Wed Mar 10 2021 10:57:07 GMT+0530 (India Standard Time)
This commit is contained in:
commit
45dc9fc9ae
|
@ -0,0 +1 @@
|
||||||
|
\v 1 হে থিয়ফিল, মই প্রথম প্রৱন্ধত আৰম্ভণীৰে পৰা যীচুক স্বর্গলৈ নিয়া দিনলৈকে তেওঁ যি যি কর্ম কৰিলে আৰু উপদেশ দিলে, সেই সকলোবোৰৰ বিষয়ে লিখিলো। \v 2 পাছত তেওঁক ওপৰলৈ তুলি নিয়া দিনলৈকে তেওঁ মনোনীত কৰা পাঁচনি সকলক পবিত্ৰ আত্মাৰ দ্বাৰাই নিৰ্দেশনা দিলে৷ \v 3 ক্রুচীয় মৃত্যুৰ দুখভোগৰ পাছত তেওঁ পাঁচনি সকলৰ আগত সময়ে সময়ে দেখা দি নিজকে জীৱিত প্রমাণ কৰিলে। এইদৰে যীচুৱে চল্লিশ দিনলৈকে দৰ্শন দি ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিলে।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 4 এদিন পাঁচনি সকলৰ সৈতে সমবেত হোৱা সময়ত তেওঁ এই আজ্ঞা দিলে, “তোমালোকে যিৰূচালেম এৰি নাযাবা, কিন্তু মোৰ পৰা পিতৃৰ যি অঙ্গীকাৰ শুনিলা, সেই অঙ্গীকাৰলৈকে বাট চাই থাকা। \v 5 যোহনে পানীতহে বাপ্তিস্ম দিলে, কিন্তু কিছুদিনৰ পাছত তোমালোকক পবিত্র আত্মাত বাপ্তিস্ম দিয়া হব।"
|
|
@ -0,0 +1 @@
|
||||||
|
\v 6 পুনৰ গোট খোৱা সময়ত তেওঁলোকে যীচুক সুধিলে, “হে প্ৰভু, ইস্রায়েলক আপুনি এই কালতে পুনৰাই ৰাজ্য দিব নে?" \v 7 তেতিয়া তেওঁলোকক তেওঁ ক’লে, "যি কাল আৰু সময় পিতৃয়ে নিজৰ অধিনত ৰাখিছে, সেই বিষয়ে তোমালোকে জানিবলৈ নোপোৱা। \v 8 কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হবা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহূদিয়া, চমৰীয়া দেশত আৰু পৃথিবীৰ সীমালৈকে মোৰ সাক্ষী হবা।"
|
|
@ -0,0 +1 @@
|
||||||
|
\v 9 এই কথা কোৱাৰ পাছত প্রভু যীচুক আকাশলৈ তুলি নিয়া হ’ল আৰু এচপৰা মেঘে তেওঁক ঢাকি ধৰিলে। তাতে তেওঁলোকে ওপৰলৈ ৰ' লাগি চাই থাকিল, কিন্তু পুনৰবাৰ প্রভু যীচুক দেখা নাপালে । \v 10 এইদৰে আকাশলৈ একেথৰে চাই থাকোতে, হঠাৎ বগা বস্ত্ৰ পৰিধান কৰা দুজন লোক তেওঁলোকৰ ওচৰত থিয় হ’ল আৰু তেওঁলোকক কলে, \v 11 "হে গালীল দেশৰ লোক সকল, তোমালোকে কিয় আকাশলৈ ৰ' লাগি চাই ৰৈছা ? এইজন যীচুক তোমালোকৰ কাষৰ পৰা স্বৰ্গলৈ নিয়া হল। তোমালোকে তেওঁক যেনেকৈ স্বৰ্গলৈ যোৱা দেখিলা, সেইৰূপে তেওঁ আকৌ আহিব।"
|
|
@ -0,0 +1 @@
|
||||||
|
\v 12 তাৰ পাছত পাঁচনি সকল জৈতুন নামৰ পাহাৰৰ পৰা যিৰূচালেমলৈ উভতি আহিল৷ এই পাহাৰ যিৰূচালেমৰ পৰা বিশ্ৰাম দিনলৈ \f + \fr 1.12 \fq বিশ্ৰাম দিন \ft ফৰিচীসকলৰ বিধান। সেইদিনা তেওঁলোকে কোনো কাম নকৰে। \f* যোৱা বাটৰ সমান দূৰৈত অৱস্থিত \v 13 যেতিয়া তেওঁলোকে যিৰূচালেম নগৰ গৈ পালে, তাত তেওঁলোকে পিতৰ,যোহন, যাকোব, আন্দ্রিয়, ফিলিপ, থোমা, বাৰ্থলময়, মথি, আলফয়ৰ পুতেক যাকোব, উদ্যোগী চিমোন আৰু যাকোবৰ পুতেক যিহূদা থকা ঘৰৰ ওপৰৰ কোঠালিলৈ গল। \v 14 তাতে তেওঁলোকে কেইগৰাকী মান মহিলা, যীচুৰ মাক মৰিয়ম আৰু তেওঁৰ ভায়েক সকলৰ সৈতে সকলোৱে এক মনেৰে প্রার্থনাত লাগি থাকিল।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 15 সেই সময়ছোৱাত প্রায় এশ বিশ জন শিষ্য গোট খোৱাত, পিতৰে উঠি ক’লে, \v 16 "হে ভাই সকল, শাস্ত্রীয় বচন সিদ্ধ হ’বলৈ যীচুক বন্দী কৰাৰ প্ৰয়োজন আছিল; কিয়নো যীচুক বন্দী কৰা সকলক যিহুদাই বাট দেখুউৱাৰ বিষয়ে পবিত্ৰ আত্মাই দায়ুদৰ মুখেৰে পূৰ্বতে প্রকাশ কৰিছিল।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 17 তেওঁ আমাৰ মাজৰেই এজন আছিল আৰু এই পৰিচর্যা কার্যৰ ভাগো পাইছিল। \v 18 দুষ্কর্ম্ম কৰি পোৱা ধনেৰে তেওঁ এডোখৰ মাটি কিনিলে আৰু তাতে তলমূৰকৈ পৰি যিহূদাৰ পেট ফাটি নাড়ী ভুঁৰু সকলো ওলাল। \v 19 এই কথা যিৰূচালেমত নিবাস কৰা আটাই মানুহৰ মাজত বিয়পি পৰিল আৰু সেয়েহে তেওঁলোকৰ ভাষাত সেই মাটিৰ নাম হকলদামা, অৰ্থাৎ তেজৰ মাটি হ’ল।"
|
|
@ -0,0 +1 @@
|
||||||
|
\v 20 পিতৰে পুনৰ ক’লে, "কিয়নো গীতমালা পুথিত লিখা আছে, \p তেওঁৰ থকা ঠাই নিৰ্জন হওক, \q1 তাত কোনো মানুহ নাথাকক; \q1 (গীতমালা ৬৯:২৫) \p আৰু আনে তেওঁৰ অধ্যক্ষ পদ পাওঁক। \q1 (গীতমালা ১০৯:৮) \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 21 গতিকে, প্রভু যীচুক যোহনে বাপ্তিস্ম দিয়া দিনৰে পৰা স্বৰ্গলৈ নিয়া দিনলৈকে যিসকল লোকে আমাৰ মাজত চলা-ফুৰা কৰিছিল, \v 22 সেই লোক সকলৰ মাজৰ এজন নিশ্চয়কৈ আমাৰ সৈতে তেওঁৰ পুনৰুত্থানৰ সাক্ষী হোৱাৰ প্রয়োজন আছে।" \v 23 তেতিয়া লোক সকলে যোচেফ, যি জনক বার্চব্বা অথবা যুষ্ট নামেৰেও জনা যায় আৰু মত্তথিয়; এই দুয়োজনকে আগলৈ আনিলে।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 24 পাছত তেওঁলোকে প্রার্থনা কৰি ক’লে, "হে প্রভু, তুমি অন্তর্যামী, সকলোৰে অন্তৰ জানা৷ যিহুদাই পাপ কৰি নিজৰ যাবলগীয়া ঠাইলৈ যোৱাত, \v 25 সেই ঠাইত এই দুয়ো জনৰ মাজৰ কোন জনক তুমি এই পৰিচর্যা আৰু পাঁচনি পদ পাবলৈ মনোনীত কৰিছা, সেয়া প্রকাশ কৰা।" \v 26 পাছত তেওঁলোকে দুয়ো জনৰ কাৰণে চিঠি খেলোতে মত্তথিয়ৰ নাম উঠিল আৰু তেওঁ এঘাৰ জন পাঁচনিৰ লগত গণিত হ’ল।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 1 পঞ্চাশ-দিনীয়া পৰ্ব্বৰ দিনা যীচুৱে মনোনীত কৰা পাঁচনিসকল এঠাইত একেলগে গোট খাই আছিল। \v 2 সেই সময়ত অতিশয় বেগেৰে ধুমুহা বতাহ বলা'ৰ নিচিনা এটা শব্দ স্বৰ্গৰ পৰা অকস্মাতে আহি যি ঘৰত পাঁচনিসকল বহি আছিল, সেই গোটেই ঘৰটো জুৰিলে। \v 3 তেতিয়া তেওঁলোকৰ আগত জিভাৰ সদৃশ জুই ওলাই প্ৰতি জনৰ ওপৰত ৰৈ থাকিল। \v 4 সেই সময়ত তেওঁলোক সকলোৱে পবিত্ৰ আত্মাৰে পূৰ হৈ, আত্মাই নিৰ্দেশ দিয়াৰ দৰে আন আন ভাষাৰে কথা কবলৈ ধৰিলে। \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 5 সেই সময়ত যিৰূচালেমত বাস কৰা ইহুদী সকল আৰু আকাশৰ তলত থকা সকলো দেশৰ পৰা অহা ধৰ্মীয় ভক্তসকল সেই ঠাইত আছিল। \v 6 যেতিয়া স্বৰ্গৰ পৰা অহা সেই শব্দ তেওঁলোকে শুনিবলৈ পালে, তেতিয়া তেওঁলোক একগোট হ’ল আৰু প্ৰতি জনে তেওঁলোকৰ নিজ ভাষাৰে পাঁচনিসকলক কথা কোৱা শুনি কিংকৰ্তব্যবিমূঢ় হ'ল; \v 7 তাতে তেওঁলোকে বিস্ময় মানিলে আৰু আচৰিত হৈ নিজৰ মাজতে ভুৰভুৰালে আৰু কলে, "যি সকলে এই কথা কৈছে, তেওঁলোক গালীলৰ মানুহ নহয় নে?
