলে, কিয়নো অতি সোনকালে তেওঁ যিৰূচালেমত তেওঁৰ মৃত্যু হব৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-36-04.jpg)
আৰু যেতিয়া মোচি আৰু এলিয়াই যীচুৰে সৈতে কথা হৈ আছিল, পিতৰে যীচুক কলে, “আমাৰ ইয়াত থকা ভাল ৷ আমি তিনিটা পজা সাজোহঁক, এটা আপোনাৰ বাবে, এটা মোচিৰ বাবে আৰু আনটো এলিয়াৰ বাবে ৷” কিন্তু পিতৰে কি কৈ আছিল তাক তেওঁ নিজে জনা নাছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-36-05.jpg)
আৰু পিতৰে যেতিয়া কথা কৈ আছিল, এক উজ্বল মেঘ আহি তেওঁবিলাকক ঘেৰি ধৰিলে ৷ তাৰ পিছত মেঘৰ মাজৰ পৰা এটা বাণী হল, “এওঁ মোৰ পুত্ৰ যাক মই প্ৰেম কৰোঁ ৷ মই তেওঁত পৰম সন্তুষ্ট৷ তেওঁৰ কথা শুনা ৷” সেই তিনিজন শিষ্যই অতিশয় ভয় খালে আৰু মাটিত উবুৰি খাই পৰিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-36-06.jpg)
তাৰ পিছত যীচুৱে তেওঁবিলাকক স্পৰ্শ কৰিলে আৰু কলে, “ভয় নকৰিবা, উঠা ৷” যেতিয়া তেওঁবিলাকে চাৰিও ফালে চালে, তাত যীচুৰ বাদে কাকো দেখা নাপালে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-36-07.jpg)
যীচু আৰু তেওঁৰ তিনিজন শিষ্য পৰ্ব্বতৰ পৰা নামি আহিল ৷ তাৰ পিছত যীচুৱে তেওঁলোকক কলে, “এই বিষয়ে তোমালোকে কাকো একো নকবা ৷ মই অতি সোনকালে মৰিম আৰু পুনৰায় জীয়াই উঠিম ৷ তাৰ পিছত তোমালোকে লোকসকলক কব পাৰিবা ৷”
_এই কাহিনীটো বাইবেলৰ : মথি ১৭:১-৯, মাৰ্ক ৯:২-৮, লূক ৯:২৮-৩_

48
content/37.md Normal file
View File

@ -0,0 +1,48 @@
# ৩৬. যীচুৱে মৃত লাজাৰক জীউৱা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-37-01.jpg)
লাজাৰ নামৰ এজন লোক আছিল ৷ তেওঁৰ মৰিয়ম আৰু মাৰ্থ নামৰ দুগৰাকী বায়েক আছিলে ৷ তেওঁলোক আটায়ে যীচুৰ বন্ধু আছিল ৷এদিনাখন, যীচুক কোনো এজনে লাজাৰ নৰিয়াত পৰি থকা বুলি জনালে ৷ যেতিয়া যীচুৱে সেই কথা শুনিলে, তেতিয়াই তেওঁ কলে, এই ৰোগ লাজাৰৰ মৃত্যুলৈ নহয় কিন্তু ঈশ্বৰৰ মহিমাম্বিত হবলৈহে হৈছে৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-37-02.jpg)
যীচুৱে তেওঁৰ বন্ধু সকলক প্ৰেম কৰিছিল, কিন্তু তেওঁ তাত আৰু দুদিন অপেক্ষা কৰিলে ৷ তাতে দুদিনৰ পিছত, তেওঁ তেওঁৰ শিষ্য সকলক কলে, ‘বলা যিহূদিয়লৈ যাওঁ ৷” শিষ্য সকলে উত্তত কলে, “কিন্তু গুৰু, অলপ সময়ৰ আগলৈকে মানুহবিলাকে আপোনাক বধ কৰিবলৈ বিচাৰি আছিল” !যীচুৱে কলে, “আমাৰ বন্ধু লাজাৰ টোপনি গৈছে, আৰু মই তেওঁক টোপনিৰ পৰা জগাব লাগিব ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-37-03.jpg)
যীচুৰ শিষ্য কেইজনে উত্তৰ দিলে, “গুৰু, যদি লাজাৰ টোপনি গৈছে, তেন্তে তেওঁৰ ভালেই হব ৷” তাৰ পিছত যীচুৱে তেওঁবিলাকক কলে, “লাজাৰৰ মৃত্যু হৈছে ৷ মই যে তাত অনুপস্থিত আছিলোঁ, ইয়াতে মই তোমালোকৰ নিমিত্তে আনন্দ কৰিছোঁ, যাতে তোমালোকে মোত বিশ্বাস কৰা ৷ ”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-37-04.jpg)
যীচু যেতিয়া লাজাৰ থকা নগৰ পালেগৈ, তেতিয়া লাজাৰৰ মৃত্যু হোৱা চাৰিদিন হৈছিল ৷ মাৰ্থাই যীচুক লগ ধৰিবলৈ ওলাই আহিল আৰু কলে, “হে প্ৰভু, আপুনি ইয়াত থকা হলে মোৰ ভাই নমৰিলে হয় ৷ কিন্তু এতিয়াও ঈশ্বৰৰ আগত আপুনি যিহকে বিচাৰে কৰিব ঈশ্বৰে তাকে আপোনাক দিব, ইয়াক মই বিশ্বাস কৰোঁ ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-37-05.jpg)
যীচুৱে উত্তৰ দিলে, “ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ মৰিলেও জীৱ ৷ যি কোনোৱে মোত বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব ৷ তুমি এই কথা বিশ্বাস কৰিছানে ? ”মাৰ্থা উত্তৰ দি কলে, “হয়, প্ৰভু ! আপুনিয়েই যে ঈশ্বৰৰ পুত্ৰ সেই অভিষিক্ত জনা, ইয়াক বিশ্বাস কৰিছো ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-37-06.jpg)
তাৰ পিছত মৰিয়ম তাত উপস্থিত হল ৷ তাই যীচুৰ ভৰিত পৰি কলে, “প্ৰভু, আপুনি ইয়াত থকা হলে, মোৰ ভাই নমৰিলহেঁতেন ৷” যীচুৱে তেওঁবিলাকক কলে, “তোমালোকে লাজাৰক ক’ত ৰাখিছা ?”সিঁহতে কলে, “মৈদামত ৷ আহক আৰু চাওঁক ৷” তাতে যীচুৱে ত্ৰুন্দন কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-37-07.jpg)
সেই মৈদাম এটা গুহা আৰু তাৰ মুখতে এচটা শিল আছিল ৷ যেতিয়া যীচু সেই মৈদামত উপস্থিত হল, তেওঁ তেওঁবিলাকক কলে, “শিলচটা আঁতৰাই দিয়া ৷” কিন্তু মাৰ্থাই কলে, “এতিয়া শৰীৰত দুৰ্গন্ধ হৈছে, কিয়নো আজি চাৰি দিন হল ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-37-08.jpg)
যীচুৱে কলে, “মোত বিশ্বাস কৰিলে তোমালোকে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা, এই কথা মই কোৱা নাছিলোনে ?” তাতে তেওঁবিলাকে সেই শিলছটা আঁতৰাই পেলালে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-37-09.jpg)
তাৰ পিছত যীচুৱে স্বৰ্গৰ ফালে চাই কলে, “পিতৃ, মোৰ নিবেদন শুনাৰ কাৰণে মই তোমাৰ স্তুতি কৰোঁ ৷ মই জানো যে তুমি মোৰ নিবেদন সদায়ে শুনি আছা, কিন্তু তুমি যে মোক পঠালা এই কথা ইয়াত থিয় হৈ থকা লোক সকলে যেন বিশ্বাস কৰে এই নিমিত্তে কৈছো ৷” ইয়াৰ পিছত যীচুৱে চিঞৰী কলে, “লাজাৰ বাহিৰলৈ আহা !”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-37-10.jpg)
তাতে লাজাৰ বাহিৰলৈ ওলাই আহিল ! তেতিয়াও তেওঁ সেই মৈদামৰ কাপোৰেৰে বন্ধা হৈ আছিল ৷ যীচুৱে তেওঁলোকক কলে, “মৈদামৰ কাপোৰ খুলিবৰ বাবে তেওঁক সহায় কৰি তেওঁক মুকলি কৰা ৷” সেই আচৰিত কাৰ্য্যৰ বাবে বহুতো যিহূদী লোকে যীচুত বিশ্বাস কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-37-11.jpg)
পাছে যিহূদী সকলৰ ধৰ্ম্মীয় নেতা সকল যীচুৰ প্ৰতি ক্ৰোধিত হল, আৰু তেওঁলোকে যীচু আৰু লাজাৰক বধ কৰিবৰ পৰিকল্পনা কৰিবৰ বাবে এক গোট হল ৷
_এই বাইবেল কাহিনীটো : যোহন ১১:১-_

64
content/38.md Normal file
View File

@ -0,0 +1,64 @@
# ৩৮. যীচুক শত্ৰু হাতত শোধাই দিয়া
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-38-01.jpg)
প্ৰতি বছৰে, যিহূদী বিলাকে নিস্তাৰ পৰ্ব্ব পালন কৰে ৷ এই পৰ্ব্ব পালন কৰাৰ দ্বাৰাই তেওঁবিলাকে তেওঁবিলাকৰ উপৰি পুৰুষক ঈশ্বৰে কি দৰে মিচৰৰ পৰা উদ্ধাৰ কৰি আনিছিল সেই কথা সোঁৱৰণ কৰে ৷ যীচুৱে ৰাজহুৱাকৈ প্ৰচাৰ আৰু শিক্ষা দিয়া কালত তেওঁৰ শিষ্য সকলক নিস্তাৰ পৰ্ব্ব যিৰূচালেমত পালন কৰা আৰু তাত যে তেওঁক বধ কৰা হব সেই বিষয়ে কৈছিল৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-38-02.jpg)
শিষ্য সকলৰ মাজত যিহূদা নামৰ যীচুৰ এজন শিষ্য আছিল ৷ তেওঁ পাঁচনি সকলৰ ধন ভঁৰালি আছিল আৰু প্ৰায়ে তাৰ পৰা ধন চুৰ কৰিছিল ৷ যীচু আৰু তেওঁ শিষ্য সকল যিৰূচালেমত উপস্থিত হোৱাৰ পিছত, যিহূদা যিহূদী সকলৰ ধৰ্ম্মীয় নেতা সকলক লগ ধৰিবৰ বাবে গল ৷ ধনৰ সলনি যীচুক তেওঁ তেওঁলোকৰ হাতত শোধাই দিবৰ বাবে তেওঁ মত প্ৰকাশ কৰিলে ৷ তেওঁ জানিছিল যে যিহূদী নেতা সকলে যীচুক উদ্ধাৰকৰ্তা হিচাপে গ্ৰহণ নকৰিব ৷ তেওঁবিলাকে যে তেওঁক বধ কৰিবৰ বাবে উপায় বিচাৰি আছে সেই কথা তেওঁ জানিছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-38-03.jpg)
সেই ধৰ্ম্মীয় নেতা সকলৰ প্ৰধান পুৰোহিতে যিহূদাক যীচুক শোধাই দিয়াৰ বাবদ ডেৰ কুৰি ৰূপ দিয়ে ৷ ভাৱবাদীয়ে কোৱা কথা সিদ্ধ হবৰ বাবেই এইবোৰ হল ৷ যিহূদা সন্মত হল, ধন গ্ৰহণ কৰিল আৰু তাৰ পৰা গুচি গল ৷ তাৰ পিছৰ পৰা, তেওঁ তেওঁক শোধাই দিবলৈ সুযোগ বিচাৰিব ধৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-38-04.jpg)
যিৰূচালেমত যীচুৱে তেওঁৰ শিষ্য সকলৰ সৈতে নিস্তাৰ পৰ্ব্ব পালন কৰিছিল ৷ সেই নিস্তাৰ পৰ্ব্বৰ ভোজৰ সময়ত, যীচুৱে পিঠা লৈ ভাঙি দি কলে, “লোৱা আৰু খোৱা ৷ এইয়ে মোৰ শৰীৰ, যি মই তোমালোকৰ বাবে অৰ্পণ কৰিছো ৷ মোক সোঁৱৰণ কৰিবৰ অৰ্থে ইয়াকে কৰিবা ৷” একেদৰে, যীচৱে কলে যে তেওঁ তেওঁবিলাকৰ অৰ্থে নিজৰ শৰীৰ বলি দিয়াৰ দ্বাৰাই মৃত্যু হব ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-38-05.jpg)
তাৰ পিছত যীচুৱে পানপাত্ৰ তুলি লৈ কলে, “ইয়াক পান কৰা ৷ মোৰ তেজৰ দ্বাৰাই হোৱা এয়া নতুন নিয়ম, যাতে ঈশ্বৰে তোমালোকক ক্ষমা দিব তাৰ বাবে ইয়াক মোৰ পৰা উলিওৱা হৈছে ৷ মই এতিয়া যি কৰিছো তাক তোমালোকে তাকে কৰিবা আৰু যিমান বাৰ এনে কৰিবা সিমানবাৰ মোক সোঁৱৰিবৰ কৰিবা ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-38-06.jpg)
তাৰ পিছত যীচুৱে নিজৰ শিষ্য সকলক কৈছিল, “তোমালোকৰ মাজৰ এজনে মোক শত্ৰুৰ হাতত শোধাই দিব ৷” সেই কথা শুনি শিষ্য সকল আচৰিত হল, আৰু তেনে কাৰ্য্য কোন জনে কৰিব তাক জানিব বিচাৰিলে ৷ যীচুৱে উত্তৰ দি কলে, “যি জনক মই এই পিঠা দিম সেই জনেই মোক শত্ৰুৰ হাতত শোধাই দিব ৷” তাৰ পিছত তেওঁ যিহূদাক সেই পিঠা দিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-38-07.jpg)
যিহূদাই সেই পিঠা ললে, আৰু চয়তান তেওঁত প্ৰবেশ কৰিলে ৷ তাৰ পিছত যিহূদা তাৰ পৰা ওলাই আহি যীচুক ধৰিবৰ বাবে সহায় কৰিবৰ উদ্দেশ্যে যিহুদী নেতা সকলৰ কাষলৈ ওলাই গল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-38-08.jpg)
ভোজনৰ পিছত, যীচু আৰু শিষ্য সকল জৈতুন পৰ্ব্বতলৈ গল ৷ যীচুৱে কলে, “আজি ৰাতিয়েই তোমালোকে সকলোৱে মোক ত্যাগ কৰিবা ৷ এই বুলি লিখা আছে, ‘মই মেৰ ৰখীয়াক আঘাত কৰিম, তাতে জাকৰ মেৰবিলাক ছিন্ন-ভিন্ন হৈ যাব ৷ ’”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-38-09.jpg)
পিতৰে উত্তৰ দি কলে, “সকলোৱে আপোনাক ত্যাগ কৰিলেও, মই আপোনাক ত্যাগ নকৰিম !” তাতে যীচুৱে পিতৰক কলে, “চয়তানে তোমালোকক সকলোকে বশ কৰিব বিচাৰিব, কিন্তু মই সকলোৰে বাবে প্ৰাৰ্থনা কৰিছো, পিতৰ, বিশ্বাসত যেন তুমি পৰি নোযোৱা ৷ তথাপিও আজি ৰাতি, কুকুৰাই ডাক দিয়াৰ আগেয়ে, ‘তুমি মোক নাজানো’ বুলি তিনি বাৰ মিছা মাতিবা ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-38-10.jpg)
তাতে পিতৰে যীচুক কলে, “যদি আপোনাৰ লগত মই মৰিবও লাগে, তথাপি মই আপোনাক অস্বীকাৰ নকৰিম!” আৰু সকলো শিষ্যই সেই কথাকে কলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-38-11.jpg)
ইয়াৰ পিছত গেৎচিমানী নামৰ এডোখৰ ঠাইলৈ যীচুৱে তেওঁ শিষ্য সকলৰ লগত গল ৷ চয়তানে যেন তেওঁবিলাকক পৰীক্ষাত নেপেলাব তাৰ বাবে যীচুৱে তেওঁবিলাকক প্ৰাৰ্থনা কৰিবৰ বাবে কলে ৷ তাৰ পিছত যীচুৱে অকলশৰীয়াকৈ প্ৰাৰ্থনা কৰিবৰ বাবে গল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-38-12.jpg)
যীচুৱে তিনিবাৰ প্ৰাৰ্থনা কৰিলে, “হে মোৰ পিতৃ, যদি হব পাৰে, তেন্তে এই পান-পাত্ৰ মোৰ পৰা দূৰ হওঁক ৷ কিন্তু মানৱ জাতিৰ পাপ ক্ষমাৰ যদি আন কোনো পথ নাই তেনে হলে ইয়াক এই দৰে হবলৈ দিয়ক ৷” যীচুৱে সেই সময়ত অতিশয় শোকাকুল আৰু ব্যাকুল হৈছিল আৰু তেওঁৰ গাৰ ঘাম তেজৰ দৰে হৈছিল ৷ ঈশ্বৰে তেওঁক শান্তনা দিবৰ বাবে এজন দূত পঠিয়ালে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-38-13.jpg)
প্ৰতিবাৰ প্ৰাৰ্থনাৰ অন্তত, যীচু তেওঁৰ শিষ্য কেইজনৰ কাষলৈ আহে, আৰু তেওঁবিলাক টোপনিত দেখা পায় ৷ আৰু তৃতীয় বাৰ তেওঁ উলটি আহিল, যীচুৱে কলে, “উঠা! মোক শোধাই দিয়াজন ওচৰ পালেহি ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-38-14.jpg)
যিহূদাই যিহুদী নেতা, সৈন্য আৰু বহু লোকক লগত লৈ আহিল ৷ তেওঁলোকে নিজৰ লগত তৰোৱাল আৰু টাঙোন লৈ আনিছিল ৷ যিহূদা যীচুৰ ওচৰলৈ আহিলে আৰু কলে, “গুৰু প্ৰণাম,” আৰু তেওঁক চুমা খালে ৷ যিহুদী নেতা সকলে কোন জন ব্যক্তিক ধৰিব লাগিব তাৰ সংকেত দিবৰ বাবে তেওঁ তেনে কৰিলে ৷ তাৰ পিছত যীচুৱে কলে,“যিহূদা, তুমি মোক এটা চুমাৰে শত্ৰুৰ হাতত শোধাইছা নে ?”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-38-15.jpg)
সৈন্য সকলে যীচুক ধৰিবলৈ লোৱাৰ সময়ত, পিতৰে নিজৰ তৰোৱাল উলিয়াই মহাপুৰোহিতৰ এজন দাসক আঘাত কৰি কাণ কাটি পেলালে ৷ যীচুৱে কলে, “তোমালোকৰ তৰোৱাল পুনৰায় তাৰ ঠাইত থোৱা ! মোৰ পিতৃক মোৰ সুৰক্ষাৰ বাবে স্বৰ্গদূতৰ বাহিনী পঠাবলৈ নিবেদন কৰিব নোৱাৰো বুলি ভাবিছা নে ? কিন্তু মই মোৰ পিতৃৰ বাধ্য হব লাগিব ৷” তাৰ পিছত যীচুৱে কাণত আঘাত পোৱা লোক জনক সুস্থ কৰিলে ৷ তাৰ পিছত তেওঁৰ আটাইকেইজন শিষ্য তাৰ পৰা পলাই গল ৷
_বাইবেলৰ এই কাহিনীটো : মথি ২৬:১৪-৫৬, মাৰ্ক ১৪:১০-৫০, লূক ২২:১-৫৩, যোহন ১২:৬, ১৮:১-১১_

