as_lev_text_ulb/05/14.txt

1 line
1.5 KiB
Plaintext

\v 14 তেতিয়া যিহোৱাই মোচিক ক’লে, \v 15 “যদি কোনোৱে যিহোৱাৰ পবিত্ৰ বস্তুৰ কোনো এটা বস্তু ৰাখি, আজ্ঞা লংঘন কৰি নজনাকৈ পাপ কৰে, তেন্তে তেওঁ জাকৰ পৰা, পবিত্ৰ-স্থানৰ চেকল অনুসাৰে যিহোৱাই নিৰূপণ কৰাৰ দৰে, অতি কমেও দুই চেকল দামৰ এটা নিৰ্ঘূণী মতা মেৰ দোষাৰ্থক বলি \f + \ft পুনৰ ভৰিবলগীয়া বলিদান \f* স্বৰূপে যিহোৱাৰ উদ্দেশ্যে আনিব লাগিব। \v 16 যি যি পবিত্ৰ বস্তু ৰাখি তেওঁ পাপ কৰিলে, যিহোৱাক সন্তুষ্ট কৰিবলৈ ক্ষতি পুৰণ কৰিব লাগিব আৰু তাৰ লগত পাঁচ ভাগৰ এভাগ পুৰোহিতক বেছিকৈ দিব লাগিব; পাছত পুৰোহিতে সেই দোষাৰ্থক মেৰটো বলি দিয়াৰ দ্বাৰাই তেওঁক প্ৰায়চিত্ত কৰিব, তেতিয়া তেওঁৰ পাপ ক্ষমা হ’ব।