Mon Aug 09 2021 09:05:20 GMT-0500 (Central Daylight Time)

This commit is contained in:
Chuck Liesch 2021-08-09 09:05:23 -05:00
commit a3eb1dca78
375 changed files with 441 additions and 0 deletions

1
01/01.txt Normal file
View File

@ -0,0 +1 @@
\v 1 যিহোৱাই মোচিক মাতিলে, আৰু সাক্ষাৎ কৰা তম্বুৰ পৰা তেওঁ এই কথা ক’লে, \v 2 “তুমি ইস্ৰায়েলৰ সন্তানসকলক এই কথা কোৱা, ‘তোমালোকৰ মাজৰ কোনোৱে যদি যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰে, তেন্তে সেয়ে তোমালোকৰ ঘৰচীয়া পশুৰ জাক নতুবা মেষ বা পাৰ চৰাইৰ জাকৰ পৰা হ’ব লাগিব।

1
01/03.txt Normal file
View File

@ -0,0 +1 @@
\v 3 যদি তেওঁৰ উপহাৰ ঘৰচীয়া পশুৰ জাকৰ পৰা অনা হোম বলি হয়, তেন্তে নিৰ্ঘূণী মতা গৰু উৎসৰ্গ কৰিব লাগিব। যিহোৱাৰ আগত গ্ৰাহ্য হ’বৰ কাৰণে, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত ইয়াক উৎসৰ্গ কৰিব লাগিব। \v 4 পাছত তেওঁ হোম-বলিৰ মূৰত হাত দিব; তেতিয়া সেই বলি তেওঁৰ প্ৰায়শ্চিত্তৰ অৰ্থে তেওঁৰ পক্ষত গ্ৰাহ্য হ’ব।

1
01/05.txt Normal file
View File

@ -0,0 +1 @@
\v 5 আৰু তেওঁ যিহোৱাৰ সন্মুখত সেই দমৰা গৰুটো কাটিব। তেতিয়া হাৰোণৰ পুত্ৰ পুৰোহিত সকলে তাৰ তেজ আনিব, আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ সন্মুখত থকা যজ্ঞবেদীৰ চাৰিওফালে সেই তেজ ছটিয়াই দিব। \v 6 তেতিয়া সেই বলিৰ ছাল বখলিয়াই তাক খণ্ড খণ্ড কৰা হ’ব।

1
01/07.txt Normal file
View File

@ -0,0 +1 @@
\v 7 আৰু হাৰোণ পুৰোহিতৰ পুত্ৰসকলে বেদীৰ ওপৰত জুই ৰাখিব আৰু জুইৰ ওপৰত কাঠ জাপি দিব। \v 8 আৰু হাৰোণৰ পুত্ৰ পুৰোহিতসকলে সেই বেদীৰ ওপৰত থকা জুই আৰু কাঠৰ ওপৰত সেই খণ্ডবোৰ, মূৰ আৰু তেল ঠিক মতে ৰাখিব। \v 9 কিন্তু তেওঁ তাৰ নাড়ী-ভুৰু আৰু ঠেং পানীত ধুব লাগিব। তেতিয়া পুৰোহিতে বেদীৰ ওপৰত সেই সকলোকে দগ্ধ কৰিব। সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব।

1
01/10.txt Normal file
View File

@ -0,0 +1 @@
\v 10 আৰু যদি তেওঁৰ উপহাৰ মেৰ-ছাগ বা ছাগলীৰ জাকৰ পৰা অনা হোম-বলি হয়, তেন্তে তেওঁ নিৰ্ঘূণী মতা পশু উৎসৰ্গ কৰিব। \v 11 আৰু যজ্ঞবেদীৰ কাষত উত্তৰফালে যিহোৱাৰ সন্মুখত তাক কটা হ’ব; তেতিয়া হাৰোণৰ পুত্ৰ পুৰোহিত সকলে বেদীৰ চাৰিওফালে তাৰ তেজ ছটিয়াব।

1
01/12.txt Normal file
View File

@ -0,0 +1 @@
\v 12 পাছত তেওঁ তাক খণ্ড খণ্ড কৰি কাটিব; আৰু পুৰোহিতে তাৰ মূৰ আৰু তেলেৰে সৈতে তাক বেদীৰ ওপৰত থকা জুই আৰু কাঠৰ ওপৰত ঠিকমতে সজাই ৰাখিব। \v 13 কিন্তু তাৰ নাড়ী-ভুৰু আৰু ঠেং পানীৰে ধুব লাগিব; তাৰ পাছত পুৰোহিতে সেই সকলো উৎসৰ্গ কৰিব আৰু বেদীৰ ওপৰত দগ্ধ কৰিব; সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।

1
01/14.txt Normal file
View File

@ -0,0 +1 @@
\v 14 যদি যিহোৱাৰ উদ্দেশ্যে দিয়া তেওঁৰ উপহাৰ পক্ষীবোৰৰ মাজৰ পৰা অনা হোম-বলি হয়, তেন্তে তেওঁ কপৌবোৰৰ বা পাৰ পোৱালিবোৰৰ মাজৰ পৰা নিজ উপহাৰ উৎসৰ্গ কৰিব। \v 15 পাছত পুৰোহিতে তাক বেদীৰ ওপৰলৈ আনি, মূৰটো মুচৰি চিঙি, তাক বেদীত দগ্ধ কৰিব; আৰু তাৰ তেজ বেদীৰ কাষেৰে উলিয়াই দিব লাগিব।

1
01/16.txt Normal file
View File

@ -0,0 +1 @@
\v 16 পাছত পুৰোহিতে তাৰ নাড়ী-ভুৰু আৰু আমঠুটো লৈ, বেদীৰ কাষত থকা পূবফালৰ ছাঁই পেলোৱা ঠাইত পেলাই দিব লাগিব। \v 17 তাৰ পাছত পুৰোহিতে তাৰ ডেউকা দুখন কাটিব, কিন্তু সম্পূৰ্ণৰূপে তাক দুভাগ নকৰিব, আৰু বেদীত জুই আৰু কাঠৰ ওপৰত তাক দগ্ধ কৰিব; সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।

1
02/01.txt Normal file
View File

@ -0,0 +1 @@
\v 1 যেতিয়া কোনো এজনে যিহোৱাৰ উদ্দেশ্যে ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰে, তেতিয়া তেওঁৰ উপহাৰ মিহি আটাগুড়ি হ’ব; আৰু তেওঁ তাত তেল ঢালি তাৰ ওপৰত ধূপ-ধূনা দিব। \v 2 তেতিয়া তেওঁৰ সেই উপহাৰ তেওঁ হাৰোণৰ পুত্ৰ পুৰোহিত সকলৰ ওচৰলৈ আনিব; পাছত পুৰোহিতসকলৰ এজনে তাৰ পৰা এমুঠি মিহি আটাগুড়ি, এচলু তেল, আৰু আটাইখিনি ধূপ-ধূনা লৈ, তাৰ স্মৰণাৰ্থক অংশ বুলি তাক বেদীৰ ওপৰত দগ্ধ কৰিব; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ। \v 3 সেই ভক্ষ্য নৈবেদ্যৰ বাকীখিনি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ কাৰণে হ’ব; যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ মাজত সেয়ে অতি পবিত্ৰ।

1
02/04.txt Normal file
View File

@ -0,0 +1 @@
\v 4 যেতিয়া তুমি তন্দুৰত তাও দিয়া ভক্ষ্য নৈবেদ্য উপহাৰ স্বৰূপে উৎসৰ্গ কৰিবা, তেতিয়া তেল মিহলোৱা মিহি আটাগুড়িৰে কৰা খমিৰ নিদিয়া বিন্ধা থকা কেইটামান পিঠা, বা তেল ঢলা খমিৰ নিদিয়া কেইটামান পাতল চকলীয়া পিঠা দিব লাগিব। \v 5 আৰু যদি তাৱাত তাও দিয়া ভক্ষ্য নৈবেদ্য তোমাৰ উপহাৰ হয়, তেন্তে খমীৰ নিদিয়া তেল মিহলোৱা মিহি আটাগুড়িৰে কৰা পিঠা হ’ব।

1
02/06.txt Normal file
View File

@ -0,0 +1 @@
\v 6 তুমি তাক ডোখৰ-ডোখৰ কৰি, তাৰ ওপৰত তেল ঢালিবা; সেয়ে ভক্ষ্য নৈবেদ্য। \v 7 আৰু যদি কেৰাহীত ভজা ভক্ষ্য নৈবেদ্য তোমাৰ উপহাৰ হয়, তেন্তে তেলত ভাজি মিহি আটাগুড়িৰে কৰিব লাগিব।

1
02/08.txt Normal file
View File

@ -0,0 +1 @@
\v 8 এইবোৰ নিয়মৰ কোনো নিয়মৰে যুগুত কৰা ভক্ষ্য নৈবেদ্য তুমি যিহোৱাৰ উদ্দেশ্যে আনিবা; আৰু তাক পুৰোহিতক দিয়া হব। তেতিয়া তেওঁ তাক বেদীৰ ওচৰলৈ আনিব। \v 9 পুৰোহিত জনে সেই নৈবেদ্যৰ স্মৰণাৰ্থক অংশ লৈ বেদীত দগ্ধ কৰিব; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ। \v 10 আৰু সেই নৈবেদ্যৰ বাকীখিনি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ হ’ব; যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ মাজত সেয়ে অতি পবিত্ৰ।