52
content/39.md Normal file
View File

@ -0,0 +1,52 @@
# ৩৯. যীচুক বিচাৰৰ বাবে অনা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-39-01.jpg)
তেতিয়া নিশা প্ৰায় মাজভাগ হৈছিল ৷ সৈন্যসকলে যীচুক মহাপুৰোহিতৰ ওচৰলৈ আনিলে, কিয়নো তেওঁ যীচুক প্ৰশ্ন কৰিব বিচাৰিছিল ৷ সেই সময়ত পিতৰে আঁতৰৰ পৰা তেওঁলোকক অনুসৰণ কৰি আহি আছিল ৷ সৈন্যসকলেকে যেতিয়া যীচুক ঘৰৰ ভিতৰলৈ লৈ যায়, তেতিয়া পিতৰে বাহিৰতে ৰৈ জুইৰ তাপ লৈ থাকিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-39-02.jpg)
ঘৰৰ ভিতৰত, যিহূদী নেতা বিলাকে যীচুৰ বিচাৰ লবৰ বাবে সাজু হল ৷ তেওঁবিলাকে তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দিবৰ বাবে বহুতো লোকক গোট খুৱালে ৷ কিন্তু তেওঁবিলাকে যি যি সাক্ষ্য দিলে, সেয়া ইজনৰ লগত সিজনৰ মিল নথকাত, তেওঁবিলাকে যীচুক দোষী সাব্যস্ত কৰিব নোৱাৰিলে ৷ যীচুৱে সেই সময়ত একো কথা কোৱা নাছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-39-03.jpg)
অৱশেষত, মহা পুৰোহিতে যীচুৱৈ চালে আৰু সুধিলে, “তুমি ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট হোৱা নে নোহোৱা ?”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-39-04.jpg)
যীচুৱে কলে, “তুমি স্বৰূপ কলা, তথাপি মই তোমালোকক কওঁ, এতিয়াৰ পৰা তোমালোকে মানুহৰ পুত্ৰক, পৰাক্ৰমৰ সোঁহাতে বহি থকা আৰু আকাশৰ মেঘত অহা দেখিবা ৷” ইয়াকে শুনি মহা পুৰোহিতে খঙত নিজৰ কাপোৰ ফালিলে ৷ তেওঁ আন নেতা সকলৰ উদ্দেশ্যে চিঞৰী কলে, “আমাৰ আৰু আন সাক্ষীৰ প্ৰয়োজন নাই! তেওঁ নিজকে ঈশ্বৰৰ পুত্ৰ বুলি ঈশ্বৰৰ নিন্দা কৰা নিজেই শুনিলা ৷ তেওঁৰ প্ৰতি তোমালোকৰ সিদ্ধান্ত কি ?”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-39-05.jpg)
তাতে সকলোৱে মহাপুৰোহিতৰ উদ্দেশ্যে কলে, “ই প্ৰাণদণ্ডৰ যোগ্য !” তাৰ পিছত তেওঁবিলাকে যীচুৰ চকু বান্ধিলে আৰু তেওঁৰ মূখত থুই পেলাই ভুকুৱাই নিন্দা কৰিবলৈ ধৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-39-06.jpg)
সেই সময়ত পিতৰ ঘৰৰ বাহিৰত ৰৈ আছিল ৷ এজনী দাসীয়ে তেওঁক দেখা পালে ৷ তাই তেওঁক সুধিলে, “তুমিও জানো যীচুৰ লগত নাছিলা !” পিতৰে অস্বীকাৰ কৰিলে ৷ অলপ পিছত আন এগৰাকী ছোৱালীয়ে পুনৰ সুধিলে, আৰু পিতৰে পুনৰ অস্বীকাৰ কৰিলে ৷ অৱশেষত, কিছুলোকে তেওঁক সুধিলে, “আমি জানো তুমি যীচুৰ সঙ্গী হোৱা কিয়নো তোমালোক দুয়ো গালীলৰ হোৱা ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-39-07.jpg)
তাতে পিতৰে কলে, “যদি মই সেই মানুহক চিনি পাওঁ তেনে হলে ঈশ্বৰে মোক শাও দিয়াক !” পিতৰে সেই দৰে কোৱাৰ লগে লগে কুকুৰাই ডাক দিলে ৷ যীচুৱে ঘুৰিলে আৰু পিতৰলৈ চালে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-39-08.jpg)
পিতৰে তাৰ পৰা ওলাই গল আৰু শোকেৰে ক্ৰন্দন কৰিলে ৷ একে সময়তে, যিহূদা, যি জনে যীচুক শত্ৰুৰ হাতত শোধাই দিছিল, তেওঁ যিহূদী নেতা সকলে যীচুক মৃত্যুদণ্ড দিয়া দেখিবলৈ পালে ৷ তাকে জানি যিহূদাৰ অতিশয় বেজাৰ লাগিলে আৰু নিজকে নিজে বধ কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-39-09.jpg)
সেই সময়ত পীলাত সেই ঠাইৰ দেশাপতি আছিল ৷ তেওঁ ৰোমান সকলৰ বাবে কাম কৰিছিল ৷ যিহুদী নেতা সকলে যীচুক তেওঁৰ কাষলৈ আনিলে ৷ তেওঁবিলাকে পীলাতৰ দ্বাৰাই যীচুক দোষীসাব্যস্ত কৰি মৃত্যু দণ্ড দিয়াব বিচাৰিছিল ৷ তাৰ পিছত পীলাতে যীচুক সুধিলে, “তুমি যিহুদী বিলাকৰ ৰজা হোৱা নেকি ?”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-39-10.jpg)
যীচুৱে উত্তৰ দি কলে, “আপুনি সত্য কৈছে ৷ কিন্তু মোৰ ৰাজ্য এই জগতৰ নহয় ৷ যদি হল হয়, তেন্তে মোৰ দাসে মোৰ হৈ যুদ্ধ কৰিলে হয় ৷ সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই এই জগতলৈ আহিলোঁ ৷ সত্যতাৰ ফলীয়া সকলোৱে মোৰ কথা শুনে ৷” পীলাতে কলে, “সত্যতা নো কি ?”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-39-11.jpg)
যীচুৰ লগত কথা পতাৰ পাছত,পিলাতে বাহিৰলৈ লোকসমুহৰ ওচৰলৈ আহি কলে,“ এই মানুহ্জনত মই কোনো প্ৰাণদণ্ডৰ যোগ্য অপৰাধ নাপালো!” কিন্তু যিহুদি নেতা আৰু লোক সকলে চিঞৰীবলৈ ধৰিলে, “তাক ক্ৰুচত দিয়ক!” পিলাতে উত্তৰ দিলে,“তেওঁ কোনো ভূল কৰা নাই।” কিন্তু তেওঁলোকে ডাঙৰকৈ চিঞৰীব ধৰিলে। তাতে পিলাতে তীতৃয়বাৰ কলে, “তেওঁ দোষী নহয়!”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-39-12.jpg)
পাছে লোকসমূহে বিদ্ৰোহ কৰিব বুলি পিলাতে ভয় কৰিলে, সেয়ে তেওঁ তেওঁক ক্ৰুচত দিবলৈ সোধাই দিলে। ৰোমীয়া সেনাবিলাকে যীচুক চাবুকেৰে কোবালে আৰু এক কাইটৰ কিৰিটি পিন্ধালে।তাতে তেওঁলোকে তেওঁক ঠাট্ৰা কৰি কলে.“যিহুদীবিলাকৰ ৰজাক চোৱা!”
_এই বাইবেলৰ কাহিনীটোঃমথি২৬ঃ৫৭-২৭ঃ২৬, মাৰ্ক১৪ঃ৫৩-১৫ঃ১৫,লুক২২ঃ৫৪-২৩ঃ২৫, যোহন১২-১৯ঃ১৬ _

40
content/40.md Normal file
View File

@ -0,0 +1,40 @@
# . যীচুক ক্ৰুচবিদ্ধ কৰা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-40-01.jpg)
সৈন্যবিলাকে যীচুক নিন্দা কৰাৰ পিছত, তেওঁবিলাকে তেওঁক ক্ৰুচবিদ্ধ কৰিবৰ বাবে লৈ গল৷ তেওঁক যি ডাল ক্ৰুচত ক্ৰুচবিদ্ধ কৰা হব সেই ক্ৰুচডাল নিজে তুলি নিবৰ বাবে বাধ্য কৰালে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-40-02.jpg)
সৈন্যবিলাকে যীচুক গলগথা, অৰ্থাৎ মুৰৰ লাউখোলা নামেৰে এখন ঠাইলৈ আনিলে আৰু তাতে তেওঁবিলাকে তেওঁৰ হাতত আৰু ভৰিত গজাল মাৰি ক্ৰুচত ওলমাই দিয়ে ৷ কিন্তু যীচুৱে কলে, “পিতৃ, এওঁবিলাকক ক্ষমা কৰা কিয়নো এওঁবিলাকে কি কৰিছে তাক এওঁবিলাকে নিজে নাজানে ৷” তেওঁবিলাকে তেওঁক অপবাদ দিবৰ বাবে তেওঁৰ মূৰৰ ওপৰত “এই জনা যিহূদীবিলাকৰ ৰজা যীচু” এই বুলি লিখা এখন ফলক লগালে ৷ পীলাতে তেওঁবিলাকক সেই দৰেই লিখিবৰ বাবে কৈছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-40-03.jpg)
ইয়াৰ পিছত সৈন্যবিলাকে তেওঁৰ পোচাকক লৈ চিঠী খেলিলে ৷ তেওঁবিলাকে যেতিয়া ইয়াক কৰিলে, ইয়াৰ দ্বাৰাই তেওঁলোকে “তেওঁলোকে নিজৰ মাজত চিঠী খেলি মোৰ কাপোৰ ভগাই লব” এই বুলি যি ভাৱবানী কৰা হৈছিল ইয়াকে সম্পূৰ্ণ কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-40-04.jpg)
সেই একে সময়তে সৈন্যবিলাকে দুজন ডকাইতকো ক্ৰুচত দিছিল ৷ সিঁহতক যীচুৰ দুয়ো কাষে ক্ৰুচত দিয়া হৈছিল ৷তাৰে এজনে যীচুক নিন্দা কৰিলে, কিন্তু আন জনে কলে, “তুমি ঈশ্বৰলৈ ভয় নকৰানে ? আমি হলে দণ্ডৰ যোগ্যপাত্ৰ, নিজ নিজ কৰ্ম্মৰ উচিত ফল পাইছোঁ, কিন্তু এই জনাই একো অনুচিত কৰ্ম্ম কৰা নাই ৷ ” তাতে তেওঁ যীচুক কলে, “অনুগ্ৰহ কৰি আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে, মোক সুঁৱৰিব ৷” যীচুৱে তেওঁক উত্তৰ দি কলে, “আজিয়েই তুমি পৰমদেশত মোৰ সঙ্গী হবা ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-40-05.jpg)
সেই সময়ত তাত থকা লোকসকল আৰু শাসনকৰ্ত্তা সকলেও যীচুক উপহাস কৰিলে ৷ তেওঁলোকে কলে, “তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, তেন্তে ক্ৰুচৰ পৰা নামা আৰু নিজকে ৰক্ষা কৰা !” তেহে আমি তোমাত বিশ্বাস কৰিম ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-40-06.jpg)
পাছে তেনে সময়তে গোটেই দেশৰ ওপৰতে আন্ধাৰ হল, যদিও তেতিয়া দিনৰ মাজ ভাগ হৈছিল হে ৷ তিনি ঘন্টা সময়ত সেই দেশক আন্ধাৰে আৱৰি ৰাখিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-40-07.jpg)
তেনেতে যীচুৱে বৰ মাতেৰে ৰিঙিয়াই কলে, “সম্পূৰ্ণ হল! পিতৃ, মই মোৰ আত্মা তোমাৰ হাতত সমৰ্পণ কৰিছো ৷” তাৰ পিছত তেওঁ মূৰ তল কৰি প্ৰাণ ত্যাগ কৰে ৷ যেতিয়া তেওঁৰ মৃত্যু হয়, তাত এক ভুমিকম্প হল ৷ আৰু মন্দিৰৰ আঁৰ কাপোৰ ওপৰৰ পৰা ফাটি দুছিটা হল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-40-08.jpg)
মৃত্যুৰ যোগেদি যীচুৱে লোক সমূহক ঈশ্বৰৰ কাষলৈ যাবৰ বাবে এক বাট মুকলি কৰি দিয়ে ৷ যীচুক পহৰা দি থকা সৈন্যবিলাকে যেতিয়া এই ঘটনা সমূহৰ সাক্ষী হয় তেতিয়া তেওঁলোকে কলে, “সঁচাই এই মানুহ নিৰ্দোষী ৷ এওঁ ঈশ্বৰৰ পুত্ৰ হয় ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-40-09.jpg)
তাতে যোচেফ আৰু নীকদীম নামৰ দুজন যিহূদী পৰিচালক আছিল ৷ যীচু যে উদ্ধাৰকৰ্তা হয় এই কথা তেওঁলোকে বিশ্বাস কৰিছিল ৷ তেওঁলোকে পীলাতক যীচুৰ দেহটো বিচাৰিলে ৷ তেওঁলোকে তেওঁৰ দেহাতো শণ সুতাৰে মেৰিয়াই আৰু শিলত খন্দা এটা মৈদামত তেওঁক শুৱাই থলে ৷ ইয়াৰ পিছত তেওঁলোক দুজনে বৰ এচটা শিল বগৰাই দুৱাৰ মুখ বন্ধ কৰি দিয়ে ৷
_বাইবেলৰ এই কাহিনীটোঃ মথি ২৭:২৭-৬১, মাৰ্ক ১৫:১৬-, লূক ২৩: ২৬-৫৬, যোহন ১৯: ১৭:-৪২ _

