as_ulb_rev/62-2PE.usfm

118 lines
25 KiB
Plaintext

\id 2PE
\ide UTF-8
\h 2 পিতৰ
\toc1 2 পিতৰ
\toc2 2 পিতৰ
\toc3 2pe
\mt1 2 পিতৰ
\s5
\c 1
\p
\v 1 মই চিমোন পিতৰ, যীচু খ্ৰীষ্টৰ এজন দাস আৰু পাঁচনি। যি সকলে আমাৰ ঈশ্বৰ আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ ধাৰ্মিকতাৰ মাধ্যমত আমি লাভ কৰাৰ দৰে একেই অমূল্য বিশ্বাস লাভ কৰিছে, সেই সকলৰ সমীপলৈ।
\s5
\p
\v 2 ঈশ্বৰ আৰু আমাৰ প্ৰভু যীচুক গভীৰ ভাৱে জনাৰ মাজেদি তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি বাহুল্যৰূপে হওক।
\s5
\p
\v 3 যি জনে নিজৰ মহিমা আৰু সদগুণেৰে আমাক আমন্ত্রণ কৰিলে, তেওঁক গভীৰ ভাৱে জনাৰ মাধ্যমেদি তেওঁৰ ঐশ্বৰিক শক্তিয়ে আমাক ঈশ্বৰৰ প্রতি ভক্তিপূর্ণ জীৱন-যাপন কৰাৰ সকলো বিষয় দান কৰিলে।
\v 4 তেওঁ এইবোৰৰ দ্বাৰাই আমাক মূল্যবান আৰু অতি মহৎ প্ৰতিজ্ঞাবোৰ দান কৰিলে। তেওঁ এনেদৰে কৰিলে যাতে তোমালোকে সেই প্রতিজ্ঞাবোৰৰ দ্বাৰাই জগতৰ মন্দ অভিলাষবোৰৰ দুর্নীতিৰ পৰা মুক্ত হৈ ঐশ্বৰিক স্বভাৱৰ সহভাগী হব পাৰা।
\s5
\p
\v 5 ঈশ্বৰে যি সকলো কৰিলে, তাৰ কাৰণে তোমালোকৰ বিশ্বাসৰ মাধ্যমেৰে সদগুণ লাভ কৰিবলৈ নিজে সম্পূর্ণৰূপে যত্ন কৰা। সদগুণৰ লগতে তোমাৰ জ্ঞানো বৃদ্ধি কৰা।
\v 6 জ্ঞানৰ লগত ইন্দ্ৰিয়দমন, ইন্দ্ৰিয়দমনৰ লগত ধৈৰ্য, ধৈৰ্যৰ লগত ঈশ্বৰভক্তি,
\v 7 ঈশ্বৰভক্তিৰ লগত পৰস্পৰৰ মাজত ভাতৃস্নেহ আৰু ভাতৃস্নেহৰ লগত প্ৰেম বৃদ্ধি কৰা।
\s5
\v 8 কিয়নো তোমালোকৰ যদি এই সকলো গুণ থাকে আৰু সেইবোৰ তোমালোকৰ মাজত বৃদ্ধি পায়, তেনেহলে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ তত্বজ্ঞানত তোমালোক কৰ্মহীন বা নিষ্ফল নহবা।
\v 9 যি জনৰ এই সকলো গুণ নাই, তেওঁ ওচৰতহে দেখে; আচলতে তেওঁ অন্ধ। তেওঁক যে পূৰ্বৰ পাপসমূহৰ পৰা শুচি কৰা হৈছে, সেই বিষয় তেওঁ পাহৰি গল।
\s5
\p
\v 10 এতেকে ভাইসকল, ঈশ্বৰে যে তোমালোকক আমন্ত্রণ আৰু মনোনীত কৰিছে, সেই বিষয়ে তোমালোকে নিজে নিশ্চিত হবৰ কাৰণে অধিক যত্ন কৰা। এইবোৰ কৰিলে, তোমালোকে উজুটি নাখাবা।