1
02/11.txt Normal file
View File

@ -0,0 +1 @@
\v 11 তোমালোকে যিহোৱাৰ উদ্দেশ্যে যি কোনো ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা, তাক খমীৰেৰে যুগুত কৰা হ’ব নালাগে; কিয়নো খমীৰ বা মৌ ইয়াৰে একোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে তোমালোকে দগ্ধ নকৰিবা। \v 12 তোমালোকে প্ৰথম ফলৰ উপহাৰ বুলি তাক যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব পাৰা; কিন্তু সুঘ্ৰাণৰ অৰ্থে বেদীৰ ওপৰত তাক তোলা নাযাব। \v 13 আৰু তুমি নিজ ভক্ষ্য নৈবেদ্যৰ প্ৰত্যেক উপহাৰত লোণ সানিবা; তুমি নিজ ভক্ষ্য নৈবেদ্যত, নিজ ঈশ্বৰৰ নিয়মটিৰ চিন যি লোণ, তাক দিবলৈ ক্রুটি নকৰিবা; তোমাৰ সকলো উপহাৰবোৰ লোণে সৈতে উৎসৰ্গ কৰিবা।

1
02/14.txt Normal file
View File

@ -0,0 +1 @@
\v 14 তুযদি যিহোৱাৰ উদ্দেশ্যে তোমাৰ শস্যৰ প্ৰথম ফল নৈবেদ্য উপহাৰ ৰূপে আনা তেন্তে সেয়া জুইত সেকা থোক হব লাগিব। সেইবোৰ মোহাৰি চিঙি অনা নতুন শস্যৰ থোক হব লাগিব। \v 15 তাৰ পাছত তুমি তাৰ ওপৰত তেল আৰু ধূপ-ধূনা দিবা; সেয়ে ভক্ষ্য নৈবেদ্য। \v 16 পাছত পুৰোহিতে তাৰ স্মৰণাৰ্থক অংশ বুলি কিছু মোহৰা শস্য, কিছু তেল আৰু আটাইখিনি ধূপ-ধূনা দগ্ধ কৰিব; সেয়ে যিহোৱাৰ উদ্দেশ্যে অগ্নিতকৃত উপহাৰ।

1
03/01.txt Normal file
View File

@ -0,0 +1 @@
\v 1 যদি কোনো উপহাৰ মঙ্গলাৰ্থক \f + \ft যাত্ৰা 20:24 \f* বলি হয়, তেন্তে পশুৰ জাকৰ মতা বা মাইকীয়েই হওঁক, তাক উৎসৰ্গ কৰিলে, তেওঁ যিহোৱাৰ সন্মুখত এটা নিৰ্ঘূণী পশু উৎসৰ্গ কৰিব। \v 2 তেওঁ নিজ উপহাৰৰ মূৰত হাত দিব আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত তাক কাটিব; তেতিয়া হাৰোণৰ পুত্ৰ পুৰোহিত সকলে তাৰ তেজ বেদীৰ কাষৰ চাৰিওফালে ছটিয়াই দিব।

1
03/03.txt Normal file
View File

@ -0,0 +1 @@
\v 3 সেই লোক জনে তেওঁৰ সেই মঙ্গলাৰ্থক বলিৰ পৰা যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে তাৰ নাড়ি-ভুৰু ঢকা তেল, \v 4 নাড়ীত লাগি থকা আটাই তেল, ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ উৎসৰ্গ কৰিব; সেই ভাগ ঘিলালৈকে এৰুৱাই ল’ব। \v 5 তেতিয়া হাৰোণৰ পুত্ৰসকলে বেদীত, জুই, কাঠ আৰু হোমৰ ওপৰত তাক দগ্ধ কৰিব; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।

1
03/06.txt Normal file
View File

@ -0,0 +1 @@
\v 6 আৰু যদি তেওঁ যিহোৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলিৰ উপহাৰ মেৰ-ছাগ বা ছাগলীৰ জাকৰ পৰা দিয়ে, তেন্তে তেওঁ নিঘূণ মতা বা মাইকী পশু উৎসৰ্গ কৰিব। \v 7 নিজ উপহাৰৰ অৰ্থে যদি তেওঁ মেৰ-ছাগ পোৱালি উৎসৰ্গ কৰে, তেন্তে তেওঁ তাক যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিব। \v 8 তেওঁ নিজ উপহাৰৰ মূৰত হাত দিব আৰু সাক্ষাৎ কৰা তম্বুৰ সন্মুখত তাক কাটিব; তেতিয়া হাৰোণৰ পুত্ৰসকলে বেদীৰ কাষৰ চাৰিওফালে তাৰ তেজ ছটিয়াই দিব।

1
03/09.txt Normal file
View File

@ -0,0 +1 @@
\v 9 পাছত তেওঁ সেই মঙ্গলাৰ্থক বলিৰ পৰা যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে তাৰ তেল, গোটেইডাল নেগুৰ \f + \ft গোটেইডাল নেগুৰ সেই নেগুৰ ৰাজহাড়ৰ ওচৰৰ পৰা এৰুৱা হ’ব \f* , নাড়ী-ভুৰু ঢকা তেল আৰু নাড়ীত লাগি থকা আটাই তেল, \v 10 ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তাৰ তেলীয়া ভাগ উৎসৰ্গ কৰিব; তেওঁ এই ভাগবোৰ ঘিলালৈকে এৰুৱাই ল’ব। \v 11 তেতিয়া পুৰোহিতে তাক বেদীত দগ্ধ কৰিব। সেয়ে যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ স্বৰূপ ভক্ষ্য নৈবেদ্য।

1
03/12.txt Normal file
View File

@ -0,0 +1 @@
\v 12 আৰু যদি তেওঁৰ উপহাৰ ছাগলী হয়, তেন্তে তেওঁ তাক যিহোৱাৰ সন্মুখত দান কৰিব। \v 13 তেওঁ সেই ছাগলীৰ মূৰত হাত দিব আৰু সাক্ষাৎ কৰা তম্বুৰ সন্মুখত তাক কাটিব; তেতিয়া হাৰোণৰ পুত্ৰসকলে বেদীৰ কাষৰ চাৰিওফালে তাৰ তেজ ছটিয়াই দিব। \v 14 পাছত তেওঁ তাৰ পৰা নিজৰ নৈবেদ্য, অৰ্থাৎ যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে নাড়ী-ভুৰু ঢকা তেল, নাড়ীত লাগি থকা আটাই তেল এৰুৱাব।

1
03/15.txt Normal file
View File

@ -0,0 +1 @@
\v 15 তেওঁ তাৰ ভিতৰৰ ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ ঘিলালৈকে এৰুৱাই ল’ব। \v 16 তেতিয়া পুৰোহিতে বেদীৰ ওপৰত সেই সকলোকে দগ্ধ কৰিব; সেয়ে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ স্বৰূপ ভক্ষ্য দ্ৰব্য; সকলো তেল যিহোৱাৰ উদ্দেশ্যে হ’ব। \v 17 তোমালোকে তেল আৰু তেজ যে খাব নালাগে, এয়ে তোমালোকৰ পুৰুষানুক্ৰমে, তোমালোকে বাস কৰা সকলো ঠাইতে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি’।”

1
04/01.txt Normal file
View File

@ -0,0 +1 @@
\v 1 পাছত যিহোৱাই মোচিক ক’লে, \v 2 “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, ‘যেতিয়া কোনো লোকে, যিহোৱাই নিষেধ কৰা কোনো কৰ্ম কৰি নজনাকৈ পাপ কৰে, তেতিয়া তেওঁ এই ধৰণে কৰিব লাগিব; \v 3 তেতিয়া লোকসকলক দোষত পেলোৱাকৈ পাপ কৰা জন যদি অভিষিক্ত পুৰোহিত \f + \ft মহা পুৰোহিত \f* হয়, তেন্তে তেওঁ নিজে কৰা পাপৰ কাৰণে, যিহোৱাৰ উদ্দেশ্যে এটা নিঘূণ দমৰা ষাঁড়-গৰু পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰিব।

1
04/04.txt Normal file
View File

@ -0,0 +1 @@
\v 4 তেওঁ সেই দমৰা ষাঁড়-গৰুটো সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখেৰে যিহোৱাৰ আগলৈ আনিব আৰু ষাঁড়-গৰুটোৰ মূৰত হাত দি, যিহোৱাৰ সন্মুখত তাক কাটিব। \v 5 তেতিয়া সেই অভিষিক্ত পুৰোহিত জনে দমৰা ষাঁড়-গৰুটোৰ অলপ তেজ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ আনিব।

1
04/06.txt Normal file
View File

@ -0,0 +1 @@
\v 6 আৰু পুৰোহিত জনে সেই তেজত নিজৰ আঙুলি জুবুৰিয়াই পবিত্ৰ স্থানৰ প্ৰভেদক বস্ত্ৰৰ আগফালে যিহোৱাৰ সন্মুখত সাতবাৰ তাৰ কিছু তেজ ছটিয়াই দিব। \v 7 পুৰোহিত জনে তাৰে কিছু তেজ লৈ, সাক্ষাৎ কৰা তম্বুৰ ভিতৰত যিহোৱাৰ সন্মুখত থকা সুগন্ধি ধূপৰ বেদীৰ শিঙত লগাব; তেওঁ ভতৰা গৰুটোৰ বাকী তেজখিনি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত থকা হোম-বেদিৰ মূলত ঢালি দিব।

1
04/08.txt Normal file
View File

@ -0,0 +1 @@
\v 8 আৰু পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰা দমৰা গৰুটোৰ আটাইবোৰ তেল এৰুৱাই ল’ব; তাৰ নাড়ী-ভুৰু ঢকা তেল, নাড়ীত লাগি থকা আটাই তেল, \v 9 ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ - তেওঁ এই সকলো এৰুৱাই ল’ব। \v 10 মঙ্গলাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰা দমৰা গৰুটোৰ তেল যেনেকৈ এৰুৱাই লয়, তেনেকৈ এইটোৰো এৰুৱাই ল’ব। তেতিয়া পুৰোহিতে সেই সকলো হোমবেদিৰ ওপৰত দগ্ধ কৰিব।