36
content/41.md Normal file
View File

@ -0,0 +1,36 @@
# ৪১ . ঈশ্বৰে যীচুক মৃত্যুৰ পৰা তুলিলে
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-41-01.jpg)
সৈন্যসকলেকে যীচুক ক্ৰুচবিদ্ধ কৰাৰ পিছত, যিহূদী পৰিচালক সকলে পীলাতক কলে, “সেই মিছলীয়া, যীচুৱে কৈছিল যে তেওঁ তিনিদিনৰ পিছত জী উঠিব ৷ সেয়েহে তেওঁৰ শৰীৰটো কোনোৱে যাতে চুৰ নকৰে, তাৰ বাবে তেওঁৰ মৈদামটো পহৰী নিয়োগ কৰিব লাগে ৷ নহলে তেওঁলোকে কব যে তেওঁ মৰাৰ পৰা জী উঠিল ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-41-02.jpg)
পীলাতে কলে, “তোমালোকে কিছু চন্তৰী পাবা, যোৱা তোমালোকে যেনেকৈ পাৰা, ৰাখাগৈ ৷” সেয়েহে তেওঁলোকে সেই মৈদামৰ মূখ থকা শিলচটাত মোহৰ মাৰিলে ৷ লগতে সেই মৈদামৰ পৰা কোনোৱে যেন দেহটো চুৰ কৰি নিব নোৱাৰিব তাৰ বাবে কিছুমান চন্তৰী তাত ৰখালে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-41-03.jpg)
যীচুৰ মৃত্যু হোৱাৰ পিছদিনা বিশ্ৰাম বাৰ আছিল ৷ বিশ্ৰাম বাৰে কোনোৱে কৰ্ম্ম নকৰিছিল, সেয়েহে যীচুৰ কোনো এজন বন্ধুৱেও সেই মৈদামলৈ যোৱা নাছিল ৷ পাছে বিশ্ৰাম-বাৰ অতীত হোৱাত, অতি ৰাতিপুৱাতে কেইবাগৰাকী মহিলা যীচুৰ মৈদামলৈ যাবৰ বাবে সাজু হয় ৷ তেওঁলোকেকে তেওঁৰ শৰীৰত আৰু অধিক সুগন্ধী দ্ৰব্য ঘঁহিবলৈ গৈছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-41-04.jpg)
মহিলা সকল তাত উপস্থিত হোৱাৰ পূৰ্ব্বে মৈদামত এক ভূমিকম্প হৈছিল ৷ এগৰাকী দূত স্বৰ্গৰ পৰা নামি আহিল ৷ তেওঁ মৈদামৰ মূখ বন্ধ কৰি ৰখা শিলচটা আঁতৰাই তাৰ ওপৰত বহি আছিল ৷ সেই দূতে উজ্বল পোহৰৰ দৰে শুক্ল বস্ত্ৰ পৰিধান কৰি আছিল ৷ মৈদামত থকা চন্তৰী সকলে তেওঁক দেখিলে৷ তাতে তেওঁবিলাকে অতিশয় ভয় পাই মৰা মানুহৰ দৰে মাটিত পৰি ৰ’য় ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-41-05.jpg)
যেতিয়া সেই মহিলা সকল মৈদামত উপস্থিত হয়, তেতিয়া দূতে তেওঁলোকক কলে, “ভয় নকৰিবা ৷ যীচু ইয়াত নাই ৷ তেওঁ কোৱাৰ দৰে তেওঁ মৰাৰ পৰা উঠিল ! তোমালোকে তেওঁৰ শুই থকা ঠাই চোৱা ৷” তেওঁলোকে মৈদামৰ ভিতৰত য’ত যীচুক শুৱাই থোৱা হৈছিল সেই ঠাই চালে ৷ তেওঁৰ দেহটো তাত নাছিল !
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-41-06.jpg)
ইয়াৰ পিছত সেই দূতে মহিলা সকলৰ উদ্দেশ্যে কলে, “যোৱা আৰু শিষ্য সকলক কোৱাগৈ, ‘যীচু মৰাৰ পৰা জী উঠিলে, আৰু তেওঁ তোমালোকৰ আগেয়ে গালীললৈ গৈছে ৷’”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-41-07.jpg)
তাতে সেই মহিলাসকল অতিশয় বিস্ময় আৰু আনন্দিত হয় ৷ তেওঁলোকে সেই শুভবাৰ্তা শিষ্য সকলক দিবৰ বাবে দৌৰি গল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-41-08.jpg)
মহিলাসকলে শিষ্য সকলক সেই শুভবাৰ্তা দিবৰ বাবে গৈ থাকোতে বাটতে যীচু তেওঁলোকৰ আগত আবিৰ্ভাৱ হয় ৷ তেওঁলোকে তেওঁৰ চৰণৰ ওচৰত আঠু লয় ৷ তাতে যীচুৱে কলে, “ভয় নকৰিবা ৷ যোৱা আৰু মোৰ শিষ্য সকলক গালীললৈ যাবৰ বাবে কোৱা ৷ তেওঁলোকে তাত মোক দেখা পাব ৷”
_এই কাহিনীটোঃ মথি ২৭:৬২-২৮:১৫, মাৰ্ক ১৬: ১-১১, লূক ২৪:১-১২, যোহন ২০:১-১৮_

48
content/42.md Normal file
View File

@ -0,0 +1,48 @@
# ৪২. যীচু স্বৰ্গলৈ উলটি যোৱা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-42-01.jpg)
ঈশ্বৰে যীচুক মৃত্যুৰ পৰা জীয়াই তোলা দিনা, তেওঁৰ দুজন শিষ্য ওচৰৰ নগৰ এখনলৈ গৈ আছিল ৷ তেওঁবিলাকে খোজ কাঢি গৈ থকাৰ অৱস্থাত, তেওঁলোকে যীচুৰ বিষয়ে আলোচনা কৰি আছিল ৷ তেওঁলোকে আশা কৰিছিল যে তেওঁ মচীহ হয়, পাছে তেওঁক বধ কৰা হল ৷ কিন্তু মহিলা সকলেকে কৈছে যে তেওঁ পুনৰায় জী উঠিছে ৷ এতিয়া কোনটো কথা তেওঁবিলাকে বিশ্বাস কৰিব তাক ধৰিব পৰা নাই ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-42-02.jpg)
যীচু তেওঁলোকৰ কাষলৈ আহিলে আৰু তেওঁলোকৰ সৈতে একে লগে খোজ কাঢ়িব ধৰিলে, কিন্তু তেওঁবিলাকে তেওঁক চিনি নাপালে ৷ তেওঁলোকে কি বিষয়ে কথা পাতিছে তাক তেওঁ সুধিলে ৷ তেওঁলোকে কিছুদিনৰ আগতে যীচুৰ লগত যি যি ঘটিছিল সেই সকলো কথা তেওঁক কলে ৷ তেওঁলোকে ভাবিলে যে এই মানুহজন যিৰূচালেমৰ বাহিৰৰ লোক হয়, যিয়ে এই ঘটনাৰ বিষয়ে একো নাজানে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-42-03.jpg)
তাৰ পিছত যীচুৱে তেওঁলোকক মচীহৰ সম্বন্ধে ঈশ্বৰৰ বাক্য কি কৈছে সেই কথা বুজাই দিয়ে ৷ বহু আগতে ভাৱবাদী সকলে কৈছিল যে মচীহই মানুহৰ দ্বাৰাই শাস্তি লাভ কৰি মৃত্যু ভোগ কৰিব লাগিব ৷ কিন্তু ইয়াৰ লগতে ভাৱবাদী সকলে কৈছিল যে তিনিদিনৰ দিনা তেওঁ পুনৰায় জী উঠিব ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-42-04.jpg)
আৰু যি ঠাইলৈ বুলি তেওঁলোক আহিছিল, সেই ঠাইত উপস্থিত হল, তেতিয়া প্ৰায় সন্ধিয়া হৈছিল ৷ তেওঁলোকে যীচুক তেওঁলোকৰ সৈতে থাকিবৰ বাবে নিবেদন কৰিলে, তাতে তেওঁ তেওঁলোকৰ লগত ঘৰৰ ভিতৰলৈ গল ৷ ইয়াৰ পিছত তেওঁলোকে সন্ধিয়াৰ আহাৰ গ্ৰহণ কৰিবৰ বাবে একে লগে বহিল ৷ যীচুৱে এটুকুৰা পিঠা লৈ ঈশ্বৰক ধন্যবাদ কৰিলে, আৰু তাক ভাঙিলে ৷ হঠাৎ তেওঁবিলাকে তেওঁক যীচু বুলি চিনি পালে ৷ কিন্তু সেই সময়তে তেওঁ তেওঁলোকৰ সন্মূখৰ পৰা নাইকীয়া হৈ যায় ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-42-05.jpg)
লোক দুজনে ইজনে-সিজনক কলে, “সেইয়া যীচু আছিল ! সেয়েহে তেওঁ আমাক ঈশ্বৰৰ বাক্যৰ বুজনি দিয়াৰ সময়ত আমি উৎসাহিত হৈছিলো !” লগে লগে, তেওঁলোক তাৰ পৰা যিৰূচালেমলৈ বুলি ওলাই যায় ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-42-06.jpg)
শিষ্য সকলে কথা বতৰা হৈ থকাৰ সময়ত, যীচু তেওঁলোকৰ থকা কোঠালিত প্ৰবেশ কৰে ৷ তেওঁ কলে, “তোমালোকলৈ শান্তি হওঁক !” শিষ্য সকলে তেওঁক ভূত বুলি ভাবিলে, কিন্তু যীচুৱে কলে, “তোমালোকে কিয় ভয় কৰিছা ?” মইয়ে যে প্ৰকৃততে যীচু হয় ইয়াক তোমালোকে কিয় বিশ্বাস কৰা নাই ? মোৰ হাত আৰু ভৰি চোৱা ৷ ভূতৰ মোৰ দৰে শৰীৰ নাথাকে ৷ তেওঁ যে ভূত নহয় ইয়াৰ প্ৰমাণ দিবৰ বাবে তেওঁ খাবলৈ কিছু আহাৰ বিচাৰিলে ৷ তেওঁলোকে তেওঁক এটুকুৰা মাছ দিলে, আৰু তেওঁ তাক গ্ৰহণ কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-42-07.jpg)
যীচুৱে কলে, “মোৰ বিষয়ে ঈশ্বৰৰ বাক্যত যি যি কোৱা হৈছিল সেই সকলো ঘটিল, মইয়ো এই সকলো ঘটিব বুলি তোমালোকক আগেয়ে কৈছিলো ৷” ইয়াৰ পিছত যীচুৱে তেওঁবিলাকক ঈশ্বৰৰ বাক্যৰ পৰা আৰু অধিক বুজনি দিলে ৷ তেওঁ কলে, “বহু আগেয়ে, ভাৱবাদী সকলে লিখিছিল যে, মই মচীহই মানুহৰ পৰা শাস্তি পাব লাগিব আৰু মৰিব লাগিব আৰু ইয়াৰ পিছত তিনি দিনৰ পিছত পুনৰায় মৃত্যুৰ পৰা জী উঠিম ৷ ”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-42-08.jpg)
“লগতে ভাৱবাদী সকলে কৈছিল যে মোৰ শিষ্য সকলে ঈশ্বৰৰ বাৰ্ত্ত ঘোষণা কৰিব ৷ তেওঁভিলাকে সকলোকে মনপালটন কৰিবৰ বাবে ক’ব ৷ তেওঁলোকে যদি তেনে দৰে কৰে, ঈশ্বৰে তেওঁলোকৰ পাপ ক্ষমা কৰিব ৷ মোৰ শিষ্য সকলে এই বাৰ্তা যিৰূচালেমৰ পৰা আৰম্ভ কৰিব ৷ ইয়াৰ পিছত তেওঁলোকে জাগতৰ সকলো লোকৰ মাজলৈ এই বাৰ্তা লৈ যাব ৷ মোলৈ যি ঘটিল আৰু মই যি যি কলো আৰু কৰিলো সেই সকলোৰে তোমালোক সাক্ষ্য হৈছা ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-42-09.jpg)
আৰু ইয়াৰ পিছত প্ৰায় চল্লিশ দিন যীচুৱে তেওঁৰ শিষ্য সকলৰ আগত বহুবাৰ দেখা দিয়ে ৷ এবাৰ, তেওঁ একে লগে থকা প্ৰায় ৫০০ লোকৰ গোট এটাৰ আগত দেখা দিছিল ! তেওঁ যে জীয়াই আছে সেই কথাটো তেওঁৰ শিষ্য সকলৰ আগত বহু বাৰ প্ৰমাণ দিছিল, আৰু তেওঁলোকৰ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিক্ষা দিছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-42-10.jpg)
যীচুৱে তেওঁৰ শিষ্য সকলৰ আগত কৈছিল, “স্বৰ্গ আৰু পৃথিবীৰ সকলো অধিকাৰ ঈশ্বৰে মোক দিছে ৷ সেয়েহে মই এতিয়া তোমালোকক কওঁ, যোৱা আৰু সকলো জাতিকে শিষ্য কৰা ৷ ইয়াক কৰিবলৈ যাওঁতে তোমালোকে পিতা, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে সকলোকে বাপ্তিষ্ম দিবা ৷ আৰু মই যি যি শিক্ষা তোমালোকক দিলো, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিকাবা ৷ মনত ৰাখিবা, মই সদায়ে তোমালোকৰ লগত আছো ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-42-11.jpg)
মৃত্যুৰ পৰা জীয়াই উঠা চল্লিশ দিনৰ পিছত, তেওঁ শিষ্য সকলক কলে, “মোৰ পিতৃয়ে তোমালোকক শক্তি নিদিয়ালৈকে যিৰূচালেমতে থাকা ৷ তেওঁ তোমালোকে শক্তি পাবৰ বাবে পবিত্ৰ আত্মা পঠিয়াব ৷” ইয়াৰ পিছত যীচু স্বৰ্গলৈ উঠি যায়, আৰু ডাৱৰে তেওঁক মানুহবিলাকৰ চকুৰ পৰা ঢাকি দিয়ে ৷ যীচুৱে স্বৰ্গত ঈশ্বৰৰ সোঁ-হাতে বহি সকলো বিলাক বিষয় নিয়ন্ত্ৰণ কৰি আছে ৷
_বাইবেলৰ এই কাহিনীটোঃ মথি ২৮:১৬-২০, মাৰ্ক ১৬:১২-২০, লূক ২৪:১৩-৫৩, যোহন ২০:১৯-২৩, পাঃকৰ্ম ১:১-১১_