\v 11 তাতে আমাৰ প্রভু আৰু ত্ৰাণকর্তা যীচু খ্রীষ্টৰ অনন্ত ৰাজ্যত তোমালোকক অতি আন্তৰিকতাৰে প্রৱেশ কৰোঁৱা হব।
\s5
\p
\v 12 এই হেতুকে, যদিও তোমালোকে এই সকলোবোৰ জানা আৰু যি সত্য তাত থিৰে আছা, তথাপি মই সকলো সময়তে তোমালোকক এই বিষয়বোৰ মনত পেলাই দিবলৈ প্রস্তুত থাকিম;
\v 13 কিন্তু মই এইটো সঠিক বুলি ভাবো যে, যিমান দিন মই এই তম্বুৰূপ অস্থায়ী দেহত থাকিম, সিমান দিনলৈকে এই বিষয়বোৰ সোঁৱৰাই দি তোমালোকক জাগ্রত কৰি ৰখা মোৰ উচিত।
\v 14 কিয়নো মই জানো যে, শীঘ্রেই মই মোৰ তম্বু গুচাম; আমাৰ প্রভু যীচু খ্রীষ্টই ইয়াকে মোক জনালে।
\v 15 মই আপ্রাণ চেষ্টা কৰিছো যাতে মোৰ মৃত্যুৰ পাছতো তোমালোকে এই সকলো বিষয়বোৰ সকলো সময়তে মনত ৰাখা।
\s5
\p
\v 16 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পৰাক্ৰম আৰু তেওঁৰ আগমনৰ সম্বন্ধে তোমালোকক জনাওঁতে আমি চতুৰতাৰে সজা কোনো গল্প কথা কোৱা নাছিলো। আমি তেওঁৰ মহিমা নিজৰ চকুৰে দেখিছিলো।
\v 17 কিয়নো, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁতেই মই পৰম সন্তুষ্ট,” স্বর্গৰ গৌৰৱময় প্ৰতাপৰ দ্বাৰা তেওঁলৈ অহা এই বাণীৰ মাধ্যমেদি খ্রীষ্টই পিতৃ ঈশ্বৰৰ পৰা সন্মান আৰু গৌৰৱ পাইছিল।
\v 18 আমি যেতিয়া তেওঁৰ লগত সেই পবিত্ৰ পাহাৰত আছিলো, তেতিয়া স্বৰ্গৰ পৰা কোৱা এই মাত নিজে শুনিছিলো।
\s5
\v 19 ভাববাদী সকলৰ এই বাক্য আমাৰ ওচৰত অধিক ৰূপে নিশ্চিত হৈছে আৰু সেই বিষয়ত মনোযোগ দিয়া তোমালোকৰ পক্ষে ভাল। সেই বাক্য এক অন্ধকাৰ ঠাইত জ্বলি থকা চাকিৰ নিচিনা। যেতিয়ালৈকে ৰাতিপুৱা নহয় আৰু তোমালোকৰ হৃদয়ত প্রভাতীয় তৰাৰ উদয় নহয়, তেতিয়ালৈকে অন্ধকাৰৰ মাজতো সেয়ে পোহৰ দিব।
\v 20 সকলোৰে ওপৰত প্ৰথমে ইয়াকে জানি থোৱা যে, শাস্ত্ৰৰ কোনো ভাৱবাণী, ভাববাদী জনৰ নিজৰ যুক্তি-ব্যাখ্যাৰ পৰা নাহে;
\v 21 ভাৱবাণী কেতিয়াও মানুহৰ ইচ্ছাৰে নাহে, কিন্তু পবিত্ৰ আত্মাৰ পৰিচালনাত ভাববাদী সকলে ঈশ্বৰৰ পৰা পোৱা কথা কয়।
\s5
\c 2
\p