|
|
@ -0,0 +1 @@
|
||||||
|
\v 8 যদি সেয়ে সত্য হয়, তেনেহলে আমি প্ৰতিজনে নিজ নিজ মাতৃ-ভাষাত কেনেকৈ শুনিবলৈ পাইছো?" \v 9 পাৰ্থিয়া, মাদিয়া, এলাম, মেচুপতেমিয়া, যিহুদা, কাপদকিয়া, পন্ত, এচিয়া, \v 10 ফিৰুগিয়া, পামফুলিয়া, মিচৰ, এই সকলো দেশৰ মানুহ আৰু কুৰীণীৰ ওচৰৰ লুবিয়াৰ সীমাত থকা সকল, ৰোম নগৰৰ পৰা অহা ইহুদী সকল আৰু ইহুদী ধৰ্ম লোৱা বিদেশী লোকসকল, \v 11 ক্ৰীত আৰু আৰব দেশৰ মানুহবোৰে নিজ নিজ মাতৃ-ভাষাত ঈশ্বৰৰ মহৎ কাৰ্যৰ কথা কৈ থকা শুনিবলৈ পোৱাত
|
|
@ -0,0 +1 @@
|
||||||
|
\v 12 তেওঁলোকে বিস্ময় মানি সংশয় মনেৰে কোৱাকুই কৰি কলে "এই সকলোবোৰৰ অৰ্থ কি?" \v 13 কিন্তু কিছু সংখ্যক লোকে কলে, "এইবোৰ মানুহ ন দ্ৰাক্ষাৰসেৰে মতলীয়া হৈছে।"
|
|
@ -0,0 +1 @@
|
||||||
|
\v 14 তেতিয়া পিতৰে এঘাৰ জন পাঁচনিৰে সৈতে থিয় হৈ বৰ মাতেৰে কলে, “হে ইহুদী লোক সকল, হে আটাই যিৰূচালেম নিবাসীসকল, এই কথা আপনালোকৰ জ্ঞাত হওঁক আৰু মোৰ কথালৈ কাণ দিয়ক। \v 15 আপোনালোকে যেনেকৈ ভাবিছে, তেনেকৈ এওঁলোক মতলীয়া নহয়, কাৰণ এতিয়া পুৱাৰ ন মানহে বাজিছে৷
|
|
@ -0,0 +1 @@
|
||||||
|
\v 16 কিয়নো এই সকলো কথা যোৱেল ভাববাদীৰ যোগে কোৱা হৈছিলঃ \q1 \v 17 "ঈশ্বৰে কৈছে, শেষৰ দিনা সকলো মানুহৰ ওপৰত মোৰ আত্মা বাকি দিম, \q1 তাতে তোমালোকৰ সতি-সন্ততি সকলে ভবিষ্যত বাণী প্ৰচাৰ কৰিব, \q1 তোমালোকৰ যুৱক সকলে দৰ্শন পাব, তোমালোকৰ বৃদ্ধ লোকসকলে সপোন দেখিব। \q1
|
|
@ -0,0 +1 @@
|
||||||
|
\v 18 আৰু সেই কালত মই তোমালোকৰ দাস-দাসীসকলৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তেওঁলোকে ভবিষ্যত বাণী প্ৰচাৰ কৰিব \q1 \v 19 আৰু মই আকাশত অদ্ভুত লক্ষণ আৰু পৃথিবীতো নানা চিন যেনে, তেজ, জুই আৰু ধোঁৱা স্বৰূপ মেঘ দেখুৱাম৷ \q1
|
|
@ -0,0 +1 @@
|
||||||
|
\v 20 প্ৰভুৰ সেই মহৎ আৰু প্ৰসিদ্ধ দিন অহাৰ পুৰ্বেই, সূৰ্য আন্ধাৰ আৰু চন্দ্ৰ তেজৰ দৰে হ'ব। \q1 \v 21 কিন্তু যি কোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে, সি পৰিত্ৰাণ পাব।" \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 22 হে ইস্ৰায়েলী লোকসকল, এই কথাবোৰ শুনক; নাচৰতীয়া যীচু আপোনালোকলৈ ঈশ্বৰৰ মনোনীত জন যে হয়, এই বিষয়ে আপোনালোকে জানি আছে। ঈশ্বৰে যে তেওঁৰ দ্বাৰাই আচৰিত আৰু অদ্ভুত কৰ্ম আৰু চিন অাপোনালোকৰ আগত দেখুৱালে, সেয়াও আপোনালোকে জানে৷ \v 23 কাৰণ ঈশ্বৰৰ দ্বাৰা তেওঁ নিৰ্ণীত আৰু পূৰ্ব্ব-জ্ঞানেৰে তেওঁক তোলা হ'ল, কিন্তু আপোনালোকে তেওঁক দুষ্টৰ হাতৰ দ্বাৰাই ক্ৰুচত তুলি বধ কৰিলে। \v 24 কিন্তু ঈশ্বৰে তেওঁক মৃত্যুৰ যাতনাৰ পৰা মুক্ত কৰি জীয়ালে, কিয়নো তেওঁ মৃত্যুৰ বন্ধনত থকা অসাধ্য। \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 25 তেওঁৰ বিষয়ে দায়ুদে কৈছিল, বোলে, \q1 "মই সদায় প্ৰভুক মোৰ সন্মুখত দেখিলোঁ; \q1 মই লৰচৰ নহবলৈ তেওঁ মোৰ সোঁ ফালে থাকে; \p \v 26 এই হেতুকে মোৰ মন আনন্দিত হৈছে, মোৰ জিভাই উল্লাস কৰিছে \q1 আৰু মোৰ শৰীৰেও ভাৰষাৰে বাস কৰিব; \q1
|
|
@ -0,0 +1 @@
|
||||||
|
\v 27 কিয়নো তুমি পৰলোকত মোৰ আত্মাক নেৰিবা \q1 আৰু তোমাৰ পবিত্ৰজনাক ক্ষয় পাবলৈ নিদিবা৷ \p \v 28 তুমি মোক জীৱনৰ পথ দেখুৱাবা আৰু তোমাৰ সন্মুখত যি আনন্দ, তাৰে মোক পূৰ কৰিবা।" \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 29 হে ভাই সকল, পিতৃকুলপতি দায়ুদৰ কথা আপোনালোকৰ আগত স্পষ্টকৈ কব পাৰোঁ যে, তেওঁ মৰিল আৰু তেওঁক মৈদামত থোৱা হ'ল, তেওঁৰ সেই মৈদাম আজিলৈকে আমাৰ মাজত আছে৷ \v 30 কিন্তু নিজে এজন ভাববাদী হৈ তেওঁৰ বংশৰ পৰা এজনক তেওঁৰ সিংহাসনত বহুৱাবলৈ, ঈশ্বৰে শপত খাই যি অঙ্গীকাৰ কৰিছিল, \v 31 সেই অঙ্গীকাৰৰ বিষয়ে জানিবলৈ পোৱাত, ভবিষ্যতৰ ঘটনালৈ চাই খ্ৰীষ্টৰেই পুনৰুত্থানৰ বিষয়ে কলে যে- \p "তেওঁক পৰলোকত ত্যাগ কৰা নহ'ল আৰু তেওঁৰ শৰীৰো ক্ষয় নাপালে৷" \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 32 সেই যীচুকে ঈশ্বৰে পুনৰায় মৈদামৰ পৰা জীৱিত কৰিলে, সেই ঘটনাৰ সাক্ষী আমি আছো৷ \v 33 এতেকে উত্তোলিত হৈ ঈশ্বৰৰ সোঁহাতে ওখ পদ পাই আৰু পবিত্ৰ-আত্মাৰ বিষয়ে পিতৃৰ পৰা প্ৰতিজ্ঞা পাই আপোনালোকে যি দেখিছে আৰু শুনি আছে, এইবোৰ তেওঁ বাকি দিলে৷ \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 34 কিয়নো দায়ুদ হলে স্বর্গলৈ উঠা নাই, কিন্তু তেওঁ নিজেই এই কথা কলে, \q1 "প্ৰভুৱে মোৰ প্ৰভুক কলে, মোৰ সোঁ ফালে বহি থাকা, \p \v 35 যেতিয়ালৈকে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰিৰ পীৰা নকৰোঁ।" \p \v 36 এই কাৰণে ইস্ৰায়েলৰ সকলো মানুহে ইয়াক নিশ্চয়কৈ জনা উচিত যে, যি জনক অৰ্থাৎ যি জন যীচুক আপোনালোকে ক্ৰুচত দিলে, ঈশ্বৰে হলে তেওঁক প্ৰভু আৰু খ্ৰীষ্ট পাতিলে।