56
content/43.md Normal file
View File

@ -0,0 +1,56 @@
# ৪৩. মণ্ডলীৰ আৰম্ভণী
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-01.jpg)
যীচু স্বৰ্গলৈ উলটি যোৱাৰ পিছত, যীচুৱে তেওঁলোকক যেনে দৰে কৈছিল সেই দৰে তেওঁলোক যিৰূচালেমতে থাকিল ৷ সেই সময়ত যীচুক বিশ্বাস কৰা বিশ্বাসী সকলে প্ৰায়ে প্ৰাৰ্থনাৰ বাবে এক লগ হৈছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-02.jpg)
প্ৰতি বছৰে, নিস্তাৰ পৰ্ব্বৰ ৫০ দিনৰ পিছত, যিহুদী সকলে পঞ্চাশ দিনীয়া পৰ্ব্ব পালন কৰি আহিছিল ৷ সেই সময়ত পৃথিবীৰ সকলো স্থানৰ যিহূদী সকল যিৰূচালেমত এক লগ হৈ পঞ্চাশ দিনীয়া পৰ্ব্ব উদযাপন কৰে ৷ সেই বাৰো যীচু স্বৰ্গলৈ যোৱাৰ এক সপ্তাহৰ পিছতে সেই পৰ্বৰ দিন উপস্থিত হয় ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-03.jpg)
যীচুৰ বিশ্বাসী সকল যেতিয়া একে লগে আছিল, তেতিয়া তেওঁবিলাক থকা ঘৰটোত এক প্ৰচণ্ড শব্দৰে বতাহ প্ৰৱেশ কৰিলে ৷ ইয়াৰ পিছত জুইৰ শিখাৰ দৰে কোনো বস্তু তাত উপস্থিত থকা প্ৰতিজনৰ মূৰৰ ওপৰত স্থিতি লয় ৷ তাতে তেওঁবিলাক আটায়ে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হয় আৰু আন আন ভাষাৰে ঈশ্বৰৰ প্ৰশংসা কৰিব ধৰে ৷ এই ভাষা সমূহ কবৰ বাবে তেওঁবিলাকক পবিত্ৰ আত্মাই সহায় কৰিছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-04.jpg)
পাছে যেতিয়া যিৰূচালেমৰ লোক সমূহে তেওঁবিলাকে আন আন ভাষাৰে কথা কৈ থকা শব্দ শুনিলে, তেতিয়া তেওঁলোকে কি কৈছে তাক চাবৰ বাবে তালৈ আহিল ৷ তেওঁলোকে শিষ্য সকলে ঈশ্বৰৰ কৰা মহান কাৰ্য্যৰ প্ৰশংসা কৰি থকা শুনিবলৈ পালে ৷ পাছে তেওঁলোকে সেই বাৰ্তা তেওঁলোকৰ নিজ নিজ ভাষাৰে তেওঁবিলাকক কৈ কথা শুনিবলৈ পোৱাত অতিশয় বিস্ময় মানিলে
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-05.jpg)
তাৰে কিছুমান লোকে তেওঁলোকক দ্ৰাক্ষাৰসেৰে মতলীয়া হৈ থকা বুলি কলে ৷ পাছে পিতৰে থিয় হৈ তেওঁলোকৰ আগত কলে, “মোৰ কথা শুনা ! এই লোক সকল মতলীয়া হৈ থাক নাই! কিন্তু তোমালোকে দি দেখিছা সেয়া যোৱেল ভাৱবাদীয়ে কোৱা কথা সম্পূৰ্ণ হৈছেঃ ঈশ্বৰে তেওঁৰ যোগেদি কৈছিল, ‘শেষৰ দিনা মোৰ আত্মা বাকি দিম ৷’”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-06.jpg)
“হে ইস্ৰায়েলৰ নিবাসী, যীচু এনে এজন ব্যক্তি আছিল যিয়ে অনেক আচৰিত কাৰ্য্য কৰাৰ দ্বাৰাই তেওঁ কোন আছিল তাক প্ৰকাশ কৰিছিল ৷ ঈশ্বৰৰ শক্তিৰ দ্বাৰাই তেওঁ অনেক আচৰিত কাৰ্য্য কৰিছিল ৷ তোমালোকে ইয়াক জানা, কিয়নো তোমালোকে নিজে তাৰ সাক্ষ্য হৈছিলা ৷ কিন্তু তোমালোকে তেওঁক ক্ৰুচত বধ কৰিলা ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-07.jpg)
“যীচু মৰিলে, কিন্তু ঈশ্বৰে তেওঁক মৃত লোকৰ মাজৰ পৰা পুনৰ জীয়াই তুলিলে ৷ ইয়াৰ দ্বাৰাই ভাৱবাদীয়ে যি লিখিছিল তাৰ প্ৰমাণ হয়ঃ “তুমি তোমাৰ পবিত্ৰ জনক কবৰত ক্ষয় যাবলৈ নিদিবা ৷” ঈশ্বৰে যে তেওঁক পুনৰ জীয়াই তুলিলে তাৰ সাক্ষ্য আমি আছো ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-08.jpg)
“পিতৃ ঈশ্বৰে এতিয়া তেওঁক নিজৰ সোঁ-হাতেৰে ওখ পদ দিছে ৷ আৰু আমাৰ আগত প্ৰতিজ্ঞা কৰাৰ দ্বাৰাই যীচুৱে আমাৰ বাবে পবিত্ৰ আত্মা পঠিয়ালে ৷ আৰু এতিয়া তোমালোকে যি দেখিছা আৰু শুনিছা সেয়ে পবিত্ৰা আত্মাৰ দ্বাৰাই কৰা হৈছে ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-09.jpg)
“তোমালোকে যীচুক ক্ৰুচবিদ্ধ কৰি মাৰিলা ৷ কিন্তু ঈশ্বৰে তেওঁক সকলোৰে ওপৰত প্ৰভু আৰু মচীহ পাতিলে !”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-10.jpg)
যি সকলে পিতৰৰ কথা লোকে শুনি আছিল সেই সকলৰ হৃদয়ে তেওঁৰ কথাই বিন্ধিলে ৷ সেয়েহে তেওঁলোকে পিতৰ আৰু শিষ্য সকলক সুধিলে, “ভাই সকল আমি কৰিব লাগিব ?”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-11.jpg)
পিতৰে উত্তৰ দি কলে, “ঈশ্বৰে যেন তোমালোকক ক্ষমা কৰে ইয়াৰ বাবে তোমালোক সকলো নিজ নিজ পাপৰ বাবে অনুতাপ কৰি মনপালটন কৰা, আৰু যীচুৰ নামেৰে বাপ্তিস্ম গ্ৰহণ কৰা ৷ তেতিয়া তোমালোককো তেওঁ পবিত্ৰ আত্মা বৰ হিচাপে দিব ৷ ”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-12.jpg)
তাতে পিতৰ কথা শুনি তাত থকা মানুহৰ প্ৰায় ৩০০০ লোক যীচুৰ শিষ্যত্ব গ্ৰহণ কৰিলে ৷ তেওঁলোকে বাপ্তিস্ম গ্ৰহণ কৰিলে আৰু যিৰূচালেম মণ্ডলীৰ অন্তৰ্ভূক্ত হয় ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-43-13.jpg)
সেই শিষ্য সকলে পাঁচনি সকলৰ শিক্ষা গ্ৰহণ কৰিব ধৰিলে ৷ তেওঁলোকে প্ৰায়ে একলগে গোট খায় আৰু ভোজন গ্ৰহণ কৰে, আৰু প্ৰায়ে ইজনে সিজনৰ লগ হৈ প্ৰাৰ্থনা কৰে ৷ তেওঁলোকে একে লগে ঈশ্বৰৰ প্ৰশংসা কৰিব ধৰিলে আৰু তেওঁলোকৰ নিজ নিজ সম্পতি উমৈহতীয়াকৈ ৰাখিলে ৷ নগৰৰ সকলোৱে তেওঁলোকৰ প্ৰশংসা কৰিলে ৷ প্ৰতি দিনে, অধিক অধিক লোকে বিশ্বাস কৰিব ধৰিলে ৷
_এই কাহিনীটোঃ পাঃকৰ্ম ২_

40
content/44.md Normal file
View File

@ -0,0 +1,40 @@
# . পিতৰ আৰু যোহনে এজন ভিক্ষাৰীক সুস্থ কৰা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-44-01.jpg)
এদিনাখন পিতৰ আৰু যোহন মন্দিৰলৈ গৈছিল ৷ এজন খোৰা মানুহ দুৱাৰৰ মূখত বহি ভিক্ষা বিচাৰি আছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-44-02.jpg)
তেতিয়া পিতৰে সেই খোৰা মানুহ জনলৈ চালে আৰু কলে, “মোৰ ৰূপ বা সোণ নাই, কিন্তু যি আছে, তাকে তোমাক দিওঁ, যীচুৰ নামেৰে খোজ কাঢি ফুৰা !”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-44-03.jpg)
তেতিয়াই, ঈশ্বৰে সেই খোৰা মানুহজনক সুস্থ কৰিলে ৷ সি খোজ কাঢিলে আৰু জপিয়াব ধৰিলে, আৰু ঈশ্বৰৰ প্ৰশংসা কৰিলে ৷ তাতে মন্দিৰৰ বাৰাণ্ডাত থকা লোক সকলে অতিশয় বিস্ময় মানিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-44-04.jpg)
সেই সময়ত সুস্থতা লাভ কৰা ব্যক্তি জনক চাবৰ বাবে এদল লোক আহিলে ৷ পিতৰে তেওঁলোকক কলে, “এই মানুহজন সুস্থ হৈছে, কিন্তু ইয়াত আচৰিত নহবা ৷ আমি নিজৰ শক্তিৰে বা আমাৰ ভক্তিৰ দ্বাৰাই তেওঁ সুস্থ হোৱা নাই ৷” কিন্তু, যীচুৱে তেওঁৰ শক্তিৰ দ্বাৰাই এই মানুহজনক সুস্থ কৰিলে কাৰণ আমি তেওঁত বিশ্বাস কৰোঁ ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-44-05.jpg)
“তোমালোকেই যীচুক ৰোমান শাসনকৰ্তাৰ হাতত মৃত্যু হবৰ বাবে শোধাই দিছিলা ৷ যি জনে সকলোকে জীৱন দিয়ে তেওঁকে তোমালোকে বধ কৰিলা ৷ কিন্তু ঈশ্বৰে তেওঁক জীয়াই তুলিলে ৷ মই জানিছো, তোমালোকৰ শাসনকৰ্ত্তাসকলে আৰু তোমালোকে নুবুজিয়েই সেই কৰ্ম্ম কৰিলা ৷ কিন্তু ঈশ্বৰে তেওঁৰ দুখভোগৰ কথা ভাববাদী সকলৰ মুখেৰে আগেয়ে কোৱাইছিল, তাক এই দৰে সিদ্ধ কৰিলে ৷ ”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-44-06.jpg)
যেতিয়া মন্দিৰৰ পৰিচালক সকলে পিতৰ আৰু যোহনে কথা শুনিলে তেতিয়া তেওঁবিলাকে অতিশয় বিৰক্তি পালে ৷ সেয়েহে তেওঁলোকে তেওঁলোক দুজনক বন্দী কৰি কাৰাগাৰত ৰাখি থলে ৷ পাছে পিতৰৰ কথাত বহু লোকে বিশ্বাস কৰিলে ৷ যীচুক বিশ্বাস কৰা লোকৰ সংখ্যা তেতিয়া প্ৰায় পাঁচ হাজাৰমান হল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-44-07.jpg)
পিছদিনা, যিহূদী পৰিচালক সকলে পিতৰ আৰু যোহনক মহা পুৰোহিত আৰু আন ধৰ্ম্মীয় নেতা সকলৰ আগলৈ আনিলে ৷ তেওঁলোকে সেই খোৰা ব্যক্তি জনকো আনিলে ৷ তেওঁলোকে পিতৰ আৰু যোহনক সুধিলে, “কাৰ শক্তিৰ দ্বাৰাই তোমালোকে এই খোৰা ব্যক্তি জনক সুস্থ কৰিলা ?”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-44-08.jpg)
পিতৰে উত্তৰ দি কলে, “তোমালোকৰ আগত থিয় হৈ থকা এই ব্যক্তিজন মচীহ, যীচু খ্ৰীষ্টৰ শক্তিৰ দ্বাৰাই সুস্থ হৈছে ৷ তোমালোকে যীচুক ক্ৰুচত দিলা, কিন্তু ঈশ্বৰে তেওঁক পুনৰায় জীয়াই তুলিলে ! তোমালোকে তেওঁক অগ্ৰাস্য কৰিলা, কিন্তু যীচুৰ শক্তিৰ বিনে আন কতো পৰিত্ৰাণ নাই !”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-44-09.jpg)
পিতৰ আৰু যোহনৰ এনে সাহ দেখি তেওঁবিলাকে বিস্ময় মানিলে ৷ তেওঁলোকে, তেওঁলোকক অশিক্ষিত সাধাৰণ লোক বুলি ভাবিছিল ৷ তাৰ পিছত তেওঁলোকৰ মনত পৰিল যে এই মানুহ কেইজন যীচুৰ লগত আছিল ৷ গতিকে তেওঁলোকে তেওঁলোকক কলে, “তোমালোকে যদি যীচুৰ কথা আৰু ঘোষণা কৰা তেনে হলে কঠোৰ শাস্তিৰ সন্মূখিন হবা ৷” এই দৰে ভয় দেখুৱাই তেওঁবিলাকে পিতৰ আৰু যোহনক যাবলৈ দিয়ে ৷
_বাইবেলৰ এই কাহিনীটোঃ পাঃকৰ্ম ৩:১-ঃ২২_

