as_gen_text_ulb/42/07.txt

1 line
824 B
Plaintext

\v 7  তেতিয়া যোচেফে তেওঁৰ ককায়েকসকলক দেখি চিনি পালে; কিন্তু তেওঁ অচিনাকিৰ দৰে ব্যৱহাৰ কৰিলে আৰু কঠোৰভাৱে তেওঁলোকৰ লগত কথা পাতিলে। তেওঁ তেওঁলোকক সুধিলে, “তোমালোক ক’ৰ পৰা আহিছা?” তেওঁলোকে ক’লে, “কনান দেশৰ পৰা শস্য কিনিবলৈ আহিছোঁ।” \v 8  এইদৰে যোচেফে ককায়েকসকলক চিনি পালে, কিন্তু তেওঁলোকে হ’লে ভায়েকক চিনি নাপালে।