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 37 এই কথা শুনি তেওঁলোকৰ হৃদয় বিন্ধাত, পিতৰ আৰু আন পাঁচনিসকলক তেওঁলোকে কলে, "হে ভাই সকল, আমি এতিয়া কি কৰিম?" \v 38 তেতিয়া পিতৰে তেওঁলোকক কলে, "আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওঁক আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ অাত্মা পাব৷ \v 39 কিয়নো আপোনালোক আৰু আপোনালোকৰ সন্তানসকললৈ আৰু দূৰৈত থকা লোকসকলৰ কাৰণেও এই অঙ্গীকাৰ আছে যে, আমাৰ প্ৰভু পৰমেশ্বৰে সকলোকে নিমন্ত্ৰণ কৰিব। \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 40 ইয়াৰ উপৰিও তেওঁ ভালেমান কথাৰে সাক্ষ্য দি তেওঁলোকক উদগণি দিলে আৰু কলে, "এই কুটিল লোকৰ পৰা নিজকে ৰক্ষা কৰক।" \v 41 তেতিয়া তেওঁলোকে তেওঁৰ কথা গ্ৰহণ কৰি বাপ্তিস্ম ললে আৰু সেই দিনাই প্ৰায় তিনি হাজাৰ লোকক তেওঁলোকৰ লগত লগ লগোৱা হ'ল৷ \v 42 পাছত তেওঁলোকে পাঁচনিসকলৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল। \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 43 তাতে পাঁচনিসকলৰ দ্বাৰাই অনেক অদ্ভুত লক্ষণ আৰু চিন যেতিয়া দেখুওঁৱা হ‘ল, তেতিয়া সকলো লোকৰ ভয় লাগিল \v 44 আৰু বিশ্বাস কৰা সকলোৱে একলগ হৈ সকলো সম্পত্তি উমৈহতীয়াকৈ ভাগ কৰিলে। \v 45 আৰু তেওঁলোকৰ স্হাৱৰ আৰু অস্হাৱৰ সম্পত্তি বেচি যাৰ যি প্ৰয়োজন, সেইদৰে সকলোকে ভগাই দিলে। \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 46 তাৰ পাছত সকলোৱে এক উদ্দেশ্যেত সদায় মন্দিৰলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি ঈশ্বৰৰ স্তুতি কৰি, সকলোৱে আনন্দেৰে খোৱা-বোৱা কৰিলে \v 47 আৰু ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হ'ল৷ প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱা লোকসকলক তেওঁলোকৰ লগত লগ লগাই দিলে।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 1 এদিন প্রার্থনাৰ সময়ত, অৰ্থাৎ আবেলি প্ৰায় তিনি মান বজাত পিতৰ আৰু যোহন যিৰূচালেম মন্দিৰলৈ গৈ আছিল। \v 2 তেনে সময়ত সেই মন্দিৰলৈ অহা লোক সকলৰ ওচৰত ভিক্ষা মাগিবলৈ সেই মন্দিৰৰ সুন্দৰ নামৰ দুৱাৰ-মুখত যি জনক সদায় থোৱা হৈছিল, তেনে ওপজাৰে পৰা খোৰা মানুহ এজনক কিছুলোকে কঢ়িয়াই আনিলে। \v 3 তেওঁ পিতৰ আৰু যোহনক সেই মন্দিৰত সোমাবলৈ ধৰা দেখি, ভিক্ষা পাবলৈ বিনয় কৰিলে।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 4 তেতিয়া পিতৰ আৰু যোহনে তেওঁলৈ একেথৰে চাই কলে, “আমালৈ চোৱা”। \v 5 তেতিয়া তেওঁ কিছু পোৱাৰ আশাত তেওঁলোকলৈ চাই থাকিল। \v 6 তেতিয়া পিতৰে কলে, “মোৰ লগত ৰূপ সোণ একো নাই, কিন্তু যি আছে তাকে তোমাক দিওঁ; নাচৰতীয়া যীচু খ্ৰীষ্টৰ নামেৰে উঠি ফুৰা”।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 7 তাকে কৈ তেওঁ তাৰ সোঁ হাতত ধৰি তুলি দিয়াত ভৰি আৰু গাঁঠিয়ে বল পালে। \v 8 তাতে সেই মগনীয়াই লাফ মাৰি থিয় হৈ খোজকাঢ়ি ফুৰিলে আৰু ডেও দি দি ঈশ্বৰক স্তুতি কৰি তেওঁলোকৰ সৈতে মন্দিৰত সোমাল।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 9 তাতে সকলো লোকে তেওঁক খোজকঢ়া আৰু ঈশ্বৰক স্তুতি কৰা দেখিলে। \v 10 পাছত তেওঁলোকে তেওঁক ধৰ্মধামৰ সুন্দৰ দুৱাৰত বহি ভিক্ষা খোজা মানুহ জন বুলি জানিবলৈ পোৱাত, তেওঁলৈ যি ঘটিল, সেই বিষয়ে বৰ আচৰিত হ’ল আৰু বিস্ময় মানিলে। \m
|
|
@ -0,0 +1 @@
|
||||||
|
\v 11 সেই সুস্থ হোৱা খোৰা জনে পিতৰ আৰু যোহনক ধৰি থকা দেখি সকলো লোকে বিস্ময় মানিলে আৰু তেওঁলোকৰ ওচৰলৈ বেগাই আহিল; তাতে তেওঁলোক থকা সেই ঠাই চলোমনৰ বাৰাণ্ডা বুলি জনাজাত আছিল। \v 12 ইয়াকে দেখি পিতৰে লোক সকলক কলে- “হে ইস্ৰায়েলীয়া লোক সকল, আপোনালোকে কিয় ইয়াত এই কাৰ্য দেখি বিস্ময় মানিছে? আমি আমাৰ শক্তিৰে বা ভক্তিৰে এই মানুহ জনক খোজ কঢ়ালোঁ বুলি ভাবি আমাৰ ফালে কিয় একেথৰে চাই আছে?
