as_gen_text_ulb/03/04.txt

1 line
1.1 KiB
Plaintext

\v 4  তেতিয়া সৰ্পই নাৰীক ক’লে, “দৰাচলতে তোমালোকৰ মৃত্যু নহয়। \v 5  কিয়নো ঈশ্বৰে জানে যে, যিদিনাই তোমালোকে সেই গছৰ ফল খাবা, সেইদিনাই তোমালোকৰ চকু মুকলি হ’ব। তাতে তোমালোকে ভাল বেয়া জানোতা হৈ ঈশ্বৰৰ নিচিনা হ’বা।” \v 6  নাৰী গৰাকীয়ে যেতিয়া দেখিলে যে সেই গছৰ ফল খাবলৈ ভাল হব; দেখাত লোভনীয় আৰু জ্ঞান লাভ কৰাৰ কথাও মনোমোহা; তেতিয়া নাৰী গৰাকীয়ে তাৰ পৰা কেইটামান ফল চিঙি খালে আৰু লগত থকা তেওঁৰ গিৰিয়েককো দিলে; তাতে তেৱোঁ খালে।