\v 1 অতীতত ইস্ৰায়েলবাসীৰ মাজত যেনেদৰে মিছলীয়া ভাববাদী সকল আছিল, তেনেদৰে তোমালোকৰ মাজলৈকো ভণ্ড শিক্ষকসকল আহিব। তেওঁলোকে মনে মনে এনেকুৱা কিছুমান বিৰোধী ভ্রান্ত মতবাদ লৈ আহিব যিয়ে লোক সকলক ধ্বংস কৰি দিব। এনে কি যি জনে তেওঁলোকক কিনি ললে, সেই প্ৰভুকো অস্বীকাৰ কৰিব; এইদৰে তেওঁলোকে শীঘ্রেই নিজলৈ ধ্বংস মাতি আনিব।
\v 2 অনেকে সেই ভূৱা শিক্ষক সকলৰ লম্পট আচৰণ অনুসৰণ কৰিব; তেওঁলোকৰ প্রৰোচনাত মানুহে সত্যৰ পথৰ বিষয়ে নিন্দা কৰিব।
\v 3 তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে তোমালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষকসকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়।
\s5
\p
\v 4 স্বর্গৰ দূতসকলে যেতিয়া পাপ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁলোকক এৰি দিয়া নাছিল; বৰং বিচাৰৰ দিন পর্যন্ত অন্ধকূপৰ বন্ধনত ৰক্ষিত হবলৈ তেওঁ সেইস কলক নৰকত পেলাই দিলে।
\v 5 ঈশ্বৰে সেই পুৰণি জগতকো এৰি দিয়া নাছিল; ঈশ্বৰৰ প্রতি ভক্তিহীন লোক সকলৰ ওপৰলৈ তেওঁ জলপ্লাৱন আনিলে; কেৱল নোহ আৰু তেওঁৰ লগত আন সাত জনক তেওঁ ৰক্ষা কৰিলে। এই নোহে লোক সকলক ধাৰ্মিকতাৰ পথত চলাৰ সম্বন্ধে প্রচাৰ কৰিছিল।
\v 6 চদোম আৰু ঘমোৰা নগৰ ভস্ম কৰি ঈশ্বৰে সেই নগৰৰ লোকসকলক বিচাৰ কৰি শাস্তি দিছিল। ইয়াৰ দ্বাৰা ঈশ্বৰে ভাবী কালত ঈশ্বৰৰ ভক্তিহীন লোকৰ শেষ অৱস্থা কি হব তাকেই উদাহৰণ স্বৰূপে স্থাপন কৰিলে।
\s5
\v 7 কিন্তু লোটক তেওঁ ৰক্ষা কৰিছিল। লোট ধাৰ্মিক লোক আছিল। সেই নগৰৰ বিধানহীন মানুহবোৰৰ অনৈতিক চাল-চলনত তেওঁ অতি ব্যথিত হৈছিল।
\v 8 সেই ধাৰ্মিক লোক জনে বিধানহীন মানুহবোৰৰ মাজত বাস কৰিছিল আৰু তেওঁৰ ধার্মিক আত্মাই প্রতিদিনে এই লোক সকলৰ অধার্মিক কার্যবোৰ দেখি আৰু সেইবোৰৰ বিষয়ে শুনি যন্ত্রণা ভোগ কৰিছিল।
\v 9 গতিকে যি সকল ঈশ্বৰ ভক্ত লোক, তেওঁলোকক কেনেদৰে পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিব লাগে, প্রভুৱে জানে। যি সকলে ঈশ্বৰক ভক্তি নকৰে, অধার্মিক লোক; তেওঁলোকক কেনেদৰে বিচাৰৰ দিনা শাস্তি দিয়া হব, সেই বিষয়েও প্রভুৱে জানে।
\s5
\p
