as_tn/3jn/01/11.md

2.7 KiB

বেয়াক অনুকৰণ নকৰিবা

“মানুহে কৰা বেয়া কর্ম্মবোৰ নকল নকৰিবা”

কিন্ত ভাল

ইয়াত কিছুমান শব্দ এৰি দিয়া হৈছে কিন্ত সিবিলাকক বুজিব পৰা হয়৷ সলনি অনুবাদ: “কিন্ত মানুহে কৰা ভাল কর্মবোৰ অনুকৰণ কৰা৷” (চাওক: শব্দৰ লোপ)

ঈশ্বৰৰ হয়

“গৰাকী ঈশ্বৰ”

ঈশ্বৰক দেখা নাই

সলনি অনুবাদ : “ঈশ্বৰৰ নহয়” “ঈশ্বৰত বিশ্বাস নকৰে”

দিমীত্ৰিয়ৰ হৈ সকলোৰে দ্বাৰাই সাক্ষ্য দিয়া হৈছে

সলনি অনুবাদ: “দিমীত্ৰিয়ক চিনিপোৱা প্ৰতিগৰাকী বিশ্বাসীয়েই তেওঁৰ ভাল কথা কয়৷” (চাওক : প্ৰত্যক্ষ আৰু পৰোক্ষ)

দিমীত্ৰিয়

এইজন মানুহক গায় আৰু সমাৱেশটোৱে যোহনে দেখা কৰিবলৈ অহাৰ সময়ত, সাদৰ সম্ভাষণ জনোৱাটো তেওঁ (যোহনে) বিচাৰে৷ (চাওক: অনুবাদ নামবোৰ)

আৰু সত্যটোৰ দ্বাৰা নিজেই

“আৰু সত্যটোৱে নিজেই তেওঁৰ ভাল কথা কয়৷” ইয়াত “সত্য”ক এজন কথা কোৱা ব্যক্তি ৰূপে বর্ণনা কৰিছে৷ সলনি অনুবাদ: “আৰু সিহঁতে তেওঁৰ বিষয়ে যি কয় সেয়ে সত্য৷” (চাওক: ব্যক্তিত্ব আৰোপ কৰা)

আমিও সাক্ষ্যদান কৰো

ইয়াত “আমি” শব্দটোৱে যোহন আৰু তেওঁৰ লগত থকা সকলৰ কথা বুজাইছে৷ ই গায় ক অন্তর্ভূক্ত কৰা নাই৷ সলনি অনুবাদ : “আমিও দীমীত্ৰিয়ৰ ভাল কথা কওঁ৷” (চাওক: আচুতীয়া)

তুমি জানা

“তুমি” শব্দটো একবচন আৰু ই গায়ক বুজাইছে৷ (চাওক: “তুমি” শব্দৰ ৰূপ)