1
04/11.txt Normal file
View File

@ -0,0 +1 @@
\v 11 পাছত সেই দমৰা গৰুটোৰ ছাল আৰু অৱশিষ্ট মঙহ, মূৰ আৰু ঠেং, নাড়ী-ভুৰু আৰু গোবৰৰ সৈতে, \v 12 দমৰা গৰুটোৰ ৰৈ যোৱা সকলো অৱশিষ্ট অংশ ছাউনিৰ বাহিৰত মোৰ কাৰণে, সেই শুচি কৰা ছাঁই পেলোৱা ঠাইলৈ লৈ আনিব; আৰু সেইবোৰ কাঠৰ ওপৰত তুলি জুইত জ্বলাই ভষ্ম \f + \ft ভষ্ম ছাঁই \f* কৰিব লাগিব, আৰু সেইবোৰ ছাঁই পেলাই দিয়া ঠাইতহে পুৰি ভষ্ম কৰিব লাগিব।

1
04/13.txt Normal file
View File

@ -0,0 +1 @@
\v 13 ইস্ৰায়েলী লোকসকলে \f + \ft ইস্ৰায়েল সমাজৰ সকলোৱে \f* যদি নজনাকৈ পাপ কৰে আৰু যিহোৱাই নিষেধ কৰা কোনো কৰ্ম কৰাৰ বিষয়ে যদি সমাজে নেদেখাকৈ থাকে, আৰু তেওঁলোক যদি দোষী হয়, \v 14 আৰু ইস্ৰায়েলী লোকসকলে কৰা সেই পাপ যেতিয়া প্ৰকাশ পাব, তেতিয়া তেওঁলোকে পাপাৰ্থক বলি স্বৰূপে এটা দমৰা দমৰা গৰু উৎসৰ্গ কৰিব আৰু তেওঁলোকে তাক সাক্ষাৎ কৰা তম্বুৰ সন্মুখলৈ আনিব। \v 15 তেতিয়া সমাজৰ পৰিচাৰকসকলে যিহোৱাৰ সন্মুখত সেই দমৰা গৰুটোৰ মূৰত হাত দিব আৰু তেওঁলোকৰ এজনে যিহোৱাৰ সন্মুখত তাক কাটিব।

1
04/16.txt Normal file
View File

@ -0,0 +1 @@
\v 16 তেতিয়া অভিষিক্ত পুৰোহিত জনে দমৰা গৰুটোৰ কিছু তেজ লৈ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ আনিব; \v 17 আৰু পুৰোহিত জনে সেই তেজত নিজ আঙুলি জুবুৰিয়াই, তাৰ কিছু তেজ প্ৰভেদক বস্ত্ৰৰ আগফালে যিহোৱাৰ সন্মুখত সাতবাৰ ছটিয়াব।

1
04/18.txt Normal file
View File

@ -0,0 +1 @@
\v 18 তেওঁ সেই তেজৰ পৰা কিছু তেজ লৈ, সাক্ষাৎ কৰা তম্বুৰ ভিতৰত যিহোৱাৰ সন্মুখত থকা বেদীৰ শিঙত লগাব, আৰু অৱশিষ্ট থকা তেজখিনি তেওঁ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থকা হোম বেদীৰ মূলত ঢালি দিব। \v 19 তেওঁ সেই বলিৰ পৰা তাৰ আটাইবোৰ তেল এৰুৱাই ল’ব আৰু বেদীৰ ওপৰত তাক দগ্ধ কৰিব।

1
04/20.txt Normal file
View File

@ -0,0 +1 @@
\v 20 তেওঁ সেই দমৰা দমৰা গৰুটোকো এইদৰে কৰিব। পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰা গৰুটো যেনেকৈ কৰে, তেনেকৈ দমৰা গৰুটোকো কৰিব। এইদৰে পুৰোহিত জনে লোকসকলক প্ৰায়শ্চিত্ত কৰিব আৰু তেতিয়া তেওঁলোকৰ পাপ ক্ষমা হ’ব। \v 21 তেওঁ সেই দমৰা গৰুটো চাউনিৰ বাহিৰলৈ নি প্ৰথম গৰুটোৰ নিচিনাকৈ তাকো পুৰি ভষ্ম কৰিব লাগিব; এয়েই সমাজৰ পাপাৰ্থক বলি।

1
04/22.txt Normal file
View File

@ -0,0 +1 @@
\v 22 যেতিয়া কোনো শাসনকৰ্ত্তাই নাজানি পাপ কৰে, নিজ ঈশ্বৰ যিহোৱাই নিষেধ কৰা কৰ্মবোৰৰ কোনো এটা কৰে, আৰু তেওঁ যদি দোষী হয়, \v 23 পাছত নিজে কৰা সেই পাপৰ বিষয়ে তেওঁ যেতিয়া জ্ঞাত হ’ব, তেতিয়া তেওঁ নিজ উপহাৰ স্বৰূপে এটা নিৰ্ঘূণী মতা ছাগলী আনিব।

1
04/24.txt Normal file
View File

@ -0,0 +1 @@
\v 24 তেওঁ সেই ছাগলীটোৰ মূৰত হাত দিব আৰু হোম-বলি কটা ঠাইত যিহোৱাৰ সাক্ষাতে তাক কাটিব; সেয়ে পাপাৰ্থক বলি। \v 25 তেতিয়া পুৰোহিতে নিজ আঙুলিৰে সেই পাপাৰ্থক বলিৰ অলপ তেজ লৈ, হোম বেদীৰ শিঙত লগাব; আৰু অৱশিষ্ট তেজ খিনি হোম বেদীৰ মূলত ঢালি দিব।

1
04/26.txt Normal file
View File

@ -0,0 +1 @@
\v 26 তেওঁ মঙ্গলাৰ্থক বলিৰ তেলৰ দৰে তাৰ আটাই তেল বেদীত দগ্ধ কৰিব। এইদৰে পুৰোহিতে শাসনকৰ্তা জনৰ পাপ-মোচনৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিব আৰু তেতিয়া তেওঁৰ পাপৰ ক্ষমা হ’ব।

1
04/27.txt Normal file
View File

@ -0,0 +1 @@
\v 27 আৰু সাধাৰণ লোকসকলৰ মাজৰ যদি কোনোৱে নজনাকৈ পাপ কৰে; যিহোৱাই নিষেধ কৰা কোনো কৰ্ম কৰে, আৰু সেই পাপত যদি তেওঁ দোষী হয়, \v 28 তেন্তে নিজে কৰা পাপ যেতিয়া তেওঁৰ জ্ঞাত হ’ব, তেতিয়া নিজে কৰা সেই পাপৰ কাৰণে নিজ উপহাৰ স্বৰূপে তেওঁ জাকৰ মাজৰ পৰা এজনী নিৰ্ঘূণী ছাগলী আনিব।

1
04/29.txt Normal file
View File

@ -0,0 +1 @@
\v 29 তেওঁ সেই পাপাৰ্থক বলিৰ মূৰত হাত দিব আৰু হোম-বলি কটা ঠাইত সেই পাপাৰ্থক বলি কাটিব। \v 30 তেতিয়া পুৰোহিতে আঙুলিৰে তাৰ কিছু তেজ লৈ, হোম বেদীৰ শিঙত লগাব আৰু তাৰ অৱশিষ্ট তেজখিনি বেদীৰ মূলত ঢালি দিব।

1
04/31.txt Normal file
View File

@ -0,0 +1 @@
\v 31 আৰু মঙ্গলাৰ্থক বলিৰ পৰা তেল এৰুৱাই লোৱাৰ দৰে তাৰো আটাইবোৰ তেল এৰুৱাই ল’ব; তাৰ পাছত পুৰোহিতে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে বেদীৰ ওপৰত তাক দগ্ধ কৰিব; এইদৰে পুৰোহিতে সেই লোক জনৰ পাপৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিব আৰু তেওঁৰ পাপ ক্ষমা হ’ব।

1
04/32.txt Normal file
View File

@ -0,0 +1 @@
\v 32 যদি তেওঁ পাপাৰ্থক বলিৰ উপহাৰ স্বৰূপে মেৰ-ছাগ পোৱালি আনে, তেন্তে তেওঁ এজনী নিৰ্ঘূণী চেঁউৰী মেৰ-ছাগ আনিব। \v 33 তাৰ পাছত তেওঁ সেই পাপাৰ্থক বলিৰ মূৰত হাত দিব আৰু হোমল বলি কটা ঠাইত পাপাৰ্থক বলি স্বৰূপে তাক কাটিব।

1
04/34.txt Normal file
View File

@ -0,0 +1 @@
\v 34 পুৰোহিতে নিজ আঙুলিৰে সেই পাপাৰ্থক বলিৰ কিছু তেজ লৈ হোম-বেদীৰ শিঙত লগাব আৰু অৱশিষ্ট তেজখিনি বেদিৰ মূলত ঢালি দিব। \v 35 তেওঁ মঙ্গলাৰ্থক বলিৰ মেৰ-ছাগ পোৱালিটোৰ তেল এৰুৱাই লোৱাৰ দৰে ইয়াৰো আটাইবোৰ তেল এৰুৱাই ল’ব আৰু যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰৰ বিধি মতে পুৰোহিতে বেদীত তাক দগ্ধ কৰিব; এইদৰে পুৰোহিতে লোক জনে কৰা পাপৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিব আৰু তেওঁৰ পাপ ক্ষমা হ’ব।”

1
05/01.txt Normal file
View File

@ -0,0 +1 @@
\v 1 যদি কোনো লোকে কোনো এক বিষয়ৰ কথা শুনি বা দেখি, সেই বিষয়ে সাক্ষ্য দিব পৰা হৈয়ো তাক প্ৰকাশ নকৰি পাপ কৰে, তেন্তে তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব। \v 2 অথবা কোনো অশুচি বনৰীয়া জন্তুৰ শৱ বা অশুচি ঘৰচীয়া পশুৰ শৱ আৰু অশুচি উৰগ আদি জন্তুৰেই হওঁক, যিটোক ঈশ্বৰে অশুচি কৰিলে, তাক যদি কোনোবাই কোনো অশুচি বস্তু বুলি নজনাকৈ স্পৰ্শ কৰি আনুষ্ঠানিকভাবে অশুচি হয়, তেন্তে তেওঁ দোষী হ’ব।

