as_gen_text_ulb/48/05.txt

1 line
1.2 KiB
Plaintext

\v 5  মই মিচৰত তোমাৰ ওচৰলৈ অহাৰ আগতে তোমাৰ যি দুজন পুত্ৰ মিচৰ দেশত জন্মিছে, তেওঁলোকো মোৰেই। ৰূবেণ আৰু চিমিয়োনৰ দৰে ইফ্ৰয়িম আৰু মনচি মোৰেই হ’ব। \v 6  তেওঁলোকৰ পাছত তোমাৰ যি সন্তান জন্ম হ’ব, সেই সন্তান সকল হ’লে তোমাৰ হ’ব। সেই দুজন ভায়েক-ককায়েকৰ নাম অনুসাৰেই তেওঁলোকৰ অধিকাৰত তেওঁলোক প্ৰখ্যাত হ’ব। \v 7  কিন্তু মোৰ হ’লে, যেতিয়া মই পদ্দনৰ পৰা আহি আছিলোঁ, তেতিয়া ইফ্ৰাথ পাবলৈ কিছু সময় থাকোতেই কনান দেশৰ বাটত ৰাহেল মৰিল। মই বাটত আহি থাকোতেই ইফ্ৰাথ তেওঁক মৈদাম দিলোঁ।”