|
|
@ -0,0 +1 @@
|
||||||
|
\v 13 যি জন যীচুক আপোনালোকে শত্ৰুৰ হাতত সোধাই দিলে আৰু পীলাতে এৰি দিবলৈ কোৱাৰ পাছতো তেওঁক এৰি দিবলৈ অস্বীকাৰ কৰিলে; অব্ৰাহাম, ইচহাক, যাকোবৰ ঈশ্বৰ, অৰ্থাৎ আমাৰ পূর্ব-পুৰুষ সকলৰ ঈশ্বৰে নিজৰ সেৱক সেই যীচু খ্ৰীষ্টক মহিমাম্বিত কৰিলে। \v 14 কিন্তু সেই পবিত্ৰ আৰু ধাৰ্মিক জনক অস্বীকাৰ কৰি, নৰ-বধী এটাকহে মোকলাই দিবৰ বাবে আপোনালোকে নিবেদন কৰিলে
|
|
@ -0,0 +1 @@
|
||||||
|
\v 15 আৰু জীৱনদাতা জনক আপোনালোকে বধ কৰিলে; কিন্তু ঈশ্বৰে মৃত লোকৰ মাজৰ পৰা তেওঁক তুলিলে, তাৰ সাক্ষী আমি আছো \v 16 আৰু তেওঁৰ নামত বিশ্বাস কৰাৰ কাৰণে, এই যি মানুহ জনক আপোনালোকে চিনি পাইছে, এওঁক তেওঁৰ নামেই বলৱান কৰিলে আৰু তেওঁ জন্মোৱা বিশ্বাসে আপোনালোকৰ সন্মূখত এওঁক সম্পূৰ্ণ সুস্থ কৰি খোজ কঢ়ালে। \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 17 হে ভাই সকল মই জানিছোঁ, আপোনালোকৰ শাসনকৰ্তা সকলে আৰু আপোনালোকে নুবুজিয়ে সেই কৰ্ম কৰিলে। \v 18 কিন্তু ঈশ্বৰে পূৰ্বতে ভাববাদী সকলৰ মূখেৰে খ্রীষ্টৰ দূখভোগৰ বিষয়ত যি কথা কোৱাইছিল, সেই বিষয়কে তেওঁ এই ৰূপে সিদ্ধ কৰিলে।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 19 এই কাৰণে মনপালটাই ঘূৰি আহক যাতে, আপোনালোকৰ পাপ মোচন হয় আৰু প্রভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল যেন আহে; \v 20 আৰু আপোনালোকৰ কাৰণে নিৰূপিত খ্রীষ্টক অৰ্থাৎ যীচুক যেন তেওঁ পঠাই দিয়ে।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 21 ঈশ্বৰে পবিত্ৰ ভাববাদী সকলৰ দ্বাৰা যি যি সময়ৰ কথা পূৰ্বতে কৈছিল, সকলো বিষয়ৰ পুনঃস্থাপনৰ সেই সময়লৈকে স্বৰ্গই এই যীচু খ্রীষ্টক গ্রহণ কৰাৰ আৱশ্যক আছে। \v 22 মোচিয়ে কৈছিল , “প্রভু পৰমেশ্বৰে আপোনালোকৰ ভাই সকলৰ মাজৰ পৰা মোৰ নিচিনা এজন ভাববাদী উৎপন্ন কৰিব আৰু তেওঁ আপোনালোকক যি কথা কব, সেই সকলো কথা আপোনালোকে শুনিব \v 23 কিন্তু সেই ভাববাদীৰ কথা যি কোনো প্ৰাণীয়ে নুশুনে, তেওঁক নিজৰ লোকৰ মাজৰ পৰা উচ্ছন্ন কৰা হব”।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 24 ইয়াৰ উপৰিও চমূৱেল আদি কৰি যিমানবোৰ ভাববাদীয়ে কথা কলে, সকলোৱে এই সময়ৰ বিষয়েই কৈ গ’ল। \v 25 আপোনালোক সেই ভাববাদী সকলৰ সন্তান আৰু আপোনালোকৰ পূর্ব-পুৰুষ সকলৰ সৈতে ঈশ্বৰে কৰা সেই প্রতিজ্ঞাৰ উত্তৰাধিকাৰী; তেওঁ অব্রাহামক কৈছিল “তোমাৰ বংশত পৃথিৱীৰ সকলো জাতিয়ে আশীৰ্ব্বাদ পাব।" \v 26 7আপোনালোকৰ প্রতিজনক নিজ দুষ্টতাৰ পৰা ঘূৰাই আশীর্ব্বাদ দিবলৈ ঈশ্বৰে তেওঁৰ পুত্ৰ যীচুক প্রথমতে আপোনালোকৰ ওচৰলৈ পঠালে।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 1 পিতৰ আৰু যোহনে লোকসমূহৰ মাজত কথা কৈ থাকোতে মন্দিৰৰ পুৰোহিত, সেনাপতি আৰু চদ্দূকী সকলে তেওঁলোকৰ ওচৰত আহি উপস্থিত হল৷ \v 2 পিতৰ আৰু যোহনে লোকসকলক যীচুৰ বিষয়ে শিক্ষা দিয়াত আৰু মৃতলোকৰ মাজৰ পৰা যীচুৰ পুনৰুত্থান হোৱা বিষয়তো ঘোষণা কৰি থকাত তেওঁলোক অতি বিৰক্ত হ'ল। \v 3 তেওঁঁলোকে পিতৰ আৰু যোহনক ধৰিলে আৰু তেতিয়া সন্ধিয়া সময় হোৱা বাবে, পাছদিনা পুৱা নোহোৱালৈকে কাৰাগাৰত বন্দী কৰি থলে। \v 4 কিন্তু যিসকলে শিক্ষা শুনিছিল, তেওঁলোকৰ মাজৰ বহুত মানুহে বিশ্বাস কৰিলে; সেই বিশ্বাসীসকলৰ সংখ্যা হিচাপ কৰোতে প্ৰায় পাঁচ হাজাৰ পোৱা গ’ল। \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 5 পাছদিনা ইহুদী সকলৰ প্ৰধান নেতা , জেষ্ঠ লোক আৰু বিধানৰ শিক্ষকসকল একেলগে যিৰূচালেমত মিলিত হ‘ল। \v 6 তাতে মহাপুৰোহিত হানন উপস্থিত আছিল। তেওঁৰ বাহিৰেও কায়ফা, যোহন, আলেকজেন্দাৰ আৰু মহাপুৰোহিতৰ পৰিয়ালৰ বহুত লোক উপস্থিত আছিল। \v 7 তেওঁলোকে পিতৰ আৰু যোহনক মাজত থিয় কৰাই সুধিলে- "তোমালোকে কি শক্তিৰে বা কি নামেৰে এই কাৰ্য কৰিছা?"