1
05/03.txt Normal file
View File

@ -0,0 +1 @@
\v 3 বা মানুহৰ যিকোনো ধৰণৰ অশৌচ হওঁক, তাক যদি কোনোৱে নজনাকৈ স্পৰ্শ কৰে, তেন্তে তেওঁ সেই বিষয়ে জানিলে দোষী হ’ব \f + \ft চাওক এই পুস্তক অধ্যায় 12 ৰ পৰা 14 \f* । \v 4 বা মানুহে অবিবেচনাৰে যি যি বিষয় শপত লয়, সেই সেই বিষয়ে ভাল কাৰ্যই হওঁক বা বেয়া কাৰ্যই হওঁক, কৰিম বুলি যদি কোনোৱে নিজ ওঁঠেৰে অবিবেচনাৰে, আগলৈ কি হব তাক নজনাকৈ শপত খায়, তেন্তে তেওঁ তাক জানিলে, সেই সেই বিষয়ত তেওঁ দোষী হব।

1
05/05.txt Normal file
View File

@ -0,0 +1 @@
\v 5 আৰু সেই বিষয়বোৰৰ কোনো বিষয়ত যেতিয়া কোনোজন দোষী হয়, তেতিয়া তেওঁ নিজ পাপ অৱশ্যে স্বীকাৰ কৰিব লাগিব। \v 6 তেওঁ নিজে কৰা পাপৰ দণ্ডস্বৰূপে পাপাৰ্থক বলিদানৰ বাবে, জাকৰ পৰা এজনী চেঁউৰী মেৰ-ছাগ বা চেঁউৰী ছাগলী যিহোৱাৰ উদ্দেশ্যে আনিব; আৰু পুৰোহিতে তেওঁৰ পাপৰ কাৰণে তেওঁক প্ৰায়শ্চিত্ত কৰিব।

1
05/07.txt Normal file
View File

@ -0,0 +1 @@
\v 7 যদি তেওঁ মেৰ বা ছাগলী আনিবলৈ অসমৰ্থ হয়, তেন্তে তেওঁ কৰা নিজৰ পাপৰ দণ্ডস্বৰূপে যিহোৱাৰ উদ্দেশ্যে দুটা কপৌ বা দুটা পাৰ পোৱালি আনিব, তাৰে এটা পাপাৰ্থক বলিৰ বাবে আৰু আনটো হোম-বলিৰ বাবে হ’ব। \v 8 তেওঁ সেই দুটাক পুৰোহিতৰ ওচৰলৈ আনিব; আৰু পুৰোহিতে আগেয়ে পাপাৰ্থক বলি উৎসৰ্গ কৰিবলৈ তাৰ মুৰৰ ওচৰত ডিঙি মুচৰিব, কিন্তু মূৰটো সম্পূৰ্ণকৈ নেৰুৱাব। \v 9 তাৰ পাছত পাপাৰ্থক বলিৰ অলপ তেজ বেদীৰ গাত ছটিয়াব আৰু অৱশিষ্ট তেজখিনি বেদীৰ মুলত বাকি দিব লাগিব; এয়ে পাপাৰ্থক বলি।

1
05/10.txt Normal file
View File

@ -0,0 +1 @@
\v 10 তেতিয়া তেওঁ প্ৰথমতে দিয়া বিধিমতে দ্বিতীয়টো হোমৰ অৰ্থে উৎসৰ্গ কৰিব। এইদৰে পুৰোহিতে, তেওঁ কৰা পাপৰ কাৰণে তেওঁক প্ৰায়চিত্ত কৰিব; আৰু তেওঁৰ পাপ ক্ষমা হ’ব।

1
05/11.txt Normal file
View File

@ -0,0 +1 @@
\v 11 কিন্তু তেওঁ যদি দুটা কপৌ বা দুটা পাৰ পোৱালি আনিবলৈ অসমৰ্থ হয়, তেন্তে তেওঁ নিজে কৰা পাপ কৰ্মৰ বাবে, নিজ উপহাৰ স্বৰূপে ঐফা \f + \ft এক ঐফা মানে 1 কিলোগ্ৰাম \f* ৰ দহ ভাগৰ এভাগ মিহি আটাগুড়ি, পাপাৰ্থক নৈবেদ্যস্বৰূপে আনিব; তাৰ ওপৰত তেল নিদিব, কিয়নো সেয়ে পাপাৰ্থক নৈবেদ্য।

1
05/12.txt Normal file
View File

@ -0,0 +1 @@
\v 12 তেওঁ ইয়াক নিশ্চয়ে পুৰোহিতৰ ওচৰলৈ আনিব আৰু পুৰোহিতে তেওঁৰ স্মৰণাৰ্থক নৈবেদ্য হিচাবে তেওঁৰ বুলি তেওঁৰ পৰা এমুঠি লৈ যিহোৱাৰ অগ্নিকৃত উপহাৰৰ বিধিমতে তাক বেদীত দগ্ধ কৰিব; সেয়ে পাপাৰ্থক নৈবেদ্য। \v 13 এইদৰে, পুৰোহিতে সেইবোৰৰ ভিতৰৰ কোনো এটা বিষয়ত, তেওঁ কৰা পাপৰ কাৰণে তাক প্ৰায়চিত্ত কৰিব; তেতিয়া তেওঁৰ পাপ ক্ষমা হ’ব; আৰু অৱশিষ্ট ভাগ ভক্ষ্য নৈবেদ্যৰ দৰে পুৰোহিতৰ হ’ব।

1
05/14.txt Normal file
View File

@ -0,0 +1 @@
\v 14 তেতিয়া যিহোৱাই মোচিক ক’লে, \v 15 “যদি কোনোৱে যিহোৱাৰ পবিত্ৰ বস্তুৰ কোনো এটা বস্তু ৰাখি, আজ্ঞা লংঘন কৰি নজনাকৈ পাপ কৰে, তেন্তে তেওঁ জাকৰ পৰা, পবিত্ৰ-স্থানৰ চেকল অনুসাৰে যিহোৱাই নিৰূপণ কৰাৰ দৰে, অতি কমেও দুই চেকল দামৰ এটা নিৰ্ঘূণী মতা মেৰ দোষাৰ্থক বলি \f + \ft পুনৰ ভৰিবলগীয়া বলিদান \f* স্বৰূপে যিহোৱাৰ উদ্দেশ্যে আনিব লাগিব। \v 16 যি যি পবিত্ৰ বস্তু ৰাখি তেওঁ পাপ কৰিলে, যিহোৱাক সন্তুষ্ট কৰিবলৈ ক্ষতি পুৰণ কৰিব লাগিব আৰু তাৰ লগত পাঁচ ভাগৰ এভাগ পুৰোহিতক বেছিকৈ দিব লাগিব; পাছত পুৰোহিতে সেই দোষাৰ্থক মেৰটো বলি দিয়াৰ দ্বাৰাই তেওঁক প্ৰায়চিত্ত কৰিব, তেতিয়া তেওঁৰ পাপ ক্ষমা হ’ব।

1
05/17.txt Normal file
View File

@ -0,0 +1 @@
\v 17 আৰু কোনোৱে যদি যিহোৱাই নিষেধ কৰা কোনো কৰ্ম কৰি পাপ কৰে, তেন্তে তেওঁ তাক নাজানিলেও দোষী হ’ব; আৰু নিজ অপৰাধৰ ফল ভোগ কৰিব। \v 18 তেওঁ দোষাৰ্থক বলিদানৰ বাবে, জাকৰ পৰা তোমাৰ নিৰূপিত মূল্য এটা নিৰ্ঘূণী মতা মেৰ পুৰোহিতৰ ওচৰলৈ আনিব আৰু পুৰোহিতে, তেওঁ নাজানি কৰা দোষৰ বাবে তেওঁক প্ৰায়চিত্ত কৰিব, তেতিয়া তেওঁৰ পাপৰ ক্ষমা হ’ব। \v 19 এয়ে হৈছে দোষাৰ্থক বলি; তেওঁ অৱশ্যে যিহোৱাৰ সাক্ষাতে দোষী।”

1
06/01.txt Normal file
View File

@ -0,0 +1 @@
\v 1 যিহোৱাই মোচিক ক’লে, আৰু মোচিয়ে, ক’লে, \v 2 “কোনোৱে যদি যিহোৱাৰ বিৰুদ্ধে আজ্ঞা লংঘন কৰি পাপ কৰে, আৰু কোনো লোকৰ তাত বস্তু থোৱা বা বন্ধক ৰখা বা অপহৰণ কৰা, কোনো বস্তুৰ বিষয়ে লোকৰ আগত মিছা কথা কোৱা বা লোকক অত্যাচাৰ কৰা \v 3 বা হেৰুৱা বস্তু পাই ৰাখি মিছা কথা কোৱা আৰু মিছা শপত কৰা আদি যি সকলো কৰ্মৰ দ্বাৰাই মানুহ পাপী হয়, \v 4 সেইবোৰৰ এটা কৰ্ম কৰি যদি পাপ কৰে আৰু দোষী হয়, তেন্তে তেওঁ যি বস্তু অপহৰণ কৰিলে বা অত্যাচাৰ কৰি পালে বা যি বস্তু থবলৈ তেওঁৰ হাতত গটাই দিয়া হ’ল বা হেৰুৱা বস্তু পাই ৰাখিলে, তাক পুনৰ ঘূৰাই দিব লাগিব।