56
content/45.md Normal file
View File

@ -0,0 +1,56 @@
# ৪৫. স্তিফান আৰু ফিলিপ
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-45-01.jpg)
প্ৰথম শতিকাৰ খ্ৰীষ্টিয় নেতা সকলৰ মাজৰ এজন হৈছে স্তিফান ৷ সকলোৱে তেওঁক সন্মান কৰিছিল ৷ পবিত্ৰ আত্মাই তেওঁক শক্তি আৰু প্ৰজ্ঞা প্ৰদান কৰিছিল ৷ স্তিফানে বহু বিলাক আচৰিত কাৰ্য্য কৰিছিল ৷ যেতিয়া তেওঁ যীচুৰ সম্বন্ধীয় শিক্ষা প্ৰদান কৰিছিল তেতিয়া বহু লোকে তেওঁৰ কথাত বিশ্বাস কৰিছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-45-02.jpg)
এদিনাখন, স্তিপানে যীচুৰ বিষয়ে শিক্ষা দি আছিল, আৰু যীচুক বিশ্বাস নকৰা কেইজন মান যিহূদী লোক সেই স্থানলৈ আহি তেওঁৰ সৈতে তৰ্ক কৰিব ধৰিলে ৷ তেওঁলোকৰ এনে খং উঠিছিল যে, তেওঁলোকে তাৰ পৰা গৈ ধৰ্ম্মীয় নেতা সকলক স্তিফানৰ বিৰুদ্ধে মিছা অভিযোগ দিলে ৷ তেওঁবিলাকে কলে, “আমি স্তিফানক মোচি আৰু ঈশ্বৰ বিৰুদ্ধী কথা কোৱা শুনিবলৈ পাইছো!” যাৰ বাবে সেই ধৰ্ম্মীয় পৰিচালক সকলে স্তিফান ধৰি মহা পুৰোহিত আৰু আন আন যিহূদী নেতা সকলৰ ওচৰলৈ আনে ৷ তাতে আৰু মিছা সাক্ষী দিয়া লোক আহি স্তিফানৰ বিৰুদ্ধে মিছা মাতে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-45-03.jpg)
মহা পুৰোহিতে স্তিফানক সুধিলে, “এই মানুহবিলাকে তোমাৰ বিৰুদ্ধে যি কৈছে সেয়া সত্য হয় নে ?” স্তিফানে, মহা পুৰোহিতক উত্তৰ দিবৰ অৰ্থে অনেক বিষয় সমূহ উত্থাপন কৰিলে ৷ অব্ৰাহমৰ দিনৰ পৰা যীচুৰ দিনলৈকে ঈশ্বৰে ইস্ৰায়েলৰ বাবে অনেক উত্তম কৰ্ম সমূহ কৰিলে ৷ কিন্তু মানুহবিলাকে সদায়ে ঈশ্বৰৰ অবাধ্য হল ৷ স্তিফানে কলে, “তোমালোক সদায়ে ঈশ্বৰ বিৰুদ্ধী আৰু অবাধ্য হৈ আহিছা ৷ তোমালোকে সদায়ে পবিত্ৰ আত্মাক অস্বীকাৰ কৰিছা, যেনে দৰে আমাৰ পূৰ্ব্বপুৰুষ সকলে ঈশ্বৰক অস্বীকাৰ কৰিছিল আৰু ভাৱবাদী সকলক বধ কৰিছিল ৷ কিন্তু তোমালোকে তেওঁবিলাকতকৈও বেয়া কৰ্ম কৰিলা! তোমালোকে মচীহক বধ কৰিলা !”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-45-04.jpg)
ধৰ্ম্মীয় নেতা সকলে যেতিয়া সেই কথা শুনিলে, তেওঁবিলাকৰ এনে খং উঠিলে যে তেওঁবিলাকে নিজ নিজ কাণ ঢাকিলে আৰু ডাঙৰকৈ আটাহ পাৰিলে ৷ তেওঁবিলাকে স্তিফানক নগৰৰ বাহিৰলৈ লৈ গল আৰু বধ কৰিবৰ উদ্দেশ্যে তেওঁলৈ শিল দলিয়ালে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-45-05.jpg)
স্তিফানে মৰো মৰো অৱস্থাত, বৰ মাতেৰে ৰিঙিয়াই কলে, “যীচু, মোৰ আত্মা গ্ৰহণ কৰা ৷” তাৰ পিছত তেওঁ আঠু লৈ পুনৰায় বৰ মাতেৰে ৰিঙিয়াই কলে, “প্ৰভু, এই পাপ তেওঁবিলাকৰ নামত নিলিখিব ৷” ইয়াৰ পিছত তেওঁৰ মৃত্যু হয় ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-45-06.jpg)
সেই দিনা, যিৰূচালেমৰ বহু বিলাক লোকে যীচুৰ শিষ্য সকলৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে, তাতে অনেক বিশ্বাসী তাৰ পৰা আন ঠাইলৈ পলাই যায় ৷ কিন্তু এই সকলোবিলাকৰ মাজতো, তেওঁলোকে যীচুৰ বিষয়ে সকলো ঠাইতে ঘোষণা কৰিবলৈ নেৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-45-07.jpg)
তাত ফিলিপ নামৰ এজন বিশ্বাসী আছিল ৷ আন আন বিশ্বাসী সকলৰ দৰে তেওঁ যিৰূচালেমৰ পৰা পলাই গল ৷ তেওঁ চমৰীয়া ঠাইলৈ গল ৷ তাত তেওঁ লোকসকলৰ আগত যীচুৰ কথা ঘোষণা কৰিলে ৷ তাতে বহু লোকে তেওঁৰ কথাত বিশ্বাস কৰিলে আৰু পৰিত্ৰাণ লাভ কৰিলে ৷ এদিনাখন, ঈশ্বৰৰ এজন দূত ফিলিপৰ কাষলৈ আহি এটি নিৰ্দিষ্ট পথেৰে যাবৰ বাবে কলে ৷ ফিলিপে সেই দৰে কৰিলে ৷ তেওঁ যেতিয়া সেই বাটেদি খোজ কাঢি গৈ আছিল, তেতিয়া তেওঁ ৰথত উঠি অহা এজন মানুহক দেখিলে ৷ সেই ব্যক্তি জন কুচ দেশৰ এজন উচ্চ পদৰ বিষয়া আছিল ৷ এনেতে পবিত্ৰ আত্মাই ফিলিপক সেই ৰথৰ লগ ধৰিবলৈ কলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-45-08.jpg)
তাতে ফিলিপে সেই ৰথৰ কাষলৈ গল ৷ তেওঁ সেই কুচ দেশীয় লোক জনক ঈশ্বৰৰ বাক্য পঢ়ি থকা দেখিলে ৷ তেওঁ যিচয়া ভাৱবাদী পুস্তকৰ পৰা পঢ়ি আছিল ৷ সেই মানুহজনে পঢ়িলে, “মেৰৰ নিচিনাকৈ তেওঁক মাৰিবলৈ নিলে, আৰু নিজম দি থকা মেৰ পোৱালিৰ দৰে তেওঁ নিজৰ মুখ নেমেলিলে ৷ তেওঁবিলাকে তেওঁলৈ বেয়া ব্যৱহাৰ কৰিলে আৰু তেওঁক সন্মান নকৰিলে ৷ তেওঁবিলাকে তেওঁৰ প্ৰাণ ললে ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-45-09.jpg)
ফিলিপে সেই কুচ দেশীয় লোক জনক সুধিলে, “আপুনি যি পঢিছে তাক বুজিব পাৰিছেনে ?” তাতে তেওঁ কলে, “নাই পোৱা, মোক কোনোবাই বুজাই নিদিলে মই বুজিব নোৱাৰিম ৷ অনুগ্ৰহ কৰি মোৰ কাষত বহক ৷ যিচয়াই ইয়াত নিজৰ বিষয়ে লিখিছিল নে আন কাৰোবাৰ বিষয়ে লিখিছিল ?”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-45-10.jpg)
তাতে ফিলিপ সেই ৰথত উঠি বহিলে ৷ তাৰ পিছত তেওঁ তেওঁক কলে যে যিচয়াই এইয়া যীচুৰ বিষয়ে লিখিছে ৷ ফিলিপে ঈশ্বৰৰ বাক্যৰ আন আন অংশৰ পৰাও বাখ্যা আগবঢালে ৷ আৰু এই দৰে তেওঁ সেই লোকজনক যীচু খ্ৰীষ্টৰ শুভবৰ্তা জনালে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-45-11.jpg)
ফিলিপে আৰু সেই কুচ দেশীয় লোক জন গৈ থকাৰ অৱস্থাত তেওঁলোকে বাটৰ কাষত পানী দেখা পালে ৷ তাতে কুচ দেশীয় লোকজনে কলে, “চোৱা, ইয়াত কিছু পানী আছে ! মই ইয়াত বাপ্তিস্ম গ্ৰহণ কৰিব পাৰিম নে ?” আৰু তেওঁ ৰথ চালক জনক তাত ৰাখিবৰ বাবে কলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-45-12.jpg)
তাতে তেওঁলোক পানীলৈ নামি যায়, আৰু ফিলিপে কুচ দেশীয় লোক জনক বাপ্তাইজিত কৰে ৷ আৰু পানীৰ পৰা যেতিয়া তেওঁলোক ওলাই আহিল, তেতিয়া হঠাৎ পবিত্ৰ আত্মাই ফিলিপক সেই ঠাইৰ পৰা লৈ যায় ৷ তাৰ পিছত ফিলিপে আন আন লোক সকলৰ আগত যীচু কথা কৈ যাব ধৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-45-13.jpg)
আৰু সেই কুচ দেশীয় লোক জন নিজ ঘৰলৈ বুলি যাত্ৰা কৰিলে ৷ তেওঁ যীচুৰ বিষয়ে জানিবলৈ পায় অতিশয় সুখী হৈছিল ৷
_এই কাহিনীটো বাইবেলৰঃ পাঃ কৰ্ম্ম ৬:৮-৮:৫, ৮:২৬-_

44
content/46.md Normal file
View File

@ -0,0 +1,44 @@
# ৪৬. পৌল খ্ৰীষ্টিয়ান হোৱা
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-46-01.jpg)
চৌল নামৰ যীচুক বিশ্বাস নকৰা এজন ব্যক্তি তাত আছিল ৷ তেওঁ স্তিফান্ক বধ কৰা লোক সকলৰ কাপোৰৰ ৰখীয়া আছিল৷ পিছলৈ, তেওঁ খ্ৰীষ্টিয় বিশ্বাসী সকলক তাড়না কৰিছিল ৷ তেওঁৰ যিৰূচালেম নগৰৰ ঘৰে ঘৰে গৈ পুৰুষ-মহিলা সকলোকে কাৰাগাৰত বন্দী কৰি ৰাখিছিল ৷ ইয়াৰ পিছত মহা পুৰোহিতে তেওঁক দমেচকচলৈ যাবৰ বাবে অনুমতি প্ৰদান কৰে ৷ তেওঁ চৌলক তাত থকা খ্ৰীষ্টিয় বিশ্বাসী সকলক বন্দী কৰি যিৰূচালেমলৈ আনিবৰ বাবে আজ্ঞা দিয়ে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-46-02.jpg)
তাতে চৌল দমেচকলৈ যাত্ৰা কৰিলে ৷ পাছে তেওঁ সেই নগৰত উপস্থিত হোৱাৰ পূৰ্ব্বে, এটি অতি উজ্বল পোহৰে তেওঁৰ আৱৰি ধৰিলে আৰু তেওঁ মাটিত উবুৰি হৈ পৰিল ৷ চৌলে তেওঁক কোনো এজনে কথা কোৱা শুনিলে, “চৌল! চৌল!, তুমি মোক কিয় তাড়না কৰিছা ?” চৌলে সুধিলে, “প্ৰভু, আপুনি কোন হয় ?” যীচুৱে উত্তৰ দি তেওঁক কলে, “মই যীচু, যি জনক তুমি তাড়না কৰিছা!”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-46-03.jpg)
যেতিয়া চৌলে থিয় হয়, তেতিয়া তেওঁ চকুৰে নেদেখা হ’ল ৷ তেওঁৰ লগত যোৱা লোক সকলে তেওঁক নগৰৰ ভিতৰলৈ যাবৰ বাবে সহায় কৰিব লগা হ’ল ৷ ইয়াৰ পিছত চৌলে তিনিদিন কোনো পনীয়া বা গোটা আহাৰ গ্ৰহণ নকৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-46-04.jpg)
দমেচকচত অননীয় নামেৰে এজন শিষ্য আছিল ৷ ঈশ্বৰে তেওঁক কলে, “চৌল থকা ঘৰলৈ তুমি যোৱা ৷ তুমি গৈ তেওঁৰ মূৰত হাত দিয়া তাতে তেওঁ দৃষ্টি ঘুৰাই পাব ৷” পাছে অননীয়ই কলে, “প্ৰভু, তেওঁ খ্ৰীষ্টিয় বিশ্বাসী সকলক তাড়না কৰা বুলি মই শুনিবলৈ পাইছো ৷” ঈশ্বৰে উত্তৰ দিলে, “যোৱা ! মই তেওঁক যিহূদী আৰু আন আন জাতিৰ লোক সকলৰ মাজত মোৰ নাম ঘোষণা কৰিবৰ বাবে মনোনীত কৰিছো ৷ তেওঁ মোৰ কাৰণে অনেক কষ্ট সহ্য কৰিব লাগিব ৷ ”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-46-05.jpg)
তাতে অনানীয় চৌলৰ কাষলৈ যায়, আৰু তেওঁৰ মূৰত নিজ হাত থয়, আৰু কয়, “যীচু, যিজনে বাটত তোমাক দেখা দিছিল, তেওঁৱে মোক তোমাৰ দৃষ্টি ঘুৰাই পাবৰ আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হবৰ অৰ্থে পঠিয়াইছে ৷” লগে লগে চৌলৰ চকু মুকলি হল আৰু অনানীয়ই তেওঁক বাপ্তিস্ম প্ৰদান কৰে ৷ তাৰ পিছত চৌলে কিছু আহাৰ গ্ৰহণ কৰে আৰু তেওঁ শৰীৰত পুনৰায় বল লাভ কৰে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-46-06.jpg)
ইয়াৰ পিছতে, চৌলে দমেচকচৰ যিহূদী সকলৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে ৷ তেওঁ কলে, “যীচু ঈশ্বৰৰ পুত্ৰ হয় !” এই কথা শুনি যিহূদী লোক সকল আচৰিত হল, কিয়নো চৌলে খ্ৰীষ্টিয় বিশ্বাসী সকলক বধ কৰিব বিচাৰিছল আৰু এতিয়া তেওঁ যীচুৰ বিশ্বাসী হৈ পৰিল! চৌলে যিহূদী সকলৰ সৈতে তৰ্ক কৰিলে ৷ যীচু যে উদ্ধাৰকৰ্তা হয় সেই কথাৰ প্ৰমাণ তেওঁ ডাঙি ধৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-46-07.jpg)
কিছুদিনৰ পিছত, যিহূদী সকলে চৌলক বধ কৰিবলৈ পৰিকল্পনা কৰিলে ৷ তেওঁলোকে কিছুমান লোকক নগৰৰ দুৱাৰ কাষত তেওঁক নিৰীক্ষণ কৰিবৰ বাবে পঠিয়ালে যাতে তেওঁলোকে তেওঁক বধ কৰিব পাৰে ৷ পাছে চৌলে সেই পৰিকল্পনাৰ কথা গম পালে আৰু তেওঁৰ বন্ধু সকলে তেওঁক তাৰ পৰা পলাবৰ বাবে সহায় কৰিলে ৷ চৌল দমেচকচৰ পৰা পলাই অহাৰ পিছত, তেওঁৰ যীচুৰ কথা ঘোষণা কৰি যাব ধৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-46-08.jpg)
চৌলে পাঁচনি সকলক লগ ধৰিবৰ বাবে যিৰূচালেমলৈ গল, কিন্তু তেওঁবিলাকে তেওঁক লগ ধৰিবলৈ ভয় কৰিলে ৷ ইয়াৰ পিছত বাৰ্ণবাচ নামৰ এজন বিশ্বাসীয়ে চৌলক পাঁচনি সকলৰ কাষলৈ লৈ গল ৷ তেওঁ তেওঁলোকক চৌলে কেনে দৰে দমেচকচত সাহসেৰে বাক্য ঘোষণা কৰিলে তাক কলে ৷ ইয়াৰ পিছত, পাঁচনি সকলে চৌলক গ্ৰহণ কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-46-09.jpg)
যিৰূচালেমত তাড়না হোৱাৰ সময়ত অনেক বিশ্বাসী বিলাক আন্তিয়খিয়া নগৰলৈ পলাই গৈছিল আৰু তাত যীচুৰ কথা প্ৰচাৰ কৰিছিল ৷ আন্তিয়খিয়াৰ প্ৰায় বিলাক লোকেই যিহূদী নাছিল, তথাপি অনেকে সেই বাৰ্তা শুনি বিশ্বাস কৰিলে ৷ বাৰ্ণাবাচ আৰু চৌল সেই ঠাইলৈ গৈ সেই নতুন বিশ্বাসী সকলক যীচুৰ বিষয়ে আৰু শিক্ষা দিয়াৰ দ্বাৰাই মণ্ডলী শক্তিশালী কৰিলে ৷ এই আন্তিয়খিয়াতে যীচুৰ বিশ্বাসী সকলক প্ৰথম বাৰৰ বাবে “খ্ৰীষ্টিয়ান” বুলি মতা হৈছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-46-10.jpg)
এদিনাখন, আন্তিয়খৰ খ্ৰীষ্টিয় বিশ্বাসী সকলে লঘোণ দি প্ৰাৰ্থনা কৰি আছিল ৷ তেতিয়া পবিত্ৰ আত্মাই আহি তেওঁলোকক কলে, “যি কৰ্ম্ম কৰিবলৈ মই বাৰ্ণব্বা আৰু চৌলক মাতিলোঁ, সেই কৰ্ম্মৰ নিমিত্তে তেওঁলোকক মোলৈ পৃথক কৰি দিয়া ৷” তাতে আন্তিয়খিয়া মণ্ডলীয়ে বাৰ্ণব্বা আৰু চৌলৰ বাবে প্ৰাৰ্থনা কৰিলে ৷ ইয়াৰ পিছত আন আন ঠাই সমূহত যীচু খ্ৰীষ্টৰ সম্বন্ধীয় শুভবাৰ্তা প্ৰচাৰ কৰিবৰ বাবে পঠিয়াই দিয়ে ৷ বাৰ্ণব্বা আৰু চৌলে অনেক লোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰাত অনেক লোকে যীচুত বিশ্বাস কৰিলে৷
_বাইবেলৰ এই কাহিনীটোঃ পাঃকৰ্ম ৮:৩,৯:১-৩১, ১১:১৯-২৬,১৩:১-৩_

