\v 22 তোমালোকৰ স্বদেশীয় আৰু বিদেশীয় উভয়ৰ কাৰণে একে ৰূপবিধি হ’ব; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।” \v 23 তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সন্তান সকললৈ এই আজ্ঞা প্ৰকাশ কৰাত, লোকসকলে সেই শাও দিয়াজনক ছাউনিৰ বাহিৰলৈ নি, শিল দলিয়াই তেওঁক বধ কৰিলে। যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰেই, ইস্ৰায়েলৰ সন্তান সকলে কাৰ্য কৰিলে।