1
06/05.txt Normal file
View File

@ -0,0 +1 @@
\v 5 বা যিকোনো বিষয়ত যদি তেওঁ মিছা শপত খালে, তেনেহলে নিশ্চয়কৈ সম্পূৰ্ণৰূপে তেওঁ সেই বস্তুৰ ক্ষতি পুৰণ কৰিব লাগিব আৰু তাৰ লগত পাঁচ ভাগৰ এভাগ বেছিকৈ দিব লাগিব আৰু তাৰ দোষ প্ৰকাশিত হোৱা দিনা তেওঁ সেই বস্তুৰ প্ৰকৃত গৰাকীক দিব লাগিব। \v 6 তেওঁ দোষাৰ্থক বলিদানৰ কাৰণে যিহোৱালৈ বলি আনিব আৰু ইয়াক জাকৰ পৰা নিৰূপিত মূল্যৰ এটা নিৰ্ঘূণী মতা মেৰ নিজৰ দোষাৰ্থক বলি স্বৰূপে পুৰোহিতৰ ওচৰলৈ আনিব। \v 7 পুৰোহিতে যিহোৱাৰ সন্মুখত তেওঁক প্ৰায়চিত্ত কৰিব; আৰু যি কৰ্মৰ দ্বাৰাই তেওঁ দোষী হয়, সেই দোষৰ পৰা তেওঁ ক্ষমা পাব।”

1
06/08.txt Normal file
View File

@ -0,0 +1 @@
\v 8 তেতিয়া যিহোৱাই মোচিক ক’লে, \v 9 “তুমি হাৰোণক আৰু তেওঁৰ পুত্ৰসকলক এই আজ্ঞা দিয়া, ‘হোমৰ নিয়ম এই: হোম-দ্ৰব্য ওৰে ৰাতি আনকি ৰাতিপুৱালৈকে বেদীৰ ওপৰত জুইশালত থাকিব আৰু বেদীৰ জুই তাৰ দ্ৱাৰাই জ্বলি থাকিব।

1
06/10.txt Normal file
View File

@ -0,0 +1 @@
\v 10 পুৰোহিতে শণ সূতাৰ অন্তৰ্বাস পিন্ধিব আৰু বেদীৰ ওপৰত অগ্নিকৃত হোমৰ পাছত যি ভস্ম অৱশিষ্ট থাকে, তাক গুচাই বেদীৰ দাঁতিত থব। \v 11 পাছত তেওঁ নিজৰ সেই বস্ত্ৰ পিন্ধিব আৰু ছাউনিৰ বাহিৰৰ কোনো শুচি ঠাইলৈ সেই ভস্ম লৈ যাব।

1
06/12.txt Normal file
View File

@ -0,0 +1 @@
\v 12 আৰু বেদীৰ ওপৰত জুই সদায় জ্বলি থাকিব, নুনুমাব; পুৰোহিতে প্ৰতি ৰাতিপুৱা তাৰ ওপৰত কাঠ দি জুই জ্বলাব, আৰু তাৰ ওপৰত হোম-বলি সজাই দিব, আৰু মঙ্গলাৰ্থক বলিৰ তেলখিনি তাৰ ওপৰত দগ্ধ কৰিব। \v 13 বেদীৰ ওপৰত অগ্নি সদায় জ্বলি থাকিব। ই কেতিয়াও নুমাই নাযাব।

1
06/14.txt Normal file
View File

@ -0,0 +1 @@
\v 14 শস্য উৎসৰ্গ \f + \ft উৎসৰ্গ ভক্ষ্য নৈবেদ্য \f* কৰাৰ নিয়ম এই। হাৰোণৰ পুত্ৰসকলে ইয়াক বেদীৰ আগত যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিব। \v 15 পাছত পুৰোহিতে ভক্ষ্য নৈবেদ্যৰ পৰা এমুঠি মিহি আটাগুড়ি আৰু সেই তেল লৈ নৈবেদ্যৰ ওপৰত থকা আটাইখিনি ধূপ-ধূনা লৈ, তাৰ স্মৰণাৰ্থক অংশ বুলি সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে বেদীত দগ্ধ কৰিব।

1
06/16.txt Normal file
View File

@ -0,0 +1 @@
\v 16 ইয়াৰ অৱশিষ্ট ভাগ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে ভোজন কৰিব; খমীৰ নিদিয়াকৈ কোনো পবিত্ৰ ঠাইত সেই ভাগ ভোজন কৰিব। \v 17 খমীৰেৰে সৈতে তাক তন্দুৰত তাও দিয়া নহ’ব। মই নিজ অগ্নিকৃত উপহাৰৰ পৰা তেওঁলোকৰ পাব লগীয়া ভাগ বুলি তাক দিলোঁ; পাপাৰ্থক বলি আৰু দোষাৰ্থক বলিৰ দৰে সেয়ে অতি পবিত্ৰ। \v 18 হাৰোণৰ সন্তান সকলৰ মাজত যি কোনো পুৰুষে তাক ভোজন কৰিব পাৰিব; যিহোৱাৰ অগ্নিকৃত উপহাৰৰ পৰা এয়ে পুৰুষানুক্ৰমে চিৰকাল তোমালোকৰ অধিকাৰ হ’ব। যিকোনোৱে ইয়াক স্পৰ্শ কৰিব, তেৱোঁ পবিত্ৰ হ’ব।”

1
06/19.txt Normal file
View File

@ -0,0 +1 @@
\v 19 পাছত যিহোৱাই মোচিক পুনৰ ক’লে, \v 20 “হাৰোণ অভিষিক্ত হোৱা দিনা তেওঁ আৰু তেওঁৰ পুত্ৰসকলে যিহোৱাৰ উদ্দেশ্যে যি উপহাৰ উৎসৰ্গ কৰিব, সেয়ে এই; তেওঁলোকে নিত্য ভক্ষ্য নৈবেদ্যৰ অৰ্থে, ঐফাৰ দহভাগৰ এভাগ মিহি আটাগুড়ি লৈ ৰাতিপুৱা আধা আৰু গধূলি আধা উৎসৰ্গ কৰিব।

1
06/21.txt Normal file
View File

@ -0,0 +1 @@
\v 21 তাক তেলেৰে তাৱাত যুগুত কৰিব লাগিব; সেয়ে ভজা হ’লে তাক তুমি ভিতৰলৈ আনিবা; তুমি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে, সেই ভক্ষ্য নৈবেদ্যৰ সিজোৱা খণ্ডবোৰ উৎসৰ্গ কৰিবা। \v 22 পাছত হাৰোণৰ পুত্ৰসকলৰ মাজৰ যি জন তেওঁৰ পদত অভিষিক্ত পুৰোহিত হ’ব, তেওঁ ইয়াক উৎসৰ্গ কৰিব। ইয়াক যিহোৱাৰ উদ্দেশ্যে সম্পূৰ্ণৰূপে দগ্ধ কৰা হ’ব; এয়ে চিৰস্থায়ী বিধি। \v 23 পুৰোহিতে দিয়া প্ৰত্যেক ভক্ষ্য নৈবেদ্য সম্পূৰ্ণৰূপে দগ্ধ কৰিব লাগিব, তাৰ একোকে খাব নালাগিব।”

1
06/24.txt Normal file
View File

@ -0,0 +1 @@
\v 24 যিহোৱাই মোচিক ক’লে, \v 25 “তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক কোৱা, ‘পাপাৰ্থক বলিদানৰ নিয়ম এই: যি ঠাইত হোমবলি কটা হ’ব, সেই ঠাইতে যিহোৱাৰ সন্মূখত পাপাৰ্থক বলিও কটা হ’ব; সেয়ে অতি পবিত্ৰ। \v 26 যি পুৰোহিতে পাপৰ অৰ্থে তাক উৎসৰ্গ কৰিব, তেৱেঁই তাক ভোজন কৰিব; সাক্ষাৎ কৰা তম্বুৰ চোতালত কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিব।

1
06/27.txt Normal file
View File

@ -0,0 +1 @@
\v 27 যিকোনোৱে তাৰ মাংস স্পৰ্শ কৰিব, তেওঁ পবিত্ৰ হ’ব; আৰু যদি তাৰ তেজৰ কিছু কোনো বস্ত্ৰত ছিতা লাগে, তেন্তে তুমি সেই তেজ লগা বস্ত্ৰ কোনো পবিত্ৰ ঠাইত ধুবা। \v 28 কিন্তু যি মাটিৰ পাত্ৰত তাক সিজোৱা হ’ব, তাক ভাঙি পেলাব লাগিব; যদি পিতলৰ পাত্ৰত তাক সিজোৱা হয়, তেন্তে তাক ভালদৰে মাজি পানীত ধুই পৰিষ্কাৰ কৰিব লাগিব।

1
06/29.txt Normal file
View File

@ -0,0 +1 @@
\v 29 পুৰোহিতসকলৰ মাজৰ যিকোনো পুৰুষে ইয়াক ভোজন কৰিব পাৰিব; সেয়ে অতি পবিত্ৰ। \v 30 আৰু পবিত্ৰ স্থানত প্ৰায়শ্চিত্ত কৰিবৰ বাবে যি পাপাৰ্থক বলিৰ তেজ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ অনা হ’ব, সেই বলিৰ অলপো ভোজন কৰা নহব; তাক জুইত পুৰি পেলোৱা হ’ব।

1
07/01.txt Normal file
View File

@ -0,0 +1 @@
\v 1 এইবোৰ দোষাৰ্থক বলিদানৰ নিয়ম: ই অতি পবিত্ৰ। \v 2 ‘যি ঠাইত হোম-বলি কটা হ’ব, সেই ঠাইতে দোষাৰ্থক বলিও কটা হ’ব; আৰু পুৰোহিতে বেদীৰ চাৰিওকাষে তাৰ তেজ ছটিয়াই দিব। \v 3 তেওঁ তাৰ সকলো তেল \f + \ft তেল চৰ্বি \f* উৎসৰ্গ কৰিব: চৰ্বিযুক্ত নেজ, ভিতৰভাগৰ নাড়ী-ভুৰুৰ তেল, \v 4 ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তাৰ তেলীয়া ভাগ উৎসৰ্গ কৰিব; আৰু সেই ভাগ ঘিলালৈকে এৰুৱাই ল’ব।