|
|
@ -0,0 +1 @@
|
||||||
|
\v 8 তেতিয়া পিতৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ তেওঁলোকক কলে- "হে লোকসমূহৰ শাসনকৰ্তা আৰু জেষ্ঠ লোকসকল, \v 9 আজি এজন অসুস্থ মানুহলৈ কৰা উপকাৰ দেখি, তেওঁ কি উপায়েৰে সুস্থ হ’ল সেই বিষয় জানিবৰ বাবে আপোনালোকে আমাক এই বিষয়ে বিচাৰ কৰি প্রশ্ন সুধিছে নেকি? \v 10 সেয়াই যদি হয়, আপোনালোক আৰু ইস্রায়েলৰ আটাইলোকে ইয়াকে জানক যে, যি যীচু খ্ৰীষ্টক আপোনালোকে ক্রুচত দিছিল আৰু তেওঁক ঈশ্বৰে মৈদামৰ পৰা তুলিলে আৰু সেই নাচৰতীয়া যীচুৰ নামেৰে এই ব্যক্তিজন সুস্থ হৈ ইয়াত আপোনালোকৰ আগত থিয় হৈ আছে।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 11 যি শিলক আপোনালোকৰদৰে ঘৰ সাজোতাই অৱহেলা কৰিলে, সেই যীচু খ্রীষ্টই হৈছে সেই শিল৷ সেই শিলক চুকৰ প্ৰধান শিল কৰা হ’ল। \v 12 তেওঁৰ বাহিৰে আন কতো পৰিত্ৰাণ নাই, কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই"।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 13 পিতৰ আৰু যোহনৰ সাহস দেখি আৰু তেওঁলোক লিখা-পঢ়া নজনা লোক বুলি জানিবলৈ পোৱাত, তেওঁলোকে বিস্ময় মানিলে৷ তেওঁলোকে জনিলে যে, পিতৰ আৰু যোহন যীচুৰ লগত আছিল। \v 14 সেই সুস্থ হোৱা লোকজন তেওঁলোকৰ মাজত থিয় হৈ থকা দেখি, ইহুদী নেতা সকলে পিতৰ আৰু যোহনৰ বিৰুদ্ধে একো কব নোৱাৰিলে। \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 15 তেওঁলোকে পাঁচনিসকলক সভা কক্ষৰ পৰা ওলাই যাবলৈ আজ্ঞা দিলে আৰু নিজৰ মাজতে আলোচনা কৰি ক’লে- \v 16 “এই লোকসকলক লৈ কি কৰা যায়? এওঁলোকে যে এক আচৰিত কাম কৰিলে যিৰূচালেমত থকা সকলোৱে জানিছে আৰু আমিও তাক অস্বীকাৰ কৰিব নোৱাৰোঁ। \v 17 কিন্তু মানুহৰ মাজত যেন এই কথা বিয়পি নাযায়, সেই কাৰণে এওঁলোকক এই নামেৰে আনলোকৰ আগত কোনো কথা নকবলৈ আমি সাৱধান কৰি দিওঁহক”। \v 18 তেতিয়া তেওঁলোকে পিতৰ আৰু যোহনক মাতি আনি, যীচুৰ নামেৰে কোনো কথা নকবলৈ আৰু উপদেশ নিদিবলৈ আজ্ঞা দিলে।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 19 কিন্তু পিতৰ আৰু যোহনে উত্তৰত তেওঁলোকক ক’লে- “আপোনালোকেই বিচাৰ কৰি কওঁক 'ঈশ্বৰৰ আজ্ঞা অমান্য কৰা বা আপোনালোকৰ আজ্ঞা পালন কৰা' ইয়াৰ ভিতৰত কোনটো বিষয় আমি পালন কৰা উচিত হব ? \v 20 কিয়নো আমি যিবোৰ দেখিলোঁ আৰু শুনিলো, সেই বিষয়বোৰ নোকোৱাকৈ থাকিব নোৱাৰোঁ”। \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 21 পাছত পুনৰবাৰ সতৰ্ক কৰি পিতৰ আৰু যোহনক যাবলৈ এৰি দিলে। কিয়নো তেওঁলোকে পিতৰ আৰু যোহনক শাস্তি দিবলৈ একো উপায় নাপালে, ইয়াৰ উপৰিও তেওঁলোকে কৰা কার্যবোৰ দেখি লোকসমূহে ঈশ্বৰৰ স্তুতি কৰি আছিল৷ \v 22 আৰু যি জন লোক সুস্থ হৈছিল, সেই মানু্হজনৰ বয়স চল্লিশ বছৰৰ বেচি আছিল। \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 23 পিতৰ আৰু যোহনক এৰি দিয়াৰ পাছত, তেওঁলোক সঙ্গীসকলৰ ওচৰলৈ গ’ল আৰু প্ৰধান পুৰোহিত, জেষ্ঠ লোকসকলে যি যি কৈছিল, সেই সকলোবোৰ কথা তেওঁলোকক জনালে। \v 24 এইবোৰ কথা শুনি সকলোৱে একেলগে উচ্চস্বৰে ঈশ্বৰৰ উদ্দেশ্যে প্রার্থনা কৰিলে, “প্ৰভু, আকাশমণ্ডল, পৃথিবী, সাগৰ আৰু এই সকলোৰে মাজত যি যি আছে, সকলোৰে সৃষ্টিকর্তা তুমিয়েই। \v 25 তুমি তোমাৰ দাস, আমাৰ পিতৃপুৰুষ দায়ুদৰ মুখেৰে পবিত্র আত্মাৰ দ্বাৰা এই কথা কৈছিলা, \q জাতিবোৰ কিয় ক্রুদ্ধ হ’ল ? \q লোকসমুহে কিয় অসাৰ চিন্তা কৰে? \q
|
|
@ -0,0 +1 @@
|
||||||
|
\v 26 ঈশ্বৰ আৰু তেওঁৰ অভিষিক্ত জনৰ বিৰুদ্ধে \q জগতৰ ৰজাসকল একেলগে উঠিছে, \q শাসনকর্তাসকল একগোট হৈছে। (গীতমালা ২:১-২ পদ) \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 27 হয়, এই নগৰতে তুমি অভিষিক্ত কৰা তোমাৰ পবিত্র দাস যীচুৰ বিৰুদ্ধে হেৰোদ আৰু পন্তীয় পীলাত; অনা-ইহুদী আৰু ইস্ৰায়েলী সকলৰ সৈতে একেলগ হৈছিল। \v 28 তোমাৰ হাতেৰে আৰু তোমাৰ ইচ্ছাত যি ঘটিব বুলি তুমি পূর্বতে ঠিক কৰিছিলা, সেই কার্য সিদ্ধ হ’বলৈকে তেওঁলোক একত্ৰিত হ’ল।।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 29 হে প্ৰভু, এতিয়া তেওঁলোকৰ এই ভীতি প্ৰদৰ্শন শুনা ! তোমাৰ সেৱক সকলক তোমাৰ বাক্য অতি সাহসেৰে কবলৈ অনুগ্রহ দান কৰা। \v 30 তোমাৰ পবিত্ৰ দাস যীচুৰ নামেৰে সুস্থ কৰিবলৈ, আচৰিত কার্য আৰু চিন দেখুৱাবলৈ তুমি তোমাৰ হাত আগবঢ়াই দিয়া”। \v 31 এনেদৰে প্ৰাৰ্থনা কৰাৰ পাছত, যি ঠাইত তেওঁলোক গোট খাই আছিল; সেই ঠাই কঁপিবলৈ ধৰিলে আৰু সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’ল। তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ বাক্য সাহসেৰে কবলৈ ধৰিলে ।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 32 বিশ্বাসীসকল মনে-প্ৰাণে এক হৈ আছিল। তেওঁলোকৰ কোনেও নিজৰ সম্পত্তিক নিজৰ বুলি দাবী নকৰিলে, বৰং তেওঁলোকে আটাই বস্তু উমৈহতীয়াকৈ ৰাখিলে। \v 33 পাঁচনিসকলে মহাশক্তিৰে প্ৰভু যীচুৰ পুনৰুত্থানৰ সাক্ষ্য দিলে আৰু তেওঁলোক সকলোৱে মহা আশীর্ব্বাদ প্ৰাপ্ত হল।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 34 তেওঁলোকৰ মাজত কোনো এজনৰে একো অভাৱ নাছিল, কিয়নো যিসকলৰ ঘৰ-বাৰী বা মাটি আছিল, তেওঁলোকে সেইবোৰ বেচি সেই সম্পত্তিৰ মূল্য আনি পাঁচনিসকলৰ চৰণত থৈছিল। \v 35 পাছত বিশ্বাসীসকলৰ যাৰ যেনেকৈ প্ৰয়োজন, তেনেকৈ পাঁচনিসকলে সকলোকে ভগাই দিয়ে। \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 36 যোচেফ নামৰ লেবী বংশৰ এজন মানুহ আছিল। তেওঁ কুপ্র দ্বীপৰ পৰা আহিছিল আৰু পাঁচনিসকলে তেওঁক বার্ণব্বা বুলি মাতিছিল। এই নামৰ অর্থ “উৎসাহদাতা”। । \v 37 যোচেফৰ এডোখৰ মাটি আছিল। তেওঁ সেই মাটি বেচি পোৱা ধন পাঁচনিসকলৰ চৰণত আনি থলে।