\v 10 এই দণ্ড বিশেষ ভাৱে তেওঁলোকৰ বাবে, যি সকলে অশুচিতাৰ মাংসিক অভিলাষবোৰত চলে আৰু প্রভুৰ কৰ্তৃত্বক হেয়জ্ঞান কৰে। এই ভণ্ড শিক্ষক সকল দু:সাহসী আৰু তেওঁলোকে নিজৰ ইচ্ছামতে চলে। তেওঁলোকে এনে কি স্বর্গৰ দূত সকলকো নিন্দা কৰিবলৈ ভয় নকৰে।
\v 11 সকলো মনুষ্যতকৈয়ো স্বর্গৰ দূত সকল অধিক শক্তিশালী আৰু ক্ষমতাশালী, তথাপি প্রভুৰ ওচৰত তেওঁলোকৰ সম্বন্ধে কোনো দোষ, অভিযোগ উপস্থাপন নকৰে।
\s5
\p
\v 12 কিন্তু জ্ঞানহীন, বুদ্ধিহীন পশুবোৰ নিজৰ স্বভাৱগত বাসনাৰ অধীন, যাৰ জন্ম মৰিবৰ বাবেই হৈছে; ভণ্ড শিক্ষক সকলো এনে বিচাৰ-বুদ্ধিহীন পশুৰ নিচিনা; তেওঁলোকে যি নাজানে, সেই বিষয়ে নিন্দা কৰে। নিজৰ মন্দতাতে সিহঁত ধ্বংস হৈ যাব।
\v 13 নিজৰ মন্দ কামৰ বেচ হিচাপে সিহঁতে কষ্ট ভোগ কৰিব। এই লোক সকলে দিনৰ বেলা অন্যায় কাম কৰি আনন্দ কৰে। সেই সকল তোমালোকৰ মাজত অপৰিস্কাৰ দাগ আৰু কলঙ্ক স্বৰূপ। তেওঁলোকে তোমালোকৰ লগত ভোজন-পান কৰি নিজৰ প্রতাৰণাপূর্ণ সুখ উপভোগ কৰে;
\v 14 সকলো মহিলাৰ প্রতি তেওঁলোকৰ চকু ব্যভিচাৰেৰে ভৰা আৰু তেওঁলোকে পাপ কার্য কৰি কেতিয়াও সন্তুষ্ট নহয়; আৰু যি সকল চঞ্চলমনা, সেই সকলক ভুল পথত লৈ যায়৷ তেওঁলোকৰ মন কেৱল লোভ কৰাত অভ্যস্ত; তেওঁলোক অভিশপ্ত।
\s5
\v 15 এই ভণ্ড শিক্ষক সকলে পোন পথ ত্যাগ কৰি অপথে গৈছে। তেওঁলোকে বিয়োৰৰ পুত্ৰ বিলিয়মক অনুসৰণ কৰে; বিলিয়মে মন্দ কার্যক প্ৰেম কৰিলে আৰু তাৰে বেচ পাবলৈ উচিত দেখিছিল।
\v 16 কিন্তু বিলিয়মে তেওঁৰ অপৰাধৰ কাৰণে এটা গাধৰ পৰা কঠোৰ ধমক পালে। গাধ পশু হোৱা বাবে কথা কব নোৱাৰে। কিন্তু সেই গাধই মানুহৰ মাতেৰে কথা কৈ ভাববাদীৰ মূর্খ কার্যত বাধা দিছিল।
\s5
\p
\v 17 এই লোক সকল পানী নথকা নাদৰ নিচিনা আৰু ধুমুহা বতাহে চলাই নিয়া মেঘ স্বৰূপ। তেওঁলোকৰ কাৰণে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে।
\v 18 কিয়নো তেওঁলোকে অসাৰতাৰ গর্ব কথা কয় আৰু মানুহক মাংসিক অভিলাষ পূর্ণ কৰাৰ বাসনা জগায়। যি সকলে ভুল পথত জীৱন-যাপন কৰা লোক সকলৰ সঙ্গৰ পৰা হাত সাৰি আহিবলৈ চেষ্টা কৰে, এনে লোক সকলক তেওঁলোকে পাপ স্বভাৱৰ মাংসিক অভিলাষলৈ প্রলুব্ধ কৰে।