1
07/05.txt Normal file
View File

@ -0,0 +1 @@
\v 5 পাছত পুৰোহিতে সেই সকলোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে বেদীৰ ওপৰত দগ্ধ কৰিব; সেয়ে দোষাৰ্থক বলি। \v 6 পুৰোহিতসকলৰ মাজৰ যিকোনো পুৰুষে তাক ভোজন কৰিব পাৰিব আৰু কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিব লাগিব; সেয়ে অতি পবিত্ৰ।

1
07/07.txt Normal file
View File

@ -0,0 +1 @@
\v 7 পাপাৰ্থক বলি যেনে, দোষাৰ্থক বলিও তেনে। আৰু দুয়োৰো নিয়ম-নীতি একে। যি পুৰোহিতে তাৰ দ্বাৰাই প্ৰায়শ্চিত্ত কৰিব সেয়ে তেওঁৰ হ’ব। \v 8 আৰু যি পুৰোহিতে কোনো হোম-বলি উৎসৰ্গ কৰিব, নিজে উৎসৰ্গ কৰা সেই হোম বলিৰ ছাল তেওঁৰ নিজৰ হ’ব।

1
07/09.txt Normal file
View File

@ -0,0 +1 @@
\v 9 আৰু তন্দুৰত তাও দিয়া প্ৰত্যেক ভক্ষ্য নৈবেদ্য আৰু কেৰাহীত ভজা, বা তাৱাত তাও দিয়া সকলো বস্তু উৎসৰ্গকাৰী পুৰোহিতৰ হ’ব। \v 10 তেল মিহলোৱা বা শুকান প্ৰত্যেক ভক্ষ্য নৈবেদ্য হাৰোণৰ পুত্ৰসকলে সমানে পাব।

1
07/11.txt Normal file
View File

@ -0,0 +1 @@
\v 11 যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ নিয়ম এই। \v 12 যদি কোনোৱে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰে, তেনেহলে তেওঁ বলিৰ সৈতে, তেল মিহলোৱা খমীৰ নিদিয়া বিন্ধা থকা কেইটামান পিঠা, তেল নিদিয়া খমীৰ কেইটামান পাতল চকলীয়া পিঠা আৰু তেলত ভজা মিহি আটাগুড়িৰে কৰা তেল মিহলোৱা বিন্ধা থকা কেইটামান পিঠা উৎসৰ্গ কৰিব।

1
07/13.txt Normal file
View File

@ -0,0 +1 @@
\v 13 ধন্যবাদ দিয়াৰ উদ্দেশ্যে নিজ মঙ্গলাৰ্থক বলিৰে সৈতে খমীৰ দিয়া বিন্ধা থকা কেইটামান পিঠাও উপহাৰ স্বৰূপে উৎসৰ্গ কৰিব। \v 14 আৰু তেওঁ প্ৰত্যেক উপহাৰৰ পৰা এটা এটা পিঠা লৈ, উত্তোলনীয় উপহাৰ স্বৰূপে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব; যি পুৰোহিতে মঙ্গলাৰ্থক বলিৰ তেজ ছটিয়াব; তেৱেঁই তাক পাব।

1
07/15.txt Normal file
View File

@ -0,0 +1 @@
\v 15 ধন্যবাদ দিয়াৰ উদ্দেশ্যে দিয়া মঙ্গলাৰ্থক বলিৰ মাংসৰ উপহাৰ উৎসৰ্গ কৰাৰ দিনাখনে ভোজন কৰিব লাগিব; তাৰ অলপো ৰাতিপুৱালৈ ৰাখিব নোৱাৰিব। \v 16 কিন্তু তেওঁ উৎসৰ্গ কৰা বলি যদি সংকল্প কৰা বা নিজৰ ইচ্ছামতে এনেই দিয়া উপহাৰ হয়; তেন্তে বলি উৎসৰ্গ কৰা দিনাই তাক ভোজন কৰিব লাগিব; আৰু পাছ দিনাও তাৰ অৱশিষ্ট ভাগ ভোজন কৰিব পাৰিব।

1
07/17.txt Normal file
View File

@ -0,0 +1 @@
\v 17 কিন্তু তৃতীয় দিনা বলিৰ অৱশিষ্ট মাংস জুইত পুৰি ভস্ম কৰিব লাগিব। \v 18 যদি তৃতীয় দিনাও সেই মঙ্গলাৰ্থক বলিৰ অলপ মাংস ভোজন কৰে, তেন্তে সেই বলি গ্ৰহণ নহব আৰু সেই বলি উৎসৰ্গকাৰীৰ পক্ষে গণিত নহব; সেয়ে ঘিণলগীয়া হ’ব।

1
07/19.txt Normal file
View File

@ -0,0 +1 @@
\v 19 যদি কোনো মঙহ অশুচি বস্তুৰ লগত স্পৰ্শ হয়, তেনেহলে সেই মঙহ খাব পৰা নহ’ব। সেয়া জুইত পুৰি ভস্ম কৰা হ’ব। আন মঙহ হ’লে, প্ৰত্যেক শুচি মানুহে খাব পাৰিব। \v 20 যি কোনোৱে অশুচি হৈ থাকি যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ মাংস ভোজন কৰিব, সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।

1
07/21.txt Normal file
View File

@ -0,0 +1 @@
\v 21 আৰু কোনোৱে যদি কোনো অশুচি বস্তু অৰ্থৎ মানুহৰ অশুচি বস্তু বা অশুচি পশু বা কোনো অশুচি ঘৃণনীয় বস্তু স্পৰ্শ কৰি, যিহোৱালৈ উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ মাংস ভোজন কৰে, তেন্তে সেই মানুহ নিশ্চয় আপোন লোকসকলৰ মাজৰ পৰা উচ্ছন্ন হ’ব।”

1
07/22.txt Normal file
View File

@ -0,0 +1 @@
\v 22 পাছত যিহোৱাই মোচিক ক’লে, \v 23 “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘তোমালোকে গৰুৰ, কি মেৰৰ, কি ছাগলীৰ তেল নাখাবা। \v 24 আৰু নিজে-নিজেই মৰা বা জন্তুৰ দ্বাৰাই চিৰা পশুৰ তেল কোনো কামত লগাব পাৰা, কিন্তু তাক তোমালোকে কোনোমতে নাখাবা।

1
07/25.txt Normal file
View File

@ -0,0 +1 @@
\v 25 কিয়নো যিকোনো পশুৰ পৰা যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰা যায়, সেই পশুৰ তেল যি কোনোৱে খাব, সেই জনক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব। \v 26 আৰু তোমালোকে বাস কৰা কোনো ঠাইত, পক্ষীৰে হওঁক বা পশুৰেই হওঁক, তোমালোকে একোৰেই তেজ নাখাবা। \v 27 যি কোনোৱে কোনো ধৰণৰ তেজ খাব, সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব’।”

1
07/28.txt Normal file
View File

@ -0,0 +1 @@
\v 28 পাছত যিহোৱাই মোচিক ক’লে, \v 29 “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘যি জনে যিহোৱাৰ উদ্দেশ্যে নিজৰ মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব, সেই জনে নিজৰ মঙ্গলাৰ্থক বলিৰ পৰা যিহোৱাৰ উদ্দেশ্যে নিজ উপহাৰ আনিব। \v 30 তেওঁ নিজ হাতে যিহোৱাৰ অগ্নিকৃত উপহাৰ আনিব। দোলনীয় নৈবেদ্য স্বৰূপে বলিৰ আমঠু যিহোৱাৰ সন্মূখত দোলোৱা হবলৈ, আমঠুৱে সৈতে তেওঁ তেলখিনি আনিব।

1
07/31.txt Normal file
View File

@ -0,0 +1 @@
\v 31 আৰু পুৰোহিতে সেই তেল বেদীৰ ওপৰত দগ্ধ কৰিব; কিন্তু আমঠুটো হাৰোণৰ আৰু তেওঁ পুত্ৰসকলৰ হ’ব। \v 32 আৰু তোমালোকে নিজ নিজ মঙ্গলাৰ্থক বলিৰ সোঁ কৰঙন অংশটো উত্তোলনীয় উপহাৰৰ অৰ্থে পুৰোহিতক দিবা।

1
07/33.txt Normal file
View File

@ -0,0 +1 @@
\v 33 হাৰোণৰ পুত্ৰসকলৰ মাজৰ যি জনে মঙ্গলাৰ্থক বলিৰ তেজ আৰু তেল উৎসৰ্গ কৰিব, তেওঁ নিজৰ অঙ্গ স্বৰূপে সেই সোঁ কৰঙনটো পাব। \v 34 ইস্ৰায়েলৰ সন্তান সকলৰ পৰা মই তেওঁলোকৰ প্ৰত্যেক মঙ্গলাৰ্থক বলিৰ দোলনীয় উপহাৰ যি আমঠু আৰু উত্তোলনীয় উপহাৰৰ যি সোঁ পাছ-পিৰা, তাক লৈ ইস্ৰায়েলৰ সন্তান সকলে দিবলগীয়া বুলি চিৰস্থায়ী অধিকাৰ স্বৰূপে হাৰোণ পুৰোহিত আৰু তেওঁৰ পুত্ৰসকলক দিলোঁ।

1
07/35.txt Normal file
View File

@ -0,0 +1 @@
\v 35 যিদিনা তেওঁ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক যিহোৱাৰ পুৰোহিত কৰ্মৰ বাবে উপস্থিত কৰিলে, সেই দিনা যিহোৱাৰ অগ্নিকৃত উপহাৰৰ পৰা সেয়াই তেওঁলোকে পাবলগীয়া ভাগ। \v 36 তেওঁ তেওঁলোকক অভিষেক কৰা দিনা পুৰুষানুক্ৰমে ইস্ৰায়েলৰ সন্তান সকলে দিবলগীয়া বুলি চিৰস্থায়ী অধিকাৰ স্বৰূপে তাক তেওঁলোকক দিবলৈ যিহোৱাই আজ্ঞা কৰিলে।