60
content/47.md Normal file
View File

@ -0,0 +1,60 @@
# . ফিলিপীত পৌল আৰু চীল
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-47-01.jpg)
চৌলে যিহেতু ৰোমীয়া নগৰ সমূহ ভ্ৰমণ কৰিছিল, সেয়েহে তেওঁ ৰোমীয়া নাম, “পৌল” ৰাখিলে ৷ এদিনাখন, পৌল আৰু তেওঁৰ বন্ধু চীল ফিলিপীয়া নগৰত যীচু খ্ৰীষ্ট সম্বন্ধীয় শুভবাৰ্তা প্ৰচাৰ কৰিবৰ বাবে যায় ৷ তেওঁলোকে নদীৰ কাষত প্ৰাৰ্থনাত মানুহ গোট খোৱা এটুকুৰা ঠাইলৈ গল ৷ তাতে তেওঁলোকে লুদিয়া নামেৰে এগৰাকী বণিক তিৰোতাক লগ পায় ৷ তাই ঈশ্বৰক প্ৰেম আৰু ভক্তি কৰিছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-47-02.jpg)
ঈশ্বৰে লুদিয়াক যীচু খ্ৰীষ্ট সম্বন্ধীয় বাৰ্তাত বিশ্বাস কৰিবৰ বাবে সমৰ্থবান কৰিলে ৷ পৌল আৰু চীলে তাই আৰু তাইৰ পৰিয়ালক বাপ্তিস্ম প্ৰদান কৰিলে ৷ তাই পৌল আৰু চীলক নিজৰ ঘৰত থাকিবৰ বাবে নিমন্ত্ৰণ কৰিলে, তাতে তেওঁবিলাকে তাত থাকিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-47-03.jpg)
পৌল আৰু চীলে যিহূদী লোকে প্ৰাৰ্থনাৰ বাবে গোট খোৱা ঠাইত গৈ মানুহবিলাকক লগ ধৰে ৷ এই দৰে তেওঁলোক যেতিয়া তালৈ খোজ কাঢ়ি যায়, তেতিয়া বেয়া আত্মা থকা এজনী ছোৱালীয়ে তেওঁলোকক অনুকৰণ কৰে ৷ আৰু তাই সেই বেয়া আত্মাৰ সহায়ত মানুহবিলাৰ উদ্দেশ্যে ভবিষ্যত বাণী কৰে, আৰু এই দৰে তাই তাইৰ গৰাকীৰ বাবে বহু ধন উপাৰ্জান কৰি দিয়ে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-47-04.jpg)
সেই ছোৱালী জনীয়ে তেওঁলোকৰ পাছে পাছে খোজ কাঢ়ি ৰিঙিয়াই ৰিঙিয়াই কৈ গৈ থাকে, “এই মানুবিলাকে সৰ্ব্বোপৰি ঈশ্বৰৰ দাস হৈ, তোমালোকৰ আগত পৰিত্ৰাণৰ পথ জনাইছে !” আৰু সকলো সময়তে তাই তেনেদৰে ৰিঙিয়াই থকাত পৌলে আমনি পালে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-47-05.jpg)
অৱশেষত, যেতিয়া একে দৰে আন এদিন তাই ৰিঙিয়াবলৈ ধৰিলে, পৌলে তাইৰ ফালে ঘুৰিলে আৰু তাইৰ ভিতৰত থকা সেই বেয়া আত্মাক কলে, “যীচুৰ নামত তোক আজ্ঞা দিছোঁ তাইৰ পৰা বাহিৰ ওলা ৷” লগে লগে সেই বেয়া আত্মা তাইৰ পৰা ওলাল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-47-06.jpg)
তাতে তাইৰ গৰাকীয়ে সেই কথা জানি অতিশয় ক্ৰুধিত হল ! তেওঁলোকে উপলব্ধি কৰিলে যে এতিয়া আৰু সেই ছোৱালী জনীয়ে মানুহৰ ভবিষ্যতৰ কথা জনাব নোৱাৰিব ৷ ইয়াৰ অৰ্থ হল, মানুহবিলাকৰ পৰা তেওঁবিলাকে ধন লাভ কৰিব নোৱাৰিব ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-47-07.jpg)
সেয়েহে সেই ছোৱালী জনীৰ গৰাকীয়ে পৌল আৰু চীলক শাসনকৰ্তাসকলৰ ওচৰলৈ ধৰি লৈ গল৷ তেওঁলোকে পৌল আৰু চীলক কোবালে আৰু কাৰাগাৰত বন্দী কৰি থলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-47-08.jpg)
তেওঁলোকে পৌল আৰু চীলক কাৰাগাৰৰ আটাইতকৈ সুৰক্ষিত স্থানত বন্দী কৰি ৰাখিলে ৷ তেওঁলোকৰ ভৰিত শিকলি লগাই কাঠত বন্ধি ৰাখিলে ৷ পাছে মাজ নিশা, পৌল আৰু চীলে ঈশ্বৰৰ প্ৰশংসা কৰি গীত গাই আছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-47-09.jpg)
হঠাৎ, বৰ ভুমিকম্প হল ! কাৰাগাৰৰ সকলো দুৱাৰ মুকলি হল, আৰু বন্দী সকলৰ শিকলিৰ বান্ধ সমূহ খুলি গল৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-47-10.jpg)
তাতে কাৰাগাৰৰ দাৰোগা সাৰ পালে ৷ তেওঁ কাৰাগাৰৰ দুৱাৰ সমূহ মুকলি হোৱা দেখিলে ৷ তেওঁ ভাবিলে যে কাৰাগাৰৰ সকলো বন্দী পলাই গৈছে ৷ তাতে ৰোমান শাসনকৰ্তা সকলে তেওঁক বধ কৰিব বুলি ভয় খাই নিজকে বধ কৰিবৰ বাবে সাজু হল ! পাছে পৌলে তেওঁক দেখি চিঞৰী কলে, “ৰ’বা, নিজৰ অনিষ্ট নকৰিবা ৷ আমি সকলো ইয়াতে আছো ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-47-11.jpg)
তেতিয়া সেই দাৰোগাই কঁপি কঁপি পৌল আৰু চীলৰ কাষলৈ আহি সুধিলে, “পৰিত্ৰাণ পাবলৈ মই কি কৰিব লাগিব ?” পৌলে উত্তৰ দি কলে, “প্ৰভু যীচুত বিশ্বাস কৰা, তাতে তুমি আৰু তোমাৰ পৰিয়ালে ৰক্ষা পাবা ৷” ইয়াৰ পিছত সেই দাৰোগাই পৌল আৰু চীলক নিজৰ ঘৰলৈ লৈ যায় আৰু তেওঁবিলাকৰ আঘাতৰ ঘা ধুৱালে ৷ পৌলে সেই ঘৰৰ সকলোৰে আগত শুভাবাৰ্তা ঘোষণা কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-47-12.jpg)
সেই দাৰোগা আৰু তেওঁৰ গোটেই পৰিয়ালে যীচুত বিশ্বাস কৰিলে, গতিকে পৌল আৰু চীলে তেওঁলোকক বাপ্তিস্ম প্ৰদান কৰিলে ৷ সেই দাৰোগাই পৌল আৰু চীলক আহাৰ খাবলৈ দিলে আৰু তেওঁবিলাকে একে লগে উল্লাস কৰিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-47-13.jpg)
ইয়াৰ পিছ দিনা ফিলিপীৰ শাসনকৰ্তা সকলে পৌল আৰু চীলক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়ে আৰু তেওঁলোকক ফিলিপী ত্যাগ কৰিবৰ বাবে নিৰ্দেশ দিয়ে ৷ পৌল আৰু চীলে লুদিয়া আৰু কেইজন মান বন্ধুক লগ কৰি সেই নগৰ ত্যাগ কৰে ৷ এই দৰে যীচু খ্ৰীষ্টৰ সম্বন্ধীয় শুভবাৰ্তা প্ৰচাৰ হবলৈ ধৰিলে আৰু মণ্ডলী বৃদ্ধি হৈ গৈ থাকিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-47-14.jpg)
পৌল আৰু আন আন খ্ৰীষ্টিয় নেতা সকলে বহু বিলাক নগৰ পৰিদৰ্শণ কৰিলে ৷ তেওঁবিলাকে সেই ঠাই সমূহত যীচু খ্ৰীষ্ট সম্বন্ধী শুভবাৰ্তা প্ৰচাৰ কৰিলে ৷ তেওঁলোকে মণ্ডলীৰ পৰিচালক সকলক উৎসাহিত কৰিবৰ বাবে অনেক পত্ৰ সমূহও লিখিলে ৷ ইয়াৰে কিছু পত্ৰ বাইবেলৰ অংশ হ’ল ৷
_বাইবেলৰ এই কাহিনীটোঃ পাঁকৰ্ম ১৬:১১-_

60
content/48.md Normal file
View File

@ -0,0 +1,60 @@
# ৪৮. যীচুৱে আহিব লগা মচীহ হয়
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-48-01.jpg)
ঈশ্বৰে যেতিয়া পৃথিবী সৃষ্টি কৰিছিলে, তেতিয়া সকলো বিলাক নিখূত আছিল ৷ তাত কোনো ধৰণৰ পাপ নাছিল ৷ আদম আৰু হৱাই ইজনে সিজনক আৰু ঈশ্বৰক প্ৰেম কৰিছিল ৷ তাত কোনো ধৰণৰ ৰোগ বা মৃত্যু নাছিল ৷ ঈশ্বৰে এনে এখন পৃথিবী আশা কৰিছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-48-02.jpg)
চয়তানে হৱাক ভুলাবৰ বাবে বাগিছালৈ সাপ হৈ আহি কথা পাতিলে ৷ ইয়াৰ পিছত তাই আৰু আদমে ঈশ্বৰে অহিতে পাপ কৰিলে ৷ যিহেতু তেওঁলোকে পাপ কৰিলে, যাৰ বাবে পৃথিবীৰ সকলোলৈ মৃত্যু বিয়পি পৰিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-48-03.jpg)
যিহেতু আদম আৰু হৱাই পাপ কৰিলে, যাৰ বাবে ইয়াতকৈও এক বেয়া ঘটিল ৷ তেওঁলোক ঈশ্বৰৰ শত্ৰু হল ৷ যাৰ ফলস্বৰূপে, তাৰ পিছত প্ৰতিজন লোকে পাপ কৰিলে ৷ প্ৰতিজন লোক জন্ম হোৱাৰ পিছতে ঈশ্বৰৰ শত্ৰু হৈ পৰে ৷ ঈশ্বৰ আৰু মানুহৰ মাজৰ সম্বন্ধ বিছিন্ন হয় ৷ পাছে ঈশ্বৰে সেই সম্পৰ্ক পুনৰ স্থাপন কৰিব বিচাৰিছল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-48-04.jpg)
ঈশ্বৰে প্ৰতিজ্ঞা কৰিলে যে হৱাৰ বংশৰ পৰা উৎপন্ন হোৱা এজনে চয়তানৰ মূৰ গুৰি কৰিব ৷ আৰু লগতে চয়তানে তেৱঁৰ গেৰোহা গুৰি কৰিব বুলিও কৈছিল ৷ ইয়াৰ অৰ্থ হৈছে, চয়তানে সেই মচীহক বধ কৰিব, কিন্তু ঈশ্বৰে তেওঁক পুনৰায় জীয়াই তুলিব ৷ ইয়াৰ পিছত, সেই মচীহই চয়তানৰ শক্তি সদাকালৰ বাবে নাইকিয়া কৰিব ৷ বহু বছৰৰ পিছত, যীচুৱেই যে মচীহ হয়, ইয়াক ঈশ্বৰে দেখুৱালে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-48-05.jpg)
ঈশ্বৰে নোহক তেওঁ পঠিয়াব লগা বানপানীৰ পৰা ৰক্ষা পাবৰ বাবে এখন জাহাজ নিৰ্মাণ কৰিবলৈ কৈছিল ৷ আৰু ঈশ্বৰে তেওঁত বিশ্বাস কৰা লোক সকলক এই দৰে ৰক্ষা কৰিছিল৷ আৰু একে দৰে ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰা সকলে ঈশ্বৰ পৰা মৃত্যু লাভ কৰিলে ৷ পাছে ঈশ্বৰে তেওঁত বিশ্বাস কৰা সকলক উদ্ধাৰ কৰি ৰক্ষা কৰিবৰ বাবে যীচুক পঠিয়ালে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-48-06.jpg)
কেইবাশ বছৰ ধৰি, পুৰোহিত সকলে ঈশ্বৰৰ উদ্দেশ্যে বলি আগবঢাই গৈছিল ৷ ইয়াৰ দ্বাৰাই মানুহ যে পাপী ইয়াৰ প্ৰমাণ দিয়ে আৰু ঈশ্বৰৰ পৰা শাস্তি পোৱাৰ যোগ্য এই কথা বুজায় ৷ কিন্তু সেই বলিদানে তেওঁবিলাকৰ পাপ ক্ষমা কৰিব নোৱাৰে ৷ যীচু হৈছে মহান মহা পুৰোহিত ৷ পুৰোহিতে কৰিব নোৱাৰা কাৰ্য্য তেওঁ কৰিলে ৷ তেওঁ নিজে একমাত্ৰ বলি হল যাতে তেওঁৰ দ্বাৰাই সকলোৱে পাপৰ ক্ষমা লাভ কৰিব পাৰে৷ তেওঁবিলাকৰ সকলো পাপৰ ভাৰ নিজে লৈ ঈশ্বৰৰ শাস্তি নিজৰ ওপৰত লবৰ বাবে তেওঁ মান্তি হল ৷ এই কাৰণে, যীচু সিদ্ধ মহা-পুৰোহিত ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-48-07.jpg)
ঈশ্বৰে অব্ৰাহামক কৈছিল, “পৃথিবীৰ আটাই জাতিৰ লোকক মই তোমাৰ দ্বাৰাই আশীৰ্ব্বাদিত কৰিম ৷” যীচু হৈছে এই অব্ৰাহমৰ বংশৰ লোক ৷ ঈশ্বৰে অব্ৰাহামৰ বংশৰ সকলোকে আশীৰ্ব্বাদ কৰিলে, কিয়নো তেওঁ যীচুত বিশ্বাস কৰা সকলোৰে পাপ তেওঁ ক্ষমা কৰে ৷ যেতিয়া এই লোকসকলে যীচুত বিশ্বাস কৰে, তেতিয়া ঈশ্বৰে তেওঁলোক অব্ৰাহামৰ বংশৰ বুলি গণ্য কৰে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-48-08.jpg)
ঈশ্বৰে অব্ৰাহামক নিজৰ পুত্ৰ, ইচাহাকক তেওঁৰ উদ্দেশ্যে বলি দিবৰ বাবে কৈছিল ৷ পাছে শেষ মূহুৰ্ত্তত ঈশ্বৰে ইচাহাকৰ সলনি বলি দিবৰ বাবে এটা মেৰ যোগায় ৷ আমি আমাৰ পাপ সমূহৰ বাবে মৃত্যুদণ্ডৰ যোগ্য হওঁ ৷ কিন্তু ঈশ্বৰে আমাৰ ঠাইত যীচুক বলি হবৰ বাবে পঠিয়ালে ৷ আৰু ইয়াৰ বাবে আমি যীচুক ঈশ্বৰৰ মেৰ বুলি সম্বোন্ধন কৰোঁ ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-48-09.jpg)
ঈশ্বৰে যেতিয়া মিচৰলৈ শেষৰ উৎপাতটো পঠিয়াইছিল, তেওঁ ইস্ৰায়েলৰ সকলো পৰিয়ালকে একোটা মেৰ বধ কৰিবলৈ কৈছিল ৷ সেই মেৰ নিঘূণী হব লগিব ৷ ইয়াৰ পিছত তেওঁলোকক সেই মেৰৰ তেজ নিজৰ দুৱাৰৰ চৌকাঠত লগাই থবলৈ কোৱা হৈছিল৷ আৰু যেতিয়া ঈশ্বৰে সেই তেজ দেখা পালে তেওঁ সেই ঘৰৰ ওপৰে পাৰ হৈ গৈছিল তেওঁলোকৰ প্ৰ্থমে জন্মাবোৰক নামাৰিলে৷ ঈশ্বৰে ইয়াক নিস্তাৰ পৰ্ব বুলি কৈছিল।
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-48-10.jpg)
যীচুৱেই হৈছে আমাৰ নিস্তাৰ পৰ্ব্বৰ মেৰ ৷ তেওঁ কেতিয়াও পাপ কৰা নাই ৷ নিস্তাৰ পৰ্ব্বৰ সময়তে তেওঁৰ মৃত্যু হৈছিল ৷ যেতিয়া কোনো এজন ব্যক্তিয়ে যীচুত বিশ্বাস কৰে, তেতিয়া যীচুৰ তেজে সেই ব্যক্তি জনৰ পাপৰ মূল্য পৰিশোধ কৰে ৷ এনে দৰে ঈশ্বৰে সেই ব্যক্তি জনক পাপৰ পৰা নিস্তাৰ কৰে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-48-11.jpg)
ঈশ্বৰে ইস্ৰায়েলিয়া সকলৰ সৈতে এটি নিয়ম স্থাপন কৰিছিল, যিহেতু তেওঁবিলাকে তেওঁৰ মনোনীত লোক আছিল ৷ কিন্তু ঈশ্বৰে এতিয়া সকলোৰে বাবে এটি নতুন নিয়ম স্থাপন কৰিছে ৷ আৰু যি কোনোৱে সেই নতুন নিয়মত বিশ্বাস কৰে তেওঁ ঈশ্বৰৰ লোক হিচাপে পৰিগণিত হব ৷ তেওঁ ইয়াক যীচুত বিশ্বাস কৰাৰ দ্বাৰাই কৰে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-48-12.jpg)
মোচি ঈশ্বৰৰ শক্তিৰ দ্বাৰাই শক্তিবন্ত হৈ বাক্য ঘোষণা কৰা এজন ভাৱবাদী আছিল ৷ কিন্তু যীচু সকলো ভাববাদী সকলৰ উৰ্ধত ৷ তেওঁ ঈশ্বৰ হয়, গতিকে তেওঁ যি কৰে বা কয় সেই সকলোবিলাক ঈশ্বৰৰ কাৰ্য্য আৰু বাক্য হয় ৷ যাৰ বাবে শাস্ত্ৰই যীচুক ঈশ্বৰৰ বাক্য বুলি কৈছে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-48-13.jpg)
ঈশ্বৰে ৰজা দায়ূদক প্ৰতিজ্ঞা কৰিছিলে যে তেওঁৰ বংশৰ এজন ব্যক্তিয়ে ঈশ্বৰৰ লোক সকলৰ ওপৰত সদা কালৰ বাবে ৰাজত্ব কৰিব ৷ যীচুৱে হৈছে ঈশ্বৰৰ পুত্ৰ আৰু উদ্ধাৰকৰ্তা, গতিকে তেওঁ দায়ূদৰ বংশৰ হয় আৰু তেওঁৱে সদাকালৰ বাবে শাসন কৰিব ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-48-14.jpg)
দায়ূদ ইস্ৰায়েলৰ ৰজা আছিল, কিন্তু যীচু গোটেই জগতৰ ৰজা হব ! তেওঁ আকৌ আহিব আৰু ধাৰ্মিকতা আৰু শান্তি সদাকালৰ বাবে প্ৰতিস্থা কৰিব ৷
_বাইবেলৰ এই কাহিনীটিঃ আদিপুস্তক ১-৩,৬,১৪, ২২, যাত্ৰাপুস্তক ১২, ২০, ২ চমূৱেল , ইব্ৰী ৩:১-৬, :১৪-৫:১০, :১-৮:১৩, ৯:১১-১০, ১৮, প্ৰঃবাক্য ২১. _