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 1 তেতিয়া অননিয় নামেৰে এজন লোক আৰু তেওঁৰ ভাৰ্যা চফীৰাই এডোখৰ মাটি বিক্রী কৰিলে৷ \v 2 অননিয়ই তেওঁৰ ভার্যাৰ জ্ঞাতসাৰেই সেই ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখি, এক অংশ আনি পাঁচনিসকলৰ চৰণত থলে।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 3 তেতিয়া পিতৰে তেওঁক কলে- “হে অননিয়, পবিত্র আত্মাৰ ওচৰত মিছা মাতিবলৈ চয়তানক তুমি কিয় তোমাৰ হৃদয়ত কার্য কৰিবলৈ দিলা? কিয় তুমি মাটি বেছা ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখিলা? \v 4 সেই মাটি যেতিয়া বিক্রী হোৱা নাছিল, তেতিয়া সেই মাটি জানো তোমাৰেই নাছিল? এতিয়া বেচাৰ পাছতো তুমিয়েই সেই ধনৰ গৰাকী নাছিলানে? তেন্তে এনে কাম কৰিবলৈ তুমি তোমাৰ মনত কেনেকৈ ঠিৰাং কৰিলা? তুমি মানুহৰ আগত নহয় , ঈশ্বৰৰ আগতহে মিছা কথা ক’লা”। \v 5 এই কথা শুনাৰ লগে লগে অননিয়ই মাটিত পৰি প্ৰাণ ত্যাগ কৰিলে। যিবোৰ মানুহে এই কথা শুনিলে, তেওঁলোকে বৰ ভয় খালে।। \v 6 পাছত যুবকসকল আগবাঢ়ি আহি তেওঁক কাপোৰেৰে মেৰিয়াই বাহিৰলৈ নি মৈদাম দিলে। \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 7 প্রায় তিনি ঘন্টা মানৰ পাছত, অননিয়ৰ স্ত্রী চাফীৰা সেই ঠাইলৈ আহিল৷ কিন্তু কি ঘটিল, সেই বিষয়ে তেওঁ নাজানিলে। \v 8 পিতৰে তেওঁক সুধিলে- “কোৱাছোন, তোমালোকে বাৰু এই মাটি ইমান টকাতে বেচিলা নে?" তেতিয়া তেওঁ কলে, “হয় ইমানতে বেচা হল।”
|
|
@ -0,0 +1 @@
|
||||||
|
\v 9 তেতিয়া পিতৰে চাফিৰাক কলে, “প্ৰভুৰ আত্মাক পৰীক্ষা কৰিবলৈ তোমালোকে কেনেকৈ একমত হলা? চোৱা, যিসকলে তোমাৰ স্বামীক মৈদাম দিব গৈছিল; তেওঁলোক আহি দুৱাৰৰ ওচৰ পাইছেহি, তেওঁলোকে তোমাকো বাহিৰলৈ লৈ যাব"। \v 10 তেতিয়াই পিতৰৰ চৰণত পৰি চফীৰাই প্ৰাণ ত্যাগ কৰিলে। যুবকসকলে ভিতৰলৈ আহি, চাফীৰাকো মৃত দেখিলে৷ তেতিয়া তেওঁকো বাহিৰলৈ নি তেওঁৰ স্বামীৰ কাষতে মৈদাম দিলে। \v 11 মণ্ডলীৰ সকলো লোকে যেতিয়া এই কথা শুনিলে, তেওঁলোকে অতিশয় ভয় খালে। \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 12 পাছত পাঁচনিসকলৰ দ্বাৰাই মানু্হৰ মাজত অনেক চিন আৰু আচৰিত কার্য হবলৈ ধৰিলে। তেওঁলোক সকলোৱে চলোমনৰ বাৰাণ্ডাত গোট খাইছিল। তেওঁলোকৰ উদ্দেশ্যও একে আছিল । \v 13 যদিও সকলোৱে তেওঁলোকক সমাদৰ কৰিলে, তথাপিও আন লোকসকলে তেওঁলোকৰ মাজত সোমাবলৈ সাহস নকৰিলে।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 14 কিন্তু ইয়াৰ মাজৰে অনেক পুৰুষ আৰু মহিলাই বিশ্বাস কৰি প্রভুৰ বিশ্বাসত যোগ দিলে। \v 15 ইয়াৰ উপৰিও লোকসকলে পিতৰ অহা-যোৱা কৰোতে তেওঁৰ ছাঁ যেন ৰোগীসকলৰ গাত পৰে, এই আশাৰে ৰোগীসকলক বিচনা আৰু খাটত তুলি বাটৰ কাষত থলেহি। \v 16 যিৰূচালেমৰ ওচৰ-পাজৰৰ নগৰৰ পৰা বহু মানুহে ৰুগীয়া আৰু অশুচি আত্মাই ধৰা লোকসকলক লৈ আহিল আৰু তেওঁলোকক সুস্থ কৰা হ’ল। \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 17 কিন্তু মহা পুৰোহিত আৰু তেওঁৰ লগৰ অর্থাৎ চদ্দূকী দলৰ লোকসকল ঈর্ষাত জ্বলি উঠিল \v 18 তেওঁলোকে পাঁচনিসকলক ধৰি আনি ৰাইজৰ কাৰাগাৰত বন্দী কৰি থলে।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 19 কিন্তু ৰাতি হলত প্ৰভুৰ এজন দূত আহি বন্দীশালৰ দুৱাৰ খুলি তেওঁলোকক বাহিৰলৈ যাব দি কলে, \v 20 “যোৱা, তোমালোকে গৈ মন্দিৰত থিয় হৈ, অনন্ত জীৱনৰ সকলো কথা লোকসকলৰ আগত কোৱাগৈ”। \v 21 আজ্ঞা অনুসাৰে তেওঁলোকে ৰাতি পুৱাতে মন্দিৰত সোমাই উপদেশ দিলে। আনফালে প্রধান পুৰোহিত আৰু তেওঁৰ সংগীসকলে আহি ইহুদী সকলৰ জেষ্ঠ লোকসকলৰ এক মহাসভা মাতিলে আৰু পাঁচনিসকলক বন্দীশালৰ পৰা আনিবলৈ মানুহ পঠালে।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 22 কিন্তু সেই লোকসকলে বন্দীশাললৈ গৈ তেওঁলোকক দেখা নাপালে আৰু উভতি আহি ক’লে, \v 23 “আমি বন্দীশালৰ দু্ৱাৰ টানকৈ বান্ধি থোৱা দেখিলোঁ আৰু ৰখীয়াবোৰেও দুৱাৰত থিয় হৈ আছে; কিন্তু দুৱাৰ খুলি ভিতৰত তেওঁলোকক দেখা নাপালোঁ।"
|
|
@ -0,0 +1 @@
|
||||||
|
\v 24 এই কথা শুনি মন্দিৰৰ সেনাধিপতি আৰু প্রধান পুৰোহিতসকলে ইয়াৰ পৰিণতি কি হব বুলি ভাবি হতবুদ্ধি হ’ল। \v 25 তেনেতে কোনোবা এজনে আহি জনালে যে, "আপোনালোকে যিসকল মানু্হক বন্দীশালত থৈছিল, সেই মানুহবোৰে মন্দিৰত থিয় হৈ লোকসকলক উপদেশ দি আছে।"
|
|
@ -0,0 +1 @@
|
||||||
|
\v 26 তেতিয়া সেনাধিপতিজনে তেওঁৰ লোকসকলৰ সৈতে সেই ঠাইলৈ গৈ পাঁচনিসকলক লৈ আহে। তাতে মানুহবোৰে পাথৰ মাৰিব পাৰে বুলি ভয় খাই তেওঁলোকে পাঁচনিসকলক কোনো বেয়া ব্যৱহাৰ নকৰিলে। \v 27 পাছত তেওঁলোকক আনি সভাত উপস্থিত কৰোতে, প্রধান পুৰোহিতে তেওঁলোকক প্রশ্ন কৰিলে, \v 28 "এই নামেৰে উপদেশ নিদিবলৈ আমি তোমালোকক কঠোৰ আজ্ঞা দিছিলোঁ; তথাপিও তোমালোকে নিজৰ শিক্ষাৰে যিৰূচালেম পূর্ণ কৰিছা আৰু সেই মানুহৰ ৰক্তপাতৰ বাবে আমাক দোষী কৰিব বিচাৰিছা।"
|
|
@ -0,0 +1 @@
|
||||||
|
\v 29 তেতিয়া পিতৰ আৰু আন পাঁচনিসকলে উত্তৰ দি কলে, “আমি মানুহৰ নহয়, ঈশ্বৰৰহে আজ্ঞা মনা উচিত। \v 30 যি জনক আপোনালোকে কাঠত ওলোমাই হত্যা কৰিলে, আমাৰ পূৰ্ব-পুৰুষসকলৰ ঈশ্বৰে সেই জন যীচুক মৃত্যুৰ পৰা জীয়ালে। \v 31 সেই যীচুক ঈশ্বৰে ৰজা আৰু ত্রাণকর্তা হিচাবে নিজৰ সোঁ-হাতে বহুৱাই উন্নত কৰিলে, যাতে ইস্ৰায়েলী সকলে মন পালটন কৰে আৰু যীচুৱে যেন তেওঁলোকৰ পাপ ক্ষমা কৰিব পাৰে। \v 32 এই কথাৰ আমি সাক্ষী আছো আৰু যিসকল ঈশ্বৰৰ বাধ্য হয়, ঈশ্বৰে তেওঁলোকক যি পবিত্ৰ আত্মা দিছে, সেই পবিত্র আত্মাও ইয়াৰ সাক্ষী।"
|
|
@ -0,0 +1 @@
|
||||||
|