1
07/37.txt Normal file
View File

@ -0,0 +1 @@
\v 37 এইবোৰেই হোম-বলি, ভক্ষ্য নৈবেদ্য, পাপাৰ্থক বলিৰ, দোষাৰ্থক বলি, নিযুক্তকৰণাৰ্থক বলি আৰু মঙ্গলাৰ্থক বলিৰ নিয়ম।” \v 38 যিহোৱাই যিদিনা চীনয় অৰণ্যত ইস্ৰায়েলৰ সন্তান সকলক যিহোৱাৰ উদ্দেশ্যে নিজ নিজ উপহাৰ উৎসৰ্গ কৰিবলৈ আজ্ঞা কৰিলে সেই দিনা তেওঁ চীনয় পৰ্ব্বতত মোচিক এইবোৰৰ বিষয়ে আজ্ঞা দিলে।

1
08/01.txt Normal file
View File

@ -0,0 +1 @@
\v 1 পাছত যিহোৱাই মোচিক ক’লে, \v 2 “তুমি হাৰোণক আৰু তেওঁৰ লগত তেওঁৰ পুত্ৰসকলক, লগত বস্ত্ৰবোৰ, অভিষেকাৰ্থক তেল, পাপাৰ্থক বলিদানৰ দমৰা গৰুটো, মতা মেৰ দুটা আৰু খমীৰ নিদিয়া পিঠাৰ খৰাহিটো লোৱা। \v 3 আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত গোটেই সমাজক গোটোৱা।”

1
08/04.txt Normal file
View File

@ -0,0 +1 @@
\v 4 সেয়ে মোচিয়ে যিহোৱাৰ আজ্ঞাৰ দৰে কৰিলে আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত সমাজ গোট খৱালে। \v 5 তেতিয়া মোচিয়ে গোট খোৱা সমাজক ক’লে, “যিহোৱাই এই কৰ্ম কৰিবলৈ আজ্ঞা কৰিলে।”

1
08/06.txt Normal file
View File

@ -0,0 +1 @@
\v 6 এইদৰে মোচিয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক ওচৰলৈ আনি পানীৰে গা ধুৱালে। \v 7 তেওঁ হাৰোণক অঙ্গৰক্ষক বস্ত্ৰ, টঙালি বন্ধা চোলা আৰু এফোদ পিন্ধাই, এফোদত নিপুণ ৰূপে বোৱা টঙালি কাপোৰ কঁকালত মেৰাই তাৰে সৈতে এফোদ বান্ধিলে।

1
08/08.txt Normal file
View File

@ -0,0 +1 @@
\v 8 তেওঁৰ বুকুত বুকুপতা দিলে আৰু বুকুপতাত পুৰীম আৰু তু্ম্মীম দিলে। \v 9 আৰু তেওঁৰ মূৰত পাগুৰি পিন্ধালে, আৰু পাগুৰিটোৰ ওপৰত আগফালে পবিত্ৰ মুকুট স্বৰূপ সোণৰ পতাখন লগাই দিলে। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।

1
08/10.txt Normal file
View File

@ -0,0 +1 @@
\v 10 মোচিয়ে অভিষেকাৰ্থক তেল লৈ, আবাস আৰু তাৰ সকলোকে অভিষেক কৰি পবিত্ৰ কৰিলে। \v 11 তাৰ পৰা অলপ তেল লৈ যজ্ঞবেদীৰ ওপৰত সাতবাৰ ছটিয়ালে আৰু বেদী আৰু তাৰ সকলো সজুলি, প্ৰক্ষালন-পাত্ৰ আৰু তাৰ খুৰা পবিত্ৰ কৰিবৰ অৰ্থে অভিষেক কৰিলে।

1
08/12.txt Normal file
View File

@ -0,0 +1 @@
\v 12 তেওঁ অভিষেকাৰ্থক তেলৰ কিছু লৈ, হাৰোণৰ মুৰত ঢালি দিলে আৰু তেওঁক পবিত্ৰ কৰিবৰ অৰ্থে অভিষেক কৰিলে। \v 13 মোচিয়ে হাৰোণৰ পুত্ৰসকলক আগলৈ আনি তেওঁলোককো অঙ্গৰক্ষক বস্ত্ৰ পিন্ধাই, কঁকালত টঙালি বান্ধি মুৰত পাগুৰি মাৰি দিলে। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।

1
08/14.txt Normal file
View File

@ -0,0 +1 @@
\v 14 তেতিয়া মোচিয়ে পাপাৰ্থক বলিদানৰ বাবে অনা দমৰা গৰুটো লৈ অহাৰ পাছত, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই পাপাৰ্থক গৰুটোৰ মূৰত হাত দিলে। \v 15 তেওঁ তাক কাটিলে আৰু মোচিয়ে তাৰ কিছু তেজ লৈ, আঙুলিৰে বেদীৰ চাৰিওফালৰ শিঙত লগাই বেদীটো পাপৰ পৰা মুক্ত কৰিলে; আৰু বাকী তেজখিনি লৈ, বেদীৰ মূৰত ঢালি দিলে আৰু তাক প্ৰায়চিত্ত কৰি পবিত্ৰ কৰিলে।

1
08/16.txt Normal file
View File

@ -0,0 +1 @@
\v 16 পাছত নাড়ী-ভুৰু লাগি থকা আটাই তেল আৰু কলিজাৰ ওচৰত থকা, তেলীয়া ভাগ, ঘিলা দুটা আৰু তাৰ তেল আতৰোৱাৰ পাছত, মোচিয়ে সেইবোৰ বেদীত দগ্ধ কৰিলে। \v 17 কিন্তু গৰুটো, ইয়াৰ ছাল, মাংস আৰু গোবৰেৰে সৈতে ছাউনিৰ বাহিৰত জুইত পুৰি ভস্ম কৰা হ’ল। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।

1
08/18.txt Normal file
View File

@ -0,0 +1 @@
\v 18 পাছত মোচিয়ে আন এটা মতা মেৰছাগ হোমবলিৰ বাবে লৈ আহিল; হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে মেৰছাগৰ মূৰত হাত দিলে। \v 19 তেওঁ তাক কাটিলে আৰু বেদীৰ চাৰিওঁফালে তাৰ তেজ ছটিয়াই দিলে।

1
08/20.txt Normal file
View File

@ -0,0 +1 @@
\v 20 মোচিয়ে মেৰছাগটোক খণ্ড খণ্ড কৰি কাটিলে, আৰু তাৰ মূৰ, আন খণ্ডবোৰ আৰু তেল জুইত পুৰিলে। \v 21 তেওঁ মেৰছাগটোৰ ভিতৰ অংশৰ নাড়ী-ভুৰু আৰু ঠেংকেইটা পানীত ধুলে, আৰু সম্পূৰ্ণ মেৰছাগটো বেদীত পুৰিলে। এয়ে হোম-বলি, সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।

1
08/22.txt Normal file
View File

@ -0,0 +1 @@
\v 22 তাৰ পাছত মোচিয়ে দ্বিতীয় মতা মেৰছাগটো আনিলে, এইটো অভিষেকৰ মেৰ-ছাগ; হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰছাগৰ মূৰত হাত দিলে। \v 23 হাৰোণে এইটো কটাৰ পাছত, মোচিয়ে ইয়াৰ অলপ তেজ লৈ, হাৰোণৰ সোঁ কাণত, মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিটোত লগাই দিলে। \v 24 পাছত তেওঁ হাৰোণৰ পুত্ৰসকলক নিজৰ ওচৰলৈ আনিলে আৰু তেওঁ সেই তেজৰ অলপমান তেওঁলোকৰো সোঁ কাণত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাই দিলে। তাৰ পাছত অৱশিষ্ট তেজখিনি বেদীৰ চাৰিওফালে ছটিয়াই দিলে।

1
08/25.txt Normal file
View File

@ -0,0 +1 @@
\v 25 পাছত তেওঁ তেল খিনি, নেজডাল, নাড়ী-ভুৰুত লাগি থকা আটাই তেল, কলিজা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ, ঘিলা দুটাৰ সৈতে তাৰ তেল আৰু পাছফালৰ সোঁ কৰঙনটো ল’লে। \v 26 আৰু যিহোৱাৰ সন্মূখত থকা খমীৰ নিদিয়া পিঠা, খৰাহিৰ পৰা এটা খমীৰ নিদিয়া বিন্ধা থকা পিঠা আৰু এটা পাতল চকলীয়া পিঠা লৈ, সেই তেল আৰু সোঁ কৰঙনটোৰ ওপৰত থলে। \v 27 আৰু হাৰোণ ও তেওঁৰ পুৰোহিতসকলৰ হাতত সেই সকলোকে দি, যিহোৱাৰ সন্মূখত দোলনীয় নৈবেদ্যৰ অৰ্থে দোলালে।

1
08/28.txt Normal file
View File

@ -0,0 +1 @@
\v 28 তেতিয়া মোচিয়ে, তেওঁলোকৰ হাতৰ পৰা সেইবোৰ লৈ, বেদীত হোম-বলিৰ ওপৰত দগ্ধ কৰিলে; এয়ে সুঘ্ৰাণৰ অৰ্থে দিয়া অভিষেকৰ নৈবেদ্য। এয়ে যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ। \v 29 পাছত তেওঁ আমঠুটো লৈ যিহোৱাৰ সন্মূখত দোলনীয় নৈবেদ্যৰ অৰ্থে দোলালে; অভিষেকৰ মেৰছাগটোৰ আমঠুটো মোচিৰ ভাগ হ’ল। যিহোৱাই দিয়া আজ্ঞাৰ দৰে মোচিয়ে এই সকলোকে কৰিলে।