76
content/49.md Normal file
View File

@ -0,0 +1,76 @@
# ৪৯. ঈশ্বৰৰ নতুন নিয়ম
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-49-01.jpg)
এজন দূতে মৰিয়ম নামৰ এগৰাকী যুৱতীক কলে, যে তাই ঈশ্বৰৰ পুত্ৰক জন্ম দিব ৷ তাই তেতিয়াও কুমাৰী হৈয়ে আছিল, কিন্তু পবিত্ৰ আত্মা তাইৰ ওপৰলৈ আহিল আৰু তেওঁ গৰ্ভৱতী হয় ৷ তাই এজন পুত্ৰ সন্তান জন্ম দিয়ে আৰু তেওঁৰ নাম যীচু থলে ৷ গতিকে, যীচু ঈশ্বৰ আৰু মানুহ উভয়ে হয় ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-49-02.jpg)
যীচুৱে অনেক আচৰিত কাৰ্য্য কৰিছিল যাৰ দ্বাৰাই প্ৰমাণ হয় যে তেওঁ ঈশ্বৰৰ পুত্ৰ হয় ৷ তেওঁ পানীৰ ওপৰত খোজ কাঢিছিল আৰু ধুমুহা বতাহক শান্ত কৰিছিল ৷ তেওঁ লোক সকলৰ পৰা বেয়া আত্মা খেদিছিল আৰু তেওঁলোকৰ ৰোগৰ পৰা সুস্থতা প্ৰদান কৰিছিল ৷ তেওঁ মৰা মানুহক জীৱন দিছিল আৰু পাঁচটা পিঠা আৰু দুটি মাছাৰে পাঁচ হাজাৰ মানুহক খুৱাইছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-49-03.jpg)
যীচু এজন মহান শিক্ষকো আছিল ৷ তেওঁ শিক্ষা সমূহ সদায়ে নিৰ্ভুল আৰু নিখুত আছিল ৷ লোকসমূহে তেওঁৰ শিক্ষা মানি চলিব লাগে কিয়নো তেওঁ ঈশ্বৰৰ পুত্ৰ আছিল ৷ তেওঁ সকলো মানুহকে নিজৰ নিচিনাকৈ প্ৰেম কৰিবৰ বাবে শিকাইছিল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-49-04.jpg)
তেওঁ ইয়াকো শিক্ষা দিছিল যে সকলোতকৈ, আনকি আমাৰ সম্পতিতকৈ, ঈশ্বৰক আধিক প্ৰেম কৰিবলৈ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-49-05.jpg)
যীচুৱে কৈছিল যে জগতৰ সকলো বিষয়তকৈ ঈশ্বৰৰ ৰাজ্যৰ উত্তম হয় ৷ ঈশ্বৰে আমাক আমাৰ পাপ সমূহৰ পৰা উদ্ধাৰ কৰাৰ দ্বাৰাই আমি তেওঁৰ ৰাজ্যত নিবাস কৰিবলৈ পাম ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-49-06.jpg)
যীচুৱে কৈছিল যে কিছুমান লোকে তেওঁক গ্ৰহণ কৰিব ৷ ঈশ্বৰে সেই লোকসকলক উদ্ধাৰ কৰিব ৷ কিন্তু, কিছুমান মানুহে তেওঁক গ্ৰহণ নকৰিব ৷ তেওঁ লগতে কৈছিল যে কিছুমান লোক সাৰুৱা মাটিৰ দৰে, কিয়নো তেওঁলোকে যীচু খ্ৰীষ্টৰ শুভবাৰ্তাক গ্ৰহণ কৰে আৰু ঈশ্বৰে তেওঁলোকক ৰক্ষা কৰে ৷ ঈশ্বৰৰ বাক্য বাটৰ কাষত পৰা কঠিয়া স্বৰূপ, পাছে তাৰ পৰা একো উৎপন্ন নহয় ৷ এই লোক সকলে যীচুৰ শুভবাৰ্তা অগ্ৰাস্য কৰে ৷ তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যত সোমাবৰ বাবে অমান্তি হল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-49-07.jpg)
যীচুৱে শিকাইছিল যে ঈশ্বৰে পাপীক প্ৰেম কৰে ৷ তেওঁ তেওঁলোকক ক্ষমা কৰিব বিচাৰে আৰু নিজৰ সন্তান কৰিব খোজে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-49-08.jpg)
যীচুৱে আৰু শিকাইছিল যে ঈশ্বৰে পাপ ঘিণ কৰে ৷ আদম আৰু হৱাই যিহেতু পাপ কৰিলে, সেয়েহে তেওঁৰ বংশৰ সকলোৱে পাপ কৰিলে ৷ এই পৃথিবীৰ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ পৰা পৃথক হ’ল ৷ সকলোৱে ঈশ্বৰৰ শত্ৰু হ’ল ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-49-09.jpg)
কিন্তু ঈশ্বৰে পৃথিবীৰ সকলোকে এনে ধৰণে প্ৰেম কৰে: যে তেওঁৰ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে তেওঁত বিশ্বাস কৰা সকলক ঈশ্বৰে শাস্তি নিদিব ৷ ইয়াৰ সলনি তেওঁলোকে অনন্ত জীৱন লাভ কৰিব ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-49-10.jpg)
আপুনি আপোনাৰ পাপৰ বাবে মৃত্যুজনক শাস্তি পোৱাৰ যোগ্য আছিলে ৷ তেওঁ আমাৰ ওপৰত খং উঠা অধিকাৰ আছিল, কিন্তু ইয়াৰ সলনি তেওঁৰ ক্ৰোধৰ ভাৰ যীচুৱে গ্ৰহণ কৰিলে ৷ তেওঁ যীচুক ক্ৰুচত বধ কৰাৰ দ্বাৰাই শাস্তি বিহিলে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-49-11.jpg)
যীচুৱে কেতিয়াও পাপ কৰা নাছিল, কিন্তু তেওঁক শাস্তি বিহিবৰ বাবে ঈশ্বৰে তেওঁক অনুমতি দিলে ৷ তেওঁ মৰিবৰ বাবে সাজু হল ৷ আৰু ইয়াৰ দ্বাৰাই, তেওঁ আমাৰ পাপৰ ভাৰ লবৰ বাবে এক নিখূত বলি স্বৰূপ হল ৷ যীচুৱে নিজকে ঈশ্বৰৰ উদ্দেশ্যে বলি হল, যাৰ বাবে সকলো ধৰণৰ পাপ ঈশ্বৰে ক্ষমা কৰিব ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-49-12.jpg)
আপুনি অনেক ধৰণৰ ভাল কাম কৰিলেও ঈশ্বৰে আপোনাক ৰক্ষা নকৰিব ৷ কিয়নো এনে কোনো কাম নাই যাৰ দ্বাৰাই আপুনি তেওঁৰ বন্ধু হব পাৰিব ৷ কিন্তু আপুনি যীচুক ঈশ্বৰৰ পুত্ৰ বুলি বিশ্বাস কৰি, তেওঁ যে আপোনাৰ পাপৰ বাবে মৰিলে আৰু ঈশ্বৰে পুনৰ তেওঁক জীয়াই তুলিলে ইয়াক বিশ্বাস কৰিব লাগিব ৷ যদিহে আপুনি ইয়াত বিশ্বাস কৰে, তেনে হলে ঈশ্বৰে আপোনাৰ পাপ ক্ষমা কৰিব ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-49-13.jpg)
যীচুত বিশ্বাস কৰা আৰু তেওঁক নিজৰ হৃদয়্ত প্ৰভু বুলি গ্ৰহণ কৰা সকলোকে ঈশ্বৰে উদ্ধাৰ কৰিব ৷ পাছে তেওঁত বিশ্বাস নকৰা সকলক তেওঁ ৰক্ষা নকৰিব ৷ আপুনি ধনীয়ে হওঁক বা দুখীয়া হওঁক, পুৰুষ বা মহিলা হওঁক, ডেকা বা বয়সীয়াল হওঁক, সেয়া কোনো কথা নহয় ৷ ঈশ্বৰে আপোনাক প্ৰেম কৰে আৰু আপুনি যীচুত বিশ্বাস কৰাটো তেওঁ বিচাৰে যাতে তেওঁ আপোনাৰ বন্ধু হব পাৰিব ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-49-14.jpg)
যীচুত বিশ্বাস কৰি বাপ্তিস্ম লবৰ বাবে তেওঁ আপোনাক মাতি আছে ৷ যীচু যে উদ্ধাৰকৰ্তা হয় আৰু ঈশ্বৰৰ একমাত্ৰ পুত্ৰ হয় এই কথা আপুনি বিশ্বাস কৰে নে ? আপুনি নিজকে পাপী বুলি আৰু ঈশ্বৰৰ পৰা শাস্তি পাবৰ যোগ্য বুলি বিবেচনা কৰেনে ? যীচুৱে আপোনাক পাপৰ পৰা উদ্ধাৰ কৰিবৰ বাবে ক্ৰুচত বলি হ’ল ?
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-49-15.jpg)
যীচুৱে আপোনাৰ বাবে যি কৰিলে তাত আপুনি যদি বিশ্বাস কৰে, তেনে হলে আপুনি এজন খ্ৰীষ্টিয়ান ! চয়তানে আৰু আপোনাৰ ওপৰত প্ৰভূত্ব কৰিব নোৱাৰিব ৷ এতিয়া ঈশ্বৰে তেওঁৰ পোহৰৰ ৰাজ্যৰত আপোনালোকক পৰিচালনা কৰিছে ৷ ঈশ্বৰে আপোনাক আগৰ দৰে পাপ কৰিবলৈ নিদিব ৷ তেওঁ আপোনাক এক নতুন আৰু শুদ্ধ জীৱন ধাৰণৰ পথ দিব ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-49-16.jpg)
যদি আপুনি খ্ৰীষ্ট অনুগামী হয়, তেনে হলে যীচুৱে আপোনাৰ বাবে যি কৰিলে তাৰ বাবে ঈশ্বৰে আপোনাৰ পাপ ক্ষমা কৰিলে ৷ এতিয়া, ঈশ্বৰে আপোনাক শত্ৰু হিচাপে নহয় কিন্তু এজন ওচৰৰ বন্ধু হিচাপে গ্ৰহণ কৰিছে ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-49-17.jpg)
যদিহে আপুনি ঈশ্বৰৰ বন্ধু হয় আৰু প্ৰভূ যীচুৰ দাস হয়, তেনে হলে আপুনি যীচুৰ শিক্ষা পালন কৰিব ৷ আপুনি খ্ৰীষ্টক গ্ৰহন কৰাৰ পাছতো চয়তানে আপোনাক পৰীক্ষাত পেলাব পাৰে ৷ পাছে ঈশ্বৰে যেনে দৰে কৈছে তেনে দৰে সকলো সময়তে আপোনালৈ কৰিব ৷ তেওঁ কৈছে, যদিহে আমি আমাৰ পাপ সমূহ স্বীকাৰ কৰোঁ, তেওঁ আমাৰ পাপ সমূহ ক্ষমা কৰিব ৷ পাপৰ বিৰুদ্ধে যুঁজ কৰিবলৈ তেওঁ আপোনাক শক্তি যোগাব ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-49-18.jpg)
ঈশ্বৰে আপোনাক তেওঁৰ বাক্য অধ্যায়ন আৰু প্ৰাৰ্থনা কৰিবৰ বাবে কৈছে ৷ লগতে তেওঁ আপোনাক আন আন খ্ৰীষ্টিয় বিশ্বাসী সকলৰ সৈতে ঈশ্বৰৰ আৰাধনা কৰিব কৈছে ৷ আপোনাৰ বাবে তেওঁ কি কৰিলে সেই কথা আপুনি আনৰ আগত কব লাগে ৷ আপুনি যদি এই সকলো কৰিছে, তেনে হলে আপুনি তেওঁৰ প্ৰকৃত বন্ধু হব পাৰিব ৷
_বাইবেলৰ এই কাহিনীটোঃ ৰোমীয়া ৩:২১-২৬, ৫:১-১১, যোহন ৩:১৬, মাৰ্ক ১৬:১৬, কলচীয়া ১:১৩-১৪, ২কৰিঃ ৫:১৭-২১, ১যোহন ১:৫-১_