\v 19 এই ভণ্ড শিক্ষক সকলে তেওঁলোকক স্বাধীনতা দিয়াৰ প্ৰতিজ্ঞা কৰে, কিন্ত্ত নিজেই সেই সকলো নিন্দনীয় কামৰ দাস হৈ থাকে। কাৰণ যিহে এজন মানুহক জয় কৰি পৰিচালনা কৰে, তেওঁ তাৰে দাস হয়।
\s5
\v 20 কিয়নো প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টক গভীৰ ভাৱে জনাৰ ফলত জগতৰ মন্দতাৰ পৰা হাত সাৰি অহাৰ পাছতো যেতিয়া সেই একেই পাপৰ জীৱনলৈ পুণৰাই ঘূৰি যায়, তেনেহলে তেওঁলোকৰ প্রথম অৱস্থাতকৈ শেষ অৱস্থা অধিক বেয়া হব।
\v 21 কাৰণ যি পবিত্র বিধান তেওঁলোকে লাভ কৰিছিল, তাৰ পৰা যদি উলটি যায়, তেনেহলে তেওঁলোকৰ বাবে সেই ধাৰ্মিকতাৰ পথ নজনাই ভাল আছিল।
\v 22 তেওঁলোকৰ ক্ষেত্রত এই প্রবাদ সত্য হৈছে, “কুকুৰে নিজৰ বমিলৈ ঘূৰে আৰু গাহৰিক ধুউৱা হলেও সি বোকালৈকে আকৌ উলটি যায়।”
\s5
\c 3
\p
\v 1 হে প্ৰিয়সকল, মই তোমালোকলৈ লিখা এইখন দ্বিতীয় পত্ৰ; এই উভয়ৰ দ্বাৰাই সোঁৱৰণ কৰাই তোমালোকৰ নিৰ্মল মনক চেতনা দিছো;
\v 2 পবিত্ৰ ভাববাদী সকলে পূৰ্বতে কোৱা কথাবোৰ আৰু তোমালোকৰ পাঁচনি সকলে পোৱা ত্ৰাণকৰ্তা প্ৰভুৰ আজ্ঞা তোমালোকে যেন সোঁৱৰণ কৰা, তাৰ বাবে এই পত্ৰ লিখিছো।
\v 3 প্ৰথমে ইয়াকে জানিবা যে, শেষ কালত বিদ্ৰূপত আসক্ত বিদ্ৰূপকাৰী লোকবোৰ উপস্থিত হব; তেওঁলোকে নিজ নিজ কুঅভিলাষ অনুসাৰে চলিব৷
\v 4 তেওঁলোকে কব, “আমাৰ পিতৃৰ আগমনৰ প্ৰতিজ্ঞা কি হ’ল? কাৰণ আমি জানো আমাৰ পিতৃ পুৰুষ মৰাৰ সময়ৰ পৰা, এনে কি সৃষ্টিৰ আদিৰে পৰা একে দৰেই ঘটি আছে৷”
\s5
\p
\v 5 কাৰণ তেওঁলোকে পুর্বে কি ঘটিছিল তাক স্মৰণ নকৰি পাহৰি গল৷ প্ৰথমে যে আকাশ মণ্ডল জলৰ পৰা আৰু জলৰ দ্বাৰাই পৃথিৱী আৰু ঈশ্বৰৰ মুখৰ বাক্যৰ দ্বাৰা সকলো সৃষ্টি হ’ল,
\v 6 আৰু এই সময়তেই ঈশ্বৰৰ বাক্যৰ দ্বাৰাই জগত জলপ্লাবিত হৈ বিনষ্ট হৈছিল;
\v 7 একে বাক্যৰ গুণে বৰ্তমান এই কালৰ আকাশ মণ্ডল আৰু পৃথিৱী জুইৰ দ্বাৰাই ধ্বংস হবলৈ সংৰক্ষণ হৈছে, এইদৰে ভক্তিহীন মানুহবোৰো বিচাৰ আৰু বিনাশ হোৱাৰ দিনলৈকে ৰক্ষিত হৈ আছে৷
\s5
\p
\v 8 কিন্তু, প্ৰিয়সকল, তোমালোকে এই কথা নাপাহৰিবা যে ঈশ্বৰৰ আগত এদিনেই হাজাৰ বছৰৰ নিচিনা আৰু হাজাৰ বছৰেই এদিনৰ নিচিনা।
\v 9 প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে; কোনোৱে যদি পলম কৰা বুলি ভাবে, এনে নহয় ঈশ্বৰে কোনো এজনো যাতে বিনষ্ট নহয়, কিন্ত্ত সকলোৱে যেন মন পালটন কৰে সেয়ে তেওঁ আমাৰ কাৰণে ধৈর্য ধৰি আছে৷
\s5
\p
\v 10 কিন্তু চোৰ অহাৰ দৰে প্ৰভুৰ দিন আহিব, সেইদিনা আকাশ মণ্ডলে ডাঙৰ শব্দ কৰি গুচি যাব৷ আকাশৰ সকলো বস্তু জুইত জ্বলি ধ্বংস হব; পৃথিৱী আৰু তাৰ সকলো বস্তু পোৰা যাব।
\s5
\p
\v 11 এইদৰে আটাইবোৰ ধ্বংস হবলৈ যোৱা দেখি, তোমালোকে চিন্তা কৰাচোন, পবিত্ৰ ভক্তি আৰু আচাৰ-ব্যৱহাৰৰ যোগেদি তোমালোক কেনেকুৱা লোক হোৱা উচিত?
\v 12 পৰম আগ্ৰহেৰে ঈশ্বৰৰ সেই দিনৰ অপেক্ষাত থকা কাৰণে আকাশ মণ্ডল পুৰি লয়প্ৰাপ্ত হব আৰু মূলবস্তুবোৰ দগ্ধ হৈ গলি যাব।
\v 13 কিন্তু তেওঁৰ প্ৰতিজ্ঞাৰ দৰে, আমি নতুন আকাশ মণ্ডল আৰু নতুন পৃথিৱীলৈ অপেক্ষা কৰি আছো; সেইবোৰত ধাৰ্মিকতা নিবাস কৰে।
\s5
\p
\v 14 এতেকে, হে প্ৰিয়সকল, তোমালোকে এই সকলো ঘটনা ঘটিব বুলি অপেক্ষা কৰি আছা, সেয়েহে তোমালোকে যেন ঈশ্বৰৰ লগত নিষ্কলঙ্ক আৰু নিৰ্দোষী হৈ শান্তিৰে থাকিব পাৰা, তাৰ কাৰণে যত্ন কৰা।
\v 15 মনত ৰাখিবা, আমাৰ ঈশ্বৰৰ দীৰ্ঘ-সহিষ্ণুতাই তোমালোকক পৰিত্রাণৰ সময় দিছে; এইদৰে আমাৰ প্ৰিয় ভাই পৌলেও ঈশ্বৰে দিয়া জ্ঞান অনুসাৰে তোমালোকলৈ লিখিলে;
\v 16 আৰু এইবোৰ বিষয়ৰ প্ৰসঙ্গ উল্লেখ কৰি সকলো পত্ৰত লিখিলে; কোনো কোনো ঠাইত বুজিবলৈ টান কথা আছে; অজ্ঞ আৰু বিশ্বাসত দুর্ব্বল মানুহবোৰে শাস্ত্ৰৰ অন্যান্য কথাৰ যেনেকৈ অর্থ বিকৃত কৰে, তেনেকৈ পৌলৰ কথাৰ বিকৃত অর্থ কৰি নিজকেই বিনাশৰ পথত লৈ যায়।
\s5
\p
\v 17 এতেকে হে প্ৰিয়সকল, তোমালোকে এই সকলো বিষয় আগেয়ে জানি সাৱধানে থাকা, তোমালোক অনৈতিক কাৰ্য কৰা লোকৰ ভ্ৰান্ত পথত নাযাবা, নিজ বিশ্বাসৰ স্থিৰতাৰ পৰা যেন পতিত নোহোৱা, এই কাৰণে সাৱধানে থাকা।
\v 18 আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যোৱা। এতিয়া আৰু চিৰকাললৈকে তেওঁৰ মহিমা হওক। আমেন।