\v 33 এই কথা শুনি মহাসভাৰ সভ্যসকল খঙত জ্বলি উঠিল আৰু পাঁচনিসকলক বধ কৰিবলৈ বিচাৰিলে। \v 34 কিন্তু তেতিয়া গমলীয়েল নামৰ এজন ফৰীচী, যি জন সকলো মানুহৰে সন্মানিত বিধানৰ এজন অধ্যাপক,তেওঁ থিয় হ'ল আৰু পাঁচনিসকলক অলপ সময়ৰ কাৰণে বাহিৰলৈ নিবৰ বাবে নির্দেশ দিলে।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 35 তাৰপাছত তেওঁ ক’লে, “হে ইস্ৰায়েলী সকল, এই লোকসকলক লৈ আপোনালোকে যি কৰিবলৈ গৈছে, সেই বিষয়ে সাৱধান হওঁক। \v 36 কিয়নো কিছুদিনৰ আগেয়ে থুদা নামৰ এজনে আহি, নিজকে বৰ এজন বুলি দাবী কৰিছিল আৰু কম-বেচি পৰিমাণে প্রায় চাৰিশ মানুহে থুদাৰ লগ হৈছিল। তেওঁক বধ কৰা হ’ল আৰু তেওঁৰ অনুগামীবোৰও সিচঁৰিত হৈ কোনো চিন-চাব নোহোৱা হ’ল। \v 37 এই মানুহজনৰ পাছত, লোকপিয়লৰ সময়ত গালীলৰ যিহূদা নামৰ এজন ওলাল আৰু তেওঁ ভালেমান মানুহক নিজৰ ফাললৈ আনিলে ; তেৱোঁ নিহত হোৱাত তেওঁৰ অনুগামী সকলো ছিন্ন-ভিন্ন হৈ গ’ল। \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 38 এতিয়া মই আপোনালোকক কওঁ, এই লোকসকলৰ পৰা দূৰৈত থাকক আৰু তেওঁলোকক এৰি দিয়ক; কিয়নো এই পৰিকল্পনা বা কৰ্ম যদি মানুহৰ পৰা হয়, তেন্তে ই ব্যর্থ হব৷ \v 39 কিন্তু যদিহে ঈশ্বৰৰ পৰা হয়, তেনেহলে আপোনালোকে তেওঁলোকক বন্ধ কৰিব নোৱাৰিব। হয়তো দেখিব যে, আপোনালোকে ঈশ্বৰৰ বিৰুদ্ধেই যুদ্ধ কৰিছে।” তেতিয়া, তেওঁলোকে এই পৰামর্শ গ্ৰহন কৰিলে।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 40 তাৰপাছত তেওঁলোকে পাঁচনিসকলক ভিতৰলৈ মাতি আনি কোবাই, যীচুৰ নামেৰে কোনো কথা নকবলৈ নির্দেশ দি যাবলৈ দিলে। \v 41 পাঁচনিসকলে যীচুৰ নামত অপমান পোৱাৰ যোগ্য হোৱাৰ কাৰণে আনন্দিত হৈ মহাসভাৰ পৰা গুছি গল। \v 42 ইয়াৰ পাছত তেওঁলোকে প্ৰতিদিনে মন্দিৰত আৰু সকলো ঘৰতে গৈ শিক্ষা দিবলৈ ধৰিলে আৰু যীচুৱেই যে খ্ৰীষ্ট এই কথা প্ৰচাৰ কৰি থাকিল।
|
|
@ -0,0 +1 @@
|
||||||
|
\v 1 যেতিয়া আগ্রিপ্পই পৌলক নিজৰ পক্ষত কথা কবলৈ অনুমতি দিলে, তেতিয়া পৌলে হাত মেলি নিজৰ পক্ষে উত্তৰ দিব ধৰিলে। \p \v 2 তেওঁ কলে, "হে ৰজা আগ্ৰিপ্প, ইহুদী সকলে মোৰ বিষয়ে যি অভিযোগ দিছে; সেই বিষয়ে আজি আপোনাৰ সন্মুখত আত্মপক্ষ সমর্থন কৰিবলৈ পাই নিজকে মই ধন্য মানিছো৷ \v 3 ইহুদী সকলৰ মাজত বিশেষকৈ যিবোৰ নীতি-নিয়ম আৰু বাদ-বিচাৰ আছে, সেই সকলোবোৰৰ বিষয়ে আপোনাৰ জ্ঞান আছে; সেইবাবেই বিনয় কৰোঁ আপুনি যেন ধৈর্য্য ধৰি মোৰ কথাবোৰ শুনে৷ \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 4 মোৰ আচাৰ-ব্যৱহাৰৰ বিষয়ে ডেকা কালৰে পৰা নিজ জাতিৰ লোক সকলে আৰু যিৰূচালেমত থকা সকলো ইহুদী লোকে জানে৷ \v 5 ইয়াৰ উপৰিও তেখেত সকলে ইয়াকো জানে যে, মই ফৰীচী হৈয়ো কি দৰে আমাৰ ধর্মৰ সকলো কঠিন নিয়মবোৰ পালন কৰি প্ৰকৃত ফৰীচী এজনৰ দৰেই জীৱন-যাপন কৰিছিলোঁ৷ এই বিষয়ে তেখেত সকলে সাক্ষীও দিব পাৰে৷" \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 6 "ঈশ্ৱৰে আমাৰ পূর্ব পুৰুষ সকলৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, \f + \fr 26:6 \ft যিচ ৭:১৪ ; ৯:৬ ; যিৰি ২৩:৫ ; ৩৩:১৪-১৬ ; পাঁ ১৩:৩২,৩৩৷ \f* সেইবোৰ পূর্ণ হোৱাৰ বাবেহে মই এতিয়া সোধ-বিচাৰত পৰি, থিয় হৈ আছো ৷ \v 7 সেই অঙ্গীকাৰৰ ফল পাবলৈ আমাৰ বাৰটা জাতিয়ে, ৰাতিয়ে দিনে উৎসাহেৰে আৰাধনা কৰি, আশা কৰি আছে। সেই আশাৰ কাৰণে, হে মহাৰাজ, ইহুদী সকলে মোক অপবাদ দিছে ৷ \v 8 ঈশ্ৱৰে যদি মৃতলোকক পুনৰুত্থিত কৰে তেনেহলে আপোনালোকে কিয় অবিশ্ৱাস্য বোধ কৰিছে? \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 9 ময়ো সেইদৰে নাচৰতীয়া যীচুৰ নামৰ বিৰুদ্ধে অনেক বিপৰীত আচৰণ কৰিব লাগে বুলি নিজে ভাবিছিলোঁ, \v 10 আৰু সেইদৰেই যিৰূচালেমত কৰিছিলোঁ৷ অর্থাৎ প্ৰধান পুৰোহিতৰ পৰা ক্ষমতা পাই, অনেক পবিত্ৰ লোকক বন্দীশালত থৈছিলোঁ আৰু তেখেত সকলক বধ কৰাৰ সময়ত, মই নিজে সন্মতিও প্ৰকাশ কৰিছিলোঁ৷ \v 11 এনেদৰে মই তেখেত সকলক শাস্তি দি যীচু খ্ৰীষ্টৰ নিন্দা কৰিবলৈ জোৰ কৰিছিলোঁ৷ তেখেত সকলৰ বিৰুদ্ধে ক্ষোভ ইমানেই তীব্ৰ হৈ উঠিছিল যে, তেখেত সকলক তাড়না কৰিবৰ বাবে মই বিদেশৰ চহৰ সমুহলৈকো যাত্ৰা কৰিছিলোঁ৷ \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 12 এইদৰে প্ৰধান পুৰোহিতৰ সকলৰ পৰা ক্ষমতা আৰু আজ্ঞা-পত্ৰ পোৱাৰ পাছত, দম্মেচক নগৰলৈ যাত্ৰা কৰোঁতে, \v 13 হে মহাৰাজ, দুপৰীয়া বাটৰ মাজত সূর্যৰ ৰশ্মিতকৈয়ো দীপ্তিমান এটি পোহৰ আকাশৰ পৰা আহি মোৰ আৰু মোৰ লগত যাত্ৰা কৰি থকা লোক সকলৰ চাৰিওফালে প্ৰকাশিত হ'ল৷ \v 14 তেতিয়া আমি সকলোৱে মাটিত বাগৰি পৰিলো আৰু এনেতে মই ইব্ৰী ভাষাৰে কোৱা এটি বাণী শুনিলোঁ, "হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা? জোঙত লাথি মৰা তোমালৈ টান"; \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 15 তেতিয়া মই সুধিলোঁ, "হে প্ৰভু, আপুনি কোন"? তেতিয়া প্ৰভুৱে কলে, "যি জনক তুমি তাড়না কৰিছা, মই সেই যীচু৷ \v 16 এতিয়া উঠা, তোমাৰ ভৰিত ভৰ দি থিয় হোৱা; কিয়নো, তুমি যি দর্শনত মোক দেখা পালা আৰু ইয়াৰ পিছত এই মানুহবোৰৰ আৰু অনা-ইহুদী সকলৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰি যি দর্শনত মই তোমাক দেখা দিম, সেই সকলো বিষয়ৰ প্ৰচাৰক আৰু সাক্ষী হবলৈ তোমাক মনোনীত কৰিবৰ বাবে মই দর্শন দিলোঁ; \v 17 আৰু তেওঁলোকে যেন মোক বিশ্ৱাস কৰাৰ দ্ৱাৰাই পাপ-মোচন আৰু পবিত্ৰীকৃত হোৱা লোক সকলৰ মাজত ভাগ পায়, \v 18 এই মনোভাৱেৰে তেওঁলোকৰ চকু মুকলি হবলৈ \f + \fr 26:18 \ft যিচ ৪২:৬,৭ ; যো ৮:১২ ; ২ কৰি ৪:৩-৬৷ \f* আৰু অন্ধকাৰৰ পৰা পোহৰলৈ, চয়তানৰ অধিনৰ পৰা ঈশ্ৱৰলৈ ঘূৰিবৰ কাৰণে, তেওঁলোকৰ ওচৰলৈ মই তোমাক পঠাওঁ৷" \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 19 পৌলে এনেদৰে পুনৰ কবলৈ ধৰিলে- "হে ৰজা আগ্ৰিপ্প, মই সেই স্ৱর্গীয় দর্শনক অমান্য নকৰি \v 20 দম্মেচক আৰু যিৰূচালেমত থকা লোক সকলৰ আগত, পাছত যিহুদীয়া আৰু তাৰ সকলো অঞ্চলৰ লগতে অনা-ইহুদী সকলৰ আগতো মই প্ৰচাৰ কৰিলো, যাতে তেখেত সকলে মন-পালটাই ঈশ্ৱৰলৈ ঘূৰে আৰু মন-পালটনৰ যোগ্য আচৰণ ঈশ্ৱৰৰ সাক্ষাতে কৰে৷ \v 21 সেই কাৰণে ইহুদী সকলে ধর্ম্মধামত মোক ধৰি বধ কৰিবলৈ চেষ্টা কৰিছিল ৷ \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 22 এনেতে ঈশ্ৱৰৰ পৰা উপকাৰ পাই, আজিলৈ থিৰে আছো; \v 23 আৰু খ্ৰীষ্টৰ দুখভোগৰ পাত্ৰ হয় বা নহয় আৰু মৃতলোকৰ পুনৰুত্থানত প্ৰথম হৈ নিজ জাতি আৰু অনা-ইহুদী সকললৈ পোহৰ প্ৰকাশ কৰিব বা নকৰিব, ইয়াৰ বিষয়ে মই সৰু বৰ সকলোৰে আগত সাক্ষ্য দিওঁতে, ভাৱবাদী সকলে আৰু মোচিয়ে যি যি ঘটিব বুলি কৈছিল, সেই বিষয়ৰ বাহিৰে অন্য একো কথা কোৱা নাই৷" \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 24 তেওঁ এইদৰে নিজৰ পক্ষে উত্তৰ দিওঁতে, ফীষ্টে বৰ মাতেৰে কলে," হে পৌল, তুমি বলীয়া হৈছা; সৰহ বিদ্যাই তোমাক বলীয়া কৰিছে৷" \v 25 কিন্তু পৌলে কলে- "হে মহামহিম ফীষ্ট, মই বলীয়া হোৱা নাই; সত্য আৰু সুবোধৰ কথাহে কৈছোঁ৷ কিয়নো ৰজায়ো এই বিষয়ে জানে; এই কাৰণেহে মই তেওঁৰ আগত সাহসেৰে কৈছোঁ৷ \v 26 কিয়নো মই সুনিশ্চিত যে, এই বিষয়বোৰ প্ৰকাশ্যৰূপে ঘটিছে৷ এইবোৰ লুকুৱাই ৰাখিব নোৱাৰি কাৰণ ইয়াক গোপনে কৰা হোৱা নাই৷ \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 27 হে ৰজা আগ্ৰীপ্প, আপুনি ভাৱবাদী সকলৰ কথা বিশ্ৱাস কৰে নে? মই জানো আপুনি বিশ্ৱাস কৰে" ৷ \v 28 তেতিয়া আগ্ৰীপ্পই পৌলক কলে, "তুমি মোক খ্ৰীষ্টিয়ান কৰিবলৈ অলপ কথাৰেই মোৰ প্ৰবৃত্তি জন্মাব খুজিছা৷" \v 29 কিন্তু পৌলে কলে "অকল আপুনিয়েই নহয়, যি সকলে আজি মোৰ কথা শুনিছে, সেই সকলোৱে অলপ কথাৰে হওক, বা বহু কথাৰে হওক, এই শিকলিৰ বন্ধনৰ বাহিৰে, সকলো ভাৱে যেন মোৰ নিচিনা হয়, ঈশ্ৱৰৰ আগত এই প্ৰার্থনা মই কৰিছোঁ৷" \p
|
|
@ -0,0 +1 @@
|
||||||
|
\v 30 তেতিয়া ৰজা, দেশাধিপতি, বর্ণীকী আৰু তেওঁলোকৰ সৈতে বহা লোক সকলে উঠি, \v 31 আতৰ হৈ গৈ পৰষ্পৰে কথা-বাৰ্ত্তা কৰি কলে, "এই মানুহ জনে বন্ধন বা প্ৰাণদণ্ডৰ যোগ্য একো কর্ম কৰা নাই৷" \v 32 তেতিয়া আগ্ৰীপ্পই ফীষ্টক কলে, "এই মানুহ জনে চিজাৰৰ ওচৰত আপীল নকৰা হ'লে মুকলি হব পাৰিলেহেতেন৷"
|
|
@ -0,0 +1,29 @@
|
||||||
|
|
||||||
|
# License
|
||||||
|
## Creative Commons Attribution-ShareAlike 4.0 International (CC BY-SA 4.0)
|
||||||
|
|
||||||
|
This is a human-readable summary of (and not a substitute for) the full license found at http://creativecommons.org/licenses/by-sa/4.0/.
|
||||||
|
|
||||||
|
### You are free to:
|
||||||
|
|
||||||
|
* **Share** — copy and redistribute the material in any medium or format
|
||||||
|
* **Adapt** — remix, transform, and build upon the material
|
||||||
|
|
||||||
|
for any purpose, even commercially.
|
||||||
|
|
||||||
|
The licensor cannot revoke these freedoms as long as you follow the license terms.
|
||||||
|
|
||||||
|
### Under the following conditions:
|
||||||
|
|
||||||
|
* **Attribution** — You must attribute the work as follows: "Original work available at https://door43.org/." Attribution statements in derivative works should not in any way suggest that we endorse you or your use of this work.
|
||||||
|
* **ShareAlike** — If you remix, transform, or build upon the material, you must distribute your contributions under the same license as the original.
|
||||||
|
|
||||||
|
**No additional restrictions** — You may not apply legal terms or technological measures that legally restrict others from doing anything the license permits.
|
||||||
|
|
||||||
|
### Notices:
|
||||||
|
|
||||||
|
You do not have to comply with the license for elements of the material in the public domain or where your use is permitted by an applicable exception or limitation.
|
||||||
|
|
||||||
|
No warranties are given. The license may not give you all of the permissions necessary for your intended use. For example, other rights such as publicity, privacy, or moral rights may limit how you use the material.
|
||||||
|
|
||||||
|
This PDF was generated using Prince (https://www.princexml.com/).
|
|
@ -0,0 +1 @@
|
||||||
|
পাঁচনি
|
|
@ -0,0 +1,29 @@
|
||||||
|
{
|
||||||
|
"package_version": 6,
|
||||||
|
"format": "usfm",
|
||||||
|
"generator": {
|
||||||
|
"name": "ts-desktop",
|
||||||
|
"build": "5"
|
||||||
|
},
|
||||||
|
"target_language": {
|
||||||
|
"id": "as",
|
||||||
|
"name": "অসমীয়া",
|
||||||
|
"direction": "ltr"
|
||||||
|
},
|
||||||
|
"project": {
|
||||||
|
"id": "act",
|
||||||
|
"name": "Acts"
|
||||||
|
},
|
||||||
|
"type": {
|
||||||
|
"id": "text",
|
||||||
|
"name": "Text"
|
||||||
|
},
|
||||||
|
"resource": {
|
||||||
|
"id": "reg",
|
||||||
|
"name": "Regular"
|
||||||
|
},
|
||||||
|
"source_translations": [],
|
||||||
|
"parent_draft": {},
|
||||||
|
"translators": [],
|
||||||
|
"finished_chunks": []
|
||||||
|
}
|
Loading…
Reference in New Issue