72
content/50.md Normal file
View File

@ -0,0 +1,72 @@
# ৫০. যীচুৰ পুনৰআগমন
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-50-01.jpg)
আজি পৰা প্ৰায় ২০০০ বছৰ ধৰি, গোটেই বিশ্বতে যীচু খ্ৰীষ্ট সম্বন্ধীয় শুভবাৰ্তা ঘোষণা কৰি অহা হৈছে ৷ মণ্ডলী বৃদ্ধি হৈ আহি আছে ৷ যীচুৱে পুনৰ এই পৃথিবীলৈ ঘুৰি অহাৰ প্ৰতিজ্ঞা কৰি গৈছিল ৷ যদিও আজিলৈকে তেওঁ অহা নাই, কিন্তু তেওঁ নিজৰ প্ৰতিজ্ঞা সম্পূৰ্ণ কৰিব ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-50-02.jpg)
আমি যীচুলৈ বুলি অপেক্ষা কৰি এই জগতত থকা সময়ত এক পবিত্ৰ আৰু ঈশ্বৰলৈ ভয়কাৰী জীৱন যাপন কৰাটো ঈশ্বৰে আমাৰ পৰা বিচাৰে ৷ আমি যেন তেওঁৰ ৰাজ্যৰ কথা আনৰ আগত ঘোষণা কৰো তাক ঈশ্বৰে বিচাৰে ৷ যীচু যেতিয়া এই পৃথিবীত জীয়াই আছিল তেতিয়া তেওঁ কৈছিল, “মোৰ শিষ্য সকলে ঈশ্বৰৰ ৰাজ্য সম্বন্ধীয় শুভবাৰ্তা গোটেই পৃথিবীতে প্ৰচাৰ কৰিব, আৰু তেতিয়াহে শেষ আহিব ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-50-03.jpg)
আজিও বহুলোকে যীচুৰ বিষয়ে শুনিবলৈ পোৱা নাই ৷ যীচু স্বৰ্গলৈ উলটি যোৱাৰ আগেয়ে খ্ৰীষ্টিয় বিশ্বাসী সকলক তেওঁৰ বিষয়ে কেতিয়াও শুনি নোপোৱা সকলৰ আগত প্ৰচাৰ কৰিবলৈ কৈ গৈছিল ৷ তেওঁ কৈছিল, “যোৱা আৰু আটাই জাতিকে শিষ্য কৰা !” আৰু “পথাৰ শষ্যৰে পৰিপূৰ্ণ হৈ আছে !”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-50-04.jpg)
যীচুৱে লগতে কৈছিল, “প্ৰভুতকৈ দাস মহান নহয় ৷ এই পৃথিবীৰ ডাঙৰ ডাঙৰ লোক সকলে মোক ঘিণ কৰিলে, আৰু মোৰ কাৰণে তেওঁলোকে তোমালোককো ঘিণ কৰিব আৰু তাড়না কৰিব ৷ এই পৃথিবীত তোমালোকে তাড়না পাবা, কিন্তু নিশ্চয় হোৱা, কিয়নো এই জগতৰ শাসনকৰ্তা চয়তানক মই পৰাভূত কৰিলো ৷ তোমালোকে যদি শেষলৈকে মোলৈ বিশ্বাসী হৈ থাকা, তেনে হলে ঈশ্বৰে তোমালোকক ৰক্ষা কৰিব ! ”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-50-05.jpg)
এই জাগতৰ শেষ হলে মানুহবিলাকৰ কি হব তাক বুজাবৰ বাবে যীচুৱে তেওঁৰ শিষ্য সকলক এটি কাহিনী কৈছিল ৷ তেওঁ কলে, “এজন মানুহে ভাল গুটি তেওঁৰ পথাৰত সিঁচিলে ৷ তেওঁ যেতিয়া শুই আছিলে, তেতিয়া তেওঁৰ শত্ৰু আহি সেই ভাল গুটি সমূহৰ মাজত কিছুমান বনৰীয়া গছৰ গুটি সিঁচি দিয়ে, আৰু তাৰ পৰা আঁতৰি যায় ৷ ”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-50-06.jpg)
“যেতিয়া সেই গুটিৰ গজালি ওলাই, তেতিয়াই সেই গৰাকীৰ দাসে কয় যে, ‘প্ৰভু আপুনি পথাৰত ভাল গুটি সিঁচিছিল ৷ কিন্তু সেই বনৰীয়া গছৰ গজালি কৰা পৰা ওলাইছে ? মানুহজনে উত্তৰ দি কলে, ‘মোৰ শত্ৰু সকলেহে তাক সিঁচিছে ৷ এইয়া মোৰ কোনো এজন শত্ৰুৰ কাম হয় ৷ ’”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-50-07.jpg)
“সেই দাস সকলে নিজ প্ৰভুক উত্তৰ দি কলে, ‘আমি এই বন সমূহ উঘালি দিওঁ নেকি ? প্ৰভুৱে কলে, নালাগে ৷ তোমালোকে যদি তেনে কৰা তেনে হলে বেয়া লগত ধান সমূহও উঘালি আহিব ৷ শেষলৈকে অপেক্ষা কৰা ৷ ইয়াৰ পিছত শষ্য দাবৰ সময়লৈকে দুয়োকো একে লগে বাঢিবলৈ দিয়া ৷ পাছে দাবৰ সময়ত দুয়োকো পৃথক কৰি বনবোৰ গোটাই পুৰিবি, কিন্তু ধান মোৰ ভঁৰালত চপাই থবিহঁক ৷ ’”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-50-08.jpg)
শিষ্য সকলে সেই কাহিনীটোৰ অৰ্থ বুজি নাপালে, গতিকে তেলোকে যীচুক তাৰ অৰ্থ বুজাই দিবৰ বাবে কলে ৷ যীচুৱে কলে, ইয়াৰ অৰ্থ হৈছে, “যি মানুহে ভাল কঠিয়া সিঁচে সেই জন হৈছে মচীহ ৷ পথৰ খনৰ অৰ্থ হৈছে পৃথিবী ৷ ভাল কঠিয়া সমূহ হৈছে ঈশ্বৰৰ ৰাজ্যৰ লোক সকল ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-50-09.jpg)
“বনৰীয়া বনে সেই সকল লোকক বুজাই যি সকল চয়তানৰ পক্ষত আছে ৷ মানুহৰ শত্ৰু, যিয়ে সেই বন সিঁচিলে, সেয়া হৈছে চয়তান ৷ ধান দোৱাৰ সময় হৈছে, জগতৰ শেষ সময়, আৰু সেই ধান দোৱা সকল হৈছে ঈশ্বৰৰ দূত সকল ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-50-10.jpg)
“যেতিয়া জগত শেষ হব, তেতিয়া দূতে চয়তানৰ পক্ষৰ লোক সকলক এক গোট কৰিব ৷ দূতে তেওঁলোকক অতি ভয়ানক জুইত পেলাব ৷ তাতে লোক সকলে ক্ৰন্দন কৰিব আৰু অতিশয় কষ্ট পাব ৷ পাছে যি সকল ধাৰ্ম্মিক, যীচুক অনুকৰণ কৰা লোক, তেওঁ লোক পিতৃ ঈশ্বৰৰ ৰাজ্যত সূৰ্য্যৰ পোহৰৰ দৰে জিলিকিব ৷”
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-50-11.jpg)
যীচুৱে লগতে কৈছে যে পৃথিবীখন শেষ হোৱাৰ আগে আগে তেওঁ পুনৰায় আহিব ৷ তেওঁ যেনেকৈ উলটি গৈছিল তেনেকৈয়ে আহিব ৷ ইয়াৰ অৰ্থ হল, তেওঁ শৰীৰিক ভাৱে ডাৱৰৰ ওপৰেদি আহিব ৷ যেতিয়া যীচু উলটি আহিব, তেতিয়া তেওঁৰ নামত মৃত্যু হোৱা প্ৰতিজন খ্ৰীষ্টিয়ান লোক মৰাৰ পৰা জীয়াই উঠিব আৰু আকাশত তেওঁক লগ ধৰিব ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-50-12.jpg)
আৰু সেই সয়মলৈকে জীয়াই থকা খ্ৰীষ্টিয়ান সকলো আকাশলৈ উঠিব আৰু মৰাৰ পৰা জী উঠা সেই খ্ৰীষ্টিয়ান লোক সকলৰ লগ হব ৷ আৰু তেওঁবিলাক একেলগে যীচুৰ লগ হব ৷ ইয়াৰ পিছত, যীচুৱে সেই লোক সকলৰ লগত বাস কৰিব ৷ আৰু সদা কালৰ বাবে শান্তি প্ৰতিস্থা হব ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-50-13.jpg)
তেওঁত বিশ্বাস কৰা সকলোকে যীচুৱে একোটাকৈ মুকুত দিয়াৰ কথা প্ৰতিজ্ঞা কৰিছে ৷ তেওঁলোকে ঈশ্বৰৰ সৈতে সদাকালৰ বাবে বাস কৰিব ৷ তেওঁবিলাকে প্ৰকৃত শান্তি লাভ কৰিব ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-50-14.jpg)
পাছে যীচুত বিশ্বাস নকৰা সকলোকে ঈশ্বৰে শাস্তি বিহিব ৷ তেওঁ তেওঁবিলাকক নৰকত পেলাব ৷ তাত তেওঁৰ ক্ৰন্দন আৰু দাঁত কৰচনি হব, আৰু সদাকালৰ বাবে তেওঁবিলাকে যাতনা পাব ৷ কেতিয়াও শেষ নোহোৱা জুইয়ে তেওঁবিলাকক পুৰিব, আৰু পোক সমূহে সকলো সময়তে তেওঁলোকক খাই থাকিব ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-50-15.jpg)
যেতিয়া যীচু উলটি আহিব, তেতিয়া যীচুৱে চয়তান আৰু তাৰ ৰাজ্য সম্পূৰ্ণ ৰূপে ধংস কৰিব ৷ তেওঁ চয়তানক নৰকত পেলাব ৷ আৰু ঈশ্বৰৰ বিৰুদ্ধীতা কৰা সকলৰ সৈতে চয়তান সদাকালৰ বাবে তাত জ্বলি থাকিব ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-50-16.jpg)
যিহেতু আদম আৰু হৱা ঈশ্বৰৰ অবাধ্য হল আৰু পাপ এই জগতলৈ আহিলে, ঈশ্বৰে তাক শাও দিবলৈ আৰু ধংস কৰিবলৈ সিদ্ধান্ত ললে ৷ পাছে ঈশ্বৰে পুনৰ এক নিখূত নতুন স্বৰ্গ আৰু নতুন আকাশমণ্ডল নিৰ্মাণ কৰিব ৷
![OBS Image](https://cdn.door43.org/obs/jpg/360px/obs-en-50-17.jpg)
যীচু আৰু তেওঁৰ লোক সকল সেই নতুন পৃথিবীত বসবাস কৰিব, আৰু সদাকালৰ বাবে শাসন কৰিব ৷ তেওঁ সকলোৰে চকুৰ পৰা চকু পানী আঁতৰাই পেলাব ৷ কোনো লোক দূখিত নহব আৰু কষ্ট নাপাব ৷ তেওঁলোকে ক্ৰন্দন নকৰিব ৷ তাত ৰোগ বা মৃত্যু নাথাকিব ৷ আৰু কোনো পাপ তাত নাথাকিব ৷ যীচুৱে তেওঁৰ ৰাজ্য ধাৰ্ম্মিকতাৰে শাসন কৰিব আৰু তাত শান্তি থাকিব ৷ তেওঁ সদায়ে তেওঁৰ লোকৰ সকলৰ লগত থাকিব ৷
_বাইবেলৰ এই কাহিনীটোঃ মথি ২৪:১৪, ২৮:১৮, যোহন ১৫:২০, ১৬:৩৩, প্ৰকাশিত বাক্য ২:১০, মথি ১৩:২৪-৩০, ৩৬-৪২, ১থিচঃ :১৩-৫:১১, যাকোব ১:১২, মথি ২২:১৩, প্ৰঃবাক্য ২০:১০, ২১:১-২২:২১_

13
content/back/intro.md Normal file
View File

@ -0,0 +1,13 @@
জড়িত হোৱা !
আমি বাইবেলৰ এই ক্ষুদ্ৰ সংকলনটো পৃথিবীৰ সকলো ভাষাতে সহজলভ্য কৰিব বিচাৰিছো আৰু আপোনালোকে সহায় কৰিব পাৰে ! এইটো অসম্ভৱ নহয় আমি ভাবো যে যদি খ্ৰীষ্টৰ গোটেই শৰীৰৰ এক লগ হৈ সহায় আগবঢায় তেনে হলে এই উৎস অনুবাদ আৰু বিতৰণ কৰা সম্ভৱ ৷
বিনামূলীয়াকৈ বিতৰণ কৰক
আপোনালোকে যিমান ইচ্ছা সিমান এই পুস্তক খন বিতৰণ কৰিব পাৰে, ইয়াত কোনো ধৰণৰ বাধা নাই ৷ ইয়াৰ সকলোবিলাক উৎস অনলাইনত বিনামূলীয়া ভাৱে উপলব্ধি, আপুনি ইয়াক প্ৰকাশ কৰাতো কোনো ধৰণৰ বাধা নাই, ইয়াৰ বাবে আপুনি কোনো ধৰণৰ মাছুল দিয়াৰ প্ৰয়োজন নাই ! ইয়াক আপোনালোকে পাব
[openbiblestories.org](https://openbiblestories.org).
আগবঢোৱা !
এই আনফলডিং ৱৰ্ড অপেন বাইবেল স্তৰিচৰ উৎস মোবাইল ফোনত বেলেগ বেলেগ ভাষাত উপলব্ধ ৷ ইয়াক আপোনালোকে[openbiblestories.org](https://openbiblestories.org). পাব ৷ এই ৱেবচাইচট ব্যৱহাৰ কৰাৰ দ্বাৰাই তাত উপলব্ধ উৎস সমূহ আপুনি নিজ ভাষাত অনুবাদ কৰাৰ সুবিধাও পাব ৷

19
content/front/intro.md Normal file
View File

@ -0,0 +1,19 @@
আনফলডিং ৱৰ্ড® অপেন বাইবেল স্তৰিইচ
সকলো ভাষাৰ বাবে বিনামূলীয়া ক্ষুদ্ৰ বাইবেল সংকলন
[https://openbiblestories.org](https://openbiblestories.org)
*Copyright © 2019 by unfolding Word*
এই কাৰ্য্যসূচী ক্ৰিয়েটিভ ক’মন এট্ৰিবিউচন-চেয়াৰ এলাইক . ইন্টাৰনেট লাইচেঞ্চৰ দ্বাৰাই সকলোৰে বাবে সহজলভ্য কৰা হৈছে ৷ এই লাইচেঞ্চ খনি চবলৈ হলে, আপোনালোকে ইয়াক তলৰ ইন্টাৰনেট ঠিকনা সমূহ চাওঁক [http://creativecommons.org/licenses/by-sa/4.0/](http://creativecommons.org/licenses/by-sa/4.0/) বা ক্ৰিয়েটিভ ক’মন, পঃঅঃবক্স- ১৮৬৬, মাউন্টেইন ভিই, চিএ ৯৪০৪২, আমেৰিকা, এই ঠিকনাত চিঠি পঠিয়াওঁক ৷
আনফ’লডিং ৱৰ্ড® এটা স্বীকৃত্তি প্ৰাপ্ত অনুস্থান হয় ৷ আনফ’লডিং ৱৰ্ডৰ লগ’ বা নাম ব্যৱহাৰ কৰিবৰ বাবে অনুমতিৰ প্ৰয়োজন হয় ৷ আনফলডিং ৱৰ্ডৰ নিময়ৰ মজাত থাকি আপুনি ইয়াৰ উৎস সমূহ বিনামূলীয়া ভাৱে ব্যৱহাৰ কৰিবৰ পাৰিব ৷ আপুনি ইয়াৰ উৎসৰ কোনো অনুবাদ সাল-সলনি কৰিব বিচাৰে সেই নতুনকৈ অনুবাদ কৰা উৎসৰ পৰা আনফলডিং ৱৰ্ডৰ® লগ’ ব্যৱহাৰ কৰিব নোৱাৰিব ৷
গৌণ কাৰ্য্য সমূহত, আপুনি কোন অংশ সালসলনি কৰিছে ইয়াক স্পষ্টকৈ উল্লেখ কৰিব এই দৰেঃ “আনফলডিং ৱৰ্ডৰ প্ৰকৃত উৎস সমূহ আপোনালোকে পাব” [https://openbiblestories.org](https://openbiblestories.org)”. ৷ আপোনালোকে আপোনালোকৰ গৌণ কাম সমূহ একেটা অনুজ্ঞা পত্ৰৰ অধিনত সকলোৰে বাবে সহজলভ্য কৰি ৰাখিব পাৰিব ৷
আপুনি আনফ’লডিং ৱৰ্ডৰ বাবে কৰা অনুবাদ সন্দৰ্ভত যদি প্ৰয়োজনীয় জাননী সমূহ লাভ কৰি থাকিব বিচাৰে তেনে হলে অনুগ্ৰহ কৰি আমাৰ লগত এই ঠিকনাত যোগাযোগ কৰক [https://unfoldingword.org/contact/](https://unfoldingword.org/contact/).
এই কাহিনীসমূহত ব্যৱহাৰ কৰা দৃশ্য ছবি সমূহ চুইট পাব্লিচিং পৰা লাভ কৰা হৈছে আৰু এই সমূহ তলত উল্লেখ কৰা অনুজ্ঞা পত্ৰৰ অধীনত সকলোৰে বাবে বিনামূলীয়া ভাৱে লাভ কৰাৰ ব্যৱস্থা কৰা হৈছেঃ ([http://creativecommons.org/licenses/by-sa/3.0](http://creativecommons.org/licenses/by-sa/3.0)).
পৃথিবীৰ যি কোনো অংশত থকা খ্ৰীষ্টত থকা আমাৰ ভাই-ভনী সকল, এইয়া আমাৰ প্ৰাৰ্থনা যে ঈশ্বৰে এই সামগ্ৰী সমূহ ব্যৱহাৰ কৰাত আশীৰ্বাদ কৰক আৰু আপোনাসৱক অনুগ্ৰহ, সবল আৰু উৎসাহিত কৰক ৷

2
content/front/title.md Normal file
View File

@ -0,0 +1,2 @@
আনফ’লডিং ৱৰ্ড ®অপেন বাইবেল ষ্টৰিচ

48
manifest.yaml Normal file
View File

@ -0,0 +1,48 @@
dublin_core:
type: book
conformsto: rc0.2
format: text/markdown
identifier: obs
title: 'Open Bible Stories'
subject: 'Open Bible Stories'
description: '50 key stories of the Bible, from Creation to Revelation, for evangelism & discipleship, in text, audio, and video, on any mobile phone, in any language, for free. It increases understanding of the historical and redemptive narrative of the entire Bible.'
creator: 'Door43 World Missions Community'
contributor:
- 'Antoney Raj'
- 'Cdr. Thomas Mathew'
- 'Dr. Bobby Chellappan'
- 'Hind Prakash'
- 'Shojo John'
- 'Vipin Bhadran'
language:
identifier: 'as'
title: 'Assamese'
direction: 'ltr'
source:
-
identifier: obs
language: en
version: '5'
rights: 'CC BY-SA 4.0'
publisher: Door43
issued: '2019-08-07'
modified: '2019-08-07'
version: '5.1'
relation:
- 'as/tn'
- 'as/tq'
- 'as/tw'
- 'as/ulb'
checking:
checking_entity:
- 'BCS'
- 'Cdr. Thomas Mathew'
checking_level: '3'
projects:
-
categories: []
identifier: obs
path: ./content
sort: 0
title: 'Open Bible Stories'
versification:

10
media.yaml Normal file
View File

@ -0,0 +1,10 @@
projects:
-
identifier: 'obs'
version: {latest}
media:
-
identifier: 'door43'
version: '{latest}'
contributor: []
url: 'https://door43.org/u/Door43-Catalog/as_obs/'