1
08/30.txt Normal file
View File

@ -0,0 +1 @@
\v 30 পাছত মোচিয়ে অভিষেকাৰ্থক তেলৰ পৰা আৰু বেদীৰ ওপৰত থকা তেজৰো পৰা কিছু লৈ, হাৰোণৰ ওপৰত আৰু তেওঁৰ বস্ত্ৰৰ ওপৰত, তেওঁৰে সৈতে তেওঁৰ পুত্ৰসকলৰ ওপৰত আৰু তেওঁলোকৰ বস্ত্ৰৰ ওপৰতো ছটিয়াই দি, হাৰোণ আৰু তেওঁৰ বস্ত্ৰবোৰ আৰু তেওঁৰে সৈতে তেওঁ পুত্ৰসকল আৰু তেওঁলোকৰ বস্ত্ৰবোৰ পবিত্ৰ কৰিলে।

1
08/31.txt Normal file
View File

@ -0,0 +1 @@
\v 31 সেয়ে মোচিয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক ক’লে, “সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত তোমালোকে মঙহখিনি সিজাবা; আৰু ‘হাৰোণ ও তেওঁৰ পুত্ৰসকলে তাক ভোজন কৰিব লাগে’, এইবুলি কোৱা মোৰ আজ্ঞাৰ দৰে তোমালোকে সেই ঠাইত তাক আৰু নিযুক্ত কৰণাৰ্থক খৰাহিত থকা পিঠা ভোজন কৰিবা। \v 32 যিবোৰ বাকী থকা মাংস আৰু পিঠা ৰৈ যাব, সেইবোৰ জুইত পুৰি ভস্ম কৰিবা। \v 33 আৰু তোমালোকে সাত দিনলৈকে, অৰ্থাৎ তোমালোকক নিযুক্ত কৰা দিন শেষ নোহোৱালৈকে, সাক্ষাৎ কৰা তম্বু দুৱাৰৰ পৰা বাহিৰলৈ নাযাবা। কাৰণ তোমালোকক নিযুক্ত কৰোঁতে সাতদিন লাগিব।

1
08/34.txt Normal file
View File

@ -0,0 +1 @@
\v 34 আজি যেনেকৈ কৰা গ’ল, তোমালোকক প্ৰায়চিত্ত কৰিবৰ অৰ্থে তেনেকৈ কৰিবলৈ যিহোৱাই আজ্ঞা দিলে। \v 35 এই হেতুকে তোমালোকে মৰা নপৰিবৰ বাবে, সাত দিনলৈকে দিনে ৰাতিয়ে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থাকি যিহোৱাৰ পালনীয়খিনি পালন কৰিবা, কিয়নো মই এনে আজ্ঞা পালোঁ।” \v 36 যিহোৱাই মোচিৰ দ্বাৰাই যি সকলো কৰিবলৈ আজ্ঞা দিছিল, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই সকলোকে কৰিলে।

1
09/01.txt Normal file
View File

@ -0,0 +1 @@
\v 1 অষ্টম দিনা আনুষ্ঠানিকৰ পাছত মোচিয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকল আৰু ইস্ৰায়েলৰ পৰিচাৰক সকলক মাতি আনিলে। \v 2 তেওঁ হাৰোণক ক’লে, “তুমি নিজৰ অৰ্থে, পাপাৰ্থক বলিৰ কাৰণে জাকৰ পৰা এটা নিৰ্ঘূণী দামুৰি আৰু হোম-বলিৰ কাৰণে এটা নিৰ্ঘূণী মতা মেৰছাগ লৈ, যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰা।

1
09/03.txt Normal file
View File

@ -0,0 +1 @@
\v 3 আৰু ইস্ৰায়েলৰ সন্তান সকলক তুমি নিশ্চয় কোৱা, ‘তোমালোকে যিহোৱাৰ সন্মূখত বলিদান কৰিবৰ অৰ্থে, পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আৰু হোমৰ কাৰণে এটা এবছৰীয়া নিঘূণ দমৰা পোৱালী আৰু এটা এবছৰীয়া নিঘূণ মেৰছাগ পোৱালি, \v 4 আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে এটা বলদ গৰু আৰু এটা মতা মেৰছাগ আৰু তেল মিহলোৱা ভক্ষ্য নৈবেদ্য লোৱা; কিয়নো আজি যিহোৱাই তোমালোকক দৰ্শন দিব’।” \v 5 তেতিয়া তেওঁলোকে, মোচিয়ে আজ্ঞা কৰা সকলোকে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ নিলে আৰু গোটেই মণ্ডলী ওচৰ চাপি যিহোৱাৰ সন্মূখত থিয় হ’ল।

1
09/06.txt Normal file
View File

@ -0,0 +1 @@
\v 6 পাছত মোচিয়ে ক’লে, “যিহোৱাই তোমালোকক এই কৰ্ম কৰিবলৈ আজ্ঞা কৰিলে; ইয়াকে কৰিলে তোমালোকলৈ যিহোৱাৰ প্ৰতাপ প্ৰকাশিত হ’ব।” \v 7 পাছত মোচিয়ে হাৰোণক ক’লে, “তুমি বেদীৰ ওচৰলৈ গৈ, যিহোৱাৰ আজ্ঞা অনুসাৰে তোমাৰ পাপাৰ্থক বলি আৰু হোম-বলি উৎসৰ্গ কৰি, নিজক আৰু লোকসকলক প্ৰায়শ্চিত্ত কৰা; আৰু লোকসকলৰো উপহাৰ উৎসৰ্গ কৰি, তেওঁলোককো প্ৰায়শ্চিত্ত কৰা।”

1
09/08.txt Normal file
View File

@ -0,0 +1 @@
\v 8 তেতিয়া হাৰোণে বেদীৰ ওচৰলৈ গৈ, নিজৰ অৰ্থে লোৱা পাপাৰ্থক বলিদানৰ দামুৰীটো কাটিলে। \v 9 পাছত হাৰোণৰ পুত্ৰসকলে সেই বলিৰ তেজ তেওঁৰ ওচৰলৈ আনিলে; আৰু তেওঁ নিজ আঙুলি তেজত জুবুৰিয়াই বেদীৰ শিঙত লগালে, পাছত অৱশিষ্ট তেজখিনি বেদীৰ মুলত ঢালি দিলে।

1
09/10.txt Normal file
View File

@ -0,0 +1 @@
\v 10 কিন্তু পাপাৰ্থক বলিৰ তেল, ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ বেদীত দগ্ধ কৰিলে। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে। \v 11 আৰু তাৰ মঙহখিনি আৰু ছালখন ছাউনিৰ বাহিৰত জুইত পুৰি ভস্ম কৰা হ’ল।

1
09/12.txt Normal file
View File

@ -0,0 +1 @@
\v 12 পাছে হোম-বলিটো কটা হ’ল, আৰু হাৰোণৰ পুত্ৰসকলে তাৰ তেজখিনি তেওঁৰ ওচৰলৈ তেওঁ বেদীত চাৰিওফালে ছটিয়াই দিলে। \v 13 পাছত তেওঁলোক হোম-বলিৰ মাংস খণ্ড খণ্ড কৰি মূৰটোৰে সৈতে খণ্ডবোৰ তেওঁৰ ওচৰলৈ আনিলে, আৰু তেওঁ সেই সকলোকে বেদীৰ ওপৰত দগ্ধ কৰিলে। \v 14 তেওঁ নাড়ী-ভুৰুখিনি আৰু ঠেং-কেইটা ধুই, বেদীত হোমৰ ওপৰত দগ্ধ কৰিলে।

1
09/15.txt Normal file
View File

@ -0,0 +1 @@
\v 15 পাছত লোকসকলৰ উপহাৰ ওচৰলৈ নিয়া হ’ল। তেওঁ লোকসকলৰ পাপাৰ্থক বলিদানৰ ছাগলীটো লৈ, প্ৰথমটোৰ নিচিনাকৈ কাটি পাপৰ অৰ্থে উৎসৰ্গ কৰিলে। \v 16 আৰু হোম-বলিটোও নিয়া হ’ল আৰু তেওঁ বিধিমতে তাক উৎসৰ্গ কৰিলে। \v 17 আৰু ভক্ষ্য \f + \ft ভক্ষ্য শস্য \f* নৈবেদ্য নিয়াৰ পাছত তেওঁ তাৰ পৰা মুঠি ভৰাই ল’লে, আৰু বেদীৰ ওপৰত দগ্ধ কৰিলে; ৰাতিপুৱাৰ হোম-বলিৰ দৰে তেওঁ ইয়াকো কৰিলে।

1
09/18.txt Normal file
View File

@ -0,0 +1 @@
\v 18 পাছত তেওঁ লোকসকলৰ মঙ্গলাৰ্থক বলিদানৰ বলদ গৰু আৰু মতা মেৰছাগটো কাটিলে; তেতিয়া হাৰোণৰ পুত্ৰসকলে তেওঁৰ ওচৰলৈ সেই বলিৰ তেজ আনিলে, আৰু তেওঁ বেদীৰ চাৰিও কাষে তাক ছটিয়াই দিলে। \v 19 পাছত তেওঁলোকে ষাঁড় আৰু মতা মেৰটোৰ তেল, নাড়ী-ভুৰুত লাগি থকা তেল, ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ আৰু মেৰছাগটোৰ নেজডাল ল’লে।

1
09/20.txt Normal file
View File

@ -0,0 +1 @@
\v 20 সেই সকলো তেল আমঠু দুটাৰ ওপৰত থলে; আৰু তেতিয়া তেওঁ বেদীৰ ওপৰত সেই তেল দগ্ধ কৰিলে। \v 21 আৰু মোচিৰ আজ্ঞা অনুসাৰে, হাৰোণে যিহোৱাৰ সন্মূখত আমঠু দুটা আৰু সোঁ কৰঙনটো দোলনীয় উপহাৰৰ অৰ্থে দোলালে।

Some files were not shown because too many files have changed in this diff Show More